1.ফৰ্ম 29B কি?
ফৰ্ম 29B হৈছে ধাৰা 115JB-ৰ অধীনত কোম্পানীৰ বুক প্ৰফিট গণনাৰ বাবে প্ৰস্তুত কৰা এটা প্ৰতিবেদন। যিবোৰ কোম্পানীৰ ক্ষেত্ৰত ধাৰা 115JB প্ৰযোজ্য হয়, সেই কোম্পানীৰ বাবে এজন CA-ৰ দ্বাৰা এই প্ৰতিবেদন দাখিল কৰিব লাগে।ইয়াৰ জৰিয়তে কৰদাতাই বুক প্ৰফিটৰ সঠিক গণনা নিশ্চিত কৰিব পাৰে আৰু আয়কৰ অধিনিয়ম অনুসৰি গণনা কৰা কৰৰ ফলত সৃষ্টি হোৱা MAT ক্ৰেডিট লাভ কৰাৰ সুবিধা পাব পাৰে।
2.ফৰ্ম 29B ফাইল কৰাটো বাধ্যতামূলক নেকি?
প্ৰতিটো কোম্পানী যʼত উপাৰ্জন, বুক প্ৰফিটতকৈ 15% কম হয় (মূ.ব 2020-21-ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ), তেনে কোম্পানীয়ে ফৰ্ম 29B-ত চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পৰা প্ৰতিবেদন প্ৰাপ্ত কৰিব লাগিব।এই প্ৰতিবেদনখন 139(1) ধাৰাৰ অধীনত ৰিটাৰ্ণ ফাইলিং কৰাৰ নিৰ্ধাৰিত তাৰিখৰ এমাহৰ পূৰ্বে আহৰণ আৰু দাখিল কৰিব লাগিব বা 142(1)(i) ধাৰাৰ অধীনৰ জাননীৰ সঁহাৰিৰ ৰূপত প্ৰস্তুত কৰা আয়ৰ ৰিটাৰ্ণৰ সৈতে দাখিল কৰিব লাগিব।
3. ফৰ্ম 29B পূৰণ কৰাৰ প্ৰক্ৰিয়াটো কি?
কৰদাতা (কোম্পানী)-ৰ দ্বাৰা নিযুক্ত কৰা CA-য়ে এই ফৰ্মখন পূৰণ কৰিব লাগিব। নিযুক্ত CA-য়ে ফৰ্মখন পূৰণ কৰি আপলোড কৰাৰ পিছত, কৰদাতাই ইয়াক গ্ৰহণ কৰি ই-ভেৰিফাই কৰিব লাগিব (কাৰ্য তালিকাৰ পৰা ), যাতে ফৰ্মখন সফলভাৱে দাখিল কৰা হয়।
4.মোৰ CA-য়ে ফৰ্ম 29B প্ৰস্তুত কৰি দাখিল কৰিছে বুলি মই কেনেকৈ জানিম?
আপুনি ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়ন কৰা আপোনাৰ ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণ বাৰ্তা লাভ কৰিব। ইয়াৰ উপৰিও, আপুনি আপোনাৰ কাৰ্য তালিকা (আপোনাৰ কাৰ্যসমূহৰ বাবে)-তো ইয়াৰ স্থিতি চাব পাৰিব।যদি CA-য়ে ফৰ্ম 29B আপলোড কৰিছে, তেন্তে আপোনাৰ ক্ষেত্ৰত আপলোড কৰা হৈছে – কৰদাতাৰ গ্ৰহণৰ বাবে অপেক্ষাৰত বুলি দেখুওৱা হ'ব।
5.মোৰ CA-য়ে ফৰ্ম 29B পূৰণ কৰাৰ বাবে মোৰ অনুৰোধ নাকচ কৰিছে বুলি মই কেনেকৈ জানিম?
যদি আপোনাৰ নিযুক্ত CA-য়ে ফৰ্ম 29B পূৰণ কৰাৰ বাবে আপোনাৰ অনুৰোধ নাকচ কৰে, তেন্তে ই-ভেৰিফাই প'ৰ্টেলত পঞ্জীয়ন কৰা আপোনাৰ ই-মেইল ID আৰু ম'বাইল নম্বৰলৈ এটা জাননী বাৰ্তা প্ৰেৰণ কৰা হ'ব।
6.মোৰ CA-য়ে ফৰ্ম 29B পূৰণ কৰাৰ বাবে মোৰ অনুৰোধ গ্ৰহণ কৰিছে বুলি মই কেনেকৈ জানিম?
যদি আপোনাৰ নিযুক্ত CA-য়ে অনুৰোধটো গ্ৰহণ কৰিছে, তেন্তে আপোনাৰ কাৰ্য তালিকা (আপোনাৰ কাৰ্যসমূহৰ বাবে)-ত তলত উল্লেখ কৰা স্থিতি দেখুওৱা হ’ব:
- CA-ৰ দ্বাৰা আপলোড কৰা হৈছে – গ্ৰহণৰ বাবে অপেক্ষাৰত: অৰ্থাৎ, CA-য়ে এতিয়াও আপোনাৰ অনুৰোধ গ্ৰহণ কৰা নাই; অথবা
- আপলোড কৰা হৈছে – কৰদাতাৰ গ্ৰহণৰ বাবে অপেক্ষাৰত: অৰ্থাৎ, CA-য়ে ইতিমধ্যে ফৰ্ম 29B আপলোড কৰি দাখিল কৰিছে।