1. চালান সংশোধন কি?

আয়কৰত চালান সংশোধন বুলিলে চালানৰ জৰিয়তে কৰ পৰিশোধ কৰাৰ সময়ত হোৱা ভুলসমূহ সংশোধন কৰাৰ প্ৰক্ৰিয়াক বুজায়।

2.চালানসমূহ (100, 300, 400)-ৰ ক্ষেত্ৰত অনলাইনযোগে কোনবোৰ বৈশিষ্ট্য সংশোধন কৰিব পাৰি?

ই-ফাইলিং প'ৰ্টেলত তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ বাবে চালান সংশোধনৰ অনুৰোধ দাখিল কৰিব পাৰি:
• কৰ বৰ্ষ (মূল্যায়ন বৰ্ষ / কৰ বৰ্ষ)
• মেজৰ হেড
• মাইনৰ হেড

3.ই-ফাইলিং প'ৰ্টেলৰ জৰিয়তে অনলাইনত কেনেধৰণৰ সংশোধন কৰিব পাৰি?

ই-ফাইলিং প'ৰ্টেলত কেৱল PAN-ৰ জৰিয়তে লগইন কৰিলেহে চালান সংশোধনসমূহৰ সুবিধা উপলব্ধ হয়। PAN-ৰ জৰিয়তে লগইন কৰিলে, কেৱল তলত উল্লেখ কৰা মাইনৰ হেডসমূহ
• 100 – অগ্ৰিম কৰ
• 300 – স্ব-মূল্যায়ন কৰ
• 400 – নিয়মীয়া মূল্যায়নৰ ফলত দাবী কৰা কৰ
আৰু সেইবোৰৰ সংশ্লিষ্ট মেজৰ হেডসমূহৰ ক্ষেত্ৰতহে চালান সংশোধন কৰিব পাৰি:

4.মই চালান সংশোধন অনুৰোধৰ সুবিধা ক'ত লাভ কৰিব পাৰিম?

চালান সংশোধনৰ সুবিধা কেৱল ই-ফাইলিং প'ৰ্টেলত লগইন কৰাৰ পিছতহে উপলব্ধ।
পথ:লগইন → সেৱাসমূহ → চালান সংশোধন

5.অনলাইনত উপলব্ধ নোহোৱা চালানসমূহৰ (অৰ্থাৎ মাইনৰ হেড 100/300/400-ৰ বাহিৰৰ চালানসমূহৰ) সংশোধনৰ বাবে ব্যৱহাৰকাৰীয়ে ক'ত অনুৰোধ উত্থাপন কৰিব পাৰে?

মাইনৰ হেড 100,300 আৰু 400-ৰ বাহিৰৰ চালানসমূহৰ সংশোধনৰ বাবে ব্যৱহাৰকাৰীয়ে নিজৰ ক্ষেত্ৰাধিকাৰভুক্ত মূল্যায়ন অধিকাৰীৰ (JAO) সৈতে যোগাযোগ কৰিব লাগিব।

6.সংশোধনৰ অনুৰোধ দাখিল কৰাৰ সময়সীমা কিমান?

• মূল্যায়ন বৰ্ষ / কৰ বৰ্ষৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত: চালান জমা দিয়াৰ তাৰিখৰ পৰা 7 দিনৰ ভিতৰত।
• আন সকলো সংশোধনৰ ক্ষেত্ৰত: চালান জমা দিয়াৰ তাৰিখৰ পৰা 30 দিনৰ ভিতৰত।

7.অনুগ্ৰহ কৰি ই-ফাইলিং প'ৰ্টেলত চালান সংশোধনৰ সুবিধা কোনটো বছৰৰ পৰা সক্ৰিয় কৰা হৈছে, সেই বছৰটো উল্লেখ কৰক।

ই-ফাইলিং প'ৰ্টেলত চালান সংশোধনৰ সুবিধা কেৱল মূল্যায়ন বৰ্ষ 2020–21 আৰু তাৰ পিছৰ বৰ্ষসমূহৰ বাবে উপলব্ধ।
মূ.ব.2019–20 বা তাৰ আগৰ বৰ্ষসমূহৰ সৈতে সম্পৰ্কিত চালানসমূহ অনলাইনযোগে সংশোধনৰ বাবে উপলব্ধ নহয়। এনে ক্ষেত্ৰত ব্যৱহাৰকাৰীয়ে নিজৰ ক্ষেত্ৰাধিকাৰভুক্ত মূল্যায়ন অধিকাৰীৰ সৈতে যোগাযোগ কৰিব লাগিব।

8.চালান সংশোধনৰ অনুৰোধ প্ৰক্ৰিয়াকৰণ সম্পূৰ্ণ হোৱাৰ পিছত মই সংশোধিত চালান ক'ৰ পৰা ডাউনলোড কৰিব পাৰিম?

সংশোধিত চালানৰ বিৱৰণ তলৰ পথ অনুসৰণ কৰি ডাউনলোড কৰিব পাৰিব:
পথ:লগইন কৰাৰ পিছত → সেৱাসমূহ → চালান সংশোধন → সংশোধিত বিৱৰণ ডাউনলোড কৰক

9.যদি কোনো ব্যৱহাৰকাৰীয়ে ক্ষেত্ৰাধিকাৰ মূল্যায়ন বিষয়াৰ জৰিয়তে অফলাইনভাৱে চালান সংশোধন কৰিছে, তেন্তে সেই সংশোধিত চালান ই-ফাইলিং প'ৰ্টেলত আপডেট হ'বনে?

নহয়। কেৱল ই-ফাইলিং প'ৰ্টেলৰ জৰিয়তে দাখিল কৰা চালান সংশোধনসমূহহে অনলাইনত প্ৰতিফলিত হয় আৰু অনুসৰণ কৰিব পাৰি।
ক্ষেত্ৰাধিকাৰ মূল্যায়ন বিষয়াই অফলাইনভাৱে প্ৰক্ৰিয়াকৰণ কৰা সংশোধনসমূহ প'ৰ্টেলত প্ৰদৰ্শিত নহয়।
অনুমোদিত সংশোধনসমূহ ই-ফাইলিং প'ৰ্টেলত উপলব্ধ ফৰ্ম 26AS অথবা AIS-ৰ জৰিয়তে সত্যাৰ্পিত কৰিব পাৰি।

10.চালান ব্যৱহাৰ হোৱাৰ পিছত ই-ফাইলিং প'ৰ্টেলত চালান সংশোধনৰ অনুৰোধ আৰম্ভ কৰিব পাৰিনে?

নোৱাৰি। চালান সংশোধন কেৱল ব্যৱহাৰ নকৰা চালানৰ ক্ষেত্ৰতহে অনুমোদিত। এবাৰ চালান ব্যৱহাৰ হ'লে, ই চূড়ান্ত বুলি গণ্য কৰা হয় আৰু ইয়াৰ সংশোধন কৰিব নোৱাৰি।

11.সংশোধিত চালানৰ তথ্য মূল চালানৰ পৰিশোধ ইতিহাসত আপডেট হ'বনে?

নহয়। সংশোধিত চালান পৰিশোধৰ ইতিহাস টেবত প্ৰদৰ্শিত নহয়।
সংশোধিত বিৱৰণসমূহ তলৰ পথ অনুসৰণ কৰি চাব পাৰিব:
পথ:লগইন কৰাৰ পিছত → সেৱাসমূহ → চালান সংশোধন → সংশোধিত বিৱৰণসমূহ ডাউনলোড কৰক

12.চালান সংশোধনৰ অনুৰোধ দাখিল কৰাৰ পিছত মই ইয়াৰ পৰিবৰ্তন কৰিব পাৰিমনে?

নোৱাৰে। এবাৰ দাখিল কৰাৰ পিছত চালান সংশোধনৰ অনুৰোধত কোনো পৰিবৰ্তন কৰিব নোৱাৰি।
যদি অনুৰোধটো এতিয়াও প্ৰক্ৰিয়াকৰণ কৰা হোৱা নাই আৰু ই প্ৰত্যাখ্যান হয়, তেন্তে ব্যৱহাৰকাৰীয়ে পুনৰ এটা নতুন অনুৰোধ দাখিল কৰিব পাৰে।

13.যদি মোৰ চালান সংশোধনৰ অনুৰোধ প্ৰত্যাখ্যান হয়, তেন্তে কি হ'ব?

যদি অনুৰোধটো প্ৰত্যাখ্যান হয়, তেন্তে ব্যৱহাৰকাৰীয়ে পুনৰ এটা নতুন সংশোধনৰ অনুৰোধ দাখিল কৰিব পাৰে, যদিহে:
• চালানটো এতিয়াও ব্যৱহাৰ নকৰা অৱস্থাত থাকে, আৰু
• সংশোধনৰ অনুৰোধ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দাখিল কৰা হয়।

14.মই চালান সংশোধনৰ অনুৰোধ প্ৰত্যাহাৰ বা বাতিল কৰিব পাৰিমনে?

নোৱাৰে। এবাৰ দাখিল কৰাৰ পিছত চালান সংশোধনৰ অনুৰোধ প্ৰত্যাহাৰ বা বাতিল কৰিব নোৱাৰি।

15.যদি মোৰ সংশোধনৰ অনুৰোধৰ স্থিতি দীৰ্ঘ সময় ধৰি “অসমাপ্ত” দেখুৱাই থাকে, তেন্তে মই কি কৰিব লাগে?

ব্যৱহাৰকাৰীসকলে সেৱাসমূহ → চালান সংশোধনৰ অধীনত স্থিতি পৰীক্ষা কৰিব পাৰে।
যদি যুক্তিসংগত সময়সীমা অতিক্ৰম কৰাৰ পিছতো স্থিতি অসমাপ্ত হৈ থাকে, তেন্তে ব্যৱহাৰকাৰীসকলে:
• ই-ফাইলিং প'ৰ্টেলত অভিযোগ দাখিল কৰিব পাৰে, অথবা
• নিজৰ ক্ষেত্ৰাধিকাৰভুক্ত মূল্যায়ন বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে।

16.এটা চালান একাধিকবাৰ সংশোধন কৰিব পাৰিনে?

পাৰে। এটা চালান একাধিকবাৰ সংশোধন কৰিব পাৰি, যদিহে চালানটো এতিয়াও ব্যৱহাৰ নকৰা অৱস্থাত থাকে আৰু সংশোধনৰ অনুৰোধসমূহ অনুমোদিত সময়সীমাৰ ভিতৰত দাখিল কৰা হয়।
 

17.চালানত থকা নাম, PAN বা TAN অনলাইনযোগে সংশোধন কৰিব পাৰিনে?

নোৱাৰে। নাম, PAN আৰু TAN-ৰ সংশোধন ই-ফাইলিং প'ৰ্টেলৰ জৰিয়তে কৰিব নোৱাৰি।
এনে সংশোধনৰ বাবে ব্যৱহাৰকাৰীয়ে নিজৰ ক্ষেত্ৰাধিকাৰভুক্ত মূল্যায়ন বিষয়াৰ সৈতে যোগাযোগ কৰিব লাগিব।

18.TDS/TCS চালানসমূহৰ বাবে চালান সংশোধনৰ অনুমতি আছেনে?

নাই \। ই-ফাইলিং প'ৰ্টেলত উপলব্ধ চালান সংশোধনৰ সুবিধা কেৱল মাইনৰ হেড 100, 300 আৰু 400-ৰ অধীনত কৰা কৰ পৰিশোধৰ ক্ষেত্ৰতহে প্ৰযোজ্য।
TDS/TCS চালানৰ সংশোধন ট্ৰেচেছ প'ৰ্টেলৰ জৰিয়তে অথবা মূল্যায়ন বিষয়াৰ সৈতে যোগাযোগ কৰি কৰিব লাগিব।

19.চালান সংশোধনৰ অনুৰোধ প্ৰক্ৰিয়াকৰণ সম্পূৰ্ণ হোৱাৰ পিছত মই কোনো নিশ্চিতকৰণ লাভ কৰিমনে?

হয়। চালান সংশোধনৰ অনুৰোধ প্ৰক্ৰিয়াকৰণ সম্পূৰ্ণ হোৱাৰ পিছত ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ পঞ্জীয়নভুক্ত ইমেইল ID আৰু মোবাইল নম্বৰত, ইমেইল আৰু SMS জাননী লাভ কৰিব।