Do not have an account?
Already have an account?

1. ITNS 288N কি?

ITNS 288N হৈছে আয়কৰ অধিনিয়ম, 2025-ৰ অধীনত ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ আৰু মূল্যায়ন দাবী পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰা এখন চালান ফৰ্ম।

2. ITNS 288N-এ কোনবোৰ মেজৰ আৰু মাইনৰ হেড সামৰি লয়?

মেজৰ হেড:
-নিগম কৰ (0020)
-আয়কৰ (কোম্পানীৰ বাহিৰে) (0021)
মাইনৰ হেড :
-ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311)
-ব্লক সময়ৰ বাবে অনুসন্ধান মূল্যায়নৰ ওপৰত কৰ হিচাপে দাবী পৰিশোধ কৰা (411)

3. 01/04/2026 তাৰিখৰ পৰা আৰম্ভ কৰা অনুসন্ধানৰ বাবে কোনখন আয়কৰ অধিনিয়ম প্ৰযোজ্য হ’ব?

যদি ব্যৱহাৰকাৰীয়ে 01/04/2026 তাৰিখৰ পৰা আৰম্ভ হোৱা অনুসন্ধানৰ ক্ষেত্ৰত প্ৰযোজ্য ব্লক পিৰিয়ডৰ বাবে কৰ পৰিশোধ কৰিব বিচাৰে, তেন্তে আয়কৰ অধিনিয়ম, 2025 প্ৰযোজ্য হ'ব। অন্যথা, অনুগ্ৰহ কৰি আয়কৰ অধিনিয়ম, 1961 বাছনি কৰক। FY 2026–27-ৰ সময়ছোৱাত আৰম্ভ হোৱা অনুসন্ধানসমূহৰ বাবে প্ৰাৰম্ভিক কৰ বৰ্ষ 2020 হ'ব।

4. আয়কৰ পৰিশোধ কৰাৰ বাবে মই ITNS 288N ক’ত এক্সেছ কৰিব পাৰিম?

লগইনৰ পিছত :
ই-ফাইল--> ই-পে কৰ--> প্ৰযোজ্য আয়কৰ অধিনিয়ম বাছনি কৰক--> নতুন পৰিশোধ--> ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311) আৰু ব্লক পিৰিয়ডৰ অনুসন্ধান মূল্যায়নৰ ওপৰত কৰ দাবী (411) টাইল বাছনি কৰক।
লগইনৰ আগত:
ডেছব'ৰ্ড--> ই-পে কৰ দ্ৰুত লিংক--> প্ৰযোজ্য আয়কৰ অধিনিয়ম বাছনি কৰক--> PAN আৰু মোবাইল নম্বৰ দাখিলৰ স্ক্ৰীণ--> OTP সত্যাপন--> ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311) টাইল।

5. ITNS 288N ব্যৱহাৰ কৰি কৰা পৰিশোধ কেৱল প্ৰাৰম্ভিক কৰ বৰ্ষৰ বাবে প্ৰযোজ্য নেকি, নে ই সমগ্ৰ ব্লক সময়ৰ বাবে প্ৰযোজ্য?

ITNS 288N ব্যৱহাৰ কৰি কৰা পৰিশোধ কেৱল প্ৰাৰম্ভিক কৰ বৰ্ষৰ বাবে নহয়, বৰঞ্চ চালানত উল্লেখ কৰা সংশ্লিষ্ট সমগ্ৰ ব্লক পিৰিয়ডৰ বাবেই প্ৰযোজ্য হ'ব।

6. অনুসন্ধান কৰা ব্যক্তি (নিৰ্দিষ্ট ব্যক্তি)-ৰ ক্ষেত্ৰত ব্লক পিৰিয়ডৰ বাবে প্ৰাৰম্ভিক কৰ বৰ্ষ কি হ'ব ?

চালানৰ ওপৰৰ অংশত উল্লেখ কৰিবলগীয়া ‘ব্লক পিৰিয়ড-ৰ প্ৰাৰম্ভিক কৰ বৰ্ষ’ সংশ্লিষ্ট ব্লক পিৰিয়ডটো অন্তৰ্ভুক্ত কৰা প্ৰাৰম্ভিক কৰ বৰ্ষৰ সৈতে মিল থকা হ’ব লাগিব। উদাহৰণস্বৰূপে,
যদি অনুসন্ধান আৰম্ভ কৰাৰ তাৰিখ 20/04/2026 হয় আৰু উক্ত অনুসন্ধানৰ অন্তৰ্গত শেষ অনুমোদনটো কাৰ্যকৰী কৰাৰ তাৰিখ 15/05/2026 হয়, তেন্তে ব্লক পিৰিয়ড 01/04/2020-ৰ পৰা 15/05/2026-লৈ হ’ব। এনে ক্ষেত্ৰত চালানৰ সোঁফালৰ ওপৰৰ চুকত পূৰণ কৰিবলগীয়া “ব্লক পিৰিয়ডৰ প্ৰাৰম্ভিক কৰ বৰ্ষ” 2020 হ’ব।

7.আপীল মাচুল জমা কৰাৰ বাবে, কোনটো উপাদান ব্যৱহাৰ কৰিব লাগে?

যদি আপীল মাচুল জমা দিয়া হৈছে, তেন্তে ‘পৰিশোধৰ বিৱৰণ’ অংশৰ অন্তৰ্গত ‘অন্য়ান্য়’ শিতানত সেই পৰিমাণ উল্লেখ কৰক।

8. একাধিক পৰিশোধৰ ধৰণৰ বাবে এখন চালানকে ব্যৱহাৰ কৰিব পাৰিনে?

নহয়, এখন চালান একাধিক ধৰণৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। প্ৰতিটো ধৰণৰ পৰিশোধৰ বাবে আপুনি পৃথক পৃথক চালান সৃষ্টি কৰিব লাগিব।:
a) নিম্নলিখিতসমূহৰ বাবে এখন চালান ব্যৱহাৰ কৰক:
কৰ, অধিভাৰ আৰু উপকৰ
b) নিম্নলিখিতসমূহৰ প্ৰতিটোৰ বাবে পৃথক চালান ব্যৱহাৰ কৰক:
সুত
জৰিমনা
অন্যান্য (আপিল মাচুল আদি)

9. ব্লক মূল্যায়নৰ সৈতে জড়িত দাবী কেনেকৈ পৰিশোধ কৰিব পাৰি?

ব্লক এছেছমেণ্টৰ অধীনত উত্থাপন কৰা দাবী ই-ফাইলিং প'ৰ্টেলত লগইন কৰি আৰু ই-ফাইল → কৰ ই-পৰিশোধ → প্ৰযোজ্য আয়কৰ অধিনিয়ম বাছনি কৰক → নতুন পৰিশোধ → “ব্লক সময়ৰ বাবে অনুসন্ধান মূল্যায়নৰ ওপৰত কৰ (411)” হিচাপে দাবী পৰিশোধলৈ গৈ পৰিশোধ কৰিব পাৰি। এনে পৰিশোধৰ বাবে এটা DRN থকাটো বাধ্যতামূলক। DRN-ৰ জৰিয়তে পৰিশোধ কৰোঁতে, সংশ্লিষ্ট বৰ্ষৰ বাবে পৰিশোধ স্ক্ৰীণত কেৱল “DRN” বিকল্পটো বাছনি কৰক। এবাৰ বাছনি কৰাৰ পাছত, ছিষ্টেমে স্বয়ংক্ৰিয়ভাৱে সংশ্লিষ্ট দাবীৰ সবিশেষ আহৰণ কৰিব আৰু আপোনাক পৰিশোধ পৃষ্ঠালৈ পুনৰনিৰ্দেশিত কৰিব, য'ত আপুনি পৰিশোধ সম্পূৰ্ণ কৰিব পাৰিব।

10. ব্লক মূল্যায়নৰ ক্ষেত্ৰত ‘নিৰ্ধাৰিত ব্যক্তি’ আৰু ‘অন্যান্য ব্যক্তি’-ৰ অৰ্থ কি?

‘নিৰ্ধাৰিত ব্যক্তি’ বুলিলে সেই ব্যক্তিক বুজায়, যাৰ ক্ষেত্ৰত ধাৰা 247-ৰ অধীনত অনুসন্ধান চলোৱা হৈছে বা যাৰ হিচাপৰ বহী, অন্যান্য নথিপত্ৰ বা যিকোনো সম্পত্তি ধাৰা 248-ৰ অধীনত জব্দ কৰা হৈছে। আনহাতে, ‘অন্যান্য ব্যক্তি’ বুলিলে অনুসন্ধান চলোৱা ব্যক্তিগৰাকী (নিৰ্ধাৰিত ব্যক্তি)-ৰ বাহিৰে আন কোনো ব্যক্তিক বুজায়, যাৰ নথিপত্ৰ, হিচাপৰ বহী বা সম্পত্তিসমূহ নিৰ্দিষ্ট ব্যক্তিগৰাকীৰ ওপৰত চলোৱা অনুসন্ধানৰ সময়ত পোৱা গৈছে বা নিৰ্ধাৰিত ব্যক্তিগৰাকীৰ ক্ষেত্ৰত ধাৰা 248-ৰ অধীনত জব্দ কৰা হৈছে।

11. ব্লক মূল্যায়নৰ বাবে ‘অন্যান্য ব্যক্তি’-ৰ ক্ষেত্ৰত ধন পৰিশোধ কৰিবলৈ উপযুক্ত প্ৰাৰম্ভিক কৰ বৰ্ষ কোনটো হ'ব?

‘অন্যান্য ব্যক্তি’-ৰ ক্ষেত্ৰত, য'ত অঘোষিত আয় কেৱল উক্ত সময়ছোৱাৰ সৈতে সম্পৰ্কিত হয়––
(A)(i) যি কৰ বৰ্ষ (নিৰ্ধাৰিত বৰ্ষ বুলি উল্লেখ কৰা হয়) অনুসন্ধান বা জব্দকৰণৰ আৰম্ভণিৰ বৰ্ষৰ ঠিক পূৰ্বৱৰ্তী কৰ বৰ্ষৰ পৰা আৰম্ভ হয়; আৰু 
(ii) অনুসন্ধান আৰম্ভ কৰাৰ তাৰিখ বা জব্দকৰণ কৰাৰ তাৰিখত সমাপ্ত হয়, তেন্তে ধাৰা 301(a)-ৰ বিধানসমূহ যিয়েই নহওক কিয়, এনে ‘অন্যান্য ব্যক্তি’-ৰ ক্ষেত্ৰত ব্লক পিৰিয়ডত উক্ত নিৰ্ধাৰিত বৰ্ষ আৰু যি কৰ বৰ্ষত অনুসন্ধান আৰম্ভ কৰা হৈছিল বা জব্দকৰণ কৰা হৈছিল, সেই কৰ বৰ্ষৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰি উক্ত অনুসন্ধান বা জব্দকৰণৰ বাবে জাৰি কৰা শেষ অনুমোদনৰ কাৰ্যকৰী কৰাৰ তাৰিখলৈকে থকা সময়ছোৱা অন্তৰ্ভুক্ত হ’ব। 
(B) য'ত ‘অন্যান্য ব্যক্তি’-ৰ অঘোষিত আয় নিৰ্ধাৰিত বৰ্ষৰ পূৰ্বৱৰ্তী পাঁচটা কৰ বৰ্ষৰ ভিতৰত কেৱল এটা কৰ বৰ্ষৰ সৈতে সম্পৰ্কিত হয়, তেন্তে ধাৰা 301(a)-ৰ বিধানসমূহ যিয়েই নহওক কিয়, এনে ‘অন্যান্য ব্যক্তি’-ৰ ক্ষেত্ৰত ব্লক পিৰিয়ডত কেৱল সেই এটা কৰ বৰ্ষহে অন্তৰ্ভুক্ত হ’ব।
(C) ওপৰত উল্লেখ কৰা ক্ষেত্ৰসমূহৰ বাহিৰে অন্যান্য সকলো ক্ষেত্ৰত, ব্লক পিৰিয়ডৰ প্ৰাৰম্ভিক কৰ বৰ্ষ অনুসন্ধানৰ সন্মুখীন হোৱা ব্যক্তি (নিৰ্ধাৰিত ব্যক্তি)-ৰ ক্ষেত্ৰত প্ৰযোজ্য প্ৰাৰম্ভিক কৰ বৰ্ষৰ সৈতে একে হ'ব।