1.কোনটো মূল্যায়ন বৰ্ষৰ পৰা ফৰ্ম 10-IEA প্ৰযোজ্য?
21 জুন 2023 তাৰিখৰ অধিসূচনা নং 43/2023-ৰ জৰিয়তে জাৰি কৰা ফৰ্ম 10-IEA মূল্যায়ন বৰ্ষ 2024-25-ৰ পৰা প্ৰযোজ্য, অৰ্থাৎ মূ.ব. 2024-25 আৰু ইয়াৰ পিছৰ সকলো মূল্যায়ন বৰ্ষৰ বাবে প্ৰযোজ্য।
2.ই-ফাইলিং প'ৰ্টেলত কোনে ফৰ্ম 10-IEA দাখিল কৰিব পাৰিব?
এই ফৰ্ম ব্যক্তিগত কৰদাতা,হিন্দু অবিভক্ত পৰিয়াল(HUF), ব্যক্তিসকলৰ সংঘ(সহকাৰী সমিতিৰ বাহিৰে),ব্যক্তিসকলৰ গোট (BOI)-ৰ ধাৰা 2(31)(vii)-ত উল্লেখ কৰা কৃত্ৰিম আইনগত ব্যক্তিয়ে,যিসকলৰ ব্যৱসায় বা বৃত্তিৰ পৰা আয় আছে,দাখিল কৰিব পাৰে।
3.মই ফৰ্ম 10-IEA কিয় দাখিল কৰিব লাগে?
যদি আপুনি নতুন কৰ ব্যৱস্থাৰ পৰা বাহিৰ হ'ব বা পুনৰ নতুন কৰ ব্যৱস্থাত প্ৰৱেশ কৰিব বিচাৰে আৰু আপোনাৰ “ব্যৱসায় বা বৃত্তিৰ লাভ আৰু আয়” মুখ্যৰ অধীনত আয় থাকে,তেন্তে আপুনি ফৰ্ম 10-IEA দাখিল কৰিব লাগিব।
4.ফৰ্ম 10-IEA কি কি উপায়েৰে দাখিল কৰিব পাৰি?
ফৰ্ম 10-IEA কেৱল ই-ফাইলিং প'ৰ্টেলৰ জৰিয়তেহে অনলাইনত দাখিল কৰিব পাৰি।
5.ফৰ্ম 10-IEA-ৰ কেনেকৈ ই-ভেৰিফাই কৰিব পাৰি?
কৰদাতাই আধাৰ OTP, EVC অথবা DSC-ৰ জৰিয়তে ফৰ্মখনৰ ই-সত্যাপন কৰিব পাৰে। অধিক জানিবলৈ ই-ভেৰিফাই কেনেকৈ কৰিব ব্যৱহাৰকাৰী মেনুৱেল চাওক।(ইয়াত ব্যৱহাৰকাৰী মেনুৱেলৰ লিংক প্ৰদান কৰিব লাগিব।)
6.মোৰ হৈ ফৰ্ম 10-IEA দাখিল কৰিবলৈ মই কোনো অনুমোদিত প্ৰতিনিধি যোগ কৰিব পাৰিমনে?
হয়, আপুনি আপোনাৰ হৈ ফৰ্ম 10-IEA দাখিল কৰিবলৈ এজন অনুমোদিত প্ৰতিনিধি নিয়োগ কৰিব পাৰে। অধিক জানিবলৈ “প্ৰতিনিধি হিচাপে অনুমোদন/পঞ্জীয়ন” ব্যৱহাৰকাৰী মেনুৱেল চাওক।(ইয়াত ব্যৱহাৰকাৰী মেনুৱেলৰ লিংক প্ৰদান কৰিব লাগিব।)
7.ফৰ্ম 10-IEA দাখিল কৰাৰ সময়সীমা কি?
ফৰ্ম 10-IEA আয়কৰ অধিনিয়ম,1961-ৰ ধাৰা 139(1)-ত উল্লেখিত আয়কৰ ৰিটাৰ্ন দাখিলৰ নিৰ্ধাৰিত সময়সীমাত বা তাৰ আগতেই দাখিল কৰিব লাগিব। যদি কৰদাতাই নিৰ্ধাৰিত সময়সীমাৰ পিছত ফৰ্মটো দাখিল কৰে,তেন্তে সেই ফৰ্মটোক অবৈধ ফৰ্ম হিচাপে গণ্য কৰা হ'ব।
8.আয়কৰ ৰিটাৰ্ন দাখিল কৰাৰ পিছত মই ফৰ্ম 10-IEA দাখিল কৰিব পাৰিমনে?
ফৰ্ম 10-IEA দাখিলৰ সুবিধা লাভ কৰিবলৈ,আয়কৰ ৰিটাৰ্ন দাখিল কৰাৰ আগতেই ফৰ্ম 10-IEA দাখিল কৰাটো পৰামৰ্শযোগ্য। আয়কৰ ৰিটাৰ্ন দাখিল কৰাৰ সময়ত দাখিল কৰা ফৰ্ম 10-IEA-ৰ স্বীকৃতি নম্বৰ আৰু দাখিলৰ তাৰিখ উল্লেখ কৰিব লাগিব।
9.ফৰ্ম 10-IEA দাখিল কৰাৰ সময়ত সত্যাপনকৰণ টেবৰ অধীনত পদবী স্বয়ংক্ৰিয়ভাৱে পূৰণ হোৱা নাই। মই কি কৰিব লাগিব?
আপোনাক "মোৰ প্ৰ'ফাইল" অংশৰ অন্তৰ্গত "মুখ্য ব্যক্তিৰ বিৱৰণ" আপডেট কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অনুগ্ৰহ কৰি ই-ফাইলিং প'ৰ্টেলত পুনৰ লগইন কৰি পুনৰ চেষ্টা কৰক।
10.মোৰ ব্যৱসায়িক আয় নাই। ফৰ্ম 10-IEA দাখিল কৰাৰ সময়ত, যদি মই "মূল্যায়ন বৰ্ষত 'ব্যৱসায় বা বৃত্তিৰ লাভ আৰু আয়'শিতানৰ অধীনত আপোনাৰ আয় আছেনে?"ৰ বাবে "নাই" নিৰ্বাচন কৰোঁ,তেন্তে মই আৰু আগবাঢ়িব নোৱাৰোঁ। মই কি কৰিব লাগিব?
যদি আপোনাৰ কোনো ব্যৱসায়িক আয় নাথাকে আৰু আপুনি ITR-1/ITR-2 দাখিল কৰিবলগীয়া হয়,তেন্তে আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 115BAC(1A)-ৰ অধীনত নতুন কৰ ব্যৱস্থাৰ পৰা বাহিৰ হ'বলৈ বা পুনৰ প্ৰৱেশ কৰিবলৈ ফৰ্ম 10-IEA দাখিল কৰাৰ প্ৰয়োজন নাই। এনে ক্ষেত্ৰত, আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 139(1)-ত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বা তাৰ আগতে সংশ্লিষ্ট ITR ফৰ্ম (ITR-1/ITR-2) দাখিল কৰাৰ সময়তে এই বিকল্প বাছনি কৰিব পাৰি।
11."আয়কৰ ৰিটাৰ্ন দাখিলৰ বাবে প্ৰযোজ্য নিৰ্ধাৰিত সময়সীমা"-ত মই কি নিৰ্বাচন কৰিব লাগিব?
আপুনি আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 139(1)-ৰ অধীনত আয়কৰ ৰিটাৰ্ন দাখিলৰ বাবে প্ৰযোজ্য নিৰ্ধাৰিত সময়সীমা নিৰ্বাচন কৰিব লাগিব। আপুনি স্ক্ৰীণত উপলব্ধ "সহায়ক নথি" চাব পাৰে আৰু ফৰ্ম 10-IEA দাখিলৰ বাবে প্ৰযোজ্য বিকল্প নিৰ্বাচন কৰিব পাৰে।
12.নতুন কৰ ব্যৱস্থাৰ পৰা "বাহিৰ হ'ব" বিচাৰিলে,মোক প্ৰতিবছৰে ফৰ্ম 10-IEA দাখিল কৰিব লাগিবনে?
যদি আপুনি (ব্যৱসায়/বৃত্তিমূলক আয় থকা ব্যক্তি হিচাপে) পূৰ্বৱৰ্তী মূল্যায়ন বৰ্ষত নতুন কৰ ব্যৱস্থাৰ পৰা "বাহিৰ হোৱা" আৰু আপুনি ITR-ত পুৰণি কৰ ব্যৱস্থা অব্যাহত ৰাখিব বিচাৰে, তেন্তে প্ৰতি বছৰে ফৰ্ম 10-IEA দাখিল কৰাৰ প্ৰয়োজন নাই। অৱশ্যে, যিসকল ব্যক্তিৰ ব্যৱসায়/বৃত্তিৰ পৰা কোনো আয় নাই, তেওঁলোকে প্ৰতি বছৰে ITR দাখিল কৰাৰ সময়ত পোনপটীয়াকৈ কৰ ব্যৱস্থা পৰিৱৰ্তন কৰিব পাৰে।
13.ফৰ্ম 10-IEA মোৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু এতিয়া মই মোৰ ITR-ত পুৰণি কৰ ব্যৱস্থাৰ বিকল্প প্ৰত্যাহাৰ কৰিব বিচাৰোঁ। ইয়াৰ বাবে কি প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব?
যদি আপুনি পূৰ্বৱৰ্তী মূল্যায়ন বৰ্ষত পুৰণি কৰ ব্যৱস্থা বাছনি কৰিছিল আৰু পুনৰ নতুন কৰ ব্যৱস্থাত "পুনৰ প্ৰৱেশ" কৰিব বিচাৰে, তেন্তে চলিত মূল্যায়ন বৰ্ষৰ বাবে বিকল্প প্ৰত্যাহাৰ কৰাৰ উদ্দেশ্যে ফৰ্ম 10-IEA দাখিল কৰিব লাগিব।
14.মই পূৰ্বৱৰ্তী মূল্যায়ন বৰ্ষত পুনৰ প্ৰৱেশ বিকল্প ব্যৱহাৰ কৰি ফৰ্ম 10-IEA দাখিলৰ জৰিয়তে পুৰণি কৰ ব্যৱস্থাৰ পৰা বাহিৰ হৈছিলোঁ। মই পুনৰ ফৰ্ম 10-IEA-ত পুৰণি কৰ ব্যৱস্থা বাছনি কৰাৰ বিকল্প ব্যৱহাৰ কৰিব পাৰিমনে?
যদি আপুনি এবাৰ পুৰণি কৰ ব্যৱস্থাত প্ৰৱেশ কৰাৰ পিছত তাৰ পৰা ওলাই আহে, তেন্তে পুনৰ পুৰণি কৰ ব্যৱস্থা বাছনি কৰাৰ বিকল্প ব্যৱহাৰ কৰিবলৈ আপুনি কেতিয়াও যোগ্য নহ'ব। কেৱল যেতিয়া আপোনাৰ ব্যৱসায় বা বৃত্তিৰ পৰা আয় থকা বন্ধ হয়, তেতিয়াহে পুনৰ পুৰণি কৰ ব্যৱস্থা বাছনি কৰাৰ সুযোগ লাভ কৰিব।
15.মই ফৰ্ম 10-IEA-ৰ জৰিয়তে নতুন কৰ ব্যৱস্থাৰ পৰা বাহিৰ হ'ব বিচাৰিছিলোঁ,কিন্তু আয়কৰ ৰিটাৰ্ন দাখিলৰ নিৰ্ধাৰিত সময়সীমাৰ পিছত ফৰ্ম 10-IEA দাখিল কৰিছোঁ। মই পুৰণি কৰ ব্যৱস্থাৰ সুবিধা লাভ কৰিব পাৰিমনে?
যদি আপুনি নতুন কৰ ব্যৱস্থাৰ পৰা ওলাই আহি পুৰণি কৰ ব্যৱস্থা বাছনি কৰিব বিচাৰে আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ফৰ্ম দাখিল কৰাত ব্যৰ্থ হয়, তেন্তে আপোনাৰ ITR-ত পুৰণি কৰ ব্যৱস্থাৰ সুবিধা লাভ কৰিবলৈ আপুনি যোগ্য নহ'ব।
16.মই ফৰ্ম 10-IEA দাখিল কৰিছোঁ,কিন্তু ফৰ্মখনৰ স্থিতি অবৈধ ফৰ্ম দেখুৱাইছে। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
যদি আপুনি আয়কৰ ৰিটাৰ্ন দাখিলৰ নিৰ্ধাৰিত সময়সীমাৰ পিছত ফৰ্ম 10-IEA দাখিল কৰিছে, তেন্তে ফৰ্মখনৰ স্থিতি অবৈধ ফৰ্ম হ'ব। এনে ক্ষেত্ৰত,পৰৱৰ্তী মূল্যায়ন বৰ্ষত ফৰ্মখন পুনৰ নতুনকৈ দাখিল কৰিব পাৰিব।
17.দাখিল কৰা ফৰ্ম 10-IEA-ৰ স্থিতি "বৈধ ফৰ্ম"-ৰ পৰা "অবৈধ ফৰ্ম"-লৈ সলনি হৈছে। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
যদি ফৰ্ম 10-IEA দাখিল কৰাৰ সময়ত আপোনাৰ আয়কৰ ৰিটাৰ্ন দাখিলৰ বাবে প্ৰযোজ্য,সঠিক নিৰ্ধাৰিত সময়সীমা নিৰ্বাচন কৰা নহয় আৰু সেইবাবে ITR-ৰ নিৰ্ধাৰিত সময়সীমাৰ পিছত ফৰ্ম 10-IEA দাখিল কৰা বুলি গণ্য হৈ ITR-ৰ প্ৰক্ৰিয়াকৰণৰ বাবে ফৰ্মখন গ্ৰহণ কৰা নহয়, তেন্তে সেই ক্ষেত্ৰত ফৰ্মটোৰ স্থিতি "অবৈধ ফৰ্ম"-লৈ সলনি হ'ব। এনে পৰিস্থিতিত,পৰৱৰ্তী মূল্যায়ন বৰ্ষত ফৰ্ম 10-IEA পুনৰ নতুনকৈ দাখিল কৰিব পাৰিব।
18.ফৰ্ম 10-IEA দাখিল কৰাৰ পিছত মই সংশোধন বা পৰিৱৰ্তন কৰিব পাৰিমনে?
নোৱাৰে। ফৰ্ম 10-IEA সংশোধন কৰাৰ অনুমতি নাই। লগতে, এবাৰ ফৰ্ম 10-IEA দাখিল কৰাৰ পিছত একে মূল্যায়ন বৰ্ষত প্ৰত্যাহাৰ কৰিব নোৱাৰি।
19.ফৰ্ম 10-IEA দাখিল কৰাৰ পিছত ইয়াৰ স্থিতি কেনেকৈ পৰীক্ষা কৰিব পাৰি?
আপুনি আয়কৰ ই-ফাইলিং প'ৰ্টেলত ল'গইন কৰি ফৰ্ম 10-IEA-ৰ দাখিলৰ স্থিতি পৰীক্ষা কৰিব পাৰিব। দাখিল কৰা ফৰ্মৰ বিৱৰণসমূহ ই-ফাইল টেব ----আয়কৰ ফৰ্মসমূহ ---- >দাখিল কৰা ফৰ্মসমূহ চাওক ---->আয়কৰ অধিনিয়ম 1961 অনুসৰি ফৰ্ম ------>ফৰ্ম 10-IEA বিচাৰক-লৈ গৈ চাব পাৰিব আৰু ফৰ্মখন বৈধ নে অবৈধ তাৰ স্থিতি পৰীক্ষা কৰিব পাৰিব।
20.যদি পিছত মোৰ আয়ৰ উৎস ব্যৱসায়/বৃত্তিলৈ সলনি হয়, তেন্তে কি হ'ব? মই পুনৰ 10-IEA ফৰ্ম পূৰণ কৰিব লাগিবনে?
হয়। যদি পিছত আয়ৰ উৎস ব্যৱসায় বা বৃত্তিলৈ সলনি হয় আৰু কৰদাতাই পুৰণি কৰ ব্যৱস্থা বাছনি কৰিব বিচাৰে, তেন্তে আইনৰ ধাৰা 139(1)-ৰ অধীনত প্ৰযোজ্য নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ফৰ্ম 10-IEA দাখিল কৰিব লাগিব।
21.মই প্ৰতি বছৰে পুৰণি আৰু নতুন কৰ ব্যৱস্থাৰ মাজত সলনি কৰিব পাৰিমনে?
ব্যৱসায় বা বৃত্তিৰ বাহিৰে আন উৎসৰ পৰা আয় থকা কৰদাতাই আইনৰ ধাৰা 139(1)-ত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আয়কৰ ৰিটাৰ্ন (ITR) দাখিল কৰাৰ সময়ত প্ৰতিবছৰে পুৰণি কৰ ব্যৱস্থা আৰু নতুন কৰ ব্যৱস্থাৰ মাজত যিকোনো এটা বাছনি কৰিব পাৰে।ব্যৱসায় বা বৃত্তিৰ পৰা আয় থকা কৰদাতাই ধাৰা 139(1)-ৰ অধীনত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ফৰ্ম 10-IEA দাখিল কৰি পুৰণি কৰ ব্যৱস্থা বাছনি কৰিব পাৰে। ইয়াৰ পিছত, পুনৰ ফৰ্ম 10-IEA-ত পুনৰ প্ৰৱেশ বিকল্প ব্যৱহাৰ কৰি মাত্ৰ এবাৰহে নতুন কৰ ব্যৱস্থালৈ ঘূৰি যাব পাৰে।