PAN লগিনৰ জৰিয়তে চেলান বনাওক

(পৰিশোধৰ বাবে তৎক্ষণাত্‌ চালান সৃষ্টি)

(পৰিশোধৰ বাবে তৎক্ষণাত্‌ চালান সৃষ্টি)

Frequently Asked Questions

ITNS 280N FAQসমূহ

1.ITNS 280N কি?

ITNS 280N হৈছে আয়কৰ অধিনিয়ম,2025-ৰ অধীনত বিভিন্ন ধৰণৰ আয়কৰ পৰিশোধৰ বাবে ব্যৱহৃত এখন চালান ফৰ্ম। সাধাৰণতে ইয়াক স্ব-মূল্যায়ন কৰ, অগ্ৰিম কৰ, নিয়মীয়া মূল্যায়নৰ ওপৰত কৰ,গৌণ সমন্বয় কৰ,সঞ্চিত সম্পত্তি কৰ, PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত হোৱা পলমৰ বাবে মাচুল, ধাৰা 429-ৰ অধীনত বিলম্ব মাচুল (ফৰ্ম 113 আৰু ফৰ্ম 114), আপীল মাচুল আৰু সমঝোতা মাচুল পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়।

2.ITNS 280N-ৰ অধীনত কোনবোৰ প্ৰধান শীৰ্ষ আৰু গৌণ শীৰ্ষ সামৰি লোৱা হৈছে?

ITNS 280N-ৰ অধীনত অন্তৰ্ভুক্ত প্ৰধান শীৰ্ষসমূহ হৈছে কৰ্প'ৰেচন কৰ (0020) আৰু আয়কৰ (কোম্পানীৰ বাহিৰে) (0021)। অন্তৰ্ভুক্ত গৌণ শীৰ্ষসমূহ হৈছে স্ব-মূল্যায়ন কৰ (300), অগ্ৰিম কৰ(100), নিয়মীয়া মূল্যায়নৰ ওপৰত কৰ (400), গৌণ সমন্বয় কৰ (110), সঞ্চিত সম্পত্তি কৰ (111), PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত হোৱা পলমৰ বাবে মাচুল (500), ধাৰা 429-ৰ অধীনত বিলম্ব মাচুল (ফৰ্ম 113 আৰু ফৰ্ম 114) (500), আপীল মাচুল (500) আৰু সমঝোতা মাচুল (500)।

3.আয়কৰ পৰিশোধ কৰিবলৈ ITNS 280N ক'ত লাভ কৰিব পাৰি?

ল'গইন কৰাৰ পিছত, ITNS 280N-লৈ ই-ফাইল → ই-কৰ পৰিশোধ → প্ৰযোজ্য আয়কৰ আইন নিৰ্বাচন কৰক →নতুন পৰিশোধ → আয়কৰ/কৰ্প'ৰেচন কৰ টাইল অথবা নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400)টাইলৰ জৰিয়তে যাব পাৰি। লগইন নকৰাকৈ, ডেশ্বব'ৰ্ড → ই-কৰ পৰিশোধ (দ্ৰুত সংযোগ)→ প্ৰযোজ্য আয়কৰ আইন নিৰ্বাচন কৰক → PAN আৰু মোবাইল নম্বৰ প্ৰৱেশ পৃষ্ঠা → OTP সত্যাপনকৰণ → আয়কৰ/কৰ্প'ৰেচন কৰ টাইল অথবানিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400) টাইলৰ জৰিয়তে ITNS 280N-লৈ যাব পাৰি।

4. গৌণ শীৰ্ষ 500-ৰ অধীনত কি কি পৰিশোধ কৰিব পাৰি?

গৌণ শীৰ্ষ 500-ৰ অধীনত PAN-ৰ সৈতে আধাৰ সংযোগত বিলম্ব হোৱাৰ বাবে প্ৰযোজ্য মাচুল, ধাৰা 429-ৰ অধীনত বিলম্ব মাচুল (ফৰ্ম 113 আৰু ফৰ্ম 114),আপীল মাচুল আৰু আপোচৰ জৰিয়তে গোচৰ নিষ্পত্তিৰ মাচুল পৰিশোধ কৰিব পাৰি।

5. গৌণ শীৰ্ষ 500-ৰ অধীনত যিকোনো পৰিশোধ জমা দিবলৈ কৰৰ বিভাজনৰ বিৱৰণত কোনটো ফিল্ড ব্যৱহাৰ কৰিব লাগে?

আপীল মাচুল, ধাৰা 429-ৰ অধীনত বিলম্ব মাচুল, PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত হোৱা পলমৰ বাবে মাচুল আৰু সমঝোতা মাচুল জমা দিবলৈ পৰিশোধৰ প্ৰকাৰৰ অধীনত "অন্যান্য প্ৰাপ্তিসমূহ"(500) গৌণ শীৰ্ষ নিৰ্বাচন কৰিব লাগিব। তাৰ পিছত কৰৰ বিভাজনৰ বিৱৰণ পৰ্দাত থকা "অন্যান্য" ফিল্ডত পৰিশোধ কৰিবলগীয়া পৰিমাণ উল্লেখ কৰিব লাগিব।

6. PAN-ৰ সৈতে আধাৰ সংযোগ কৰাৰ বাবে মই কেনেকৈ পৰিশোধ কৰিব পাৰোঁ?

PAN-ৰ সৈতে আধাৰ সংযোগ কৰাৰ বাবে পৰিশোধ কৰিবলৈ ই-ফাইল → ই-কৰ পৰিশোধ → প্ৰযোজ্য আয়কৰ আইন নিৰ্বাচন কৰক → আয়কৰ অধিনিয়ম, 2025 → নতুন পৰিশোধ → আয়কৰ → পৰিশোধৰ প্ৰকাৰ (গৌণ শীৰ্ষ) → অন্যান্য প্ৰাপ্তিসমূহ (500) → পৰিশোধৰ উপ-প্ৰকাৰ → PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত হোৱা পলমৰ বাবে মাচুললৈ ক্ৰমে আগবাঢ়ক।

7.মই সফলতাৰে পৰিশোধ কৰিছোঁ। BSR কোড বা চালান ক্ৰমিক নম্বৰ মই ক'ৰ পৰা লাভ কৰিব পাৰোঁ?

7 অংকৰ BSR কোড,পৰিশোধৰ তাৰিখ আৰু চালান ক্ৰমিক নম্বৰ ই-ফাইলিং প'ৰ্টেলত লগইন কৰাৰ পিছত ই-কৰ পৰিশোধ → পৰিশোধৰ ইতিহাস → কাৰ্যসমূহ → বিৱৰণসমূহ চাওকলৈ গৈ লাভ কৰিব পাৰি।

8. একেটা চালান (ITNS 280N) ব্যৱহাৰ কৰি একাধিক গৌণ শীৰ্ষসমূহৰ অধীনত পৰিশোধ কৰিব পাৰিনে?

নোৱাৰে। প্ৰতিটো গৌণ শীৰ্ষৰ অধীনত পৰিশোধৰ বাবে পৃথক চালান ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে,স্ব-মূল্যায়ন কৰ আৰু অগ্ৰিম কৰ পৰিশোধৰ বাবে পৃথক চালানৰ প্ৰয়োজন হয়।

9.PAN ল'গইনৰ জৰিয়তে নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400) কেনেকৈ কৰিব পাৰি?

PAN ল'গইনৰ জৰিয়তে নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400),দাবী সন্দৰ্ভ নম্বৰ (DRN) থাকক বা নাথাকক, দুয়ো ক্ষেত্ৰতে কৰিব পাৰি। DRN অবিহনে পৰিশোধ ল’গইন কৰাৰ আগত অথবা ল'গইন কৰাৰ পিছত ই-ফাইল → ই-কৰ পৰিশোধ → আয়কৰ অধিনিয়ম → নতুন পৰিশোধ → নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400)-লৈ গৈ কৰিব পাৰি।DRN-সহ পৰিশোধৰ ক্ষেত্ৰত প্ৰথমে PAN ব্যৱহাৰ কৰি ল’গইন কৰিব লাগিব। তাৰ পিছত একেই পথ অনুসৰণ কৰি DRN ব্যৱহাৰ কৰি পৰিশোধ সম্পূৰ্ণ কৰিব পাৰি।

10. DRN-সহ আৰু DRN অবিহনে পৰিশোধ কৰাৰ প্ৰক্ৰিয়াত কোনো পাৰ্থক্য আছেনে?

হয়। DRN-সহ পৰিশোধ কৰাৰ ক্ষেত্ৰত DRN বিকল্প নিৰ্বাচন কৰিলেই DRN-সম্পৰ্কীয় সকলো বিৱৰণ স্বয়ংক্ৰিয়ভাৱে আহৰণ কৰা হয় আৰু ব্যৱহাৰকাৰীক পোনপটীয়াকৈ পৰিশোধ পৃষ্ঠালৈ লৈ যোৱা হয়। এই সুবিধা কেৱল PAN লগইন কৰাৰ পিছতহে উপলব্ধ।DRN অবিহনে পৰিশোধ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীয়ে পৰ্দাত প্ৰদৰ্শিত হাইপাৰলিংকত ক্লিক কৰি (লগইন → দাবী টাইল → আগবাঢ়িবলৈ লিংক পথ অনুসৰণ কৰিব লাগিব।) এই সুবিধা লগইন কৰাৰ আগত আৰু লগইন কৰাৰ পিছত, উভয় অৱস্থাত উপলব্ধ।

11.ই-ফাইলিং প'ৰ্টেলত DRN ব্যৱহাৰ কৰি দাবী পৰিশোধ কেনেকৈ কৰিব পাৰি?

প্ৰযোজ্য বৰ্ষসমূহৰ বাবে পৰিশোধ পৰ্দাত উপলব্ধ DRN ৰেডিঅ' বুটাম নিৰ্বাচন কৰি DRN ব্যৱহাৰ কৰি দাবী পৰিশোধ কৰিব পাৰি। ইয়াৰ পিছত প্ৰণালীয়ে স্বয়ংক্ৰিয়ভাৱে DRN-সম্পৰ্কীয় বিৱৰণ আহৰণ কৰি ব্যৱহাৰকাৰীক পৰিশোধ পৃষ্ঠালৈ লৈ যায়, য'ত পৰিশোধৰ লেনদেন সম্পূৰ্ণ কৰিব পাৰি।

12. মোৰ ওচৰত DRN নাই। মই দাবী পৰিশোধ কেনেকৈ কৰিব পাৰোঁ?

যদি DRN উপলব্ধ নাথাকে, তেতিয়াও পৰিশোধ পৰ্দাত প্ৰদৰ্শিত হাইপাৰলিংকত ক্লিক কৰি ল'গইন → দাবী টাইল → লিংক পথ অনুসৰণ কৰি দাবী পৰিশোধ কৰিব পাৰি। ইয়াৰ ফলত ব্যৱহাৰকাৰীক উপযুক্ত পৃষ্ঠালৈ লৈ যোৱা হয়, য'ত পৰৱৰ্তী পদক্ষেপসমূহ অনুসৰণ কৰি পৰিশোধ সম্পূৰ্ণ কৰিব পাৰি।


ITNS 282N-ৰ সঘনাই সোধা প্ৰশ্নসমূহ

1. ITNS 282N কি?

ITNS 282N হৈছে এখন চালান ফৰ্ম, যিখন বিভিন্ন ধৰণৰ প্ৰত্যক্ষ কৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত আছে প্ৰতিভূতি লেনদেন কৰ, সামগ্ৰী লেনদেন কৰ, ধাৰা 379-ৰ অধীনত e-DRS আঁচনি আৰু অন্যান্য কৰ।

2. ITNS 282N-এ কোনবোৰ মেজৰ আৰু মাইনৰ হেড সামৰি লয়?

মেজৰ হেড:
- প্ৰতিভূতি লেনদেন কৰ(0034)
- e-DRS আঁচনি ধাৰা 379 (0075)
- অন্য়ান্য় কৰ (0028)

মাইনৰ হেড:
- আত্ম-মূল্যায়ন কৰ (300)
- অগ্ৰিম কৰ (100)
- নিয়মীয়া মূল্যায়নৰ ওপৰত কৰ(400)
- বিবিধ ৰচিদ (800)
- সামগ্ৰী লেনদেন কৰ (800)

3. আয়কৰ পৰিশোধ কৰাৰ বাবে মই ITNS 282N ক’ত এক্সেছ কৰিব পাৰিম?

লগইনৰ পাছত:
ই-ফাইল → ই-পে কৰ → প্ৰযোজ্য আয়কৰ অধিনিয়ম বাছনি কৰক → নতুন পৰিশোধ → STT / CTT / ধাৰা 379-ৰ অধীনত e-DRS / অন্যান্য কৰ টাইল

লগইনৰ আগত:
ডেছবৰ্ড→ ই-পে কৰ (দ্ৰুত লিংক) → প্ৰযোজ্য আয়কৰ অধিনিয়ম বাছনি কৰক → PAN আৰু মোবাইল নম্বৰ → OTP সত্যাপন → STT / CTT / ধাৰা 379-ৰ অধীনত e-DRS / অন্যান্য কৰ টাইল

4. প্ৰতিভূতি লেনদেন কৰ জমা কৰাৰ বাবে মেজৰ আৰু মাইনৰ হেডৰ কি সংমিশ্ৰণ বাছনি কৰিব লাগে?

প্ৰতিভূতি লেনদেন কৰ পৰিশোধ কৰিবলৈ, ‘পৰিশোধৰ ধৰণ’-ৰ অন্তৰ্গত মেজৰ হেড – প্ৰতিভূতি লেনদেন কৰ (0034) আৰু মাইনৰ হেড – আত্মমূল্যায়ন কৰ (300) বাছনি কৰক।

5. সামগ্ৰী লেনদেন কৰ জমা কৰাৰ বাবে মেজৰ আৰু মাইনৰ হেডৰ কি সংমিশ্ৰণ বাছনি কৰিব লাগে?

সামগ্ৰী লেনদেন কৰ পৰিশোধ কৰিবলৈ, ‘পৰিশোধৰ ধৰণ’-ৰ অন্তৰ্গত মেজৰ হেড – প্ৰতিভূতি লেনদেন কৰ (0034) আৰু মাইনৰ হেড – সামগ্ৰী লেনদেন কৰ (800) বাছনি কৰক।

6. e-DRS মাচুল পৰিশোধৰ বাবে মেজৰ আৰু মাইনৰ হেডৰ কি সংমিশ্ৰণ বাছনি কৰিব লাগে?

e-DRS মাচুল পৰিশোধ কৰিবলৈ, ‘পৰিশোধৰ ধৰণ’-ৰ অন্তৰ্গত মেজৰ হেড – ধাৰা 379-ৰ অধীনত e-DRS আঁচনি (0075) আৰু মাইনৰ হেড – বিবিধ ৰচিদ (800) বাছনি কৰক।

ITNS 288N-ৰ সঘনাই সোধা প্ৰশ্নসমূহ

1. ITNS 288N কি?

ITNS 288N হৈছে আয়কৰ অধিনিয়ম, 2025-ৰ অধীনত ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ আৰু মূল্যায়ন দাবী পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰা এখন চালান ফৰ্ম।

2. ITNS 288N-এ কোনবোৰ মেজৰ আৰু মাইনৰ হেড সামৰি লয়?

মেজৰ হেড:
-নিগম কৰ (0020)
-আয়কৰ (কোম্পানীৰ বাহিৰে) (0021)
মাইনৰ হেড :
-ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311)
-ব্লক সময়ৰ বাবে অনুসন্ধান মূল্যায়নৰ ওপৰত কৰ হিচাপে দাবী পৰিশোধ কৰা (411)

3. 01/04/2026 তাৰিখৰ পৰা আৰম্ভ কৰা অনুসন্ধানৰ বাবে কোনখন আয়কৰ অধিনিয়ম প্ৰযোজ্য হ’ব?

যদি ব্যৱহাৰকাৰীয়ে 01/04/2026 তাৰিখৰ পৰা আৰম্ভ হোৱা অনুসন্ধানৰ ক্ষেত্ৰত প্ৰযোজ্য ব্লক পিৰিয়ডৰ বাবে কৰ পৰিশোধ কৰিব বিচাৰে, তেন্তে আয়কৰ অধিনিয়ম, 2025 প্ৰযোজ্য হ'ব। অন্যথা, অনুগ্ৰহ কৰি আয়কৰ অধিনিয়ম, 1961 বাছনি কৰক। FY 2026–27-ৰ সময়ছোৱাত আৰম্ভ হোৱা অনুসন্ধানসমূহৰ বাবে প্ৰাৰম্ভিক কৰ বৰ্ষ 2020 হ'ব।

4. আয়কৰ পৰিশোধ কৰাৰ বাবে মই ITNS 288N ক’ত এক্সেছ কৰিব পাৰিম?

লগইনৰ পিছত :
ই-ফাইল--> ই-পে কৰ--> প্ৰযোজ্য আয়কৰ অধিনিয়ম বাছনি কৰক--> নতুন পৰিশোধ--> ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311) আৰু ব্লক পিৰিয়ডৰ অনুসন্ধান মূল্যায়নৰ ওপৰত কৰ দাবী (411) টাইল বাছনি কৰক।
লগইনৰ আগত:
ডেছব'ৰ্ড--> ই-পে কৰ দ্ৰুত লিংক--> প্ৰযোজ্য আয়কৰ অধিনিয়ম বাছনি কৰক--> PAN আৰু মোবাইল নম্বৰ দাখিলৰ স্ক্ৰীণ--> OTP সত্যাপন--> ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311) টাইল।

5. ITNS 288N ব্যৱহাৰ কৰি কৰা পৰিশোধ কেৱল প্ৰাৰম্ভিক কৰ বৰ্ষৰ বাবে প্ৰযোজ্য নেকি, নে ই সমগ্ৰ ব্লক সময়ৰ বাবে প্ৰযোজ্য?

ITNS 288N ব্যৱহাৰ কৰি কৰা পৰিশোধ কেৱল প্ৰাৰম্ভিক কৰ বৰ্ষৰ বাবে নহয়, বৰঞ্চ চালানত উল্লেখ কৰা সংশ্লিষ্ট সমগ্ৰ ব্লক পিৰিয়ডৰ বাবেই প্ৰযোজ্য হ'ব।

6. অনুসন্ধান কৰা ব্যক্তি (নিৰ্দিষ্ট ব্যক্তি)-ৰ ক্ষেত্ৰত ব্লক পিৰিয়ডৰ বাবে প্ৰাৰম্ভিক কৰ বৰ্ষ কি হ'ব ?

চালানৰ ওপৰৰ অংশত উল্লেখ কৰিবলগীয়া ‘ব্লক পিৰিয়ড-ৰ প্ৰাৰম্ভিক কৰ বৰ্ষ’ সংশ্লিষ্ট ব্লক পিৰিয়ডটো অন্তৰ্ভুক্ত কৰা প্ৰাৰম্ভিক কৰ বৰ্ষৰ সৈতে মিল থকা হ’ব লাগিব। উদাহৰণস্বৰূপে,
যদি অনুসন্ধান আৰম্ভ কৰাৰ তাৰিখ 20/04/2026 হয় আৰু উক্ত অনুসন্ধানৰ অন্তৰ্গত শেষ অনুমোদনটো কাৰ্যকৰী কৰাৰ তাৰিখ 15/05/2026 হয়, তেন্তে ব্লক পিৰিয়ড 01/04/2020-ৰ পৰা 15/05/2026-লৈ হ’ব। এনে ক্ষেত্ৰত চালানৰ সোঁফালৰ ওপৰৰ চুকত পূৰণ কৰিবলগীয়া “ব্লক পিৰিয়ডৰ প্ৰাৰম্ভিক কৰ বৰ্ষ” 2020 হ’ব।

7.আপীল মাচুল জমা কৰাৰ বাবে, কোনটো উপাদান ব্যৱহাৰ কৰিব লাগে?

যদি আপীল মাচুল জমা দিয়া হৈছে, তেন্তে ‘পৰিশোধৰ বিৱৰণ’ অংশৰ অন্তৰ্গত ‘অন্য়ান্য়’ শিতানত সেই পৰিমাণ উল্লেখ কৰক।

8. একাধিক পৰিশোধৰ ধৰণৰ বাবে এখন চালানকে ব্যৱহাৰ কৰিব পাৰিনে?

নহয়, এখন চালান একাধিক ধৰণৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। প্ৰতিটো ধৰণৰ পৰিশোধৰ বাবে আপুনি পৃথক পৃথক চালান সৃষ্টি কৰিব লাগিব।:
a) নিম্নলিখিতসমূহৰ বাবে এখন চালান ব্যৱহাৰ কৰক:
কৰ, অধিভাৰ আৰু উপকৰ
b) নিম্নলিখিতসমূহৰ প্ৰতিটোৰ বাবে পৃথক চালান ব্যৱহাৰ কৰক:
সুত
জৰিমনা
অন্যান্য (আপিল মাচুল আদি)

9. ব্লক মূল্যায়নৰ সৈতে জড়িত দাবী কেনেকৈ পৰিশোধ কৰিব পাৰি?

ব্লক এছেছমেণ্টৰ অধীনত উত্থাপন কৰা দাবী ই-ফাইলিং প'ৰ্টেলত লগইন কৰি আৰু ই-ফাইল → কৰ ই-পৰিশোধ → প্ৰযোজ্য আয়কৰ অধিনিয়ম বাছনি কৰক → নতুন পৰিশোধ → “ব্লক সময়ৰ বাবে অনুসন্ধান মূল্যায়নৰ ওপৰত কৰ (411)” হিচাপে দাবী পৰিশোধলৈ গৈ পৰিশোধ কৰিব পাৰি। এনে পৰিশোধৰ বাবে এটা DRN থকাটো বাধ্যতামূলক। DRN-ৰ জৰিয়তে পৰিশোধ কৰোঁতে, সংশ্লিষ্ট বৰ্ষৰ বাবে পৰিশোধ স্ক্ৰীণত কেৱল “DRN” বিকল্পটো বাছনি কৰক। এবাৰ বাছনি কৰাৰ পাছত, ছিষ্টেমে স্বয়ংক্ৰিয়ভাৱে সংশ্লিষ্ট দাবীৰ সবিশেষ আহৰণ কৰিব আৰু আপোনাক পৰিশোধ পৃষ্ঠালৈ পুনৰনিৰ্দেশিত কৰিব, য'ত আপুনি পৰিশোধ সম্পূৰ্ণ কৰিব পাৰিব।

10. ব্লক মূল্যায়নৰ ক্ষেত্ৰত ‘নিৰ্ধাৰিত ব্যক্তি’ আৰু ‘অন্যান্য ব্যক্তি’-ৰ অৰ্থ কি?

‘নিৰ্ধাৰিত ব্যক্তি’ বুলিলে সেই ব্যক্তিক বুজায়, যাৰ ক্ষেত্ৰত ধাৰা 247-ৰ অধীনত অনুসন্ধান চলোৱা হৈছে বা যাৰ হিচাপৰ বহী, অন্যান্য নথিপত্ৰ বা যিকোনো সম্পত্তি ধাৰা 248-ৰ অধীনত জব্দ কৰা হৈছে। আনহাতে, ‘অন্যান্য ব্যক্তি’ বুলিলে অনুসন্ধান চলোৱা ব্যক্তিগৰাকী (নিৰ্ধাৰিত ব্যক্তি)-ৰ বাহিৰে আন কোনো ব্যক্তিক বুজায়, যাৰ নথিপত্ৰ, হিচাপৰ বহী বা সম্পত্তিসমূহ নিৰ্দিষ্ট ব্যক্তিগৰাকীৰ ওপৰত চলোৱা অনুসন্ধানৰ সময়ত পোৱা গৈছে বা নিৰ্ধাৰিত ব্যক্তিগৰাকীৰ ক্ষেত্ৰত ধাৰা 248-ৰ অধীনত জব্দ কৰা হৈছে।

11. ব্লক মূল্যায়নৰ বাবে ‘অন্যান্য ব্যক্তি’-ৰ ক্ষেত্ৰত ধন পৰিশোধ কৰিবলৈ উপযুক্ত প্ৰাৰম্ভিক কৰ বৰ্ষ কোনটো হ'ব?

‘অন্যান্য ব্যক্তি’-ৰ ক্ষেত্ৰত, য'ত অঘোষিত আয় কেৱল উক্ত সময়ছোৱাৰ সৈতে সম্পৰ্কিত হয়––
(A)(i) যি কৰ বৰ্ষ (নিৰ্ধাৰিত বৰ্ষ বুলি উল্লেখ কৰা হয়) অনুসন্ধান বা জব্দকৰণৰ আৰম্ভণিৰ বৰ্ষৰ ঠিক পূৰ্বৱৰ্তী কৰ বৰ্ষৰ পৰা আৰম্ভ হয়; আৰু 
(ii) অনুসন্ধান আৰম্ভ কৰাৰ তাৰিখ বা জব্দকৰণ কৰাৰ তাৰিখত সমাপ্ত হয়, তেন্তে ধাৰা 301(a)-ৰ বিধানসমূহ যিয়েই নহওক কিয়, এনে ‘অন্যান্য ব্যক্তি’-ৰ ক্ষেত্ৰত ব্লক পিৰিয়ডত উক্ত নিৰ্ধাৰিত বৰ্ষ আৰু যি কৰ বৰ্ষত অনুসন্ধান আৰম্ভ কৰা হৈছিল বা জব্দকৰণ কৰা হৈছিল, সেই কৰ বৰ্ষৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰি উক্ত অনুসন্ধান বা জব্দকৰণৰ বাবে জাৰি কৰা শেষ অনুমোদনৰ কাৰ্যকৰী কৰাৰ তাৰিখলৈকে থকা সময়ছোৱা অন্তৰ্ভুক্ত হ’ব। 
(B) য'ত ‘অন্যান্য ব্যক্তি’-ৰ অঘোষিত আয় নিৰ্ধাৰিত বৰ্ষৰ পূৰ্বৱৰ্তী পাঁচটা কৰ বৰ্ষৰ ভিতৰত কেৱল এটা কৰ বৰ্ষৰ সৈতে সম্পৰ্কিত হয়, তেন্তে ধাৰা 301(a)-ৰ বিধানসমূহ যিয়েই নহওক কিয়, এনে ‘অন্যান্য ব্যক্তি’-ৰ ক্ষেত্ৰত ব্লক পিৰিয়ডত কেৱল সেই এটা কৰ বৰ্ষহে অন্তৰ্ভুক্ত হ’ব।
(C) ওপৰত উল্লেখ কৰা ক্ষেত্ৰসমূহৰ বাহিৰে অন্যান্য সকলো ক্ষেত্ৰত, ব্লক পিৰিয়ডৰ প্ৰাৰম্ভিক কৰ বৰ্ষ অনুসন্ধানৰ সন্মুখীন হোৱা ব্যক্তি (নিৰ্ধাৰিত ব্যক্তি)-ৰ ক্ষেত্ৰত প্ৰযোজ্য প্ৰাৰম্ভিক কৰ বৰ্ষৰ সৈতে একে হ'ব।

Detailed guides and documentation