অভিযোগ কেনেকৈ উত্থাপন কৰিব- ইউজাৰ মেনুৱেল
1.অৱলোকন
ই-নিৱাৰণ হৈছে ই-ফাইলিং প'ৰ্টেলৰ এটা অভিযোগ মডিউল, যাৰ জৰিয়তে কৰদাতাসকলৰ বিভিন্ন বিভাগৰ সৈতে জড়িত অভিযোগসমূহ নিষ্পত্তি কৰা হয়। এই বিভাগসমূহ হ'ল ই-ফাইলিং, CPC-ITR, মূল্যাংকন বিষয়া (AO) আৰু CPC-TDS।
2. কোনে অভিযোগ উত্থাপন কৰিব পাৰে?
ই-ফাইলিং পʼৰ্টেলত পঞ্জীয়ন বা অপঞ্জীভুক্ত ব্যৱহাৰকাৰীসকল।
3.কোনবোৰ বিভাগলৈ ই-নিবাৰণত অভিযোগ উত্থাপন কৰিব পাৰি
a. ই-ফাইলিং: আয়কৰ ৰিটাৰ্ণ বা বিধিসম্মত ফৰ্মসমূহৰ ই-ফাইলিং, আৰু ই-সত্য়াপণ,ই-প্ৰচিডিংছ আদি অন্যান্য মূল্য-সংযোজিত সেৱাসমূহৰ সৈতে জড়িত অভিযোগসমূহ ই-ফাইলিং বিভাগত তলত দিয়া শ্ৰেণীসমূহৰ অন্তৰ্গতভাৱে দাখিল কৰিব পাৰি।
ই-ফাইলিং বিভাগৰ অন্তৰ্গত শ্ৰেণীসমূহ:
| সংযোগ | DCS সম্পৰ্কীয় | ই-PAN | ITR ফাইলিং | ফৰ্মসমূহ সম্পৰ্কীয় |
| ITDREIN | তাৎক্ষণিক ই-PAN (আধাৰৰ জৰিয়তে তাৎক্ষণিক ই-PAN) | JSON উপযোগিতা সম্পৰ্কীয় | ম’বাইল এপ | পাছৱৰ্ড |
| প্ৰ’ফাইল | সংশোধন সম্পৰ্কীয় | পঞ্জীয়ন | TAN সম্পৰ্কীয় | TIN 2.0 |
| টেক্সজিনী/চেটবট সেৱাসমূহ | ভেৰিফাই/ই-সত্যাপন কৰিবলৈ অক্ষম | ই-ফাইলিং পʼৰ্টেলত প্ৰৱেশ | ই-কাৰ্যবাহী |
b. AO: মূল্যায়নকাৰী বিষয়া সকল হৈছে নিৰ্দিষ্ট অধিক্ষেত্ৰৰ অন্তৰ্গত কৰদাতাসকলৰ মূল্যায়নৰ দায়িত্বত নিয়োজিত আয়কৰ বিষয়া। তলত দিয়া শ্ৰেণীসমূহৰ অন্তৰ্গত কৰ দাবী, আপীল, আৰু PAN-সম্পৰ্কীয় নিৰ্দিষ্ট প্ৰশ্ন বা অভিযোগৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰি:
AO বিভাগত থকা শ্ৰেণীসমূহ:
| আপীল প্ৰভাৱৰ আদেশ পোৱা নাই | TDS কৰ্তনত ডিফল্ট | AO-ৰ দ্বাৰা শুধৰণি কৰিবলগীয়া ভুল দাবী | AO-ৰ দ্বাৰা শুধৰণি কৰিবলগীয়া ভুল দাবী | বিবিধ আবেদন স্থগিত আছে |
| AO-ৰ ওচৰত PAN সম্পৰ্কীয় আবেদন | PAN-ৰ স্থিতি | AO-ৰ ওচৰত স্থগিত শুধৰণমূলক বিষয় | ৰিফাণ্ড লাভ কৰা হোৱা নাই | অন্যান্য |
c. CPC-ITR:এই বিভাগে আয়কৰ ৰিটাৰ্ণৰ প্ৰক্ৰিয়াকৰণৰ কাম পৰিচালনা কৰে। ITR-V, ৰিফাণ্ড, আয়কৰ ৰিটাৰ্ণ প্ৰক্ৰিয়াকৰণ-সম্পৰ্কীয় প্ৰক্ৰিয়া আদিৰ সৈতে জড়িত অভিযোগসমূহ CPC-ITR বিভাগত তলত দিয়া শ্ৰেণীসমূহৰ অন্তৰ্গতভাৱে দাখিল কৰিব লাগে:
CPC-ITR বিভাগত থকা শ্ৰেণীসমূহ:
| সংযোগ | দাবী | ITR-V |
| প্ৰক্ৰিয়াকৰণ | সংশোধন | ৰিফাণ্ড |
d. CPC-TDS:এই বিভাগ ই-TDS আঁচনিৰ সৈতে জড়িত। TAN-ৰ বাবে TDS ৰিফাণ্ড, 26QB/26QC/26QD/26QE, ফৰ্ম 26AS/ATS-সম্পৰ্কীয় বিষয়, ডিফ'ল্ট, TDS/TCS বিবৃতি-সম্পৰ্কীয় সমস্যা, আৰু সম্পত্তি বিক্ৰীৰ ওপৰত TDS-ৰ সৈতে জড়িত যিকোনো অভিযোগ এই বিভাগত তলত দিয়া শ্ৰেণীসমূহৰ অন্তৰ্গতভাৱে দাখিল কৰিব লাগে:
CPC-TDS বিভাগত থকা শ্ৰেণীসমূহ:
| 26QB/26QC/26QD/26QE সম্পৰ্কীয় সমস্যাসমূহ | চালান/BIN সম্পৰ্কীয় | ডিফল্ট সম্পৰ্কীয় | TDS/TCS প্ৰমাণপত্ৰসমূহ ডাউনলোড সম্পৰ্কীয় সমস্যা |
| ফৰ্ম 13 / ফৰ্ম 15E / ফৰ্ম 15C আৰু 15D | ফৰ্ম 26A/27BA | ফৰ্ম 26AS/ATS সম্পৰ্কীয় | KYC |
| TAN-ৰ বাবে TDS ৰিফাণ্ড | TDS/TCS বিবৃতি সম্পৰ্কীয় সমস্যা | RACES পঞ্জীয়ন/ল'গইন সম্পৰ্কীয় প্ৰশ্নসমূহ | অন্যান্য |
| কৰ কৰ্তন/সংগ্ৰহৰ ত্ৰৈমাসিক বিবৃতিৰ প্ৰক্ৰিয়াকৰণ | TRACES প'ৰ্টেলত ডাউনল'ড-সম্পৰ্কীয় সমস্যাসমূহ | TRACES প'ৰ্টেলত ডাউনল'ড সম্পৰ্কীয় সমস্যাসমূহ | ফৰ্ম 26AS/বাৰ্ষিক কৰ বিবৃতিত TDS/TCS-ৰ তথ্যৰ বিসংগতি |
| কৰ কৰ্তনৰ চালান ও বিবৃতিৰ বিপৰীতে থকা বকেয়া কৰ দাবী | কৰ কৰ্তনৰ চালান ও বিবৃতিৰ সৈতে জড়িত সন্মুখীন হোৱা সমস্যাসমূহ | কৰ কৰ্তন/সংগ্ৰহৰ ত্ৰৈমাসিক বিবৃতি দাখিল কৰাৰ সময়ত সন্মুখীন হোৱা সমস্যাসমূহ | কৰ কৰ্তনৰ চালান ও বিবৃতিৰ বিপৰীতে ৰিফাণ্ড |
| TDS/TCS BIN সম্পৰ্কীয় সমস্য়া | TDS/TCS Challan সম্পৰ্কীয় সমস্য়া | কৰ কৰ্তন/সংগ্ৰহৰ ত্ৰৈমাসিক বিবৃতিৰ বিপৰীতে TDS/TCS-ৰ কৰ দাবী | অন্যান্য |
4. কেনেকৈ অভিযোগ উত্থাপন কৰিব আৰু জমা দিব
4.1.যদি আপুনি ই-ফাইলিং পৰ্টেলত পঞ্জীয়ন কৰিছে:
পদক্ষেপ 1: যাওক ই-ফাইলিং প'ৰ্টেল আৰ ল'গইনত ক্লিক কৰক।
পদক্ষেপ 2: ল'গইন পৃষ্ঠাত আপোনাৰ ইউজাৰ ID আৰু পাছৱৰ্ড প্ৰৱিষ্ট কৰক।
পদক্ষেপ 3:আপোনাৰ ডেছব'ৰ্ডত গৈ 'অভিযোগ মেনু'>'অভিযোগ দাখিল কৰক'-ত নিৰ্বাচন কৰক।
পদক্ষেপ 4: ‘অভিযোগ’ পৃষ্ঠাত প্ৰাসংগিক বিভাগটো নিৰ্বাচন কৰক।বিকল্পভাৱে, অভিযোগ দাখিল কৰিবলৈ অনুসন্ধান বাকচত সমস্যাটো বিচাৰি লওক।
পদক্ষেপ 5:প্ৰাসংগিক বিভাগটো নিৰ্বাচন কৰাৰ পিছত, ড্ৰপ-ডাউন মেনুৰ পৰা অভিযোগৰ শ্ৰেণী, প্ৰযোজ্য আইন (আয়কৰ অধিনিয়ম, 2025 অথবা আয়কৰ অধিনিয়ম, 1961), আৰু উপ-শ্ৰেণী নিৰ্বাচন কৰি ‘অব্য়াহত ৰাখক’ত ক্লিক কৰক। To শ্ৰেণী আৰু উপ-শ্ৰেণী জানিবলৈ ওপৰৰ অনুচ্ছেদ 3 চাওক।
পদক্ষেপ 6: অভিযোগৰ শ্ৰেণী অনুসৰি অন্যান্য তথ্য (যেনে AY/TY আদি) প্ৰৱিষ্ট কৰক। তাৰ পিছত ‘অভিযোগ বিৱৰণ’ বাকচত অভিযোগৰ বিৱৰণ (কমেও 100টা আখৰেৰে) লিখক, প্ৰাসংগিক নথিপত্ৰসমূহ আপল'ড কৰক (বাধ্যতামূলক নহয়), আৰু ‘অভিযোগ দাখিল কৰক’ত ক্লিক কৰক।
পদক্ষেপ 7: এতিয়া অভিযোগটো সফলতাৰে দাখিল কৰা হৈছে। অভিযোগৰ স্থিতি পৰীক্ষা কৰিবলৈ অভিযোগ স্বীকৃতি নম্বৰটো লিখি ৰাখক।
ইয়াৰ উপৰিও, আপুনি webmanager@incometax.gov.in এই আয়কৰ অভিযোগ-সম্পৰ্কীয় ই-মেইল ঠিকনালৈও আপোনাৰ সমস্যাসমূহ প্ৰেৰণ কৰিব পাৰে।
টোকা: আয়কৰ বিভাগে কৰদাতাসকলক ল'গইন কৰাৰ পিছত ই-ফাইলিং প'ৰ্টেলৰ অভিযোগ সুবিধা ব্যৱহাৰ কৰি অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে।
4.2. যদি আপুনি ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়ন কৰা নাই:
পদক্ষেপ 1: ই-ফাইলিং প'ৰ্টেললৈ যাওক, তললৈ স্ক্ৰ'ল কৰি ‘আমাক যোগাযোগ কৰক’ শাখাৰ অন্তৰ্গত ‘অভিযোগ’ত ক্লিক কৰক।
পদক্ষেপ 2: 'মোৰ PAN/TAN নাই' বিকল্পটো নিৰ্বাচন কৰি 'অবেয়াহত ৰাখক'ত ক্লিক কৰক
পদক্ষেপ 3: নাম, ই-মেইল ID আৰু মোবাইল নম্বৰ আদি তথ্যসমূহ সুমুৱাই ‘অব্যাহত ৰাখক’ত ক্লিক কৰক
পদক্ষেপ 4:ওপৰৰ পদক্ষেপত দিয়া মোবাইল নম্বৰ আৰু ই-মেইল ID-ত লাভ কৰা ৱান টাইম পাছৱৰ্ড (OTP) সুমুৱাই ‘দাখিল কৰক’ত ক্লিক কৰক।
পদক্ষেপ 5:এতিয়া ই-ফাইলিং প'ৰ্টেলৰ এজন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰীৰ দৰে অভিযোগ দাখিল কৰক।
5.অভিযোগৰ অৱস্থা কেনেকৈ পৰীক্ষা কৰিব
অভিযোগৰ অৱস্থা ল'গইনৰ আগত আৰু ল'গইনৰ পাছত ধৰণ পৰীক্ষা কৰিব পাৰি।
প্ৰি-ল'গইন ধৰণ
পদক্ষেপ 1: যাওক ই-ফাইলিং প'ৰ্টেল , তললৈ স্ক্ৰ'ল কৰি ‘আমাৰ সৈতে যোগাযোগ কৰক’ শাখাৰ অন্তৰ্গত ‘অভিযোগ চাওক’ত ক্লিক কৰক।
পদক্ষেপ 2: অভিযোগ স্বীকৃতি নম্বৰ আৰু অভিযোগ দাখিল কৰাৰ সময়ত ব্যৱহাৰ কৰা মোবাইল নম্বৰ সুমুৱাই ‘অব্যাহত ৰাখক’ত ক্লিক কৰক।
ল'গইনৰ পিছৰ ধৰণ
পদক্ষেপ 1: যাওক ই-ফাইলিং পৰ্টেল আৰু 'ল'গইন'ত' ক্লিক কৰক।
পদক্ষেপ 2:ল'গইন পৃষ্ঠাত আপোনাৰ ইউজাৰ ID আৰু পাছৱৰ্ড প্ৰৱিষ্ট কৰক।
পদক্ষেপ 3:আপোনাৰ ডেছবোৰ্ড-ত গৈ ‘অভিযোগ মেনু’>‘অভিযোগৰ স্থিতি চাওক’ নিৰ্বাচন কৰক।
পদক্ষেপ 4: আপোনাৰ অভিযোগৰ স্থিতি পৰীক্ষা কৰক। লগতে,উত্থাপন কৰা তাৰিখ, বিভাগ আৰু স্থিতিৰ ফিল্টাৰকেইটাও ব্যৱহাৰ কৰিব পাৰে।
6.সম্পৰ্কীয় বিষয়সমূহ
শব্দাৱলী
|
হ্ৰস্বনাম/ সংক্ষিপ্ত ৰূপ |
বিৱৰণ / সম্পূৰ্ণ ৰূপ |
|
ITR |
আয়কৰ ৰিটাৰ্ণসমূহ |
|
DSC |
ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ |
|
TY/মূ.ব. |
Tax/মূল্যায়ন বৰ্ষ |
|
PY |
পূৰ্বৱৰ্তী বৰ্ষ |
|
FY |
বিত্তীয় বৰ্ষ |