Do not have an account?
Already have an account?

1. অৱলোকন

চালান প্ৰপত্ৰ (CRN) সৃষ্টি কৰক সেৱা ই-ফাইলিং প'ৰ্টেলৰ সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ। এই সেৱাৰ দ্বাৰা, আপুনি এখন চালান প্ৰপত্ৰ (CRN) সৃষ্টি কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত এক নিৰ্বাচিত মূল্যায়ন বৰ্ষ আৰু কৰ পৰিশোধৰ প্ৰকাৰ (গৌণ শিতান)ৰ বাবে কৰৰ ই-পে সেৱাৰ জৰিয়তে কৰ পৰিশোধ কৰিব পাৰিব।

বৰ্তমান, ই-ফাইলিং প’ৰ্টেলৰ জৰিয়তে পোনপটীয়াকৈ কৰ পৰিশোধ কেৱল নিৰ্বাচিত অনুমোদিত বেংকসমূহৰ জৰিয়তেহে সক্ষম কৰা হৈছে (এক্সিছ বেংক, বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাৰা বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, HDFC বেংক, ICICI বেংক, IDBI বেংক, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অ’ভাৰছীজ বেংক, জম্মু আৰু কাশ্মীৰ বেংক, পাঞ্জাৱ আৰু সিন্ধ বেংক, পাঞ্জাৱ নেচনেল বেংক, ভাৰতীয় ষ্টেট বেংক, UCO বেংক, ইউনিয়ন বেংক অফ ইণ্ডিয়া, RBL বেংক লিমিটেড, কাৰুৰ বৈশ্য বেংক, ছাউথ ইণ্ডিয়ান বেংক, ইণ্ডাছইণ্ড বেংক, চিটী ইউনিয়ন বেংক লিমিটেড, DCB বেংক, ফেডাৰেল বেংক আৰু কোটক মহিন্দ্ৰা বেংক)। এই বেংকসমূহৰ বাহিৰে অন্যৰ জৰিয়তে কৰ পৰিশোধ RBI-য়ে প্ৰদান কৰা NEFT/RTGS সুবিধাৰ জৰিয়তে কৰিব পাৰি।

2. এই সেৱা লাভ কৰাৰ বাবে পূৰ্ব আৱশ্যকতাসমূহ

আপুনি লগইন কৰাৰ আগতে (ই-ফাইলিং প'ৰ্টেলত লগ ইন কৰাৰ আগতে) বা লগইন কৰাৰ পাছত (ই-ফাইলিং প'ৰ্টেলত লগইন কৰাৰ পাছত) উপলব্ধ মাধ্যেমেৰে চালান প্ৰপত্ৰ (CRN) প্ৰস্তুত কৰিব পাৰে।

বিকল্প পূৰ্ব আৱশ্যকতাসমূহ
লগইন কৰাৰ আগত
  • বৈধ আৰু সক্ৰিয় PAN/TAN
  • এককালীন পাছৱৰ্ড প্ৰাপ্ত কৰিবলৈ বৈধ ম'বাইল নম্বৰ
লগইন কৰাৰ পাছত
  • ই-ফাইলিং প'ৰ্টেল www.incometax.gov.in-ত পঞ্জীভুক্ত ব্যৱহাৰকাৰী

3. পৰ্যায়ক্ৰমিক নিৰ্দেশনা

চালান প্ৰপত্ৰ (CRN) সৃষ্টি কৰক (ল'গইনৰ পিছত) শাখা 3.1 চাওক
চালান প্ৰপত্ৰ (CRN) সৃষ্টি কৰক (ল’গইনৰ পূৰ্বে) শাখা 3.2 চাওক
চালান প্ৰপত্ৰ (CRN) সৃষ্টি কৰক (প্ৰতিনিধি কৰদাতাৰ বাবে ল’গইনৰ পিছত) শাখা 3.3 চাওক

3.1. চালান প্ৰপত্ৰ (CRN) সৃষ্টি কৰক (ল'গইনৰ পিছত)

পদক্ষেপ 1: ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ডৰ সৈতে ই-ফাইলিং প'ৰ্টেলত ল'গ ইন কৰক।

Data responsive

ব্যক্তিগত ব্যৱহাৰকাৰীৰ বাবে, PAN আধাৰৰ সৈতে লিংক হৈ নাথাকিলে আপুনি আপোনাৰ আধাৰৰ সৈতে লিংক হৈ নথকাৰ বাবে PAN নিষ্ক্ৰিয় কৰা হৈছে বুলি এটা পপ-আপ বাৰ্তা দেখা পাব।

আধাৰৰ সৈতে PAN লিংক কৰিবলৈ, এতিয়াই লিংক কৰক বুটামত ক্লিক কৰক অন্যথা অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive

পদক্ষেপ 2: ডেছবোৰ্ডত, ই-ফাইল > কৰৰ ই-পে বিকল্পত ক্লিক কৰক। কৰৰ ই-পে পৃষ্ঠাত, আপুনি ছেভ কৰা ড্ৰাফ্ট, সৃষ্টি কৰা চালান আৰু পৰিশোধৰ ইতিবৃত্তৰ বিৱৰণ চাব পাৰে।

Data responsive

টোকা: যদি আপুনি এগৰাকী TAN ব্যৱহাৰকাৰী হয়, তেন্তে আপুনি চালানৰ স্থিতিৰ অনুসন্ধান (CSI ফাইল টেবৰ পৰা চালানৰ স্থিতিৰ অনুসন্ধান (CSI) ফাইল ডাউনলোড কৰিব পাৰে। অনুগ্ৰহ কৰি পৰিশোধৰ তাৰিখ প্ৰবিষ্ট কৰক (আৰম্ভণি পৰিশোধৰ তাৰিখ আৰু অন্তিম পৰিশোধৰ তাৰিখ) আৰু চালান ফাইল ডাউনলোড কৰক বিকল্পত ক্লিক কৰক।

Data responsive

পদক্ষেপ 3: কৰৰ ই-পে পৃষ্ঠাত কেৱল নিৰ্বাচিত অনুমোদিত বেংকসমূহ (এক্সিছ বেংক, বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাৰা বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, HDFC বেংক, ICICI বেংক, IDBI বেংক, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অ’ভাৰছীজ বেংক, জম্মু আৰু কাশ্মীৰ বেংক, পাঞ্জাৱ আৰু সিন্ধ বেংক, পাঞ্জাৱ নেচনেল বেংক, ভাৰতীয় ষ্টেট বেংক, UCO বেংক, ইউনিয়ন বেংক অফ ইণ্ডিয়া, RBL বেংক অফ ইণ্ডিয়া, কাৰুৰ বৈশ্য বেংক, ছাউথ ইণ্ডিয়ান বেংক, ইণ্ডাছইণ্ড বেংক, চিটী ইউনিয়ন বেংক লিমিটেড, DCB বেংক, ফেডাৰেল বেংক আৰু কোটক মহিন্দ্ৰা বেংক)ৰ জৰিয়তে এখন নতুন চালান প্ৰপত্ৰ (CRN) সৃষ্টি কৰিবলৈ নতুন পৰিশোধ বিকল্পত ক্লিক কৰক। এই বেংকসমূহৰ বাহিৰে অন্যৰ জৰিয়তে কৰ পৰিশোধ RBI-য়ে প্ৰদান কৰা NEFT/RTGS সুবিধাৰ জৰিয়তে কৰিব পাৰি।

Data responsive

পদক্ষেপ 4: নতুন পৰিশোধ পৃষ্ঠাত, আপোনাৰ বাবে প্ৰযোজ্য কৰ পৰিশোধ টাইল এটাত আগবাঢ়ক বিকল্পত ক্লিক কৰক।

Data responsive

PAN/TAN-ৰ শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি নিম্নলিখিত প্ৰকাৰৰ পৰিশোধৰ পৰা বাছনি কৰিবলৈ সক্ষম হ'ব:

1 PAN ধাৰক (PAN-ৰ শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি)
  • আয়কৰ (অগ্ৰিম কৰ, স্ব-মূল্যায়ন কৰ ইত্যাদি)
  • নিগম কৰ (অগ্ৰিম কৰ, স্ব-মূল্যায়ন কৰ ইত্যাদি)
  • নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400)
  • ইকুৱেলাইজেচন লেভী/প্ৰতিভূতি লেনদেন কৰ (STT)/সামগ্ৰী লেনদেন কৰ (CTT)
  • মাচুল/ অন্যান্য পৰিশোধ
  • 26QB (সম্পত্তি বিক্ৰীৰ ওপৰত TDS)
  • সম্পত্তিৰ ওপৰত TDS-ৰ বাবে দাবী পৰিশোধ
  • 26QC (সম্পত্তিৰ ভাড়াৰ ওপৰত TDS)
  • সম্পত্তিৰ ভাড়াত TDS-ৰ বাবে দাবী পৰিশোধ
  • 26QD (বাসিন্দা ঠিকাদাৰ আৰু পেছাদাৰীসকললৈ কৰা পৰিশোধৰ ওপৰত TDS)
  • বাসিন্দা ঠিকাদাৰ আৰু পেছাদাৰীসকলক কৰা পৰিশোধৰ ওপৰত TDS-ৰ বাবে দাবী পৰিশোধ
  • 26QE (ভাৰ্চুৱেল ডিজিটেল সম্পদ স্থানান্তৰৰ ওপৰত TDS)
  • ভাৰ্চুৱেল ডিজিটেল সম্পদ স্থানান্তৰৰ ওপৰত TDS-ৰ বাবে দাবী পৰিশোধ
2 TAN ধাৰক
  • TDS/TCS পৰিশোধ কৰক
  • বকেয়া দাবী পৰিশোধ কৰক

টোকা: প্ৰপত্ৰ 26QB, 26QC, 26QD আৰু 26QE-ৰ সন্দৰ্ভত ক্ৰমে (i) বিক্ৰেতা, (ii) ঘৰৰ মালিক (iii) কৰ্তনপ্ৰাপ্তকাৰী আৰু (iv) কৰ্তনপ্ৰাপ্তকাৰী/বিক্ৰেতাৰ PAN যদিহে আধাৰৰ সৈতে লিংক নকৰাৰ বাবে নিষ্ক্ৰিয় হৈ পৰে, তেন্তে ধাৰা 206AA-ৰ অধীনত প্ৰস্তাৱিত অনুসাৰে উচ্চতৰ TDS হাৰ প্ৰযোজ্য হ’ব।

পদক্ষেপ 5: প্ৰযোজ্য কৰ পৰিশোধ টাইল, বাছনি কৰাৰ পিছত তলত দিয়া তালিকা অনুসৰি বিৱৰণ প্ৰৱিষ্ট কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

ক্ৰমিক নং কৰ পৰিশোধৰ শ্ৰেণী প্ৰৱিষ্ট কৰিব লগা বিৱৰণ
1

আয়কৰ

(অগ্ৰিম কৰ, স্ব-মূল্যায়ন কৰ ইত্যাদি)
  • ড্ৰপ-ডাউন বিকল্পৰ পৰা মূল্যায়ন বৰ্ষ বাছনি কৰক।
  • উপলব্ধ ড্ৰপ-ডাউন বিকল্পৰ পৰা পৰিশোধৰ প্ৰকাৰ (গৌণ শীৰ্ষ) বাছনি কৰক।
2

নিগম কৰ

(অগ্ৰিম কৰ, স্ব-মূল্যায়ন কৰ ইত্যাদি)
  • ড্ৰপ-ডাউন বিকল্পৰ পৰা মূল্যায়ন বৰ্ষ বাছনি কৰক।
  • উপলব্ধ ড্ৰপ-ডাউন বিকল্পৰ পৰা পৰিশোধৰ প্ৰকাৰ (গৌণ শীৰ্ষ) বাছনি কৰক।
3 নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400)
  • উপলব্ধ ডিমাণ্ড ৰেফাৰেঞ্চ নম্বৰ (DRN)ৰ উপলব্ধ তালিকাৰ পৰা বাছনি কৰক। আপুনি DRN-ৰ দ্বাৰা অনুসন্ধান কৰিব পাৰে বাবে মূল্যায়ন বৰ্ষৰ দ্বাৰা ফিল্টাৰ কৰিব পাৰে।
  • যদি DRN উপলব্ধ নহয় তেন্তে DRN অবিহনে গৌণ শীৰ্ষ 400-ৰ অধীনত দাবী পৰিশোধ হাইপাৰলিংকত ক্লিক কৰক আৰু ড্ৰপ ডাউন বিকল্পৰ পৰা মূল্যায়ন বৰ্ষ বাছনি কৰক। অধিক বিৱৰণৰ বাবে অনুগ্ৰহ কৰি DRN অবিহনে দাবী পৰিশোধ ইউজাৰ মেনুৱেল চাওক।
4 ইকুৱেলাইজেচন লেভী
  • ড্ৰপ-ডাউন বিকল্পসমূহৰ পৰা মূল্যায়ন বৰ্ষ বাছনি কৰক।
  • ড্ৰপ-ডাউন বিকল্পসমূহৰ পৰা পৰিশোধৰ প্ৰকাৰ (গৌণ শীৰ্ষ) বাছনি কৰক।
  • বিত্তীয় বৰ্ষ নিশ্চিত কৰক
  • পৰিশোধৰ শ্ৰেণী আৰু প্ৰকৃতি বাছনি কৰক
5 সামগ্ৰীৰ লেনদেন কৰ, প্ৰতিভূতি লেনদেন কৰ
  • ড্ৰপ-ডাউন বিকল্পৰ পৰা মূল্যায়ন বৰ্ষ বাছনি কৰক।
  • ড্ৰপ-ডাউন বিকল্পসমূহৰ পৰা পৰিশোধৰ প্ৰকাৰ (গৌণ শীৰ্ষ) বাছনি কৰক।
6 মাচুল/ অন্যান্য পৰিশোধ
  • ড্ৰপ-ডাউন বিকল্পসমূহৰ পৰা প্ৰযোজ্য কৰৰ প্ৰকাৰ (মুখ্য শীৰ্ষ) বাছনি কৰক।
  • ড্ৰপ-ডাউন বিকল্পৰ পৰা মূল্যায়ন বৰ্ষ বাছনি কৰক।
  • ড্ৰপ-ডাউন বিকল্পসমূহৰ পৰা পৰিশোধৰ প্ৰকাৰ (গৌণ শীৰ্ষ) বাছনি কৰক।
7 26QB (সম্পত্তি বিক্ৰীৰ ওপৰত TDS)
  • বিক্ৰেতাৰ বিৱৰণ যোগ কৰক পৃষ্ঠাত বিক্ৰেতাৰ আৱাসিক স্থিতি, PAN, নাম, PAN-ৰ শ্ৰেণী, ঠিকনা আৰু যোগাযোগৰ বিৱৰণ প্ৰৱিষ্ট কৰক।
  • স্থানান্তৰ কৰা সম্পত্তিৰ বিৱৰণ যোগ কৰক পৃষ্ঠাত সম্পত্তিৰ প্ৰকাৰ, ঠিকনাৰ বিবৰণ (স্থানান্তৰিত সম্পত্তিৰ), চুক্তিৰ বিৱৰণ আৰু পৰিশোধৰ বিৱৰণ প্ৰৱিষ্ট কৰক।
    টোকা:
    • প্ৰপত্ৰ 26QB পূৰণ কৰাৰ পূৰ্বে আপুনি বিক্ৰেতাৰ বৈধ PAN জানিব লাগিব। একাধিক বিক্ৰেতা আৰু ক্ৰেতাৰ বাবে একাধিক 26QB প্ৰপত্ৰ পূৰণ কৰিব লাগিব।
    • বিক্ৰেতা প্ৰৱাসী হ’লে এই প্ৰপত্ৰখন প্ৰযোজ্য নহয়।
8 26QC (সম্পত্তিৰ ভাড়াৰ ওপৰত TDS)
  • ভাড়াতীয়াৰ বিৱৰণ যোগ কৰক পৃষ্ঠাত ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল শাখাৰ পৰা ভাড়াতীয়াৰ PAN, নাম, PAN-ৰ শ্ৰেণী, ঠিকনা আৰু যোগাযোগৰ বিৱৰণ পূৰ্ব-পূৰণ কৰা হ’ব।
  • ঘৰ মালিকৰ বিৱৰণ যোগ কৰক পৃষ্ঠাত ঘৰ মালিকৰ আৱাসিক স্থিতি, PAN, নাম, PAN-ৰ শ্ৰেণী, ঠিকনা আৰু যোগাযোগৰ বিৱৰণ প্ৰৱিষ্ট কৰক।
  • ভাড়া দিয়া সম্পত্তিৰ বিৱৰণ যোগ কৰক পৃষ্ঠাত সম্পত্তিৰ প্ৰকাৰ, ঠিকনাৰ বিৱৰণ (ভাড়া দিয়া সম্পত্তিৰ), চুক্তিৰ বিৱৰণ আৰু পৰিশোধৰ বিৱৰণ প্ৰবিষ্ট কৰক।
    টোকা:
    • যদি আপুনি ঘৰ মালিকৰ PAN বিৱৰণ নাজানে তেন্তে ঘৰ মালিকৰ PAN ক্ষেত্ৰত ’PANNOTAVBL’ প্ৰৱিষ্ট কৰিব পাৰে।আয়কৰ অধিনিয়ম 1961-ৰ বিধান অনুসৰি TDS আৰোপণ কৰা হ’ব পাৰে (‘PANNOTAVBL’- ৰ ক্ষেত্ৰত 20% TDS হাৰ)একাধিক ভাড়াতীয়া / ঘৰ মালিকৰ বাবে, একাধিক 26QC প্ৰপত্ৰ পূৰণ কৰিব লাগিব।
    • ঘৰ মালিক প্ৰৱাসী হ’লে এই প্ৰপত্ৰখন প্ৰযোজ্য নহয়।
9 26QD (বাসিন্দা ঠিকাদাৰ আৰু পেছাদাৰীসকললৈ কৰা পৰিশোধৰ ওপৰত TDS)
  • P
  • কৰ্তনকাৰীৰ বিৱৰণ যোগ কৰক পৃষ্ঠাত ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল শাখাৰ পৰা কৰ্তনকাৰীৰ PAN, নাম, PAN-ৰ শ্ৰেণী, ঠিকনা আৰু যোগাযোগৰ বিৱৰণ পূৰ্ব পূৰণ কৰা হ’ব।
  • কৰ্তনপ্ৰাপ্তকাৰীৰ বিৱৰণ যোগ কৰক পৃষ্ঠাত কৰ্তনপ্ৰাপ্তকাৰীৰ আৱাসিক স্থিতি, PAN, নাম, PAN-ৰ শ্ৰেণী, ঠিকনা আৰু যোগাযোগৰ বিৱৰণ প্ৰৱিষ্ট কৰক।
  • কৰ্তনৰ বিৱৰণ যোগ কৰক পৃষ্ঠাত পৰিশোধৰ প্ৰকৃতি, চুক্তিৰ বিৱৰণ আৰু পৰিশোধৰ বিৱৰণ প্ৰৱিষ্ট কৰক।
  • টোকা:

    • যদি আপুনি কৰ্তনপ্ৰাপ্তকাৰীৰ PAN বিৱৰণ নাজানে, তেন্তে কৰ্তনপ্ৰাপ্তকাৰীৰ PAN ক্ষেত্ৰত ‘PANNOTAVBL’ প্ৰৱিষ্ট কৰিব পাৰি। আয়কৰ অধিনিয়ম 1961-ৰ বিধান অনুসৰি TDS আৰোপণ কৰা হ’ব পাৰে (‘PANNOTAVBL’- ৰ ক্ষেত্ৰত 20% TDS হাৰ)
    • কৰ্তনপ্ৰাপ্তকাৰী প্ৰৱাসী হ’লে এই প্ৰপত্ৰখন প্ৰযোজ্য নহয়।
10

26AE (ভাৰ্চুৱেল ডিজিটেল সম্পদ স্থানান্তৰৰ ওপৰত TDS)

  • কৰ্তনকাৰীৰ PAN পূৰ্ব-পূৰণ কৰা হ'ব।
  • কৰ্তনপ্ৰাপ্তকাৰীৰ PAN, ঠিকনা, ম’বাইল নম্বৰ আৰু ইমেইল ID, স্থানান্তৰৰ তাৰিখ আৰু বিবেচনাৰ মুঠ মূল্য প্ৰৱিষ্ট কৰক
11 সম্পত্তিৰ ওপৰত TDS-ৰ বাবে দাবী পৰিশোধ
  • ক্ৰেতাৰ PAN পূৰ্ব-পূৰণ কৰা হ'ব।
  • বিক্ৰেতাৰ PAN প্ৰৱিষ্ট কৰক
  • স্বীকৃতি নম্বৰ প্ৰৱিষ্ট কৰক
  • মূল্যায়ন বৰ্ষ বাছনি কৰক
12 সম্পত্তিৰ ভাড়াত TDS-ৰ দাবী
  • ভাড়াতীয়াৰ PAN পূৰ্ব-পূৰণ কৰা হ'ব।
  • ঘৰ মালিকৰ PAN প্ৰৱিষ্ট কৰক
  • স্বীকৃতি নম্বৰ প্ৰৱিষ্ট কৰক
  • মূল্যায়ন বৰ্ষ বাছনি কৰক
13 বাসিন্দা ঠিকাদাৰ আৰু পেছাদাৰীসকলক কৰা পৰিশোধৰ ওপৰত TDS-ৰ বাবে দাবী পৰিশোধ
  • কৰ্তনকাৰীৰ PAN পূৰ্ব-পূৰণ কৰা হ'ব।
  • কৰ্তনকাৰীৰ PAN প্ৰৱিষ্ট কৰক
  • স্বীকৃতি নম্বৰ প্ৰৱিষ্ট কৰক
  • মূল্যায়ন বৰ্ষ বাছনি কৰক
14 ভাৰ্চুৱেল ডিজিটেল সম্পদ স্থানান্তৰৰ ওপৰত TDS-ৰ বাবে দাবী পৰিশোধ
  • কৰ্তনকাৰীৰ PAN পূৰ্ব-পূৰণ কৰা হ'ব।
  • কৰ্তনপ্ৰাপ্তকাৰীৰ PAN প্ৰৱিষ্ট কৰক
  • স্বীকৃতি নম্বৰ প্ৰৱিষ্ট কৰক
  • মূল্যায়ন বৰ্ষ বাছনি কৰক
15 TDS পৰিশোধ কৰক(কেৱল TAN ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য)
  • উপলব্ধ বিকল্পৰ তালিকাৰ পৰা বা আয়কৰ অধিনিয়ম, 1961-ৰ সংহিতা/ধাৰাৰ দ্বাৰা ফিল্টাৰ কৰি পৰিশোধৰ প্ৰকৃতি বাছনি কৰক।
  • উপলব্ধ বিকল্পসমূহৰ পৰা প্ৰযোজ্য কৰ (মুখ্য শীৰ্ষ) বাছনি কৰক।
16 বকেয়া দাবী (কেৱল TAN ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য)
  • উপলব্ধ বিকল্পৰ তালিকাৰ পৰা বা আয়কৰ অধিনিয়ম, 1961-ৰ সংহিতা/ধাৰাৰ দ্বাৰা ফিল্টাৰ কৰি পৰিশোধৰ প্ৰকৃতি বাছনি কৰক।
  • উপলব্ধ বিকল্পসমূহৰ পৰা প্ৰযোজ্য কৰ (মুখ্য শীৰ্ষ) বাছনি কৰক।

পদক্ষেপ 6: কৰ ব্ৰেকআপৰ বিৱৰণ পৃষ্ঠাত, কৰ পৰিশোধৰ মুঠ পৰিমাণৰ ব্ৰেকআপ যোগ কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

ক্ৰমিক নং

কৰ পৰিশোধৰ শ্ৰেণী

কৰ পৰিশোধৰ ব্ৰেকআপ

1

প্ৰপত্ৰ 26QB, 26QC, 26QD আৰু 26QE-ৰ বাহিৰে আন শ্ৰেণীৰ বাবে

ইয়াৰ বাবে বিৱৰণ প্ৰৱিষ্ট কৰক:
• কৰ
• অধিভাৰ
• উপকৰ
• সুত
• জৰিমনা
• অন্যান্য (PAN ব্যৱহাৰকাৰীৰ বাবে) /
234E ধাৰাৰ অধীনত মাচুল (TAN ব্যৱহাৰকাৰীৰ বাবে)

2

প্ৰপত্ৰ-26QB/QC/QD/QE-ৰ বাবে

ইয়াৰ বাবে বিৱৰণ প্ৰৱিষ্ট কৰক:
• মূল কৰ
[কেৱল প্ৰপত্ৰ-26QB] আৰু TDS পৰিমাণ [প্ৰপত্ৰ-26QC,26QD আৰু 26QE]
• সুত
• ধাৰা 234E-ৰ অধীনত মাচুল

3

প্ৰপত্ৰ-26QB/QC/QD/QE-ৰ বাবে দাবী পৰিশোধৰ বাবে

ইয়াৰ বাবে বিৱৰণ প্ৰৱিষ্ট কৰক:
• মুখ্য কৰ
• সুত
• জৰিমনা
• ধাৰা 234E-ৰ অধীনত মাচুল

4

ইকুৱেলাইজেচন লেভীৰ বাবে

ইয়াৰ বাবে বিৱৰণ প্ৰৱিষ্ট কৰক:
• ইকুৱেলাইজেচন লেভী (মৌলিক কৰ)
• সুত
• জৰিমনা
• অন্যান্য

টোকা: মুঠ ব্ৰেকআপৰ পৰিমাণ অ-শূন্য পৰিমাণ হ'ব লাগিব।

পদক্ষেপ 7: আপুনি পৰিশোধ কৰাৰ প্ৰস্তাৱ দিয়া পৰিশোধৰ মোড বাছনি কৰিব লাগিবতলত বৰ্ণনা কৰা অনুসৰি পাঁচ প্ৰকাৰৰ পৰিশোধ উপলব্ধ।

 

ক্ৰমিক নং

পদক্ষেপ নং

পৰিশোধৰ ধৰণ

1

পদক্ষেপ 8(a)

নেট বেংকিং

2

পদক্ষেপ 8(b)

ডেবিট কাৰ্ড

3

পদক্ষেপ 8(c)

বেংক কাউণ্টাৰত পৰিশোধ কৰক

4

পদক্ষেপ 8(d)

RTGS/NEFT

5

পদক্ষেপ 8(e)

পেমেণ্ট গে'টৱে'

টোকা: এবাৰ চালান প্ৰপত্ৰৰ বাবে পৰিশোধৰ মোড বাছনি কৰাৰ পিছত আৰু ইয়াৰ বাবে চালান ৰেফাৰেন্স নম্বৰ (CRN) সৃষ্টি হোৱাৰ পিছত, পাছলৈ পৰিশোধৰ সময়ত পৰিশোধ মোড সলনি কৰিব নোৱাৰি।

পদক্ষেপ8 (a): নেট বেংকিঙৰ(অনুমোদিত বেংকৰ) জৰিয়তে পৰিশোধৰ বাবে

A. পৰিশোধৰ মোড বাছনি কৰক পৃষ্ঠাত, নেট বেংকিং মোড বাছনি কৰক আৰু বিকল্পসমূহৰ পৰা বেংকৰ নাম বাছনি কৰি অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive

টোকা: এই সুবিধা কেৱল নিৰ্বাচিত অনুমোদিত বেংকৰ বাবেহে উপলব্ধ। যদি আপোনাৰ বেংক অনুমোদিত বেংক নহয় তেন্তে কৰ পৰিশোধৰ বাবে RTGS/NEFT বা পৰিশোধ গেটৱে মোড বাছনি কৰিব পাৰি।

B. প্ৰিভিউ আৰু পৰিশোধ কৰক পৃষ্ঠাত, বিৱৰণ আৰু কৰ ব্ৰেকআপ বিৱৰণ সত্যাপন কৰক আৰু এতিয়াই পৰিশোধ কৰক বিকল্পত ক্লিক কৰক।

Data responsive

C. নিয়ম আৰু চৰ্তাৱলী পঢ়ক আৰু গ্ৰহণ কৰক আৰু বেংকত দাখিল কৰক বিকল্পত ক্লিক কৰক (আপোনাক বাছনি কৰা বেংকৰ ৱেবছাইটলৈ পুনঃনিৰ্দেশিত কৰা হ'ব য'ত আপুনি ল’গইন কৰিব আৰু পৰিশোধ কৰিব পাৰে)।

Data responsive

 

সফল পৰিশোধৰ পাছত, এটা সফল বাৰ্তা প্ৰদৰ্শিত হ'ব। আপুনি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে চালানৰ ৰচিদ ডাউনলোড কৰিব পাৰে। আপুনি কৰৰ ই-পে পৃষ্ঠাৰ পৰিশোধৰ ইতিবৃত্ত মেনুত পৰিশোধ কৰাৰ বিৱৰণ চাবলৈ সক্ষম হ’ব।

 

Data responsive

 

টোকা:

  1. যদি আপোনাৰ বেংকে প্ৰদান কৰে, বেংকৰ পৃষ্ঠাত "পূৰ্ব-অনুমোদিত একাউণ্ট ডেবিট" আৰু "মেকাৰ-চেকাৰ"ৰ দৰে সুবিধাও উপলব্ধ হ'ব।
  2. পূৰ্ব-অনুমোদিত একাউণ্ট ডেবিট বিকল্পৰ অধীনত, আপুনি ভৱিষ্যতৰ এটা তাৰিখ পৰিশোধৰ সময় হিচাপে নিৰ্ধাৰিত কৰি ৰাখিব পাৰিব। অৱশ্যে, পৰিশোধৰ বাবে নিৰ্ধাৰিত তাৰিখটো চালান প্ৰপত্ৰ (CRN)ত "তাৰিখলৈকে বৈধ" বুলি উল্লেখিত তাৰিখত বা তাৰ আগতে হ'ব লাগিব।

পদক্ষেপ 8 (b): ডেবিট কাৰ্ডৰ (অনুমোদিত বেংকৰ) জৰিয়তে পৰিশোধৰ বাবে

A: ডেবিট কাৰ্ড মোডত, বিকল্পবোৰৰ পৰা বেংকৰ নাম বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive

B: প্ৰিভিউ আৰু পৰিশোধ কৰক পৃষ্ঠাত, বিৱৰণ আৰু কৰ ব্ৰেকআপ বিৱৰণ সত্যাপন কৰক আৰু এতিয়াই পৰিশোধ কৰক বিকল্পত ক্লিক কৰক।

Data responsive

C: নিয়ম আৰু চৰ্তাৱলী পঢ়ক আৰু বাছনি কৰক আৰু বেংকত দাখিল কৰক বিকল্পত ক্লিক কৰক (আপোনাক আপোনাৰ নিৰ্বাচিত বেংকৰ ৱেবছাইটলৈ পুনঃনিৰ্দেশিত কৰা হ'ব য'ত আপুনি আপোনাৰ ডেবিট কাৰ্ডৰ বিৱৰণ প্ৰৱিষ্ট কৰিব পাৰে আৰু পৰিশোধ কৰিব পাৰে)।

Data responsive

 

D: সফল পৰিশোধৰ পিছত, এটা সফল বাৰ্তা প্ৰদৰ্শিত হ'ব। আপুনি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে চালানৰ ৰচিদ ডাউনলোড কৰিব পাৰে। আপুনি কৰৰ ই-পে পৃষ্ঠাৰ পৰিশোধৰ ইতিবৃত্ত মেনুত পৰিশোধ কৰাৰ বিৱৰণ চাবলৈ সক্ষম হ’ব।

Data responsive

গুৰুত্বপূৰ্ণ টোকা:

এতিয়ালৈকে, ডেবিট কাৰ্ড মোডৰ জৰিয়তে ই-ফাইলিং প'ৰ্টেলত (কৰৰ ই-পে সেৱা) কৰ পৰিশোধ পাঁচটা অনুমোদিত বেংকত (কানাৰা বেংক, ICICI বেংক, ইণ্ডিয়ান বেংক, পাঞ্জাৱ নেচনেল বেংক, ভাৰতীয় ষ্টেট বেংক) উপলব্ধ।

পদক্ষেপ 8 (c): বেংক কাউণ্টাৰত পৰিশোধ কৰকৰ জৰিয়তে পৰিশোধৰ বাবে:

A. বেংক কাউণ্টাৰত পৰিশোধ কৰক মোডত, পৰিশোধৰ মোড (নগদ / চেক / ডিমাণ্ড ড্ৰাফ্ট) বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive

টোকা:

  1. নগদৰ জৰিয়তে 10,000/- টকাৰ ওপৰৰ পৰিশোধ অনুমোদিত নহয়।
  2. এই মোডটো এটা কোম্পানী বা এগৰাকী ব্যক্তি (কোম্পানীৰ বাহিৰে) কৰদাতাই ব্যৱহাৰ কৰিব নোৱাৰে যাৰ ক্ষেত্ৰত CBDT-ৰ অধিসূচনা 34/2008-ৰ অনুসৰি আয়কৰ অধিনিয়ম 1961-ৰ ধাৰা 44AB-ৰ বিধানসমূহ প্ৰযোজ্য হয়।

B. চালান প্ৰপত্ৰ প্ৰিভিউ আৰু ডাউনলোড কৰক পৃষ্ঠাত, বিৱৰণ আৰু কৰ ব্ৰেকআপৰ বিৱৰণ সত্যাপন কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive

C. পৰিশোধ কৰিবলৈ বেংকলৈ যাওক পৃষ্ঠাত, চালান ৰেফাৰেন্স নম্বৰ (CRN)ৰ সৈতে সফলতাৰে সৃষ্টি হোৱা চালান প্ৰপত্ৰখন প্ৰদৰ্শন কৰা হ’ব। চালান প্ৰপত্ৰখন ডাউনলোড আৰু প্ৰিণ্ট কৰক আৰু বাছনি কৰা অনুমোদিত বেংকৰ শাখাত পৰিশোধ কৰক।

Data responsive

সফল পৰিশোধৰ পিছত, আপুনি ই-ফাইলিং প’ৰ্টেলৰ সৈতে পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণ ই-মেইল আৰু এটা SMS প্ৰাপ্ত কৰিব। এবাৰ পৰিশোধ সফল হ’লে, কৰৰ ই-পে পৃষ্ঠাত পৰিশোধৰ ইতিবৃত্ত টেবৰ অধীনত পৰিশোধৰ বিৱৰণ আৰু চালান ৰচিদ উপলব্ধ হয়।

গুৰুত্বপূৰ্ণ টোকাসমূহ:

বৰ্তমানলৈ, কাউণ্টাৰৰ জৰিয়তে (OTC) ই ফাইলিং প’ৰ্টেলত (কৰৰ ই-পে সেৱা) কৰ পৰিশোধ অনুমোদিত বেংকসমূহ যেনে কোটক মহিন্দ্ৰা বেংক, ফেডাৰেল বেংক, এক্সিছ বেংক, বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাৰা বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, HDFC বেংক, ICICI বেংক, IDBI বেংক, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অ’ভাৰছীজ বেংক, জম্মু আৰু কাশ্মীৰ বেংক, পাঞ্জাৱ আৰু সিন্ধ বেংক, পাঞ্জাৱ নেচনেল বেংক, ভাৰতীয় ষ্টেট বেংক, UCO বেংক, ইউনিয়ন বেংক অফ ইণ্ডিয়া, RBL বেংক লিমিটেড, কাৰুৰ বৈশ্য বেংক, ছাউথ ইণ্ডিয়ান বেংক, ইণ্ডাছইণ্ড বেংক, চিটী ইউনিয়ন বেংক লিমিটেড আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে উপলব্ধ।

  • ই-ফাইলিং প'ৰ্টেলত কৰৰ ই-পে সেৱা ব্যৱহাৰ কৰি এটা CRN প্ৰস্তুত কৰাৰ পাছতহে এই সুবিধাটো ব্যৱহাৰ কৰিব পাৰিব।
  • উপৰোক্ত বেংকসমূহৰ OTC মোড ব্যৱহাৰ কৰি পৰিশোধ কৰিবলৈ কৰদাতাই বেংক কাউণ্টাৰলৈ চালান প্ৰপত্ৰ নিব লাগিব।

পদক্ষেপ 8 (d): RTGS/ NEFT (এই সুবিধা প্ৰদান কৰা যিকোনো বেংকৰ বাবে উপলব্ধ)ৰ জৰিয়তে পৰিশোধৰ বাবে:

A. পৰিশোধৰ মোড হিচাপে RTGS/NEFT বাছনি কৰাৰ পিছত, অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive

B. জনাদেশ প্ৰপত্ৰ প্ৰিভিউ আৰু ডাউনলোড কৰক পৃষ্ঠাত, পৰিশোধৰ বিৱৰণ আৰু কৰ ব্ৰেকআপৰ বিৱৰণ সত্যাপন কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive

 

C. এতিয়াই পৰিশোধ কৰক/পৰিশোধ কৰিবলৈ বেংকলৈ যাওক পৃষ্ঠাত চালান ৰেফাৰেন্স নম্বৰ (CRN)ৰ সৈতে সফলতাৰে সৃষ্টি হোৱা জনাদেশ প্ৰপত্ৰ প্ৰদৰ্শন কৰা হ'ব। CRN আৰু জনাদেশ প্ৰপত্ৰ সৃষ্টি কৰাৰ পিছত, আপুনি হয় কৰ পৰিশোধ সম্পূৰ্ণ কৰিবলৈ জনাদেশ প্ৰপত্ৰৰ সৈতে RTGS/NEFT-ৰ সুবিধা প্ৰদান কৰা যিকোনো বেংক শাখালৈ যাব পাৰে বা উপলব্ধ বেংকৰ নেট বেংকিং সুবিধা ব্যৱহাৰ কৰি কৰৰ পৰিমাণ প্ৰেৰণ কৰিব পাৰে। [ইয়াৰ বাবে, জনাদেশ প্ৰপত্ৰত উপলব্ধ হিতাধিকাৰীৰ বিৱৰণৰ সৈতে আপোনাৰ বেংক একাউণ্টত হিতাধিকাৰী যোগ কৰিব লাগিব আৰু কৰৰ পৰিমাণ যোগ কৰা একাউণ্টলৈ স্থানান্তৰ কৰিব লাগিব]।

Data responsive

সফল পৰিশোধৰ পিছত, আপুনি ই-ফাইলিং প’ৰ্টেলৰ সৈতে পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণ ই-মেইল আৰু এটা SMS প্ৰাপ্ত কৰিব। এবাৰ পৰিশোধ সফল হ’লে, কৰৰ ই-পে পৃষ্ঠাত পৰিশোধৰ ইতিবৃত্ত টেবৰ অধীনত পৰিশোধৰ বিৱৰণ আৰু চালান ৰচিদ উপলব্ধ হয়।

টোকা:

  1. যিকোনো বেংকৰ জৰিয়তে NEFT/RTGS পৰিশোধ কৰিব পাৰি। আপোনাক বেংকৰ NEFT/RTGS সুবিধাৰ উপলব্ধতা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হয়।
  2. NEFT/RTGS মাচুল RBI নিৰ্দেশনা আৰু বেংক নীতি অনুসৰি প্ৰযোজ্য হ'ব পাৰে আৰু মাচুল কৰৰ পৰিমাণৰ অতিৰিক্ত হ'ব।

গুৰুত্বপূৰ্ণ টোকাসমূহ:

  • কৰদাতাই RTGS/NEFT পদ্ধতি ব্যৱহাৰ কৰি যিকোনো বেংকৰ জৰিয়তেও পৰিশোধ কৰিব পাৰে।
  • ই-ফাইলিং প'ৰ্টেলত কৰৰ ই-পে সেৱা ব্যৱহাৰ কৰি এটা CRN প্ৰস্তুত কৰাৰ পাছতহে এই সুবিধাটো ব্যৱহাৰ কৰিব পাৰিব।
  • কৰদাতাই এই CRN-ৰ জৰিয়তে প্ৰস্তুত কৰা জনাদেশ পত্ৰ বেংকত প্ৰদান কৰিব লাগিব, লগতে কৰদাতাই তেওঁলোকৰ বেংকে প্ৰদান কৰা অনলাইন সুবিধা ব্যৱহাৰ কৰি জনাদেশ প্ৰপত্ৰত উপলব্ধ বিৱৰণৰ দ্বাৰা এই RTGS/NEFT লেনদেন কৰিব পাৰে।

 

পদক্ষেপ 8(e): পেমেণ্ট গেটৱেৰ জৰিয়তে পৰিশোধ কৰাৰ বাবে (ডেবিট কাৰ্ড / ক্ৰেডিট কাৰ্ড / নেট বেংকিং /UPI ব্যৱহাৰ কৰি):

A: পেমেণ্ট গেটৱে মোডত, পেমেণ্ট গেটৱে বেংক বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

 

Data responsive

B: প্ৰিভিউ কৰক আৰু পৰিশোধ কৰক পৃষ্ঠাত, বিৱৰণ আৰু কৰ ব্ৰেকআপৰ বিৱৰণ সত্যাপন কৰক আৰু এতিয়াই পৰিশোধ কৰক বিকল্পত ক্লিক কৰক।

Data responsive

C: নিয়ম আৰু চৰ্তাৱলী গ্ৰহণ কৰক আৰু বেংকত দাখিল কৰক বিকল্পত ক্লিক কৰক (আপোনাক বাছনি কৰা পেমেণ্ট গেটৱে'ৰ ৱেবছাইটলৈ পুনঃনিৰ্দেশিত কৰা হ'ব য'ত আপুনি ল'গইন কৰিব বা আপোনাৰ ডেবিট / ক্ৰেডিট কাৰ্ড / UPI বিৱৰণ প্ৰৱিষ্ট কৰিব পাৰে আৰু পৰিশোধ কৰিব পাৰে)।

টোকা:

  • পেমেণ্ট গেটৱে মোডৰ জৰিয়তে কৰ পৰিশোধ কৰাৰ বাবে মাচুল/সেৱা মাচুল বেংকৰ নিয়ম আৰু চৰ্তাৱলী অনুসৰি হʼব আৰু এই সন্দৰ্ভত RBI-ৰ নিৰ্দেশাৱলীৰ সৈতে সংগতি ৰাখি হ'ব। মন কৰা উচিত যে ই-ফাইলিং প'ৰ্টেল/আয়কৰ বিভাগে এনে কোনো মাচুল নলয়। এনে মূল্য/ মাচুল বেংক/পেমেণ্ট গে'টৱে'লৈ যাব আৰু কৰৰ পৰিমাণৰ অতিৰিক্ত হ'ব। অৱশ্যে, চৰকাৰৰ নিৰ্দেশনা অনুসৰি, ৰুপেৰ দ্বাৰা চালিত ডেবিট কাৰ্ড, ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (UPI) (ভীম-UPI), আৰু ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ কুইক ৰেছপঞ্চ কোড (UPI QR কোড) (ভীম-UPI QR কোড)ৰ জৰিয়তে কৰা পৰিশোধৰ ওপৰত এনে কোনো মাচুল/প্ৰান্তিক ৰেহাইৰ হাৰ (MDR) মাচুল আৰোপ কৰা নহ'ব।
  • কোনো পৰিস্থিতিতে, কোনো কৰদাতাক আয়কৰ বিভাগৰ বিৰুদ্ধে কোনো মাচুল ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিবলৈ অনুমতি দিয়া নহ'ব। প্ৰাসঙ্গিক মূল্যায়ন বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত এনে মাচুল কৰ ক্ৰেডিট হিচাপে দাবী কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। অৱশ্যে, যদি বেংকে অনুমতি দিয়ে, আপুনি সংশ্লিষ্ট বেংকৰ ওচৰত এনে মাচুল ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিব পাৰে, যিয়ে তাৰ পাছত মাচুল ঘূৰোৱাৰ দাবী নিয়ন্ত্ৰণ কৰা RBI-ৰ প্ৰযোজ্য নিৰ্দেশনা অনুসৰি দাবী প্ৰক্ৰিয়াৰ সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
Data responsive

 

D: সফল পৰিশোধৰ পিছত, এটা সফল বাৰ্তা প্ৰদৰ্শিত হ'ব। আপুনি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে চালানৰ ৰচিদ ডাউনলোড কৰিব পাৰে। আপুনি কৰৰ ই-পে পৃষ্ঠাৰ পৰিশোধৰ ইতিবৃত্ত মেনুত পৰিশোধ কৰাৰ বিৱৰণ চাবলৈ সক্ষম হ’ব।

Data responsive

গুৰুত্বপূৰ্ণ টোকা: বৰ্তমানলৈকে, পেমেণ্ট গেটৱে মোডৰ যোগেৰে ই-ফাইলিং প'ৰ্টেলত (কৰৰ ই-পে সেৱা) কৰ পৰিশোধ ছটা অনুমোদিত বেংক যেনে ফেডাৰেল বেংক, কানাৰা বেংক, বেংক অফ মহাৰাষ্ট্ৰ, HDFC বেংক, কোটক মহিন্দ্ৰা বেংক আৰু ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে উপলব্ধ।

3.2. চালান প্ৰপত্ৰ (CRN) সৃষ্টি কৰক (ল’গইনৰ পূৰ্বে)

পদক্ষেপ 1: ই-ফাইলিং প'ৰ্টেল হোমপেজলৈ যাওক আৰু কৰৰ ই-পে বিকল্পত ক্লিক কৰক।

Data responsive

পদক্ষেপ 2: কৰৰ ই পে পৃষ্ঠাত, PAN / TAN প্ৰবিষ্ট কৰক আৰু ইয়াক পুনৰ PAN / TAN নিশ্চিত কৰক বক্সত প্ৰবিষ্ট কৰক আৰু ম’বাইল নম্বৰ প্ৰৱিষ্ট কৰক (যিকোনো ম’বাইল নম্বৰ)। অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive


পদক্ষেপ 3: OTP-ৰ সত্যাপনকৰণ পৃষ্ঠাত পদক্ষেপ 2-ত প্ৰবিষ্ট কৰা ম'বাইল নম্বৰত প্ৰাপ্ত কৰা 6টা অংকৰ OTP প্ৰবিষ্ট কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive

 

টোকা:

  • OTP কেৱল 15 মিনিটৰ বাবে বৈধ থাকিব।
  • আপোনাৰ ওচৰত সঠিক OTP প্ৰবিষ্ট কৰাৰ বাবে 3টা প্ৰচেষ্টা আছে।
  • স্ক্ৰীনত OTP এক্সপায়াৰী কাউণ্টডাউন টাইমাৰে আপোনাক জনায় যে OTP-ৰ ম্যাদ কেতিয়া উকলিব।
  • OTP পুনৰ প্ৰেৰণ কৰক বিকল্পত ক্লিক কৰিলে, এটা নতুন OTP সৃষ্টি আৰু প্ৰেৰণ কৰা হ’ব।

পদক্ষেপ 4: OTP সত্যাপনকৰণৰ পিছত, প্ৰবিষ্ট কৰা PAN/TAN আৰু নাম (লুকুৱাই ৰখা)ৰ সৈতে এটা সফল বাৰ্তা প্ৰদৰ্শিত হ'ব। আগবাঢ়িবলৈ অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

Data responsive

পদক্ষেপ 5: কৰৰ ই-পে পৃষ্ঠাত, আপোনাৰ বাবে প্ৰযোজ্য হোৱা এটা কৰ পৰিশোধৰ শ্ৰেণীত আগবাঢ়ক বিকল্পত ক্লিক কৰক।

শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি নিম্নলিখিত পৰিশোধৰ প্ৰকাৰৰ পৰা বাছনি কৰিব পাৰিব:

PAN ধাৰকৰ বাবে

(কৰদাতাৰ শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰি)
  • আয়কৰ (অগ্ৰিম কৰ, স্ব-মূল্যায়ন কৰ ইত্যাদি)
  • নিগম কৰ (অগ্ৰিম কৰ, স্ব-মূল্যায়ন কৰ ইত্যাদি)
  • নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400)
  • ইকুৱেলাইজেচন লেভী/প্ৰতিভূতি লেনদেন কৰ (STT)/সামগ্ৰী লেনদেন কৰ (CTT)
  • মাচুল/ অন্যান্য পৰিশোধ
TAN ধাৰকৰ বাবে
  • TDS/TCS পৰিশোধ কৰক

 

পদক্ষেপ 6: চালান প্ৰপত্ৰ সৃষ্টি কৰক (CRN) (ল’গইনৰ পিছত) শাখা অনুসৰি পদক্ষেপ 5-ৰ পৰা পদক্ষেপ 8লৈ অনুসৰণ কৰক।

টোকা:

  • আপুনি ল’গইনৰ পূৰ্বৰ সেৱা ব্যৱহাৰ কৰি আপোনাৰ বিৱৰণ প্ৰৱিষ্ট কৰোঁতে চালান প্ৰপত্ৰ (CRF)ৰ ড্ৰাফ্ট ছেভ কৰিব নোৱাৰে।
  • প্ৰৱিষ্ট কৰা বিৱৰণ কেৱল পৃষ্ঠাটো সক্ৰিয় থকালৈকেহে উপলব্ধ হ'ব।
  • যদি আপুনি ড্ৰাফ্ট এটা ছেভ কৰিব বিচাৰে, আপুনি লগইন কৰাৰ পাছত চালান প্ৰপত্ৰ (CRN) প্ৰস্তুত কৰিব লাগিব। অধিক জানিবলৈ শাখা 3.1. চালান সৃষ্টি কৰক (ল’গইনৰ পিছত) চাওক।

3.3. চালান প্ৰপত্ৰ সৃষ্টি কৰক (CRN) (ল'গইনৰ পিছত, প্ৰতিনিধি কৰদাতা)

পদক্ষেপ 1: আপোনাৰ ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ডৰ সৈতে ই-ফাইলিং প'ৰ্টেলত ল'গইন কৰক।

পদক্ষেপ 2: ল'গইন কৰাৰ পিছত, আপুনি প্ৰতিনিধিত্ব কৰা কৰদাতাৰ PAN/নাম বাছনি কৰক।

পদক্ষেপ 3: বাছনি কৰা কৰদাতাৰ ডেছবোৰ্ডত, ই-ফাইল > কৰৰ ই-পে বিকল্পত ক্লিক কৰক। আপোনাক কৰৰ ই-পে পৃষ্ঠালৈ লৈ যোৱা হ'ব। কৰৰ ই-পে পৃষ্ঠাত, আপুনি ছেভ কৰা ড্ৰাফ্ট, সৃষ্টি কৰা চালান আৰু পৰিশোধৰ ইতিবৃত্তৰ বিৱৰণ চাব পাৰে।

Data responsive

পদক্ষেপ 4: শাখা 3.1 অনুসৰি পদক্ষেপ 3ৰ পৰা পদক্ষপ 8লৈ অনুসৰণ কৰক।চালান প্ৰপত্ৰ (CRN) সৃষ্টি কৰক (ল'গইনৰ পিছত)

4. সম্পৰ্কিত বিষয়সমূহ

  • বেংক কাউণ্টাৰত পৰিশোধ কৰক
  • অনুমোদিত বেংকৰ ডেবিট কাৰ্ডৰ জৰিয়তে কৰ পৰিশোধ
  • অনুমোদিত বেংকৰ নেট বেংকিঙৰ জৰিয়তে কৰ পৰিশোধ
  • পেমেণ্ট গে'টৱে'ৰ জৰিয়তে কৰ পৰিশোধ
  • NEFT বা RTGS-ৰ জৰিয়তে কৰ পৰিশোধ
  • পৰিশোধৰ স্থিতি জানক

দায়লুপ্তি:

এই ইউজাৰ মেনুৱেল কেৱল তথ্য আৰু সাধাৰণ নিৰ্দেশনাৰ উদ্দেশ্যেহে জাৰী কৰা হৈছে। কৰদাতাসকলক তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য সঠিক তথ্য, ব্যাখ্যা আৰু স্পষ্টীকৰণৰ বাবে সংশ্লিষ্ট চাৰ্কুলাৰ, অধিসূচনা, নিয়ম আৰু IT অধিনিয়মৰ বিধানৰ বিষয়ে জানিবলৈ পৰামৰ্শ দিয়া হৈছে। এই ইউজাৰ মেনুৱেলৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা পদক্ষেপ আৰু/বা গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে বিভাগটো দায়বদ্ধ নহ'ব।