Do not have an account?
Already have an account?

1. অৱলোকন

মোৰ বেংক একাউণ্ট সেৱা ই-ফাইলিং প’ৰ্টেলত (লʼগইন কৰাৰ পিছত) এটা বৈধ PAN আৰু বৈধ বেংক একাউণ্ট থকা সকলো পঞ্জীভুক্ত কৰদাতাৰ বাবে উপলব্ধ। এই সেৱাই আপোনাক নিম্নলিখিতসমূহৰ সুবিধা দিয়ে:

  • এটা বেংক একাউণ্ট যোগ কৰক আৰু ইয়াক পূৰ্ব-বৈধ কৰক
  • বন্ধ বা নিষ্ক্ৰিয় বেংক একাউণ্ট এটা আঁতৰাওক
  • আয়কৰ ৰিফাণ্ড পাবলৈ বৈধকৰণ কৰা বেংক একাউণ্ট এটা মনোনীত কৰক
  • সেই একাউণ্টত কৰ ৰিফাণ্ড প্ৰাপ্ত নকৰিবলৈ মনোনয়নৰ পৰা বেংক একাউণ্ট এটা আঁতৰাওক
  • বৈধকৰণ কৰা বেংক একাউণ্টৰ বাবে EVC সক্ষম বা অক্ষম কৰক (কেৱল ব্যক্তিগত কৰদাতাৰ বাবে)
  • পূৰ্ব-বৈধকৰণ বিফল হোৱা বেংক একাউণ্ট পুনৰ বৈধ কৰক

2. এই সেৱা লাভ কৰাৰ বাবে পূৰ্ব আৱশ্যকতাসমূহ

  • বৈধ ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ডৰ সৈতে ই-ফাইলিং প'ৰ্টেলত পঞ্জীভুক্ত ব্যৱহাৰকাৰী
  • পূৰ্ব-বৈধ কৰা বেংক একাউণ্টৰ সৈতে PAN লিংক হৈ থাকিব লাগিব
  • বেংক একাউণ্ট যোগ কৰক:
    • একাউণ্টটো PAN নম্বৰৰ সৈতে হৈ থাকিব লাগিব
    • ব্যৱহাৰকাৰীৰ নিশ্চয়েই বৈধ IFSC আৰু একাউণ্ট নম্বৰ থাকিব লাগিব
    • OTP-ৰ বাবে আধাৰত পঞ্জীভুক্ত মʼবাইল নম্বৰৰ এক্সেছ
  • বেংক একাউণ্ট আঁতৰাবলৈ
    • OTP-ৰ বাবে আধাৰত পঞ্জীভুক্ত মʼবাইল নম্বৰৰ এক্সেছ
  • EVC সক্ষম কৰক:
    • ই-ফাইলিং একত্ৰিত বেংক এটাত একাউণ্ট থকা
    • প্ৰাথমিক মʼবাইল নম্বৰ বা ইমেইল ID বেংক একাউণ্টৰ সৈতে লিংক হৈ থকা মʼবাইল নম্বৰ বা ইমেইল ID-ৰ সৈতে একে হʼব লাগিব
  • ৰিফাণ্ডৰ বাবে মনোনীত কৰক:
    • বৈধ কৰা বেংক একাউণ্ট
    • একাউণ্টৰ প্ৰকাৰ সঞ্চয়/চলিত/কেছ ক্ৰেডিট/অ’ভাৰড্ৰাফ্ট/প্ৰৱাসী সাধাৰণ হ'ব লাগিব

3. পৰ্যায়ক্ৰমিক নিৰ্দেশনা

পদক্ষেপ 1: আপোনাৰ ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ই-ফাইলিং প'ৰ্টেলত ল’গ ইন কৰক।

1


পদক্ষেপ 2: ডেছবোৰ্ডৰ পৰা মোৰ প্ৰ'ফাইল পৃষ্ঠালৈ যাওক।

2


পদক্ষেপ 3: মোৰ বেংক একাউণ্ট বিকল্পত ক্লিক কৰক।

3


মোৰ বেংক একাউণ্ট পৃষ্ঠাত, যোগ কৰা, বিফল হোৱা আৰু আঁতৰোৱা বেংক একাউণ্ট টেববোৰ প্ৰদৰ্শন কৰা হ'ব।

4


মোৰ বেংক একাউণ্ট সেৱাৰ অধীনত থকা বিভিন্ন সুবিধা কেনেদৰে ব্যৱহাৰ কৰিব লাগে শিকিবলৈ নিম্নলিখিত শাখাবোৰ চাওক:

এটা বেংক একাউণ্ট যোগ কৰক আৰু পূৰ্ব-বৈধ কৰক 3.1 শাখালৈ যাওক
বেংক একাউণ্ট এটা আঁতৰাওক 3.2 শাখালৈ যাওক
ৰিফাণ্ডৰ বাবে মনোনয়নৰ পৰা বেংক একাউণ্ট মনোনীত কৰক বা আঁতৰাওক 3.3 শাখালৈ যাওক
EVC সক্ষম আৰু অক্ষম কৰক 3.4 শাখালৈ যাওক
এটা বেংক একাউণ্ট পুনৰ-বৈধ কৰক 3.5 শাখালৈ যাওক

 

3.1 বেংক একাউণ্ট এটা যোগ কৰক আৰু পূৰ্ব-বৈধ কৰক

A. PAN / আধাৰ ব্যৱহাৰ কৰি ই-ফাইলিং প'ৰ্টেলত ল'গ ইন কৰি

পদক্ষেপ 1: মোৰ বেংক একাউণ্ট পৃষ্ঠাত, বেংক একাউণ্ট যোগ কৰক বিকল্পত ক্লিক কৰক।

3.1


পদক্ষেপ 2: বেংক একাউণ্ট যোগ কৰক পৃষ্ঠাত, বেংক একাউণ্ট নম্বৰ প্ৰবিষ্ট কৰক, একাউণ্টৰ প্ৰকাৰ আৰু ধাৰকৰ প্ৰকাৰ বাছনি কৰক আৰু IFSC প্ৰবিষ্ট কৰক। বেংকৰ নাম আৰু শাখা IFSC-ৰ ওপৰত ভিত্তি কৰি স্বয়ংপূৰ্ণ হয়। যদি আপোনাৰ বেংক ই ফাইলিং প’ৰ্টেলৰ সৈতে একত্ৰিত হয় তেন্তে আপোনাৰ ম’বাইল নম্বৰ আৰু ইমেইল ID আপোনাৰ ই-ফাইলিং প্ৰ’ফাইলৰ পৰা পূৰ্ব-পূৰণ হ’ব আৰু সম্পাদনযোগ্য নহ’ব।

3.1.2


পদক্ষেপ 3: ই-সত্যাপন কৰিবলৈ আগবাঢ়ক বিকল্পত ক্লিক কৰক।

3


ই-সত্যাপন কৰক বিকল্পটো বাছনি কৰক আৰু আগবাঢ়ক বিকল্পত ক্লিক কৰক।

3.4

OTP প্ৰবিষ্ট কৰক আৰু বৈধ কৰক।

3.5

সফল বৈধকৰণত, এটা সফল বাৰ্তা প্ৰদৰ্শিত হয়। ই-ফাইলিং পʼৰ্টেলত আপোনাৰ মʼবাইল নম্বৰ আৰু ইমেইল ID-ত আপুনি এটা বাৰ্তা লাভ কৰিব।

3.6

নেট বেংকিঙৰ জৰিয়তে লʼগইনৰ বাবে বৈধ বেংক একাউণ্ট এটা কেনেকৈ মনোনীত কৰিব:

নেট বেংকিঙৰ জৰিয়তে লʼগইনৰ বাবে মনোনীত কৰক বুটামটো সক্ষম কৰক:

3.7

অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

3.8


এতিয়া, নেট বেংকিঙৰ জৰিয়তে লʼগইনৰ বাবে বেংক একাউণ্ট মনোনীত হৈছে।

3.9

3.2 বেংক একাউণ্ট আঁতৰাওক

পদক্ষেপ 1: বিচৰা বেংক একাউণ্টৰ বাবে কাৰ্য স্তম্ভৰ অধীনত বেংক একাউণ্ট আঁতৰাওক বিকল্পত ক্লিক কৰক।

3.2


পদক্ষেপ 2: বেংক একাউণ্ট আঁতৰোৱাৰ বাবে ড্ৰপডাউনৰ পৰা এটা কাৰণ বাছনি কৰক। যদি আপুনি অন্যান্য বাছনি কৰে, তেন্তে টেক্সটবক্সত কাৰণটো প্ৰবিষ্ট কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

3.2

 

ই-সত্যাপন কৰক বিকল্প বাছনি কৰক আৰু আগবাঢ়ক বিকল্পত ক্লিক কৰক

3.2

OTP প্ৰবিষ্ট কৰক আৰু বৈধ কৰক।

3.2

বেংক একাউণ্ট সফলতাৰে আঁতৰোৱাৰ পিছত, এটা সফলতা বাৰ্তা প্ৰদৰ্শিত হয়।

3.2

আপুনি ‘বৈধকৰণ চলি আছে’ স্থিতি থকা বেংক একাউণ্ট আঁতৰাব পাৰে আৰু আঁতৰ হোৱাৰ পিছত আপুনি সঠিক বিৱৰণৰ সৈতে একেটা বেংক একাউণ্ট যোগ দিয়াৰ চেষ্টা কৰিব পাৰে।

3.3 ৰিফাণ্ডৰ বাবে মনোনয়নৰ পৰা বেংক একাউণ্ট মনোনীত কৰক বা আঁতৰাওক

A. ৰিফাণ্ডৰ বাবে বেংক একাউণ্ট এটা মনোনীত কৰক

পদক্ষেপ 1: ৰিফাণ্ডৰ বাবে বেংক একাউণ্ট এটা মনোনীত কৰিবলৈ, আপুনি ৰিফাণ্ডৰ বাবে মনোনীত কৰিব বিচৰা বেংক একাউণ্টৰ বাবে ৰিফাণ্ডৰ বাবে মনোনীত কৰক টগল / চুইচ বিকল্পত (চুইচটো বাওঁফালে থাকিব) ক্লিক কৰক।

3


পদক্ষেপ 2: আপুনি বাছনি কৰা বেংক একাউণ্টটো মনোনীত কৰিব বিচাৰে বুলি নিশ্চিত কৰিবলৈ অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

3


সফল হʼলে, চুইচটো সোঁফালে স্থানান্তৰ হ’ব।

3


B. ৰিফাণ্ডৰ বাবে মনোনয়নৰ পৰা বেংক একাউণ্ট এটা আঁতৰাওক

পদক্ষেপ 1: ৰিফাণ্ডৰ বাবে মনোনীত কৰা বেংক একাউণ্ট এটা আঁতৰাবলৈ, আপুনি মনোনয়নৰ পৰা আঁতৰাব বিচৰা বেংক একাউণ্টৰ বাবে ৰিফাণ্ডৰ বাবে মনোনীত কৰক টগল / চুইচ বিকল্পত (এইটো সোঁফালে থাকিব) ক্লিক কৰক।

3


পদক্ষেপ 2: আপুনি বাছনি কৰা বেংক একাউণ্টৰ মনোনয়ন আঁতৰাব বিচাৰে বুলি নিশ্চিত কৰিবলৈ অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

3


সফল হʼলে, চুইচটো বাওঁফালে স্থানান্তৰ হ’ব।

3

3.4 EVC সক্ষম আৰু অক্ষম কৰক

A. EVC সক্ষম কৰক

পদক্ষেপ 1: আপুনি EVC সক্ষম কৰিব বিচৰা বেংক একাউণ্টত কাৰ্য স্তম্ভৰ অধীনত EVC সক্ষম কৰক বিকল্পত ক্লিক কৰক।

4


পদক্ষেপ 2: এটা নিশ্চিতকৰণ বাৰ্তা প্ৰদৰ্শিত হয়। অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

4


ই-সত্যাপন কৰিবলৈ আগবাঢ়ক বিকল্পত ক্লিক কৰক।

4

ই-সত্যাপন কৰক বিকল্পটো বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক

4

 

OTP প্ৰবিষ্ট কৰক আৰু বৈধ কৰক।

টোকা:

• নিম্নলিখিত চৰ্তাৱলীসমূহ পূৰণ হ'লেহে EVC এটা বৈধ বেংক একাউণ্টৰ বাবে সক্ষম কৰিব পাৰি:

  • আপোনাৰ মʼবাইল নম্বৰ বা ইমেইল ID বেংকৰ দ্ৱাৰা সত্যাপিত হʼব লাগিব।
  • ই-ফাইলিঙৰ সৈতে পঞ্জীয়ন কৰা আপোনাৰ ম'বাইল নম্বৰ বেংকে সত্যাপন কৰা নম্বৰৰ দৰে একে হ'ব লাগিব। সেইটো মিলাটো নিশ্চিত কৰিবলৈ, হয় আপোনাৰ ই-ফাইলিং প্ৰ'ফাইলত বেংকৰ সৈতে লিংক কৰা আপোনাৰ একে ম'বাইল নম্বৰটো আপডেট কৰক, বা আপোনাৰ বেংকত ই-ফাইলিং প্ৰ'ফাইলত থকা আপোনাৰ একে ম'বাইল নম্বৰটো আপডেট কৰক।
  • EVC আন কোনো বেংক একাউণ্টৰ বাবে সক্ষম কৰিব নালাগিব।
  • আপোনাৰ বেংক ই-ফাইলিঙৰ সৈতে একত্ৰিত হ’ব লাগিব। ই-ফাইলিঙৰ সৈতে একত্ৰিত বেংকসমূহৰ তালিকা https://eportal.incometax.gov.in/iec/foservices/#/pre-login/e-filing-integratedbanks-ত পোৱা যাব।

• যদি আপুনি কেৱল আপোনাৰ বেংক একাউণ্ট পূৰ্ব-বৈধ কৰিব বিচাৰে আৰু EVC সক্ষম নকৰে, তেন্তে আপোনাৰ ই-ফাইলিং মʼবাইল বা ইমেইল আপোনাৰ বেংকৰ দ্বাৰা সত্যাপিত যোগাযোগৰ বিৱৰণৰ সৈতে মিলাৰ প্ৰয়োজন নাই।

যদি ওপৰোক্ত চৰ্তসমূহ পূৰণ হয়, বাছনি কৰা বেংক একাউণ্টৰ বাবে EVC সফলতাৰে সক্ষম কৰা হয়, আৰু স্থিতিটো বৈধকৃত আৰু EVC সক্ষম হৈছে হিচাপে আপডেট কৰা হয়:

4

পদক্ষেপ 3: যদি এটা বেংক একাউণ্টৰ বাবে EVC ইতিমধ্যে সক্ষম কৰা হৈছে আৰু আপুনি আন এটা বেংক একাউণ্টৰ বাবে EVC সক্ষম কৰিবলৈ চেষ্টা কৰে, তেন্তে আপোনাক সেই বিষয়ে অৱগত কৰি এটা বাৰ্তা প্ৰদৰ্শন কৰা হয়। বাৰ্তাটোত অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক, আৰু যদি পদক্ষেপ 2-ত নিৰ্ধাৰিত চৰ্তাৱলী পূৰণ হয়‌ তেন্তে বেংক একাউণ্টৰ বাবে EVC সক্ষম কৰা হ'ব। এনে ক্ষেত্ৰত আগতে সক্ষম কৰা বেংক একাউণ্টৰ বাবে EVC অক্ষম কৰা হ'ব।

4

 

টোকা: যদি আপুনি বাতিল কৰক বিকল্পত ক্লিক কৰে বা বাৰ্তাটো বন্ধ কৰে তেন্তে বিদ্যমান বেংক একাউণ্টৰ বাবে EVC সক্ষম হৈ থাকিব।

B. EVC অক্ষম কৰক

পদক্ষেপ 1: আপুনি EVC অক্ষম কৰিব বিচৰা বেংক একাউণ্টৰ কাৰ্য স্তম্ভৰ অধীনত EVC অক্ষম কৰক বিকল্পত ক্লিক কৰক।

4


পদক্ষেপ 2: এটা নিশ্চিতকৰণ বাৰ্তা প্ৰদৰ্শিত হয়। অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

4


সফল হʼলে, নিৰ্বাচিত একাউণ্টৰ বাবে EVC অক্ষম কৰা হয় আৰু ইয়াৰ স্থিতি বৈধকৃতলৈ আপডেট কৰা হয়।

4

3.5 বেংক একাউণ্ট পুনৰ বৈধ কৰক


পদক্ষেপ 1: যদি বেংক একাউণ্ট এটাৰ বৈধকৰণ আগতে বিফল হৈছে তেন্তে আপুনি ইয়াৰ বিৱৰণ বিফল বেংক একাউণ্ট টেবৰ অধীনত দেখা পাব। আপুনি পুনৰ বৈধ কৰিব লগা বেংক একাউণ্টৰ বাবে কাৰ্য স্তম্ভৰ অধীনত পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক।

যদি আপোনাৰ বেংকৰ সৈতে লিংক হৈ থকা মʼবাইল/ইমেইলত বা ই-ফাইলিং প্ৰʼফাইলত কোনো আপডেট থাকে বা যদি আপোনাৰ একাউণ্টৰ প্ৰকাৰ/একাউণ্টৰ স্থিতি আপডেট হয় তেনে ক্ষেত্ৰটো আপুনি যোগ হৈ থকা বেংক একাউণ্টটো পুনৰ বৈধ কৰিব পাৰে।

5


পদক্ষেপ 2: বেংক একাউণ্ট যোগ কৰক পৃষ্ঠাত, বেংক আৰু যোগাযোগ বিৱৰণসমূহ পূৰ্বতে পূৰণ কৰা হ'ব। বেংকৰ তথ্য সম্পাদনাযোগ্য হ’ব আৰু যোগাযোগৰ তথ্য সম্পাদনা কৰিব নোৱাৰা হ’ব। প্ৰয়োজন হ'লে সম্পাদনযোগ্য বিৱৰণসমূহ আপডেট কৰক। ই-সত্যাপন কৰিবলৈ আগবাঢ়ক বিকল্পত ক্লিক কৰক।

5


পদক্ষেপ 3: ই-সত্যাপনকৰণৰ বাবে পদ্ধতিত ক্লিক কৰক।

5

আধাৰত পঞ্জীভুক্ত মʼবাইল নম্বৰত প্ৰাপ্ত কৰা OTP প্ৰবিষ্ট কৰক।

44


সফল হʼলে, বেংক একাউণ্টটো যোগ কৰা বেংক একাউণ্ট টেবৰ অধীনত যোগ দিয়া হয় আৰু ইয়াৰ স্থিতি বৈধকৰণ প্ৰগতিত আছেলৈ আপডেট কৰা হয়।

5


তাৰ পিছত, আপোনাৰ যোগাযোগৰ বিৱৰণ বেংকৰ বিৱৰণৰ সৈতে সত্যাপিত কৰা হয়। যদি বিৱৰণবোৰ বেংকে প্ৰমাণিত কৰে, তেন্তে আপোনাৰ বেংক একাউণ্ট বৈধকৃত হয়। আপুনি যোগ কৰা বেংক একাউণ্ট টেবৰ স্থিতি স্তম্ভত বৈধকৰণৰ স্থিতি পৰীক্ষা কৰিব পাৰে।

5


যদি তথাপিতো বৈধকৰণ বিফল হয়, তেন্তে বিফলতাৰ কাৰণৰ (একত্ৰিত কৰা বেংকৰ বাবে) ওপৰত ভিত্তি কৰি নিম্নলিখিত পদক্ষেপ গ্ৰহণ কৰক:

বিফলতাৰ কাৰণ গ্ৰহণ কৰিবলগীয়া পদক্ষেপ
PAN বেংক একাউণ্টৰ সৈতে লিংক হোৱা নাই আপোনাৰ PAN বেংক একাউণ্টৰ সৈতে লিংক কৰিবলৈ শাখাৰ সৈতে যোগাযোগ কৰক, তাৰ পিছত অনুৰোধ দাখিল কৰিবলৈ পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক। অধিক তথ্যৰ বাবে আপোনাৰ শাখাৰ সৈতে যোগাযোগ কৰক।
নামৰ অমিল PAN অনুসৰি নামটো আপডেট কৰিবলৈ শাখাৰ সৈতে যোগাযোগ কৰক। তাৰ পিছত, পুনৰ বৈধ কৰক, বিৱৰণ আপডেট কৰক আৰু পুনৰ বৈধকৰণৰ বাবে অনুৰোধ দাখিল কৰক।
বেংক একাউণ্ট নম্বৰৰ অমিল পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক, সঠিক বেংক একাউণ্ট নম্বৰ প্ৰবিষ্ট কৰক আৰু পুনৰ বৈধকৰণৰ বাবে অনুৰোধ দাখিল কৰক।
একাউণ্ট নম্বৰ বিদ্যমান নহয় পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক, সঠিক বেংক একাউণ্ট নম্বৰ প্ৰবিষ্ট কৰক আৰু পুনৰ বৈধকৰণৰ বাবে অনুৰোধ দাখিল কৰক।
অবৈধ IFSC পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক, সঠিক IFSC প্ৰবিষ্ট কৰক আৰু পুনৰ বৈধকৰণৰ বাবে অনুৰোধ দাখিল কৰক।
বেংক একাউণ্ট বন্ধ / নিষ্ক্ৰিয় হৈছে পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক আৰু পৃথক বেংক একাউণ্ট নম্বৰৰ সৈতে চেষ্টা কৰক। অধিক তথ্যৰ বাবে আপোনাৰ শাখাৰ সৈতে যোগাযোগ কৰক।

যদি কোনো এটা অনা-একত্ৰিত বেংকত একাউণ্ট আছে তেন্তে নিম্নলিখিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব:

বিফলতাৰ কাৰণ গ্ৰহণ কৰিবলগীয়া পদক্ষেপ
PAN বেংক একাউণ্টৰ সৈতে লিংক হোৱা নাই বেংক একাউণ্টৰ সৈতে PAN লিংক কৰক আৰু অনুৰোধ দাখিল কৰিবলৈ পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক। অধিক তথ্যৰ বাবে আপোনাৰ শাখাৰ সৈতে যোগাযোগ কৰক।
PAN অমিল হোৱা বেংক একাউণ্টৰ সৈতে সঠিক PAN লিংক কৰক আৰু অনুৰোধ দাখিল কৰিবলৈ পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক। অধিক তথ্যৰ বাবে আপোনাৰ শাখাৰ সৈতে যোগাযোগ কৰক।
অবৈধ একাউণ্টৰ প্ৰকাৰ পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক, সঠিক বেংক একাউণ্টৰ প্ৰকাৰ বাছনি কৰক আৰু বৈধকৰণৰ বাবে অনুৰোধ দাখিল কৰক।
অবৈধ IFSC পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক, সঠিক IFSC প্ৰবিষ্ট কৰক আৰু বৈধকৰণৰ বাবে অনুৰোধ দাখিল কৰক।
একাউণ্ট বন্ধ হৈছে পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক আৰু এটা পৃ্থক বেংক একাউণ্ট নম্বৰৰ সৈতে চেষ্টা কৰক। অধিক তথ্যৰ বাবে আপোনাৰ শাখাৰ সৈতে যোগাযোগ কৰক।
নিষ্ক্ৰিয় একাউণ্ট পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক আৰু এটা পৃ্থক বেংক একাউণ্ট নম্বৰৰ সৈতে চেষ্টা কৰক। অধিক তথ্যৰ বাবে আপোনাৰ শাখাৰ সৈতে যোগাযোগ কৰক।
ন্যায়িক বিচাৰাধীন একাউণ্ট পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক আৰু এটা পৃ্থক বেংক একাউণ্ট নম্বৰৰ সৈতে চেষ্টা কৰক। অধিক তথ্যৰ বাবে আপোনাৰ শাখাৰ সৈতে যোগাযোগ কৰক।
একাউণ্ট ধাৰকৰ নাম অবৈধ হয় পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক আৰু বিৱৰণ আপডেট কৰক। PAN অনুসৰি নামটো আপডেট কৰিবলৈ শাখাৰ সৈতে যোগাযোগ কৰক।
একাউণ্ট নিশ্চল বা অৱৰুদ্ধ হৈ আছে পুনৰ বৈধ কৰক বিকল্পত ক্লিক কৰক আৰু এটা পৃ্থক বেংক একাউণ্ট নম্বৰৰ সৈতে চেষ্টা কৰক। অধিক তথ্যৰ বাবে আপোনাৰ শাখাৰ সৈতে যোগাযোগ কৰক।

 

4. সম্পৰ্কিত বিষয়সমূহ