মূ. ব. 2026-27-ৰ বাবে অংশীদাৰী ফাৰ্ম/ LLP-ৰ ক্ষেত্ৰত প্ৰযোজ্য ৰিটাৰ্ণ আৰু ফৰ্মসমূহ
দায়লুপ্তি: এই পৃষ্ঠাৰ বিষয়বস্তু কেৱল এক সামগ্ৰিক অৱলোকন / সাধাৰণ পথনিৰ্দেশনা প্ৰদানৰ বাবে আৰু এইয়া সম্পূৰ্ণ নহয়। সম্পূৰ্ণ বিৱৰণ আৰু নিৰ্দেশনাৰ বাবে অনুগ্ৰহ কৰি আয়কৰ অধিনিয়ম,1961-ৰ, নিয়মাৱলী আৰু অধিসূচনাসমূহ চাওক।
আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 2(23)(i)-য়ে উল্লেখ কৰে যে "ফাৰ্ম" শব্দৰ অৰ্থ ভাৰতীয় অংশীদাৰিত্ব অধিনিয়ম, 1932-ত থকা অৰ্থৰ সৈতে একে হ’ব। ভাৰতীয় অংশীদাৰিত্ব অধিনিয়ম, 1932-ৰ ধাৰা 4-য়ে "ফাৰ্ম"-ক তলত দিয়া ধৰণে সংজ্ঞায়িত কৰিছে:
“যিসকল ব্যক্তিয়ে পৰস্পৰৰ সৈতে অংশীদাৰিত্বত প্ৰৱেশ কৰিছে, তেওঁলোকক পৃথকে পৃথকে “অংশীদাৰ” বুলি কোৱা হয় আৰু সমষ্টিগতভাৱে “ফাৰ্ম” বুলি কোৱা হয়, আৰু তেওঁলোকৰ ব্যৱসায় যি নামেৰে পৰিচালিত হয়, সেই নামক “ফাৰ্ম নাম” বুলি কোৱা হয়।”
আয়কৰ অধিনিয়ম, 1961 অনুসৰি, “ফাৰ্ম” শব্দটোৱে সীমিত দায়বদ্ধতা অংশীদাৰী (LLP)-কো অন্তৰ্ভুক্ত কৰে, যিটো সীমিত দায়বদ্ধতা অংশীদাৰী অধিনিয়ম, 2008 অনুসৰি সংজ্ঞায়িত কৰা হৈছে। সীমিত দায়বদ্ধতা অংশীদাৰী অধিনিয়ম, 2008-ৰ ধাৰা 2(1)(n)-ত “সীমিত দায়বদ্ধতা অংশীদাৰী”-ক এনেদৰে সংজ্ঞায়িত কৰা হৈছে যে, এইয়া হৈছে এই অধিনিয়ম অনুসৰি গঠন আৰু পঞ্জীয়ন কৰা এটা অংশীদাৰী ব্যৱস্থা। এইটো এটা স্বতন্ত্ৰ আইনী সত্তা, যি ইয়াৰ অংশীদাৰসকলৰ পৰা পৃথক।
এই ৰিটাৰ্ণটো এজন ব্যক্তি বা হিন্দু অবিভক্ত পৰিয়াল (HUF)-ৰ ক্ষেত্ৰত প্ৰযোজ্য, যি এজন বাসিন্দা, যি সাধাৰণ বাসিন্দা নহয় বা অথবা এখন ফাৰ্ম (LLP-ৰ বাহিৰে), যাৰ মুঠ আয় ₹ 50 লাখ পৰ্যন্ত আৰু যাৰ ব্যৱসায় বা বৃত্তিৰ আয় (আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 44AD / 44ADA / 44AE অনুসৰি) অনুমানভিত্তিক হিচাপে গণনা কৰা হয়, লগতে নিম্নলিখিত যিকোনো উৎসৰ পৰা আয় আহৰণ কৰে:
|
দুটা বাসগৃহ সম্পত্তি |
অন্য উৎস (সুদ, পৰিয়াল পেঞ্চন, লভ্যাংশ আদি) |
কৃষি আয় ₹ 5,000 পৰ্যন্ত |
|
|
টোকা: এই ITR-4 এজন ব্যক্তিৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে যি: (h) যাৰ মুঠ আয় ₹ 50 লাখৰ অধিক হয়। (i) যাৰ অধিসূচিত দেশত ৰক্ষণাবেক্ষণ কৰা অৱসৰ সুবিধা হিচাপৰ পৰা আয় থাকে ধাৰা 89A অনুসৰি। (j) যাৰ ধাৰা 89A অনুসৰি অধিসূচিত দেশৰ বাহিৰৰ কোনো দেশত ৰক্ষণাবেক্ষণ কৰা অৱসৰ সুবিধা হিচাপৰ পৰা আয় থাকে। (k) যাৰ বিশেষ হাৰত কৰযোগ্য কোনো আয় থাকে।
অনুগ্ৰহ কৰি মন কৰিব যে ITR-4 (সুগম) বাধ্যতামূলক নহয়। এইখন এখন সৰলীকৃত ৰিটাৰ্ণ ফৰ্ম, যিখন এজন মূল্যায়নাধীন ব্যক্তিয়ে তেওঁৰ ইচ্ছানুসাৰে ব্যৱহাৰ কৰিব পাৰে, যদি তেওঁ আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 44AD, 44ADA বা 44AE অনুসৰি ব্যৱসায় বা বৃত্তিৰ লাভ আৰু মুনাফা অনুমানভিত্তিক হিচাপে ঘোষণা কৰাৰ বাবে যোগ্য হয়। |
|
এই ৰিটাৰ্ণ তলত দিয়া ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰযোজ্য:
|
টোকা: অৱশ্যে, যিজন ব্যক্তিয়ে আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 139(4A) বা 139(4B) বা 139(4D) অনুসৰি আয়ৰ ৰিটাৰ্ণ দাখিল কৰিবলৈ বাধ্য, তেওঁ এই ফৰ্ম ব্যৱহাৰ কৰিব নালাগে।
আয়কৰ অধিনিয়ম, 1961 অনুসৰি প্ৰযোজ্য ফৰ্মসমূহ
|
টোকা: (অগ্ৰিম কৰ/SAT, ৰিফাণ্ডৰ বিৱৰণ, SFT লেনদেন, আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 194 IA,194 IB,194M-ৰ অধীনত TDS: TDS ডিফল্ট) সম্পৰ্কীয় যিবোৰ তথ্য 26AS-ত উপলব্ধ আছিল, সেইবোৰ এতিয়া AIS-ত উপলব্ধ
|
|
|
|
দাখিলকাৰী |
ফৰ্মত দিয়া বিৱৰণ |
|
আন্তঃৰাষ্ট্ৰীয় লেনদেন বা নিৰ্দিষ্ট ঘৰুৱা লেনদেনত প্ৰৱেশ কৰা কৰদাতাই ধাৰা 92E-ৰ অধীনত এজন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পৰা এখন প্ৰতিবেদন লাভ কৰাটো প্ৰয়োজনীয়। আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 139-ৰ উপ-ধাৰা (1)-ৰ অধীনত আয়ৰ ৰিটাৰ্ণ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ এমাহ পূৰ্বে ইয়াক দাখিল কৰিব লাগিব। |
সকলো আন্তঃৰাষ্ট্ৰীয় লেনদেন(সমূহ) আৰু নিৰ্দিষ্ট ঘৰুৱা লেনদেন(সমূহ)-ৰ বিৱৰণ থকা চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পৰা প্ৰতিবেদন |
|
দাখিলকাৰী |
ফৰ্মত প্ৰদান কৰা বিৱৰণসমূহ |
|
ভাৰতত ব্যৱসায় কৰা প্ৰৱাসী কৰদাতা বা বিদেশী কোম্পানী যিয়ে নিৰ্দিষ্ট ব্যক্তিৰ পৰা নিৰ্ধাৰিত আয় লাভ কৰাৰ বাবে ৪৪DA-ৰ অধীনত এজন একাউণ্টেণ্টৰ পৰা এখন প্ৰতিবেদন লাভ কৰাটো প্ৰয়োজনীয়। আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 139-ৰ উপ-ধাৰা (1)-ৰ অধীনত আয়ৰ ৰিটাৰ্ণ দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ এমাহ পূৰ্বে ইয়াক দাখিল কৰিব লাগিব৷ |
চৰকাৰ বা ভাৰতীয় কোনো সংস্থাৰ পৰা কাৰিকৰী সেৱাৰ বাবে ৰয়েল্টি বা মাচুলৰ জৰিয়তে আয় লাভৰ সৈতে জড়িত এজন হিচাপৰক্ষকৰ প্ৰতিবেদন |
|
|
|
দাখিলকাৰী |
ফৰ্মত প্ৰদান কৰা বিৱৰণসমূহ |
|
আয়কৰ অধিনিয়ম,1961-ৰ 80(7) / 80- IA / 80-IB / 80-IC / 80-IE ধাৰাৰ অধীনত কৰ্তনৰ দাবী কৰিবলৈ হিচাপৰক্ষকৰ পৰা প্ৰতিবেদন প্ৰাপ্ত কৰিব লগা কৰদাতা |
1. ফৰ্ম 10CCB-ত দিয়া নিৰীক্ষণ প্ৰতিবেদন আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 80-I (7) / 80-IA / 80-IB / 80-IC / 80-IE অনুসৰি কৰ কৰ্তন দাবী কৰিবলৈ বাধ্যতামূলক আৱশ্যকতা। 2.আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 139(1) অনুসৰি ITR দাখিলৰ শেষ তাৰিখৰ এক মাহ আগতে এইটো দাখিল কৰিব লাগিব। |
মূ. ব. 2026-27-ৰ বাবে অংশীদাৰী ফাৰ্ম/ LLP-ৰ বাবে কৰ শ্লেব
মূ. ব. 2026-27-ৰ বাবে, অংশীদাৰী ফার্ম (LLP সহ)-ৰ ওপৰত 30% হাৰত কৰ আৰোপ কৰা হয়।
অতিৰিক্ত শুল্ক, প্ৰান্তিক ৰেহাই আৰু স্বাস্থ্য আৰু শিক্ষা উপকৰ
|
|
|
||||||||||
কৰ ৰেহাই উপলব্ধ হোৱা বিনিয়োগ / পৰিশোধ / আয়সমূহ
আয়কৰ অধিনিয়ম,1961-ৰ অধ্যায় VIA-ৰ অধীনত নিৰ্ধাৰিত কৰ কৰ্তন
|
নিৰ্ধাৰিত পুঁজি, দাতব্য প্ৰতিষ্ঠান আদি সংস্থালৈ কৰা দানৰ বিপৰীতে কৰ্তন। দান নিম্নলিখিত শ্ৰেণীসমূহৰ অধীনত কৰ্তনৰ বাবে যোগ্য
|
|
বৈজ্ঞানিক গৱেষণা বা গ্ৰামীণ উন্নয়নৰ বাবে কৰা দানৰ বিপৰীতে ৰেহাই। তলত দিয়া শ্ৰেণীসমূহৰ অধীনত দানৰ ওপৰত কৰ্তন লাভযোগ্য।
|
টোকা: ₹ 2000/-তকৈ অধিক নগদ দানৰ ক্ষেত্ৰত, বা যদি সৰ্বমুঠ আয়ত ব্যৱসায় / বৃত্তিৰ লাভ / উপাৰ্জনৰ পৰা হোৱা আয় অন্তৰ্ভুক্ত থাকে, তেন্তে এই ধাৰাৰ অধীনত কোনো কৰ্তনৰ অনুমতি দিয়া নহয়।
|
ৰাজনৈতিক দল বা নিৰ্বাচনী ন্যাসত বৰঙণি হিচাপে আগবঢ়োৱা ধন কৰ্তন হিচাপে অনুমোদিত (কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে) |
|
|
ঔদ্যোগিক পাৰ্কত নিয়োজিত প্ৰতিষ্ঠান (যিকোনো প্ৰতিষ্ঠান) আৰু যিকোনো শক্তি প্ৰতিষ্ঠান কৰ্তন দাবী কৰিবলৈ অধিকাৰপ্ৰাপ্ত হ'ব (কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে) |
|
|
বিশেষ অৰ্থনৈতিক মণ্ডলৰ উন্নয়নত নিয়োজিত কোনো প্ৰতিষ্ঠান বা উদ্যোগৰ দ্বাৰা হোৱা লাভ আৰু মুনাফাৰ ক্ষেত্ৰত কৰ্তন (কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে) |
|
|
নিৰ্দিষ্ট ব্যৱসায়ৰ পৰা যোগ্য ষ্টাৰ্ট-আপে অৰ্জন কৰা লাভ আৰু মুনাফা |
যোগ্য ষ্টাৰ্ট-আপটো পঞ্জীয়নভুক্ত হোৱা বছৰৰ পৰা আৰম্ভ কৰি 10টা মূ. ব.-ৰ ভিতৰত একেৰাহে 3টা মূ. ব.-ৰ বাবে লাভৰ 100% |
আন্তঃগাঁথনি উন্নয়ন প্ৰতিষ্ঠানসমূহৰ বাহিৰে নিৰ্দিষ্ট ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা হোৱা লাভ আৰু মুনাফাৰ বাবে কৰ্তন- নিৰ্ধাৰিত কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত হোৱা মূ.ব.-ৰ পৰা 10 বছৰ হোৱা লাভৰ 100% (যদিহে 31 মাৰ্চ 2000-ৰ পিছত কিন্তু 1 এপ্ৰিল 2007-ৰ আগতে অনুমোদিত হয়)।
এই ধাৰাৰ অধীনত কৰ্তন এজন কৰদাতাৰ বাবে উপলব্ধ যাৰ সৰ্বমুঠ আয়ত এইবোৰ ব্যৱসায়ৰ পৰা আহৰণ কৰা যিকোনো লাভ আৰু মুনাফা অন্তৰ্ভুক্ত থাকে:
|
ঔদ্যোগিক প্ৰতিষ্ঠান, যাৰ ভিতৰত জম্মু আৰু কাশ্মীৰৰ এটা SSI অন্তৰ্ভুক্ত। |
|
খনিজ তেলৰ বাণিজ্যিক উৎপাদন আৰু শোধন। |
|
ফল-মূল বা শাক-পাচলি, মাংস আৰু মাংসজাত সামগ্ৰী বা হাঁহ-কুকুৰা বা সাগৰীয় বা দুগ্ধজাত সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ আৰু পেকেজিং |
|
খাদ্য শস্যৰ পৰিচালনা, মজুতকৰণ আৰু পৰিবহণৰ একত্ৰিত ব্যৱসায় |
|
(কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে) |
বিভিন্ন প্ৰকাৰৰ প্ৰতিষ্ঠানৰ বাবে নিৰ্ধাৰিত চৰ্ত অনুসৰি 5 / 10/7 বছৰৰ বাবে লাভৰ 100% / 25%
|
আৱাসিক প্ৰকল্পৰ বিকাশ আৰু নিৰ্মাণৰ পৰা আহৰণ কৰা লাভ আৰু মুনাফা |
নিৰ্ধাৰিত বিভিন্ন চৰ্ত সাপেক্ষে লাভৰ 100% |
|
হিমাচল প্ৰদেশ, ছিকিম, উত্তৰাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কিছুমান প্ৰতিষ্ঠানৰ সন্দৰ্ভত কৰ্তন (কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে) |
নিৰ্ধাৰিত বস্তু অথবা সামগ্রী নিৰ্মাণ বা উৎপাদন কৰাৰ বাবে প্ৰথম 5টা মূ. ব.-ৰ বাবে লাভৰ 100% আৰু পৰৱৰ্তী 5টা মূ. ব.-ৰ বাবে 25% (কোম্পানীৰ বাবে 30%) |
|
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত স্থাপন কৰা কিছুমান প্ৰতিষ্ঠানলৈ কৰ্তন (কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে) |
বিভিন্ন নিৰ্ধাৰিত চৰ্ত সাপেক্ষে 10 মূ. ব.-ৰ বাবে লাভৰ 100% |
|
জৈৱ পচনযোগ্য আৱৰ্জনা সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণৰ ব্যৱসায়ৰ পৰা লাভ আৰু মুনাফাৰ সন্দৰ্ভত কৰ্তন (কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে) |
একেৰাহে 5টা মূ. ব.-ৰ বাবে জৈৱ-পচনশীল আৱৰ্জনা সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ আৰু শোধনৰ কাৰ্যকলাপৰ পৰা হোৱা লাভৰ 100% |
|
নতুন শ্ৰমিক / কৰ্মচাৰীৰ নিয়োগৰ ক্ষেত্ৰত কৰা কৰ্তন, যিটো আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 44AB-ৰ অধীনত প্ৰযোজ্য হোৱা কৰদাতাৰ বাবে প্ৰযোজ্য (কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে) |
কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে, 3টা মূ. ব.-ৰ বাবে অতিৰিক্ত কৰ্মচাৰীৰ ব্যয়ৰ 30% |
|
অফশ্ব'ৰ বেংকিং ইউনিট আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰৰ আয়ৰ বাবে কৰা কৰ্তন (কিছুমান নিৰ্দিষ্ট চৰ্তৰ সাপেক্ষে) |
নিৰ্ধাৰিত চৰ্ত অনুসৰি 5 / 10 মূ. ব.-ৰ বাবে নিৰ্ধাৰিত আয়ৰ 100% / 50% |