ফৰ্ম 3CB-3CD দাখিল কৰাৰ সময়ত “UDIN” পৃষ্ঠা প্ৰদৰ্শিত হয়। যদিও আমি কৰ নিৰীক্ষণ প্ৰতিবেদন আপলোড কৰাৰ আগতেই যথাযথভাৱে UDIN লাভ কৰিছোঁ, তথাপিও মই UDIN-ৰ বিৱৰণ যোগ কৰিব পৰা নাই। এনে ক্ষেত্ৰত মই “মোৰ UDIN নাই / পিছত আপডেট কৰিম” বিকল্পটো বাছনি কৰিম নেকি?
ফৰ্ম 15CB-ৰ ক্ষেত্ৰতহে বৰ্তমান UDIN-ৰ বাল্ক আপলোড সুবিধা সক্ৰিয় কৰা হৈছে। এই সুবিধা শীঘ্ৰেই অন্যান্য ফৰ্মৰ বাবেও উপলব্ধ কৰা হ’ব। তেতিয়ালৈকে আপুনি “মোৰ UDIN নাই / পিছত আপডেট কৰিম” বিকল্পটো বাছনি কৰি ফৰ্ম দাখিল কৰিব পাৰে। সকলো ফৰ্মৰ বাবে UDIN সুবিধা উপলব্ধ হোৱাৰ পিছত আপুনি প’ৰ্টেলত UDIN-ৰ বিৱৰণ আপডেট কৰিব পাৰিব।
2: মই ফৰ্ম 10B দাখিল আৰু জমা দিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু জমা দিয়াৰ সময়ত পৃষ্ঠাত “ARN-ৰ অবৈধ ফৰ্মেট” বুলি ত্ৰুটি বাৰ্তা প্ৰদৰ্শিত হৈছে। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
ফৰ্ম 10B দাখিল কৰাৰ আগতে “মোৰ প্ৰ’ফাইল” অংশৰ পৰা আপোনাৰ প্ৰ’ফাইল আপডেট কৰক আৰু নিশ্চিত কৰক যে সকলো বাধ্যতামূলক ফিল্ডসমূহ পূৰণ কৰা হৈছে। প্ৰ’ফাইলৰ বিৱৰণ আপডেট কৰাৰ পিছত পুনৰ লগ-ইন কৰি পুনৰ চেষ্টা কৰক।
3: মই ফৰ্ম 67 কিয় দাখিল কৰিব লাগিব?
যদি আপুনি ভাৰতৰ বাহিৰৰ কোনো দেশ বা নিৰ্দিষ্ট ভূখণ্ডত পৰিশোধ কৰা বিদেশী কৰৰ ক্ৰেডিট দাবী কৰিব বিচাৰে, তেন্তে আপুনি ফৰ্ম 67 দাখিল কৰিব লাগিব। লগতে, যদি চলিত বছৰৰ লোকচান পিছুৱাই নিয়াৰ ফলত যদি বিদেশী কৰৰ ধন ঘূৰাই পোৱা যায় আৰু সেই কৰৰ ক্ৰেডিট পূৰ্বৱৰ্তী কোনো বছৰত দাবী কৰা হৈছিল, তেন্তে আপুনি ফৰ্ম 67 দাখিল কৰিব লাগিব।
4: ফৰ্ম 67 কোন কোন পদ্ধতিৰে দাখিল কৰিব পাৰি?
ফৰ্ম 67 কেৱল ই-ফাইলিং প’ৰ্টেলত অনলাইনযোগে দাখিল কৰিব পাৰি। ই-ফাইলিং প’ৰ্টেলত লগ-ইন কৰাৰ পিছত, ফৰ্ম 67 বাছনি কৰক, ফৰ্মখন প্ৰস্তুত কৰক আৰু দাখিল কৰক।
5: ফৰ্ম 67 কেনেকৈ ই-সত্যাপন কৰিব পাৰি?
আপুনি EVC অথবা DSC ব্যৱহাৰ কৰি ফৰ্মখন ই-সত্যাপন কৰিব পাৰে। অধিক জানিবলৈ “ই-সত্যাপন কেনেকৈ কৰিব” ইউজাৰ মেনুৱেল চাব পাৰে।
6: মোৰ হৈ ফৰ্ম 67 দাখিল কৰিবলৈ মই কোনো অনুমোদিত প্ৰতিনিধি যোগ কৰিব পাৰিম নেকি?
হয়, আপুনি আপোনাৰ হৈ ফৰ্ম 67 দাখিল কৰিবলৈ এজন অনুমোদিত প্ৰতিনিধি যোগ কৰিব পাৰে।
7: ফৰ্ম 67 দাখিল কৰাৰ সময়সীমা কি?
ফৰ্ম 67 ধাৰা 139(1) অনুসৰি আয়কৰ ৰিটাৰ্ণ দাখিলৰ নিৰ্ধাৰিত সময়সীমাৰ আগতেই দাখিল কৰিব লাগিব।
8: বিধিবদ্ধ ফৰ্মসমূহ দাখিল কৰাৰ সময়ত মই সংলগ্ন নথি আপলোড কৰিবলৈ চেষ্টা কৰোঁতে পৃষ্ঠাত কিছুমান ত্ৰুটি প্ৰদৰ্শিত হয়। ই-ফাইলিং প’ৰ্টেলত সংলগ্ন নথি আপলোড কৰাৰ সময়ত মই কি কি বিষয় মনত ৰাখিব লাগে?
ফাইলৰ নামকৰণ পদ্ধতিৰ বাবে এই ত্ৰুটিটো দেখা দিব পাৰে। অনুগ্ৰহ কৰি ফাইলৰ নামত কোনো বিশেষ চিহ্ন ব্যৱহাৰ নকৰিব আৰু ফাইলৰ নাম সৰু ৰাখিব। লগতে, সংলগ্ন নথিৰ আকাৰ 5 MB-তকৈ কম হ’ব লাগিব আৰু সংলগ্ন নথিৰ ফৰ্মেট কেৱল PDF অথবা ZIP ফৰ্মেটত হ’ব লাগিব।
9: মই ফৰ্ম 29B আপলোড কৰিব পৰা নাই। মই কেনেকৈ ফৰ্ম 29B দাখিল আৰু জমা দিব পাৰোঁ?
ফৰ্ম 29B ই-ফাইলিং প’ৰ্টেলত উপলব্ধ। ফৰ্ম 29B দাখিলৰ বাবে কৰদাতাই এই ফৰ্মখন নিজৰ CA-ক আৱণ্টন কৰিব লাগিব।
কৰদাতাই ফৰ্মখন আৱণ্টন কৰাৰ পিছত, CA তেওঁৰ কাৰ্যতালিকাত এই ফৰ্মখন প্ৰৱেশ কৰি চাব পাৰিব।
10: ফৰ্ম দাখিল কৰাৰ সময়ত পৃষ্ঠাত “অবৈধ মেটাডাটা” বুলি ত্ৰুটি বাৰ্তা প্ৰদৰ্শিত হয়। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
যদি এই ত্ৰুটিটো অব্যাহত থাকে, তেন্তে নিৰ্বাচিত কৰদাতা, দাখিলৰ ধৰণ (মূল / সংশোধিত) অথবা AY-ৰ তথ্য আৰু আপোনাৰ লগ-ইন তথ্যৰ মাজত অমিল থকাৰ সম্ভাৱনা আছে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে উল্লেখিত এই সকলো তথ্যৰ ক্ষেত্ৰত কোনো অমিল নাথাকে।
11: মূল্যায়ন বৰ্ষ 2021-22-ৰ বাবে মই ফৰ্ম 29B দাখিল কৰিব পৰা নাই। পৃষ্ঠাত “দাখিল ব্যৰ্থ: অবৈধ ইনপুট” বুলি ত্ৰুটি বাৰ্তা প্ৰদৰ্শিত হৈছে। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
এই সমস্যাটো তেতিয়া দেখা দিয়ে যেতিয়া “হিচাপৰক্ষকৰ প্ৰতিবেদন” ফিল্ডৰ অংশ 3 খালী ৰখা হয়। যদি এই ফিল্ডটো প্ৰযোজ্য নহয়, তেন্তে “হিচাপৰক্ষকৰ প্ৰতিবেদন”ৰ অনুচ্ছেদ 3-ৰ তলত দিয়া লিখনী বাকচত “NA” লিখক আৰু পুনৰ ফৰ্মখন দাখিল কৰাৰ চেষ্টা কৰক।
12: মূল্যায়ন বৰ্ষ 2021-22-ৰ বাবে মই ফৰ্ম 29B দাখিল কৰিব পৰা নাই। পৃষ্ঠাত “ARN-ৰ অবৈধ বিন্যাস” বুলি ত্ৰুটি বাৰ্তা প্ৰদৰ্শিত হৈছে। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
এই সমস্যাটো সাধাৰণতে তেতিয়া দেখা যায় যেতিয়া ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল সঠিকভাৱে আপডেট কৰা নাথাকে। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে ফৰ্মত পূৰণ কৰা তথ্য আৰু আপোনাৰ প্ৰ’ফাইলত থকা তথ্যৰ মাজত কোনো অসামঞ্জস্য নাই। প্ৰ’ফাইল আপডেট কৰাৰ পিছত ই-ফাইলিং প’ৰ্টেলত পুনৰ লগ-ইন কৰি আকৌ চেষ্টা কৰক।
13: ফৰ্ম 29B দাখিল কৰাৰ সময়ত অংশ C (বৃদ্ধি বা হ্ৰাস কৰিবলগীয়া পৰিমাণৰ বিৱৰণ)-ত, মই বুক প্ৰফিট বৃদ্ধি বা হ্ৰাস কৰিবলগীয়া পৰিমাণ সুমুৱাবলৈ চেষ্টা কৰিছোঁ। কিন্তু ফৰ্মখনে ঋণাত্মক মান গ্ৰহণ কৰা নাই। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
সম্ভৱতঃ আপুনি ফৰ্ম 29B-ৰ পুৰণি খচৰা সংস্কৰণত কাম কৰি আছে। অনুগ্ৰহ কৰি সেই খচৰাটো বিলোপ কৰক আৰু নতুনকৈ এখন ফৰ্ম দাখিল কৰক।
14: ধাৰা 10AA অনুসৰি ফৰ্ম 56F দাখিল কৰাৰ সময়ত পৃষ্ঠাত ত্ৰুটি প্ৰদৰ্শিত হৈছে। 29 ডিচেম্বৰৰ অধিসূচনা অনুসৰি, ফৰ্ম 56F বাতিল কৰি 56FF-এ (কেৱল পুনৰ বিনিয়োগৰ বিৱৰণৰ বাবে) ইয়াৰ স্থান লৈছে। কিন্তু ধাৰা 10AA আৰু 10A-ৰ বিধানত কোনো পৰিৱৰ্তন হোৱা নাই। এনে ক্ষেত্ৰত মই ফৰ্ম 56F দাখিল কৰিব লাগিব নেকি?
দুয়োখন ফৰ্মেই ব্যৱহাৰকাৰীৰ বাবে ই-ফাইলিং প’ৰ্টেলত উপলব্ধ। আয়কৰ বিভাগে জাৰি কৰা অধিসূচনা / নিৰ্দেশনা আৰু আইন / নিয়মৰ প্ৰযোজ্য বিধান অনুসৰি আপুনি উপযুক্ত ফৰ্মখন দাখিল কৰিব পাৰে।
15: মই ফৰ্ম 10E কেতিয়া দাখিল কৰিব লাগিব?
ফৰ্ম 10E আপোনাৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ আগতে দাখিল কৰিব লাগিব।
16: ফৰ্ম 10E দাখিল কৰাটো বাধ্যতামূলক নেকি?
হয়, যদি আপুনি আপোনাৰ বকেয়া / অগ্ৰিম আয়ৰ ওপৰত কৰ ৰেহাই দাবী কৰিব বিচাৰে তেন্তে ফৰ্ম 10E দাখিল কৰাটো বাধ্যতামূলক।
17: যদি মই ফৰ্ম 10E দাখিল নকৰোঁ, কিন্তু মোৰ আয়কৰ ৰিটাৰ্ণত ধাৰা 89 অনুসৰি কৰ ৰেহাই দাবী কৰোঁ, তেন্তে কি হ’ব?
উত্তৰ; যদি আপুনি 10E ফৰ্ম দাখিল কৰাত বিফল হয় কিন্তু আপোনাৰ ITR-ত 89 ধাৰাৰ অধীনত ৰেহাই দাবী কৰে, আপোনাৰ ITR প্ৰক্ৰিয়াকৰণ কৰা হ'ব, অৱশ্যে ধাৰা 89-ৰ অধীনত দাবী কৰা ৰেহাইৰ অনুমতি দিয়া নহয়।
18: মই মোৰ আয়কৰ ৰিটাৰ্ণত দাবী কৰা কৰ ৰেহাই ITD অনুমোদন নকৰা বুলি মই কেনেকৈ জানিব পাৰিম?
যদি আপুনি ধাৰা 89 অনুসৰি দাবী কৰা কৰ ৰেহাই অনুমোদন নকৰা হয়, তেন্তে আপোনাৰ আয়কৰ ৰিটাৰ্ণৰ প্ৰক্ৰিয়াকৰণ সম্পূৰ্ণ হোৱাৰ পিছত আয়কৰ বিভাগে ধাৰা 143(1) অনুসৰি জাৰি কৰা এক জাননীৰ জৰিয়তে সেই বিষয়ে অৱগত কৰিব।
19: বিত্তীয় বৰ্ষ 2019-20-ৰ বাবে ফৰ্ম 10E দাখিল কৰাৰ সময়ত মই আয়ৰ বিৱৰণ যোগ কৰিব পৰা নাই। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
বিত্তীয় বৰ্ষ 2019-20-ৰ বাবে ফৰ্ম 10E দাখিল কৰাৰ সময়ত নিশ্চিত কৰক যে আপুনি মূল্যায়ন বৰ্ষ 2021-22 নিৰ্বাচন কৰিছে। মূল্যায়ন বৰ্ষ 2021-22-ৰ বাবে ফৰ্ম 10E দাখিল কৰিবলৈ ই-ফাইল >আয়কৰ ফৰ্মসমূহ>আয়কৰ ফৰ্মসমূহ দাখিল কৰক>আয়কৰ আইন, 1961 অনুসৰি ফৰ্মসমূহ>ফৰ্ম 10E> এতিয়াই দাখিল কৰক। মূল্যায়ন বৰ্ষ হিচাপে 2021-22 বাছনি কৰি অব্যাহত ৰাখকত ক্লিক কৰক।
20: মই মূল্যায়ন বৰ্ষ 2021-22-ৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিল কৰি আছোঁ। ফৰ্ম 10E দাখিল কৰাৰ সময়ত মই কোনটো মূল্যায়ন বৰ্ষ নিৰ্বাচন কৰিব লাগিব?
যদি আপুনি মূল্যায়ন বৰ্ষ 2021-22-ৰ বাবে আয়কৰ ৰিটাৰ্ণ দাখিল কৰি আছে, আপুনি 10E ফৰ্ম ফাইল কৰাৰ সময়ত মূল্যায়ন বৰ্ষ 2021-22 বাছনি কৰিব লাগিব।
21: ফৰ্ম 10E দাখিল কৰাৰ সময়ত মই মূল্যায়ন বৰ্ষত প্ৰযোজ্য কৰসমূহ চাব পৰা নাই। এনে ক্ষেত্ৰত মই কেনেকৈ আগবাঢ়িব লাগে?
নিশ্চিত কৰক যে আপুনি সকলো আয়ৰ বিৱৰণ পূৰণ কৰিছে (টেবুল A-ত পূৰ্বৱৰ্তী বছৰৰ আয়ৰ বিৱৰণসহ)। শ্লেবৰ হাৰ অনুসৰি কৰৰ পৰিমাণ স্বয়ংক্ৰিয়ভাৱে প্ৰদৰ্শিত হ’ব। প’ৰ্টেলত উপলব্ধ তথ্য অনুসৰি গণনা কৰা আয় আপোনাৰ নিজা গণনাৰ সৈতে মিল খায় নে নাই সেয়া পৰীক্ষা কৰক আৰু সংশ্লিষ্ট টেবুলত কৰৰ পৰিমাণ প্ৰৱিষ্ট কৰক।
22: ফৰ্ম 10BA দাখিল কৰাৰ সময়ত পৃষ্ঠাটোত “ত্ৰুটি: অনুগ্ৰহ কৰি বৈধ মান প্ৰৱিষ্ট কৰক” বুলি ত্ৰুটি বাৰ্তা প্ৰদৰ্শিত হয়। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
যদি ফৰ্ম দাখিল কৰাৰ সময়ত এনে সমস্যাৰ সন্মুখীন হয়, তেন্তে নিশ্চিত কৰক যে প্ৰ’ফাইল আপডেট কৰাৰ বাবে উল্লেখ কৰা সকলো পদক্ষেপ সম্পূৰ্ণ কৰা হৈছে। লগতে, “খচৰা মচি পেলাওক”ত ক্লিক কৰি ফৰ্মখনৰ পুৰণি খচৰাটো মচি পেলাওক। তাৰ পিছত ই-ফাইলিং প’ৰ্টেলত পুনৰ লগ-ইন কৰি আকৌ চেষ্টা কৰক।
23: ফৰ্ম 35 দাখিল কৰাৰ সময়ত আপীল মাচুলৰ চালানৰ বিৱৰণ প্ৰৱিষ্ট কৰোঁতে পৃষ্ঠাত “আপীল মাচুলৰ পৰিমাণ ক্ষেত্ৰবিশেষে 250, 500 অথবা 1000 টকা হ’ব লাগিব” বুলি ত্ৰুটি বাৰ্তা প্ৰদৰ্শিত হয়। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
4ৰ্থ পেনেল, অৰ্থাৎ “আপীলৰ বিৱৰণ” খোলক।
- অনুগ্ৰহ কৰি নিশ্চিত কৰক যে “মূল্যায়িত আয়ৰ পৰিমাণ” আদি বাধ্যতামূলক ফিল্ডসমূহ সঠিকভাৱে পূৰণ কৰা হৈছে।
- TDS-সম্পৰ্কীয় আপীলৰ ক্ষেত্ৰত ইয়াক “প্ৰযোজ্য নহয়” হিচাপে বাছনি কৰিব পাৰি।
এই ফিল্ডসমূহ আপডেট কৰাৰ পিছত 7ম পেনেল, অৰ্থাৎ “আপীল দাখিলৰ বিৱৰণ”লৈ যাওক আৰু চালানৰ বিৱৰণসমূহ মচি পুনৰ প্ৰৱিষ্ট কৰিবলৈ চেষ্টা কৰক।
24: ফৰ্ম 10IC দাখিল কৰাৰ সময়ত মই “ধাৰা 115BA(4) অনুসৰি ফৰ্ম 10-IB-ত বিকল্প প্ৰয়োগ কৰা হৈছিল নেকি?” এই প্ৰশ্নৰ উত্তৰত “হয়” বাছনি কৰিছিলোঁ। তথাপিও পূৰ্বতে পূৰণ কৰা “পূৰ্বৱৰ্তী বছৰ” আৰু “ফৰ্ম 10-IB দাখিল কৰাৰ তাৰিখ” ফিল্ড দুটা দেখা নগ’ল। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
আপুনি “আয়কৰ ফৰ্মসমূহ দাখিল কৰক” অংশত ইতিমধ্যে সংৰক্ষিত থকা ফৰ্ম 10-IC-ৰ ‘খচৰা’ মচি পেলাব লাগে আৰু তাৰ পিছত নতুনকৈ ফৰ্মখন দাখিল কৰা আৰম্ভ কৰিব লাগে।
25: ফৰ্ম 10IC দাখিল কৰাৰ সময়ত মই “ধাৰা 115BA(4) অনুসৰি ফৰ্ম 10-IB-ত বিকল্প প্ৰয়োগ কৰা হৈছিল নেকি?” এই প্ৰশ্নৰ উত্তৰত “হয়” বাছনি কৰিছিলোঁ। কিন্তু “মই ইয়াৰ দ্বাৰা ... তাৰিখে ধাৰা 115BA(4) অনুসৰি গ্ৰহণ কৰা বিকল্প প্ৰত্যাহাৰ কৰিছোঁ” এই চেকবক্সটো সংৰক্ষণ হোৱা নাই। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
আপুনি “আয়কৰ ফৰ্মসমূহ দাখিল কৰক” অংশত ইতিমধ্যে সংৰক্ষিত থকা ফৰ্ম 10-IC-ৰ ‘খচৰা’ মচি পেলাব লাগে আৰু তাৰ পিছত নতুনকৈ ফৰ্মখন দাখিল কৰা আৰম্ভ কৰিব লাগে।
26: ফৰ্ম 10-IB দাখিল কৰাৰ সময়ত কোম্পানীৰ মৌলিক বিৱৰণসমূহ “মোৰ প্ৰ’ফাইল”ৰ পৰা সঠিকভাৱে স্বয়ংক্ৰিয়ভাৱে পূৰণ হোৱা নাছিল। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
আপুনি “আয়কৰ ফৰ্মসমূহ দাখিল কৰক” অংশত ইতিমধ্যে সংৰক্ষিত থকা ফৰ্ম 10-IB-ৰ ‘খচৰা’ মচি পেলাব লাগে আৰু তাৰ পিছত নতুনকৈ ফৰ্মখন দাখিল কৰা আৰম্ভ কৰিব লাগে।
27: ফৰ্ম 10-ID দাখিল কৰাৰ সময়ত “মোৰ প্ৰ’ফাইল”ৰ পৰা “মূল্যায়ন বিষয়া”-ৰ বিৱৰণ স্বয়ংক্ৰিয়ভাৱে পূৰণ হোৱা নাছিল। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
আপুনি “আয়কৰ ফৰ্মসমূহ দাখিল কৰক” অংশত ইতিমধ্যে সংৰক্ষিত থকা ফৰ্ম 10-ID-ৰ ‘খচৰা’ মচি পেলাব লাগে আৰু তাৰ পিছত নতুনকৈ ফৰ্মখন দাখিল কৰা আৰম্ভ কৰিব লাগে।
28: “দাখিলকৰণ ব্যৰ্থ” বুলি ত্ৰুটি বাৰ্তা প্ৰদৰ্শিত হোৱাৰ বাবে মই ফৰ্ম 10DA দাখিল কৰিব পৰা নাই। এনে ক্ষেত্ৰত মই কেনেকৈ আগবাঢ়িব লাগে?
আপুনি “আয়কৰ ফৰ্মসমূহ দাখিল কৰক” অংশত ইতিমধ্যে সংৰক্ষিত থকা পুৰণি ফৰ্মখন প্ৰত্যাহাৰ অথবা মচি পেলাব লাগে আৰু তাৰ পিছত নতুনকৈ ফৰ্মখন দাখিল কৰা আৰম্ভ কৰিব লাগে। নিশ্চিত কৰক যে সত্যাপনকৰণ পেনেলত ঠিকনাৰ ফিল্ডসমূহকে ধৰি সকলো ফিল্ড সম্পূৰ্ণৰূপে আপডেট কৰা হৈছে। তাৰ পিছত পুনৰ ফৰ্মখন জমা দিয়াৰ চেষ্টা কৰক।
29: মোৰ PAN কৰ্ণাটক ক্ৰেডিট সমবায় সমিতি অধিনিয়ম, 1959 অনুসৰি এটা ক্ৰেডিট সমবায় বেংক হিচাপে পঞ্জীভুক্ত। মই ধাৰা 115BAD অনুসৰি নিম্ন কৰ হাৰ বাছনি কৰিব বিচাৰোঁ। সকলো চৰ্ত পূৰণ হোৱাৰ পিছতো মই ফৰ্ম 10-IF দাখিল কৰিব পৰা নাই। এনে ক্ষেত্ৰত মই কি কৰিব লাগিব?
ধাৰা 115BAD অনুসৰি, এই ধাৰাৰ সুবিধা কেৱল সমবায় সমিতিসমূহকহে প্ৰদান কৰা হয়। সম্ভৱতঃ আপুনি এটা AOP হিচাপে নহয়, বৰঞ্চ এজন কৃত্ৰিম ন্যায়িক ব্যক্তি হিচাপে পঞ্জীভুক্ত হৈছে। সেয়েহে, দাখিল কৰাৰ বাবে ফৰ্ম 10IF উপলব্ধ নহয়। এনে ক্ষেত্ৰত, আপোনাক NSDL-ৰ জৰিয়তে বিৱৰণসমূহ আপডেট কৰিবলৈ অনুৰোধ জনোৱা হৈছে।