Skip to main content
  1. কো-ব্ৰাউজাৰ
  2. কো-ব্ৰাউজাৰ

কো-ব্ৰাউজাৰ

কো-ব্ৰাউজাৰৰ বিষয়ে সঘনাই সোধা প্ৰশ্নসমূহ

1. কো-ব্ৰাউজিং কি আৰু কৰদাতাৰ সেৱাত এইটোৱে কেনেকৈ সহায় কৰে?
কলাবʼৰেটিভ ব্ৰাউজিং বুলিও কোৱা কো-ব্ৰাউজিঙে হেল্পডেস্ক এজেণ্টসকলক বাস্তৱ সময়ত কৰদাতাৰ ব্ৰাউজাৰৰ সৈতে মাত্ৰ এটা বুটাম ক্লিক কৰিয়ে সহায় কৰাত সক্ষম কৰে। এজেণ্টসকলে সুৰক্ষিতভাৱে কৰদাতাৰ ব্ৰাউজাৰ স্ক্ৰীণ চাব পাৰে আৰু সহ-নিৰ্দেশিত কৰিব পাৰে আৰু বাস্তৱ সময়ত আৰু বাস্তৱ সময়ত আৰু ব্যক্তিগতকৃত সহায় আগবঢ়াবলৈ তেওঁলোকক পাৰস্পৰিকভাৱে নিৰ্দেশনা প্ৰদান কৰিব পাৰে।

2. কো-ব্ৰাউজিঙৰ সৈতে মই কি কি কৰিব পাৰোঁ?
কো-ব্ৰাউজিং চলি থকাৰ সময়ত :

  • হেল্পডেস্ক এজেণ্টে কৰদাতা ব্ৰাউজাৰ স্ক্ৰীণৰ সঠিক উপস্থাপন দেখা পায়।
  • এজেণ্টসকলে কৰদাতাৰ দেখি থকা স্ক্ৰীণত টোকা দিব পাৰে, ITR প্ৰপত্ৰ, অন্যান্য বিধিবদ্ধ প্ৰপত্ৰ পূৰণ কৰাত সহায় কৰিব পাৰে, ছেটিংছ সলনি কৰিব পাৰে, লেনদেন সম্পূৰ্ণ কৰিব পাৰে, কৰদাতাৰ বাবে সহায় আৰু প্ৰাসংগিক সামগ্ৰী বিচাৰিব পাৰে আনকি নথিপত্ৰও আপলোড কৰিব পাৰে
  • এজেণ্টসকলে কৰদাতাক নেভিগেট, স্ক্ৰল, টেক্সট্ টাইপ কৰিবলৈ সহায় কৰিব পাৰে আৰু একেটা ব্ৰাউজাৰ টেবত আৱশ্যকীয় ঠাইসমূহত বাস্তৱ সময়ত হাইলাইট কৰিব পাৰে।
  • কো-ব্ৰাউজিং ব্যৱহাৰ কৰাটো সহজ। ইয়াক সহজেই লাইভ চেট, ফোনৰ সৈতে সংযুক্ত কৰি গ্ৰাহকৰ সমস্যা দ্ৰুততাৰে সমাধান কৰিব পাৰি।

3. কো-ব্ৰাউজিঙে এজেণ্টক অন্য তথ্য চোৱাত সক্ষম কৰে নেকি?
নকৰে, কো-ব্ৰাউজিঙে এজেণ্টক কৰদাতাৰ ডেস্কটপ বা কম্পিউটাৰত আন কোনো তথ্য চাবলৈ নিদিয়ে। লগতে, এজেণ্টসকলে কো-ব্ৰাউজিং চেছনটো আৰম্ভ কৰাৰ আগতে কৰদাতাই অনুৰোধটোৰ অনুমোদন দিব লাগে। কৰদাতাই আলোচনাটো বন্ধ কৰিব বিচাৰিলে যিকোনো সময়তে কো-ব্ৰাউজিং সমাপ্ত কৰিব পাৰে।

4. হেল্পডেস্ক এজেণ্টৰ সৈতে কো-ব্ৰাউজিং চেছন কেনেকৈ আৰম্ভ কৰিব?

  • এজেণ্টে এটা কল প্ৰাপ্ত কৰিব আৰু তেওঁৰ সন্মুখত CRM পপ আপ লাভ কৰিব।
  • এজেণ্টে কৰদাতাৰ সৈতে কথা পাতি আয়কৰ পʼৰ্টেলত কো-ব্ৰাউজিং বুটাম বিচাৰি পাবলৈ নিৰ্দেশনা প্ৰদান কৰিব। 
  • কৰদাতাই PIN সৃষ্টি আৰু এজেণ্টৰ সৈতে শ্বেয়াৰ কৰিব।
  • এজেণ্টে CRM-ত CB বুটামত ক্লিক কৰিব, যিয়ে তেওঁক কো-ব্ৰাউজ URL-লৈ নিৰ্দেশিত কৰিব।  
  • এজেণ্টে কৰদাতাই শ্বেয়াৰ কৰা পিনটো তেওঁৰ বাবে প্ৰদৰ্শিত হৈ থকা স্ক্ৰীণত প্ৰবিষ্ট কৰিব আৰু চেছন আৰম্ভ কৰক বিকল্পত ক্লিক কৰিব।
  • এজেণ্টে চেছন আৰম্ভ কৰক বিকল্পত ক্লিক কৰিলে কো-ব্ৰাউজ চেছন আৰম্ভ হ'ব আৰু এজেণ্টে কৰদাতাক নিৰ্দেশনা প্ৰদান কৰিব পাৰিব।
  • কৰদাতাই সকলো উত্তৰ পোৱাৰ পিছত যিকোনো সময়তে সমাপ্ত কৰক বিকল্পটো ক্লিক কৰিব পাৰে। চেছনটো সমাপ্ত হ’লে এজেণ্টে কৰদাতাৰ ব্ৰাউজাৰ দেখা নাপায়

5. কো-ব্ৰাউজিঙে কেনেকৈ কাম কৰে
যেতিয়া কৰদাতাই এটা চেছন আৰম্ভ কৰে, ব্ৰাউজাৰে কো-ব্ৰাউজাৰ প্ৰক্সীলৈ এটা অনুৰোধ প্ৰেৰণ কৰে।

  • তাৰ পিছত অনুৰোধক এনেদৰে পৰিবৰ্তন কৰা হয় যাতে অনুৰোধটো প্ৰকৃততে corbrowse.incometax.gov.in-ৰ পৰা অহা যেন লাগে।
  • তাৰ পিছত এই অনুৰোধটো মূল ছাইটলৈ প্ৰেৰণ কৰা হয়, যিটো লীডাৰগৰাকীয়ে কো-ব্ৰাউজ কৰিব বিচাৰে।  
  • ৱেবছাইটটোৱে সঁহাৰিটো কো-ব্ৰাউজাৰ প্ৰক্সীলৈ ওভোটাই প্ৰেৰণ কৰে। 
  • তাৰ পিছত কো-ব্ৰাউজাৰ প্ৰক্সীয়ে ডেটা পৰিৱৰ্তন কৰে যাতে ইয়াক মূল পৃষ্ঠাৰ ওপৰ ভাগত থকা আইফ্ৰেমত লোড কৰিব পৰা যায়। 
  • এতিয়া লীডাৰ আৰু ফলোৱাৰ দুয়োজনেই ৱেবছাইটটোৰ সৈতে যোগাযোগ কৰিব পাৰে, যিহেতু এইটো আইফ্ৰেমৰ ভিতৰত লোড হয়। এইখিনিৰ পৰা, কেৱল ব্যৱহাৰকাৰীৰ ব্ৰাউজাৰ আৰু প্ৰক্সীৰ মাজতহে যোগাযোগ থাকে আৰু মূল ৱেবছাইটলৈ পুনৰ অবিৰতভাৱে অনুৰোধ প্ৰেৰণ কৰিব লগীয়া নহয়৷

6. কো-ব্ৰাউজিং ব্যৱহাৰৰ সুবিধাসমূহ

  • কো-ব্ৰাউজিং সমাধানৰ বাবে কোনো ইনষ্টলেচন বা প্লাগইনৰ প্ৰয়োজন নাই
  • নিৰৱচ্ছিন্ন নেভিগেচন, গড় নিয়ন্ত্ৰণ সময় হ্ৰাস আৰু সমাধান হাৰ বৃদ্ধি
  • গুৰুত্বপূৰ্ণ কথাবোৰৰ হাইটলাইট আৰু টিপ্পনী
  • সহজ ইণ্টিগ্ৰেচনৰ সৈতে সহজে ব্যৱহাৰযোগ্য, যাৰ ফলত গ্ৰাহকৰ সন্তুষ্টি বৃদ্ধি পায়

7. কো-ব্ৰাউজিং আৰু স্ক্ৰীণ শ্বেয়াৰিঙৰ মাজত পাৰ্থক্য কি?

কো-ব্ৰাউজিং স্ক্ৰীণ শ্ৱেয়াৰ
ভিজুৱেল এংগেজমেণ্টৰ ক্ষেত্ৰত কো-ব্ৰাউজিং অধিক সুবিধাজনক কিয়নো ইয়াৰ বাবে কোনো ধৰণৰ ছফ্টৱেৰ ডাউনলোড কৰাৰ প্ৰয়োজন নহয়। এজেণ্টসকলে এটা বুটাম ক্লিক কৰিলেই কৰদাতাৰ ব্ৰাউজাৰৰ সৈতে তত্‍ক্ষণাত সংযোগ স্থাপন কৰিব পাৰে। এজেণ্ট আৰু কৰদাতা দুয়োজনে নিজৰ স্ক্ৰীণ শ্বেয়াৰ কৰাৰ আগতে জুম বা গুগল মীটৰ দৰে তৃতীয় পক্ষৰ এপ্লিকেচন এটা ইনষ্টল কৰাটো আৱশ্যকীয়।  
কো-ব্ৰাউজিঙে কৰদাতাক অধিক ব্যক্তিগত আৰু সুৰক্ষিত অভিজ্ঞতা প্ৰদান কৰে, কাৰণ এজেণ্টে কৰদাতাৰ ব্ৰাউজাৰৰ সক্ৰিয় উইণ্ড’খনৰ বাহিৰো আন একো চাব নোৱাৰে চাৰ্ভিচ প্ৰতিধিনিয়ে ক্লায়েণ্টৰ সমগ্ৰ ডেস্কটপ বা পপ-আপ হ'ব পৰা যিকোনো নʼটিফিকেছন চাব পাৰে।  
এজেণ্টে ক্লায়েণ্টৰ ব্ৰাউজাৰত নিৰ্দিষ্ট কাৰ্যসমূহ সম্পন্ন কৰিব পাৰে (যেনে হাইলাইট কৰা, টিপ্পনী দিয়া, ক্লিক কৰা, প্ৰপত্ৰ পূৰণ কৰা) আৰু এনেদৰে কৰদাতাসকলক তেওঁলোকৰ সমস্যা দ্ৰুততাৰে সমাধানত সহায় কৰে। এজেণ্টসকলে কৰদাতাৰ স্ক্ৰীণত কোনো কাৰ্য কৰিব নোৱাৰে, তেওঁলোকে কেৱল স্ক্ৰীণ শ্বেয়াৰিং চেছনৰ সময়ত মৌখিক নিৰ্দেশনা প্ৰদান কৰে।  
অধিকাংশ কো-ব্ৰাউজিং ছফ্টৱেৰত ডেটা মাস্কিং নামৰ এটা বৈশিষ্ট্য থাকে যিয়ে কো-ব্ৰাউজিং চলি থকা সময়ত কৰদাতাৰ গোপনীয় তথ্য (যেনে পাছৱৰ্ড) লুকুৱাই ৰাখে।  স্ক্ৰীণ শ্বেয়াৰিঙত ডেটা মাস্কিং নাথাকে যাৰ ফলত এজেণ্টসকলে কৰদাতাৰ স্ক্ৰীণত প্ৰদৰ্শিত সকলো বস্তু চাব পাৰে।