ITD-ৰ দ্বাৰা জাৰি কৰা জাননী/আদেশ প্ৰমাণীকৰণ কৰক

(সম্পূৰ্ণ আস্থাৰ বাবে আজিয়েই প্ৰমাণীকৰণ কৰক)

(সম্পূৰ্ণ আস্থাৰ বাবে আজিয়েই প্ৰমাণীকৰণ কৰক)

Frequently Asked Questions

ITD-ৰ দ্বাৰা জাৰি কৰা জাননীৰ প্ৰমাণীকৰণ কৰাৰ সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ

1. মই কিয় আয়কৰ কৰ্তৃপক্ষৰ দ্বাৰা মোলৈ জাৰি কৰা জাননী/আদেশৰ প্ৰমাণীকৰণ কৰিব লাগে?

আয়কৰ বিভাগৰ দ্বাৰা 1 অক্টোবৰ, 2019 তাৰিখ বা তাৰ পাছত জাৰি কৰা প্ৰতিটো যোগাযোগত এটা অনন্য নথিপত্ৰ চিনাক্তকৰণ নম্বৰ (DIN) থাকিব লাগিব।আপুনি লাভ কৰা জাননী/আদেশ বা যিকোনো যোগাযোগ প্ৰকৃত আৰু আয়কৰ কৰ্তৃপক্ষই জাৰি কৰা বুলি নিজকে প্ৰতিপন্ন কৰিবলৈ, আপুনি এই সেৱা ব্যৱহাৰ কৰি যিকোনো জাননী/আদেশ বা যিকোনো যোগাযোগৰ প্ৰমাণীকৰণ কৰিব পাৰে।

2. যদি ITD-ৰ জাননী/আদেশত DIN নাথাকে তেন্তে কি হ’ব?

এনে ক্ষেত্ৰত, আপুনি লাভ কৰা জাননী/আদেশ/পত্ৰখনক অবৈধ বুলি গণ্য কৰা হ’ব আৰু ইয়াক আইনগতভাৱে অস্তিত্বহীন বুলি গণ্য কৰা হ’ব বা ইয়াক কেতিয়াও জাৰি কৰা হোৱা নাই বুলি বিবেচনা কৰা হ’ব।এনে যোগাযোগৰ ক্ষেত্ৰত আপুনি কোনো ব্যৱস্থা গ্ৰহণ বা সঁহাৰি জনোৱাৰ প্ৰয়োজন নাই।

3. ITD-ৰ দ্বাৰা মোলৈ জাৰি কৰা আদেশ মই ক’ত প্ৰমাণীকৰণ কৰিব পাৰিম?

আপুনি ই-ফাইলিং প’ৰ্টেলত উপলব্ধ “ITD-এ জাৰি কৰা জাননী / আদেশৰ প্ৰমাণীকৰণ সেৱা ব্যৱহাৰ কৰি আয়কৰ কৰ্তৃপক্ষই জাৰি কৰা আদেশৰ প্ৰমাণীকৰণ কৰিব পাৰে।

4. ITD-ৰ দ্বাৰা মোলৈ জাৰি কৰা জাননীখন প্ৰমাণীকৰণ কৰিবলৈ মই লʼগ ইন কৰিব লাগিবনে?

নালাগে, জাননী / আদেশ প্ৰমাণীকৰণ কৰিবলৈ আপুনি ই-ফাইলিং পʼৰ্টেলত লʼগ ইন কৰাৰ প্ৰয়োজন নাই।আপুনি ই-ফাইলিং প’ৰ্টেলত উপলব্ধ ITD-এ জাৰি কৰা জাননী/আদেশৰ প্ৰমাণীকৰণ লিংকত ক্লিক কৰি জাননীখনৰ প্ৰমাণীকৰণ কৰিব পাৰে।

5. মোৰ জাননীখন প্ৰমাণিত কৰিবলৈ ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়ন কৰা একেটা মʼবাইল নম্বৰ প্ৰবিষ্ট কৰিব লাগিবনে?

নালাগে, আয়কৰ বিভাগে জাৰি কৰা জাননী / পত্ৰ বা কোনো যোগাযোগ প্ৰমাণীকৰণ কৰিবলৈ ই-ফাইলিং পʼৰ্টেলত পঞ্জীয়ন কৰা মʼবাইল নম্বৰটো প্ৰবিষ্ট কৰাটো বাধ্যতামূলক নহয়।মোবাইল নম্বৰ টেক্সটবক্সত ইয়াক প্ৰৱেশ কৰাই আপুনি আপোনাৰ বাবে উপলব্ধ যিকোনো মোবাইল নম্বৰত OTP গ্ৰহণ কৰিবলৈ বাছনি কৰিব পাৰে।

6. DIN কি হয়‌?

DIN-ৰ পূৰ্ণৰূপ হৈছে দস্তাবেজ চিনাক্তকৰণ নম্বৰ । ই এটা কম্পিউটাৰ-সৃষ্ট অনন্য নম্বৰ , যিটো যিকোনো আয়কৰ কৰ্তৃপক্ষই কোনো কৰদাতালৈ জাৰি কৰা প্ৰতিটো যোগাযোগ (পত্ৰ / জাননী / আদেশ / অন্য যিকোনো পত্রাচাৰ)-ত বাধ্যতামূলকভাৱে উল্লেখ কৰিব লাগে।

Detailed guides and documentation