PAN লগইনৰ জৰিয়তে চালান সৃষ্টি কৰক

 

1. অৱলোকন

এই নথিপত্ৰখনে আয়কৰ অধিনিয়ম, 2025-ৰ অধীনত কৰ পৰিশোধৰ বাবে ই-ফাইলিং প'ৰ্টেলৰ জৰিয়তে ITNS 280N, ITNS 282N আৰু ITNS 288N চালান ফৰ্মসমূহ কেনেদৰে সৃষ্টি কৰিব লাগে, সেই বিষয়ে কৰদাতাসকলক পৰ্য্য়ায়ক্ৰমে নিৰ্দেশনা প্ৰদান কৰে। আয়কৰ অধিনিয়ম, 1961-ৰ অধীনত প্ৰযোজ্য চালান ফৰ্মসমূহ হৈছে ITNS 280, ITNS 282 আৰু ITNS 288।

এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াগত পৰিৱৰ্তন হ'ল যে আয়কৰ অধিনিয়ম, 1961-ৰ অধীনত চালানসমূহ মূল্যায়ন বৰ্ষ ৰ আধাৰত দাখিল কৰা হৈছিল, আনহাতে আয়কৰ অধিনিয়ম, 2025-ৰ অধীনত চালানসমূহ কৰ বৰ্ষৰ আধাৰত দাখিল কৰিব লাগিব।

এই ব্যৱহাৰকাৰী সহায়িকাখনত কৰদাতাসকলে উপযুক্ত অধিনিয়ম , কৰৰ প্ৰকাৰ আৰু কৰৰ সময়সীমা নিৰ্বাচন কৰি কেনেদৰে দুয়োখন অধিনিয়মৰ অধীনত সঠিকভাৱে চালান সৃষ্টি কৰিব পাৰে, সেয়া পদক্ষেপভিত্তিকভাৱে ব্যাখ্যা কৰা হৈছে।

• ITNS 280/280N আয়কৰ আৰু নিগম কৰ সম্পৰ্কীয় পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ অন্তৰ্গত আছে অগ্ৰিম কৰ, স্ব-মূল্যায়ন কৰ আৰু নিয়মীয়া মূল্যায়ন কৰ (400)।
• ITNS 282/282N STT, CTT, ধাৰা 379-ৰ অধীনত ই-DRS আৰু অন্যান্য প্ৰযোজ্য কৰৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়।
• ITNS 288/288N ব্লক মূল্যায়ন-সম্পৰ্কীয় পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ অন্তৰ্গত আছে • ITNS 288/288N ব্লক মূল্যায়ন -সম্পৰ্কীয় পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ অন্তৰ্গত আছে ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311) আৰু ব্লক সময়ছোৱাৰ অনুসন্ধান মূল্যায়নৰ ওপৰত কৰ (411) হিচাপে দাবী অনুসৰি কৰা পৰিশোধ।

2. এই সেৱাৰ সুবিধা লাভ কৰিবলৈ পূৰ্ব আৱশ্যকতাসমূহ

আপুনি ই-ফাইলিং প'ৰ্টেলত লগইন কৰাৰ আগতে অথবা ই-ফাইলিং প'ৰ্টেলত লগইন কৰাৰ পিছত কৰ পৰিশোধৰ বাবে চালান সৃষ্টি কৰিব পাৰে।

বিকল্প

পূৰ্ব আৱশ্যকতাসমূহ

লগইনৰ আগত

  • বৈধ PAN/TAN, যাৰ বাবে কৰ পৰিশোধ কৰিব লাগিব
  • ডেবিট কাৰ্ড / ক্ৰেডিট কাৰ্ড / নেট বেংকিং / UPI আদি সুবিধা;আৰু
  • এককালীন পাছৱৰ্ড প্ৰাপ্ত কৰিবলৈ বৈধ মোবাইল নম্বৰ।

লগইন কৰাৰ পাছত

  • ই-ফাইলিং প'ৰ্টেল [www.incometax.gov.in](http://www.incometax.gov.in)-ত পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী
  • ডেবিট কাৰ্ড / ক্ৰেডিট কাৰ্ড / নেট বেংকিং / UPI আদি সুবিধা

টোকা: বৰ্তমানলৈকে ই-ফাইলিং প'ৰ্টেলৰ (কৰৰ ই-পৰিশোধ সেৱা) জৰিয়তে পৰিশোধ গেটৱে পদ্ধতিত কৰ পৰিশোধ কৰাৰ সুবিধা কেৱল অনুমোদিত বেংকসমূহৰ জৰিয়তেই উপলব্ধ।

3. পৰ্যায়ক্ৰমিক নিৰ্দেশনা

3.1 চালান ফৰ্ম (CRN) সৃষ্টি কৰক (লগইন কৰাৰ পিছত)

3.1.1  ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ই-ফাইলিং প'ৰ্টেলত লগইন কৰক।

Data responsive

টোকা:- ব্যক্তিগত ব্যৱহাৰকাৰীসকলৰ বাবে, যদি আপোনাৰ PAN-টো আধাৰৰ সৈতে সংযুক্ত নহয়, তেন্তে এটা পপ-আপ বাৰ্তা প্ৰদৰ্শিত হ'ব, য'ত জনোৱা হ'ব যে আপোনাৰ PAN আধাৰৰ সৈতে সংযুক্ত নোহোৱাৰ বাবে অকাৰ্যকৰী হৈ পৰিছে।
PAN-ক আধাৰৰ সৈতে সংযুক্ত কৰিবলৈ এতিয়াই সংযুক্ত কৰক বুটামত ক্লিক কৰক; অন্যথা অব্যাহত ৰাখক বুটামত ক্লিক কৰক।

Data responsive

3.1.2  ডেছব'ৰ্ডত ই-ফাইল> কৰৰ ই-পৰিশোধত ক্লিক কৰক। কৰৰ ই-পৰিশোধত ক্লিক কৰাৰ পিছত, ব্যৱহাৰকাৰীক প্ৰযোজ্য অধিনিয়ম বাছনি পৰ্দালৈ লৈ যোৱা হ'ব। উপযুক্ত বিকল্প বাছনি কৰাৰ পিছত আগবাঢ়ক বুটামত ক্লিক কৰক। ইয়াৰ পিছত ব্যৱহাৰকাৰীক কৰৰ ই-পৰিশোধ পৃষ্ঠালৈ লৈ যোৱা হ'ব।

Data responsive

3.1.3  কৰৰ ই-পৰিশোধ পৃষ্ঠাত, কেৱল নিৰ্বাচিত অনুমোদিত বেংকসমূহৰ জৰিয়তে নতুন চালান ফৰ্ম (CRN) সৃষ্টি কৰিবলৈ নতুন পৰিশোধ বিকল্পত ক্লিক কৰক। এই বেংকসমূহৰ বাহিৰে আন কোনো বেংকৰ জৰিয়তে কৰ পৰিশোধ RBI-এ প্ৰদান কৰা NEFT/RTGS সুবিধাৰ মাধ্যমে কৰিব পাৰি।

Data responsive

3.1.4  নতুন পৰিশোধ পৃষ্ঠাত, আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰ পৰিশোধ টাইলত আগবাঢ়কত ক্লিক কৰক। আগৰ পৰ্দাত নিৰ্বাচন কৰা অধিনিয়মৰ ওপৰত ভিত্তি কৰি টাইলসমূহ সক্ৰিয় কৰা হ'ব।

  আয়কৰ অধিনিয়ম 1961 ৰেডিঅ' বুটামটো নিৰ্বাচন কৰক, মূল্যায়ন বৰ্ষ 2026-27 লৈকে আৰু পূৰ্বৱৰ্তী বছৰসমূহৰ বাবে, লগতে মূ.ব. 2026-27-ৰ স্ব-মূল্যায়ন কৰ পৰিশোধ কৰিবলৈ।
  আয়কৰ অধিনিয়ম 2025 নিৰ্বাচন কৰক, TY 2026-27 আৰু তাৰ পিছৰ বৰ্ষসমূহৰ বাবে কৰ পৰিশোধ কৰিবলৈ।

অনুগ্ৰহ কৰি মন কৰিব: 2015 চনৰ ক'লা ধন (ঘোষণা নকৰা বিদেশী আয় আৰু সম্পত্তি) আৰু কৰ আৰোপ অধিনিয়মৰ সৈতে জড়িত কৰ পৰিশোধৰ বাবে অনুগ্ৰহ কৰি “1961 চনৰ আয়কৰ অধিনিয়ম” নিৰ্বাচন কৰক।

আয়কৰ, 1961 ৰেডিঅ' বুটাম নিৰ্বাচন কৰাৰ পিছত, তলত উল্লেখ কৰা টাইলসমূহ উপলব্ধ হ'ব:

Data responsive

টাইলসমূহৰ সংক্ষিপ্ত বিৱৰণ:

টাইলৰ নাম

মুখ্য হেড

টাইলসমূহৰ বাবে প্ৰযোজ্য নিৰ্দেশনা আৰু (মাইনৰ হেড)

আয়কৰ(কোম্পানী নোহোৱা সত্তাসমূহ ব্যৱহাৰকাৰীসকলৰ বাবে) / নিগম কৰ (কোম্পানী লগইনৰ বাবে)

আয়কৰ (কোম্পানীৰ বাহিৰে আন সকলৰ বাবে) (0021)

নিগম কৰ (কোম্পানী লগইন) (0020)

মূ.ব.26-27 বা পূৰ্বৱৰ্তী বৰ্ষসমূহৰ বাবে কৰ পৰিশোধ কৰিবলৈ অনুগ্ৰহ কৰি এই বিকল্পটো নিৰ্বাচন কৰক

• স্ব-মূল্যায়ন কৰ (300)
• ইউনিট ধাৰকসকললৈ বিতৰণ কৰা আয়ৰ ওপৰত কৰ (107)
• ধাৰা 92CE অধীনত গৌণ সমন্বয় কৰ(110) • ধাৰা 115TD অধীনত সঞ্চিত বৃদ্ধি কৰ(111)
• তলত উল্লেখ কৰা উপ-প্ৰকাৰৰ পৰিশোধসমূহ ইয়াৰ অধীনত কৰিব পাৰি 500:

- PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত বিলম্বৰ বাবে মাচুল
- ধাৰা 234G অধীনত বিলম্ব মাচুল (ফৰ্ম 10BD আৰু 10BE)
- আপীল মাচুল
- আপোচ মাচুল

 

  • ক'লা ধন আইনৰ অধিনিয়মত কৰ/দাবী/জৰিমনা/সুত পৰিশোধ (108/109)

    - মাইনৰ হেড 109 (কোম্পানীৰ বাবে প্ৰযোজ্য)
    - মাইনৰ হেড 108 (কোম্পানীৰ বাহিৰে আনসকলৰ বাবে প্ৰযোজ্য)

অনুগ্ৰহ কৰি মন কৰিব: মাইনৰ কোডৰ বাবে প্ৰযোজ্য ITNS

  • 300, 107, 110, 111, 500 -ৰ বাবে ITNS 280 চাওক
  • 108/109 – ITNS 284 চাওক

নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400)

আয়কৰ (কোম্পানীৰ বাহিৰে আন সকলৰ বাবে) (0021) / নিগম কৰ (কোম্পানী লগইন) (0020)

মূ.ব. 2026-27 বা পূৰ্বৱৰ্তী বৰ্ষসমূহৰ বাবে বকেয়া দাবী (400) পৰিশোধ কৰিবলৈ অনুগ্ৰহ কৰি এই বিকল্পটো নিৰ্বাচন কৰক।

অন্তৰ্ভুক্ত চালান: ITNS 280

টোকা: আপোনাৰ ওচৰত DRN-ৰ সৈতে বা DRN অবিহনে দাবী পৰিশোধ কৰাৰ বিকল্প থাকিব।

সমীকৰণ শুল্ক / STT / CTT

পণ্য আৰু সেৱাৰ ওপৰত অন্যান্য কৰ আৰু শুল্ক(0045)

ছিকিউৰিটিজ লেনদেন কৰ(0034)

  • মূ.ব.2025-26 অথবা তাৰ পূৰ্বৰ বৰ্ষসমূহৰ বাবে সমীকৰণ লেভি (119) পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। অধিক তথ্যৰ বাবে ITNS 285 চাওক
  • মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ বৰ্ষসমূহৰ বাবে কৰ পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। অধিক তথ্যৰ বাবে ITNS 282 চাওক।

- STT-ৰ অধীনত স্ব-মূল্যায়ন কৰ (300),
- STT-ৰ অধীনত বকেয়া দাবী (400)
- CTT (800)

মাচুল/ অন্যান্য পৰিশোধসমূহ

 

বেংকিং নগদ লেনদেন কৰ(0036)
আনুষংগিক লাভালাভ কৰ(0026)

মূ.ব.2009-10 অথবা তাৰ পূৰ্বৰ বৰ্ষসমূহৰ বাবে স্ব-মূল্যায়ন কৰ (300) আৰু বকেয়া দাবী (400) পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। অধিক তথ্যৰ বাবে ITNS 283 চাওক।

- হোটেল প্ৰাপ্তি কৰ (0023)
- সুত কৰ (0024)
- ব্যয়/অন্যান্য কৰ (0028)
- সম্পত্তি শুল্ক (0031)
- সম্পদ কৰ (0032)
- উপহাৰ কৰ (0033)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ বৰ্ষসমূহৰ বাবে স্ব-মূল্যায়ন কৰ আৰু বকেয়া দাবী পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। অধিক তথ্যৰ বাবে ITNS 282 চাওক।

বিবিধ ৰচিদসমূহ(0075)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ বৰ্ষসমূহৰ বাবে ধাৰা 245MA-ৰ অধীনত আবেদন মাচুল (ফৰ্ম নং 34BC) (800) পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। অধিক তথ্যৰ বাবে ITNS 282 চাওক।

ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ

আয়কৰ (কোম্পানীৰ বাহিৰে আন সকলৰ বাবে) (0021)

নিগম কৰ (কোম্পানী লগইন) (0020)

ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311) পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। অধিক তথ্যৰ বাবে -চাওক ITNS 288

ব্লক সময়ছোৱাৰ সন্ধান মূল্যায়নৰ ওপৰত কৰ হিচাপে দাবী পৰিশোধ (411)

আয়কৰ (কোম্পানীৰ বাহিৰে আন সকলৰ বাবে) (0021) / নিগম কৰ (কোম্পানী লগইন) (0020)

 

ব্লক সময়ছোৱাৰ বাবে দাবী পৰিশোধ (411) কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। অধিক তথ্যৰ বাবে -চাওক ITNS 288

টোকা: ব্লক মূল্যায়ন সম্পৰ্কীয় দাবী কেৱল DRN ৰ জৰিয়তে পৰিশোধ কৰিব পাৰি আৰু এই বিকল্পটো কেৱল লগইন কৰাৰ পিছৰ কাৰ্যপদ্ধতিৰ জৰিয়তে উপলব্ধ।

26 QB (সম্পত্তি বিক্ৰীৰ ওপৰত TDS)

আয়কৰ (কোম্পানীৰ বাহিৰে আন সকলৰ বাবে) (0021) / নিগম কৰ (কোম্পানী লগইন) (0020)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ কোনো বৰ্ষৰ সৈতে সম্পৰ্কিত পৰিশোধ/জমা কৰাৰ তাৰিখৰ ক্ষেত্ৰত সম্পত্তি বিক্ৰীৰ ওপৰত কৰ পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক।

সম্পত্তিৰ ওপৰত TDSৰ বাবে দাবীৰ পৰিশোধ

আয়কৰ (কোম্পানীৰ বাহিৰে আন সকলৰ বাবে) (0021) / নিগম কৰ (কোম্পানী লগইন) (0020)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ কোনো বৰ্ষৰ সৈতে সম্পৰ্কিত পৰিশোধ/জমা কৰাৰ তাৰিখৰ ক্ষেত্ৰত সম্পত্তি বিক্ৰীৰ ওপৰত TDS-ৰ দাবী পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক।

26 QC (সম্পত্তিৰ ভাড়াৰ ওপৰত TDS)

কোম্পানীৰ বাহিৰে অন্যান্য আয়কৰ (0021)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ কোনো বৰ্ষৰ সৈতে সম্পৰ্কিত পৰিশোধ/জমা কৰাৰ তাৰিখৰ ক্ষেত্ৰত ভাড়াৰ ওপৰত TDS পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক।

সম্পত্তিৰ ভাড়াৰ ওপৰত TDS-ৰ দাবী পৰিশোধ

কোম্পানীৰ বাহিৰে অন্যান্য আয়কৰ (0021)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ কোনো বৰ্ষৰ সৈতে সম্পৰ্কিত পৰিশোধ/জমা কৰাৰ তাৰিখৰ ক্ষেত্ৰত ভাড়াৰ ওপৰত TDS-ৰ দাবী পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক।

26 QD (আৱাসী ঠিকাদাৰ আৰু পেছাদাৰীসকলক পৰিশোধৰ ওপৰত TDS)

কোম্পানীৰ বাহিৰে অন্যান্য আয়কৰ (0021)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ কোনো বৰ্ষৰ সৈতে সম্পৰ্কিত পৰিশোধ/জমা কৰাৰ তাৰিখৰ ক্ষেত্ৰত আৱাসী ঠিকাদাৰ আৰু পেছাদাৰীসকলক পৰিশোধৰ ওপৰত TDS পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক।

আৱাসী ঠিকাদাৰ আৰু পেছাদাৰীসকলক পৰিশোধৰ ওপৰত TDS-ৰ দাবী পৰিশোধ

কোম্পানীৰ বাহিৰে অন্যান্য আয়কৰ (0021)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ কোনো মূল্যায়ন বৰ্ষৰ সৈতে সম্পৰ্কিত পৰিশোধ/জমা কৰাৰ তাৰিখৰ ক্ষেত্ৰত আৱাসী ঠিকাদাৰ আৰু পেছাদাৰীসকলক পৰিশোধৰ ওপৰত TDS-ৰ দাবী পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক।

26 QE (ভাৰ্চুৱেল ডিজিটেল সম্পদ হস্তান্তৰৰ ওপৰত TDS)

কোম্পানীৰ বাহিৰে অন্যান্য আয়কৰ (0021)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ কোনো মূল্যায়ন বৰ্ষৰ সৈতে সম্পৰ্কিত পৰিশোধ/জমা কৰাৰ তাৰিখৰ ক্ষেত্ৰত ভাৰ্চুৱেল ডিজিটেল সম্পদ হস্তান্তৰৰ ওপৰত TDS পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক।

ভাৰ্চুৱেল ডিজিটেল সম্পদ হস্তান্তৰৰ ওপৰত TDS-ৰ দাবী পৰিশোধ

আয়কৰ (কোম্পানীৰ বাহিৰে আন সকলৰ বাবে) (0021)

মূ.ব.2026-27 অথবা তাৰ পূৰ্বৰ কোনো মূল্যায়ন বৰ্ষৰ সৈতে সম্পৰ্কিত পৰিশোধ/জমা কৰাৰ তাৰিখৰ ক্ষেত্ৰত ভাৰ্চুৱেল ডিজিটেল সম্পদ হস্তান্তৰৰ ওপৰত TDS-ৰ দাবী পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক।

3.2 আয়কৰ অধিনিয়ম 2025 ৰেডিঅ' বুটাম নিৰ্বাচন কৰাৰ পিছত, তলত দিয়া টাইলসমূহ উপলব্ধ হ'ব:

Data responsive


3.3 টাইলসমূহৰ অৱলোকন:-

3.3.1 আয়কৰ / নিগম কৰ টাইল আৰু বকেয়া দাবী (নিয়মিত মূল্যায়ন কৰ) (400) টাইল

টাইলৰ নাম

মুখ্য হেড

টাইলসমূহৰ বাবে প্ৰযোজ্য নিৰ্দেশনা আৰু (মাইনৰ হেড)

আয়কৰ (কোম্পানী নোহোৱা ব্যৱহাৰকাৰীৰ বাবে) / নিগম কৰ (কোম্পানী লগইনৰ বাবে)

আয়কৰ (কোম্পানীৰ বাহিৰে আন সকলৰ বাবে) (0021) / নিগম কৰ (কোম্পানী লগইন) (0020)

 

 

 

TY 2026-27 আৰু পৰৱৰ্তী বৰ্ষসমূহৰ বাবে কৰ পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক - ITNS 280N চাওক।

  • অগ্ৰিম কৰ(মাইনৰ হেড 100)
  • স্ব-মূল্যায়ন কৰ(মাইনৰ হেড 300)

টোকা: প্ৰাসংগিক কৰ বৰ্ষ বন্ধ হোৱাৰ পিছত এই টাইলটো সক্ৰিয় কৰা হ'ব। (উদাহৰণস্বৰূপে: TY 2026-27-ৰ বাবে, স্ব-মূল্যায়ন কৰ 01 এপ্ৰিল 2027-ৰ পৰা পৰিশোধ কৰিব পাৰিব।)

  • আয়কৰ অধিনিয়ম, 2025-ৰ ধাৰা 170 অধীনত গৌণ সমন্বয় কৰ (110)
  • আয়কৰ অধিনিয়ম, 2025-ৰ ধাৰা 352 অধীনত সঞ্চিত বৃদ্ধি কৰ (111)
  • 500-ৰ অধীনত তলত উল্লেখ কৰা উপ-প্ৰকাৰৰ পৰিশোধসমূহ কৰিব পাৰি:

- PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত পলমৰ বাবে মাচুল
- ধাৰা 429 অনুসৰি পলম মাচুল (ফৰ্ম 113)
- আপিল মাচুল
- মীমাংসা মাচুল

নিয়মিত মূল্যায়ন কৰ (400) হিচাপে দাবী পৰিশোধ

TY 2026-27 আৰু তাৰ পিছৰ কৰ বৰ্ষসমূহৰ বাবে তলত উল্লেখ কৰা পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। ব্যৱহাৰকাৰীয়ে DRN-সহ অথবা DRN-অবিহনে দাবী পৰিশোধ কৰাৰ বিকল্প লাভ কৰিব।

• DRN-সহ: পৰিশোধ কেৱল লগইন কৰাৰ পিছৰ সুবিধাৰ জৰিয়তেহে কৰিব পাৰি।
• DRN-অবিহনে: পৰিশোধ লগইন কৰাৰ আগৰ আৰু লগইন কৰাৰ পিছৰ দুয়োটা সুবিধাৰ জৰিয়তে কৰিব পাৰি।

অনুগ্ৰহ কৰি মন কৰক: দাবীৰ পৰিশোধ DRN নম্বৰ ব্যৱহাৰ কৰি কৰাটো পৰামৰ্শ দিয়া হয়, যাতে পৰিশোধ সহজে মেপ কৰিব পৰা যায়। অধিক তথ্যৰ বাবে ITNS চাওক280N

আয়কৰ টাইল / নিগম কৰ টাইলত (কোম্পানী লগইনৰ ক্ষেত্ৰত) অগ্ৰসৰ হওক বুটামত ক্লিক কৰিলে, ব্যৱহাৰকাৰীক প্ৰযোজ্য কৰৰ বিৱৰণ যোগ কৰক পৃষ্ঠালৈ লৈ যোৱা হ'ব। তাত প্ৰযোজ্য কৰ বৰ্ষ আৰু মাইনৰ হেড নিৰ্বাচন কৰি অগ্ৰসৰ হওক বুটামত ক্লিক কৰক।

Data responsiveData responsive

নিয়মিত মূল্যায়ন কৰ (400) হিচাপে দাবী পৰিশোধ টাইলত অগ্ৰসৰ হওক বুটামত ক্লিক কৰিলে, ব্যৱহাৰকাৰীক প্ৰযোজ্য দাবীৰ বিৱৰণ যোগ কৰক পৃষ্ঠালৈ লৈ যোৱা হ'ব। ইয়াত DRN-সহ অথবা DRN-অবিহনে (কেৱল DRN উপলব্ধ নাথাকিলে) পৰিশোধ কৰিব পাৰিব।

Data responsiveData responsive

DRN-সহ পৰিশোধ কৰাৰ ক্ষেত্ৰত, DRN বিকল্পটো নিৰ্বাচন কৰক। ব্যৱস্থাই স্বয়ংক্ৰিয়ভাৱে DRN-ৰ সৈতে সম্পৰ্কিত সকলো বিৱৰণ আহৰণ কৰিব আৰু অগ্ৰসৰ হওক বুটামত ক্লিক কৰাৰ পিছত আপুনি পোনপটীয়াকৈ পৰিশোধ পৃষ্ঠালৈ লৈ যোৱা হ'ব।

Data responsive

DRN-অবিহনে পৰিশোধ কৰাৰ ক্ষেত্ৰত, পৰ্দাত প্ৰদৰ্শিত হাইপাৰলিংকত ক্লিক কৰিব লাগিব। তাৰ পিছত কৰ বৰ্ষ আৰু মাইনৰ হেড নিৰ্বাচন কৰি অগ্ৰসৰ হওকত ক্লিক কৰক। এই বিকল্পটো লগইন কৰাৰ আগতে আৰু লগইন কৰাৰ পিছত — উভয় অৱস্থাতে উপলব্ধ।

Data responsive

3.3.2 STT/CTT/ ধাৰা 379-ৰ অধীনত E-DRS/ অন্যান্য কৰ টাইল

টাইল

মুখ্য হেড

টাইলসমূহৰ বাবে প্ৰযোজ্য নিৰ্দেশনা আৰু (মাইনৰ হেড)

STT/

CTT/

ধাৰা 379-ৰ অধীনত E-DRS/ অন্যান্য কৰ টাইল

প্ৰতিভূতি লেনদেন কৰ(0034)

TY 2026-27 আৰু তাৰ পিছৰ কৰ বৰ্ষসমূহৰ বাবে কৰ পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। অধিক তথ্যৰ বাবে ITNS 282N চাওক।

  • স্ব-মূল্যায়ন কৰ(300)
  • বকেয়া দাবী (400) আৰু
  • পণ্য লেনদেন কৰ(800)

বিবিধ প্ৰাপ্তি (0075)

TY 2026-27 আৰু তাৰ পিছৰ কৰ বৰ্ষসমূহৰ বাবে ধাৰা 379-ৰ অধীনত ই-DRS আঁচনি অনুসৰি বিবিধ প্ৰাপ্তি (800) পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক – ITNS 282N চাওক।

অন্যান্য কৰ (0028)

TY 2026-27 আৰু তাৰ পিছৰ কৰ বৰ্ষসমূহৰ বাবে তলত উল্লেখ কৰা কৰ পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক – ITNS 282N চাওক।

  • অগ্ৰিম কৰ (100)
  • স্ব-মূল্যায়ন কৰ (300)
  • বকেয়া দাবী (নিয়মিত মূল্যায়ন কৰ) (400)


STT/CTT/ধাৰা 379-ৰ অধীনত ই-DRS/অন্যান্য কৰ টাইলত অগ্ৰসৰ হওক বুটামত ক্লিক কৰিলে, ব্যৱহাৰকাৰীক প্ৰযোজ্য কৰৰ বিৱৰণ যোগ কৰক পৃষ্ঠালৈ লৈ যোৱা হ'ব। তাত প্ৰযোজ্য কৰ বৰ্ষ, মুখ্য হেড আৰু মাইনৰ হেড নিৰ্বাচন কৰি অগ্ৰসৰ হওক বুটামত ক্লিক কৰক।

Data responsiveData responsive

3.3.3 স্ব-মূল্যায়ন কৰৰ বাবে ব্লক মূল্যায়ন (311) আৰু ব্লক সময়ছোৱাৰ সন্ধান মূল্যায়নৰ ওপৰত কৰ হিচাপে দাবী পৰিশোধ (411)

টাইল

মুখ্য হেড

টাইলসমূহৰ বাবে প্ৰযোজ্য নিৰ্দেশনা আৰু (মাইনৰ হেড)

ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311)

আয়কৰ (কোম্পানীৰ বাহিৰে অন্যান্য) (0020) / নিগম কৰ (কোম্পানী লগইন) (0021)

TY 2020 আৰু তাৰ পিছৰ কৰ বৰ্ষসমূহৰ বাবে ব্লক মূল্যায়নৰ স্ব-মূল্যায়ন কৰ (311) পৰিশোধ কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক – ITNS 288N চাওক।

ব্লক সময়ছোৱাৰ সন্ধান মূল্যায়নৰ ওপৰত কৰ হিচাপে দাবী পৰিশোধ (411)

আয়কৰ (কোম্পানীৰ বাহিৰে অন্যান্য) (0020)/ নিগম কৰ (কোম্পানী লগইন) (0020)

TY 2020 আৰু তাৰ পিছৰ কৰ বৰ্ষসমূহৰ বাবে ব্লক সময়ছোৱাৰ দাবী পৰিশোধ (411) কৰিবলৈ এই বিকল্পটো নিৰ্বাচন কৰক। অধিক তথ্যৰ বাবে ITNS 288N চাওক।

ব্লক মূল্যায়নৰ বাবে স্ব-মূল্যায়ন কৰ (311) টাইলত অগ্ৰসৰ হওক বুটামত ক্লিক কৰিলে, ব্যৱহাৰকাৰীক প্ৰযোজ্য কৰৰ বিৱৰণ যোগ কৰক পৃষ্ঠালৈ লৈ যোৱা হ'ব। তাত ব্লক সময়সীমাৰ প্ৰাৰম্ভিক কৰ বৰ্ষ আৰু মাইনৰ হেড নিৰ্বাচন কৰি অগ্ৰসৰ হওক বুটামত ক্লিক কৰক।

Data responsiveData responsive

3.3.4 ফৰ্ম 141 টাইলৰ বাবে, অনুগ্ৰহ কৰি ফৰ্ম 141ৰ ব্যৱহাৰকাৰী নিৰ্দেশিকা [ধাৰা 393(1)-ৰ অধীনত কৰ কৰ্তনৰ চালান-সহ বিবৃতি] চাওক।

3.4 কৰ পৰিশোধ

3.4.1 ‘প্ৰযোজ্য কৰৰ বিৱৰণ যোগ কৰক’ / ‘প্ৰযোজ্য দাবীৰ বিৱৰণ যোগ কৰক’ পৃষ্ঠাত ( নিয়মিত মূল্যায়ন কৰ (400) হিচাপে দাবী পৰিশোধ টাইলৰ ক্ষেত্ৰত) অগ্ৰসৰ হওক বুটামত ক্লিক কৰিলে, ব্যৱহাৰকাৰীক ‘কৰ পৰিশোধৰ বিভাজিত বিৱৰণ যোগ কৰক’ পৃষ্ঠালৈ লৈ যোৱা হ'ব। ইয়াত কৰ পৰিশোধৰ মুঠ পৰিমাণৰ বিভাজিত বিৱৰণ প্ৰৱেশ কৰি অগ্ৰসৰ হওক বুটামত ক্লিক কৰক।

Data responsive

3.4.2 “কৰ বিভাজনৰ বিৱৰণ যোগ কৰক” পৃষ্ঠাত অব্যাহত ৰাখক বুটামত ক্লিক কৰাৰ পিছত, যি পদ্ধতিৰ জৰিয়তে পৰিশোধ কৰাৰ প্ৰস্তাৱ কৰা হৈছে সেই পৰিশোধ পদ্ধতি নিৰ্বাচন কৰক। (বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি “কেনেকৈ পৰিশোধ কৰিব” সম্পৰ্কে অধিক বিৱৰণৰ বাবে, অনুগ্ৰহ কৰি সংশ্লিষ্ট ব্যৱহাৰকাৰী মেনুৱেল চাওক।)

Data responsive

3.4.3"অব্যাহত ৰাখক"বুটামত ক্লিক কৰাৰ পিছত, ব্যৱহাৰকাৰীক পূৰ্বদৰ্শন আৰু পৰিশোধ কৰক পৃষ্ঠালৈ লৈ যোৱা হ'ব।

ইয়াত, ব্যৱহাৰকাৰীয়ে কৰিব পাৰে:

• পৰিশোধৰ সৈতে আগবাঢ়ি যোৱাৰ আগতে প্ৰৱেশ কৰা সকলো বিৱৰণ পূৰ্বদৰ্শন কৰক।

• যদি কোনো সংশোধনৰ প্ৰয়োজন হয়, তেন্তে ব্যৱহাৰকাৰীয়ে পিছলৈ গৈ তথ্যসমূহ আপডেট কৰিবলৈ “সম্পাদনা কৰক” বুটামত ক্লিক কৰিব পাৰে।

• যদি সকলো বিৱৰণ সঠিক হয়, তেন্তে ব্যৱহাৰকাৰীয়ে “এতিয়াই পৰিশোধ কৰক” বুটামত ক্লিক কৰিব পাৰে। ইয়াৰ পিছত লেনদেন সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰকাৰীক বেংকৰ পৰিশোধ পৃষ্ঠালৈ লৈ যোৱা হ'ব।

টোকা: সফলভাৱে পৰিশোধ সম্পূৰ্ণ হোৱাৰ পিছত, ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়ন কৰা ই-মেইল ID আৰু ম'বাইল নম্বৰত আপুনি এটা নিশ্চিতকৰণ ই-মেইল আৰু SMS লাভ কৰিব। পৰিশোধ সফল হোৱাৰ পিছত, ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে চালান ৰচিদ ডাউনলোড কৰিব পাৰিব। পৰিশোধৰ বিৱৰণ আৰু চালান ৰচিদো লগইন কৰাৰ পিছত ই-পৰিশোধ কৰ পৃষ্ঠাৰ পৰিশোধ ইতিহাস টেবত উপলব্ধ থাকিব।


3.5 চালান ফৰ্ম (CRN) সৃষ্টি কৰক (লগইন পূৰ্বে)

3.5.1 ই-ফাইলিং প'ৰ্টেললৈ যাওকwww.incometax.gov.inআৰু ই-পৰিশোধ কৰত ক্লিক কৰক।

Data responsive

3.5.2 ই-পৰিশোধ কৰ পৃষ্ঠাত প্ৰয়োজনীয় বিৱৰণসমূহ পূৰণ কৰক আৰু অব্যাহত ৰাখকত ক্লিক কৰক।

Data responsive

3.5.3 OTP সত্যাপনকৰণ পৃষ্ঠাত, পদক্ষেপ 2-ত প্ৰৱেশ কৰা ম'বাইল নম্বৰত লাভ কৰা 6-অংকৰ OTP প্ৰৱেশ কৰক আৰু অব্যাহত ৰাখকত ক্লিক কৰক।

Data responsive

3.5.4OTP সত্যাপনকৰণৰ পিছত, আপোনাৰ PAN আৰু আংশিকভাৱে গোপন কৰা নামৰ সৈতে এটা সফলতাৰ বাৰ্তা প্ৰদৰ্শিত হ'ব। আগবাঢ়িবলৈ অব্যাহত ৰাখকত ক্লিক কৰক।

Data responsive

3.5.5 ই-পৰিশোধ কৰ পৃষ্ঠাত, আপোনাৰ বাবে প্ৰযোজ্য কৰ পৰিশোধ শ্ৰেণীত আগবাঢ়কত ক্লিক কৰক।

• “আয়কৰ অধিনিয়ম 1961” ৰেডিঅ' বুটামটো নিৰ্বাচন কৰক, মূল্যায়ন বৰ্ষ 2026-27 লৈকে আৰু পূৰ্বৱৰ্তী বৰ্ষসমূহৰ বাবে, লগতে মূ.ব. 2026-27-ৰ স্ব-মূল্যায়ন কৰ পৰিশোধ কৰিবলৈ।

• TY 2026-27 আৰু পৰৱৰ্তী বৰ্ষসমূহৰ বাবে কৰ পৰিশোধ কৰিবলৈ “আয়কৰ অধিনিয়ম 2025” নিৰ্বাচন কৰক।

অনুগ্ৰহ কৰি মন কৰিব:- ক'লা ধন (ঘোষণা নকৰা বিদেশী আয় আৰু সম্পত্তি) আৰু কৰ আৰোপ অধিনিয়ম, 2015-ৰ সৈতে সম্পৰ্কিত কৰ পৰিশোধৰ বাবে অনুগ্ৰহ কৰি আয়কৰ অধিনিয়ম, 1961 নিৰ্বাচন কৰক।


3.5.6 আয়কৰ অধিনিয়ম, 1961 ৰেডিঅ' বুটাম নিৰ্বাচন কৰাৰ পিছত, তলত উল্লেখ কৰা টাইলসমূহ উপলব্ধ হ'ব:

Data responsive

3.5.7  আয়কৰ অধিনিয়ম, 2025 ৰেডিঅ' বুটাম নিৰ্বাচন কৰাৰ পিছত, তলত উল্লেখ কৰা টাইলসমূহ উপলব্ধ হ'ব:

Data responsive

টাইলসমূহৰ নিৰ্বাচনৰ পৰা পৰিশোধ প্ৰক্ৰিয়ালৈ পৰৱৰ্তী প্ৰক্ৰিয়াটো, লগইন কৰাৰ পিছৰ কাৰ্যক্ষমতাৰ বাবে ওপৰত উল্লেখ কৰা ধৰণেই একে থাকিব। (পদক্ষেপ 3.3.1 ৰ পৰা 3.4.3 লৈ চাওক।