1.ITNS 280N কি?

ITNS 280N হৈছে আয়কৰ অধিনিয়ম,2025-ৰ অধীনত বিভিন্ন ধৰণৰ আয়কৰ পৰিশোধৰ বাবে ব্যৱহৃত এখন চালান ফৰ্ম। সাধাৰণতে ইয়াক স্ব-মূল্যায়ন কৰ, অগ্ৰিম কৰ, নিয়মীয়া মূল্যায়নৰ ওপৰত কৰ,গৌণ সমন্বয় কৰ,সঞ্চিত সম্পত্তি কৰ, PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত হোৱা পলমৰ বাবে মাচুল, ধাৰা 429-ৰ অধীনত বিলম্ব মাচুল (ফৰ্ম 113 আৰু ফৰ্ম 114), আপীল মাচুল আৰু সমঝোতা মাচুল পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়।

2.ITNS 280N-ৰ অধীনত কোনবোৰ প্ৰধান শীৰ্ষ আৰু গৌণ শীৰ্ষ সামৰি লোৱা হৈছে?

ITNS 280N-ৰ অধীনত অন্তৰ্ভুক্ত প্ৰধান শীৰ্ষসমূহ হৈছে কৰ্প'ৰেচন কৰ (0020) আৰু আয়কৰ (কোম্পানীৰ বাহিৰে) (0021)। অন্তৰ্ভুক্ত গৌণ শীৰ্ষসমূহ হৈছে স্ব-মূল্যায়ন কৰ (300), অগ্ৰিম কৰ(100), নিয়মীয়া মূল্যায়নৰ ওপৰত কৰ (400), গৌণ সমন্বয় কৰ (110), সঞ্চিত সম্পত্তি কৰ (111), PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত হোৱা পলমৰ বাবে মাচুল (500), ধাৰা 429-ৰ অধীনত বিলম্ব মাচুল (ফৰ্ম 113 আৰু ফৰ্ম 114) (500), আপীল মাচুল (500) আৰু সমঝোতা মাচুল (500)।

3.আয়কৰ পৰিশোধ কৰিবলৈ ITNS 280N ক'ত লাভ কৰিব পাৰি?

ল'গইন কৰাৰ পিছত, ITNS 280N-লৈ ই-ফাইল → ই-কৰ পৰিশোধ → প্ৰযোজ্য আয়কৰ আইন নিৰ্বাচন কৰক →নতুন পৰিশোধ → আয়কৰ/কৰ্প'ৰেচন কৰ টাইল অথবা নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400)টাইলৰ জৰিয়তে যাব পাৰি। লগইন নকৰাকৈ, ডেশ্বব'ৰ্ড → ই-কৰ পৰিশোধ (দ্ৰুত সংযোগ)→ প্ৰযোজ্য আয়কৰ আইন নিৰ্বাচন কৰক → PAN আৰু মোবাইল নম্বৰ প্ৰৱেশ পৃষ্ঠা → OTP সত্যাপনকৰণ → আয়কৰ/কৰ্প'ৰেচন কৰ টাইল অথবানিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400) টাইলৰ জৰিয়তে ITNS 280N-লৈ যাব পাৰি।

4. গৌণ শীৰ্ষ 500-ৰ অধীনত কি কি পৰিশোধ কৰিব পাৰি?

গৌণ শীৰ্ষ 500-ৰ অধীনত PAN-ৰ সৈতে আধাৰ সংযোগত বিলম্ব হোৱাৰ বাবে প্ৰযোজ্য মাচুল, ধাৰা 429-ৰ অধীনত বিলম্ব মাচুল (ফৰ্ম 113 আৰু ফৰ্ম 114),আপীল মাচুল আৰু আপোচৰ জৰিয়তে গোচৰ নিষ্পত্তিৰ মাচুল পৰিশোধ কৰিব পাৰি।

5. গৌণ শীৰ্ষ 500-ৰ অধীনত যিকোনো পৰিশোধ জমা দিবলৈ কৰৰ বিভাজনৰ বিৱৰণত কোনটো ফিল্ড ব্যৱহাৰ কৰিব লাগে?

আপীল মাচুল, ধাৰা 429-ৰ অধীনত বিলম্ব মাচুল, PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত হোৱা পলমৰ বাবে মাচুল আৰু সমঝোতা মাচুল জমা দিবলৈ পৰিশোধৰ প্ৰকাৰৰ অধীনত "অন্যান্য প্ৰাপ্তিসমূহ"(500) গৌণ শীৰ্ষ নিৰ্বাচন কৰিব লাগিব। তাৰ পিছত কৰৰ বিভাজনৰ বিৱৰণ পৰ্দাত থকা "অন্যান্য" ফিল্ডত পৰিশোধ কৰিবলগীয়া পৰিমাণ উল্লেখ কৰিব লাগিব।

6. PAN-ৰ সৈতে আধাৰ সংযোগ কৰাৰ বাবে মই কেনেকৈ পৰিশোধ কৰিব পাৰোঁ?

PAN-ৰ সৈতে আধাৰ সংযোগ কৰাৰ বাবে পৰিশোধ কৰিবলৈ ই-ফাইল → ই-কৰ পৰিশোধ → প্ৰযোজ্য আয়কৰ আইন নিৰ্বাচন কৰক → আয়কৰ অধিনিয়ম, 2025 → নতুন পৰিশোধ → আয়কৰ → পৰিশোধৰ প্ৰকাৰ (গৌণ শীৰ্ষ) → অন্যান্য প্ৰাপ্তিসমূহ (500) → পৰিশোধৰ উপ-প্ৰকাৰ → PAN-ৰ সৈতে আধাৰ সংযোগ কৰাত হোৱা পলমৰ বাবে মাচুললৈ ক্ৰমে আগবাঢ়ক।

7.মই সফলতাৰে পৰিশোধ কৰিছোঁ। BSR কোড বা চালান ক্ৰমিক নম্বৰ মই ক'ৰ পৰা লাভ কৰিব পাৰোঁ?

7 অংকৰ BSR কোড,পৰিশোধৰ তাৰিখ আৰু চালান ক্ৰমিক নম্বৰ ই-ফাইলিং প'ৰ্টেলত লগইন কৰাৰ পিছত ই-কৰ পৰিশোধ → পৰিশোধৰ ইতিহাস → কাৰ্যসমূহ → বিৱৰণসমূহ চাওকলৈ গৈ লাভ কৰিব পাৰি।

8. একেটা চালান (ITNS 280N) ব্যৱহাৰ কৰি একাধিক গৌণ শীৰ্ষসমূহৰ অধীনত পৰিশোধ কৰিব পাৰিনে?

নোৱাৰে। প্ৰতিটো গৌণ শীৰ্ষৰ অধীনত পৰিশোধৰ বাবে পৃথক চালান ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে,স্ব-মূল্যায়ন কৰ আৰু অগ্ৰিম কৰ পৰিশোধৰ বাবে পৃথক চালানৰ প্ৰয়োজন হয়।

9.PAN ল'গইনৰ জৰিয়তে নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400) কেনেকৈ কৰিব পাৰি?

PAN ল'গইনৰ জৰিয়তে নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400),দাবী সন্দৰ্ভ নম্বৰ (DRN) থাকক বা নাথাকক, দুয়ো ক্ষেত্ৰতে কৰিব পাৰি। DRN অবিহনে পৰিশোধ ল’গইন কৰাৰ আগত অথবা ল'গইন কৰাৰ পিছত ই-ফাইল → ই-কৰ পৰিশোধ → আয়কৰ অধিনিয়ম → নতুন পৰিশোধ → নিয়মীয়া মূল্যায়ন কৰ হিচাপে দাবী পৰিশোধ (400)-লৈ গৈ কৰিব পাৰি।DRN-সহ পৰিশোধৰ ক্ষেত্ৰত প্ৰথমে PAN ব্যৱহাৰ কৰি ল’গইন কৰিব লাগিব। তাৰ পিছত একেই পথ অনুসৰণ কৰি DRN ব্যৱহাৰ কৰি পৰিশোধ সম্পূৰ্ণ কৰিব পাৰি।

10. DRN-সহ আৰু DRN অবিহনে পৰিশোধ কৰাৰ প্ৰক্ৰিয়াত কোনো পাৰ্থক্য আছেনে?

হয়। DRN-সহ পৰিশোধ কৰাৰ ক্ষেত্ৰত DRN বিকল্প নিৰ্বাচন কৰিলেই DRN-সম্পৰ্কীয় সকলো বিৱৰণ স্বয়ংক্ৰিয়ভাৱে আহৰণ কৰা হয় আৰু ব্যৱহাৰকাৰীক পোনপটীয়াকৈ পৰিশোধ পৃষ্ঠালৈ লৈ যোৱা হয়। এই সুবিধা কেৱল PAN লগইন কৰাৰ পিছতহে উপলব্ধ।DRN অবিহনে পৰিশোধ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীয়ে পৰ্দাত প্ৰদৰ্শিত হাইপাৰলিংকত ক্লিক কৰি (লগইন → দাবী টাইল → আগবাঢ়িবলৈ লিংক পথ অনুসৰণ কৰিব লাগিব।) এই সুবিধা লগইন কৰাৰ আগত আৰু লগইন কৰাৰ পিছত, উভয় অৱস্থাত উপলব্ধ।

11.ই-ফাইলিং প'ৰ্টেলত DRN ব্যৱহাৰ কৰি দাবী পৰিশোধ কেনেকৈ কৰিব পাৰি?

প্ৰযোজ্য বৰ্ষসমূহৰ বাবে পৰিশোধ পৰ্দাত উপলব্ধ DRN ৰেডিঅ' বুটাম নিৰ্বাচন কৰি DRN ব্যৱহাৰ কৰি দাবী পৰিশোধ কৰিব পাৰি। ইয়াৰ পিছত প্ৰণালীয়ে স্বয়ংক্ৰিয়ভাৱে DRN-সম্পৰ্কীয় বিৱৰণ আহৰণ কৰি ব্যৱহাৰকাৰীক পৰিশোধ পৃষ্ঠালৈ লৈ যায়, য'ত পৰিশোধৰ লেনদেন সম্পূৰ্ণ কৰিব পাৰি।

12. মোৰ ওচৰত DRN নাই। মই দাবী পৰিশোধ কেনেকৈ কৰিব পাৰোঁ?

যদি DRN উপলব্ধ নাথাকে, তেতিয়াও পৰিশোধ পৰ্দাত প্ৰদৰ্শিত হাইপাৰলিংকত ক্লিক কৰি ল'গইন → দাবী টাইল → লিংক পথ অনুসৰণ কৰি দাবী পৰিশোধ কৰিব পাৰি। ইয়াৰ ফলত ব্যৱহাৰকাৰীক উপযুক্ত পৃষ্ঠালৈ লৈ যোৱা হয়, য'ত পৰৱৰ্তী পদক্ষেপসমূহ অনুসৰণ কৰি পৰিশোধ সম্পূৰ্ণ কৰিব পাৰি।