1. আয়কৰ আইন, 1961-ৰ ঠাইত আয়কৰ আইন, 2025 প্ৰৱৰ্তন কৰাৰ মূল উদ্দেশ্য কি?
আয়কৰ আইন, 2025 অধিক সৰল, সুসংগঠিত আৰু আধুনিক কৰ ব্যৱস্থা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰণয়ন কৰা হৈছে, যাতে অনুগত্য অনুপালনৰ বোজা হ্ৰাস পায়, বিধানসমূহ একত্ৰিত হয় আৰু সংজ্ঞাসমূহ স্পষ্টভাৱে উপস্থাপন কৰা হয়। ছয় দশকৰো অধিক সময় ধৰি আয়কৰ আইন, 1961-ত অসংখ্য সংশোধনী, উপধাৰা আৰু ব্যাখ্যা সংযোজিত হোৱাৰ ফলত ই জটিল হৈ পৰিছিল আৰু বুজিবলৈ কঠিন হৈছিল।নতুন আইনখনৰ উদ্দেশ্য হৈছে একেই কৰ নীতি অধিক যুক্তিসংগত, সহজে বুজিব পৰা আৰু পাঠকসুলভ ৰূপত উপস্থাপন কৰা। ইয়াৰ উপৰিও, এই আইনখনে কৰদাতা-কেন্দ্ৰিক দৃষ্টিভংগীক অধিক শক্তিশালী কৰে, অনুপালন সহজ কৰি তোলে, ব্যৱসায় চলোৱাত সুবিধা বৃদ্ধি কৰে আৰু ভাৰতৰ কৰ ব্যৱস্থাক সমসাময়িক বৈশ্বিক মানদণ্ডৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰি তোলে।
2. আয়কৰ আইন, 2025-এ আয়কৰ আইন, 1961 সম্পূৰ্ণৰূপে প্ৰতিস্থাপন কৰে নেকি?
হয়। 1961 আইনখন 01.04.2026 তাৰিখে বাতিল কৰা হৈছে। কিন্তু, কিছুমান অন্তৱৰ্তীকালীন বিধানত উল্লেখ কৰা হৈছে যে, অমীমাংসিত বিষয়সমূহত কোনো ব্যাঘাত নঘটিবলৈ আৰু নতুন আইনলৈ মসৃণভাৱে পৰিৱৰ্তন নিশ্চিত কৰিবলৈ পুৰণি আয়কৰ আইন, 1961-ৰ অধীনত চলি থকা কাৰ্যবিধিসমূহ অব্যাহত থাকিব।
3. আয়কৰ আইন, 2025-এ নতুন কৰ প্ৰৱৰ্তন কৰিছে নে কৰৰ বোজা বৃদ্ধি কৰিছে?
নাই। আয়কৰ আইন, 2025-এ কোনো নতুন কৰ আৰোপ নকৰে। পুৰণি আইনখনৰ ঠাইত নতুন আইন প্ৰৱৰ্তনৰ উদ্দেশ্য হৈছে:
• বিধিগত ভাষা সৰল কৰা
• গাঁথনিৰ স্পষ্টতা উন্নত কৰা
• ব্যাখ্যাগত বিতৰ্ক হ্ৰাস কৰা
• আধুনিক বিধানগত মানদণ্ডৰ সৈতে খচৰা প্ৰস্তুতিৰ শৈলী সমন্বয় কৰা
• স্বেচ্ছামূলক অনুপালন বৃদ্ধি কৰা
এই সংস্কাৰৰ লক্ষ্য হৈছে কৰ আইনক অধিক পূৰ্বানুমানযোগ্য, স্বচ্ছ আৰু সহজে পালন কৰিব পৰা কৰি তোলা; কৰদাতাসকলৰ ওপৰত আৰ্থিক বা অনুপালনৰ বোজা বৃদ্ধি কৰা নহয়।
4. এজন সৰু কৰদাতা হিচাপে এই পৰিৱৰ্তনে মোক কেনেদৰে সহায় কৰে?
এই আইনখনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে ইয়াৰ সহজপাঠ্যতা আৰু সহজে বুজিব পৰা গঠন। আয়কৰ আইন, 1961-ৰ অধীনত বহুস্তৰীয় খচৰা প্ৰণয়নৰ বাবে বিধানসমূহ বুজিবলৈ আৰু পালন কৰিবলৈ প্ৰায়ে বিশেষজ্ঞৰ ব্যাখ্যাৰ প্ৰয়োজন হৈছিল। আয়কৰ আইন, 2025-ৰ লক্ষ্য হৈছে—
• অধিক সৰল ভাষা ব্যৱহাৰ কৰা
• অতিৰিক্ত পাৰস্পৰিক উল্লেখ হ্ৰাস কৰা
• বিক্ষিপ্তভাৱে থকা বিধানসমূহ একত্ৰিত কৰা
• ডিজিটেল সমন্বয় উন্নত কৰা
দীৰ্ঘম্যাদী লক্ষ্য হৈছে অনুপালন সম্পৰ্কীয় জটিলতা আৰু বাধাসমূহ হ্ৰাস কৰা, লগতে জটিল ব্যাখ্যাৰ ওপৰত নিৰ্ভৰশীলতা কমোৱা।
5. নতুন আইনখনত আইনখনৰ পৰিসৰ আৰু জটিলতাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন হৈছে?
আয়কৰ আইন, 2025-ত 1961 আইনৰ 819টা ধাৰা আৰু 14খন অনুসূচীৰ তুলনাত 536টা ধাৰা আৰু 16খন অনুসূচী আছে। নতুন আইনখনত সামগ্ৰিক জটিলতা হ্ৰাস কৰা হৈছে, কাৰণ:
(i) ব্যাখ্যা আৰু ব্যতিক্ৰম ধাৰাসমূহৰ মূল পাঠত অন্তৰ্ভুক্ত কৰা হৈছে;
(ii) দীঘলীয়া বৰ্ণনামূলক বিধানৰ পৰিৱৰ্তে তালিকা আৰু সূত্ৰ ব্যৱহাৰ কৰা হৈছে;
(iii) অপ্ৰয়োজনীয় আৰু অপ্ৰচলিত বিধানসমূহ আঁতৰোৱা হৈছে; আৰু
(iv) পাৰস্পৰিক উল্লেখসমূহ অধিক স্পষ্ট আৰু অধিক প্ৰত্যক্ষ কৰা হৈছে। একেদৰে, আয়কৰ বিধিসমূহো 511টা বিধি আৰু 399টা ফৰ্মৰ পৰা হ্ৰাস কৰি 333টা বিধি আৰু 190টা ফৰ্মলৈ অনা হৈছে।
6. আয়কৰ আইন, 2025-ত অধ্যায়সমূহৰ গাঁথনি পুনৰ সংগঠিত কৰা হৈছে নেকি?
হয়। আয়কৰ আইন, 2025-এ আয়কৰ আইন, 1961-ৰ তুলনাত অধ্যায়সমূহৰ গঠন পুনৰ সংগঠিত কৰিছে। ইয়াত বিধানসমূহ অধিক যুক্তিসংগত ক্ৰমত সজোৱা হৈছে, ভাষা সৰল কৰা হৈছে আৰু উপধাৰা আৰু ব্যাখ্যাসমূহক মূল পাঠৰ সৈতে একত্ৰিত কৰা হৈছে। আয়কৰ আইন, 1961-ত বহু দশক ধৰি হোৱা সংশোধনীৰ ফলত অধ্যায়সমূহৰ গঠন খণ্ড-বিখণ্ড আৰু জটিল হৈ পৰিছিল। বিপৰীতে, আয়কৰ আইন, 2025-এ অধিক পৰিষ্কাৰ, সুসংগঠিত আৰু সঙ্গতিপূৰ্ণ গঠন উপস্থাপন কৰিছে।
7. যিহেতু আয়কৰ আইন, 1961 বাতিল কৰা হৈছে আৰু 01.04.2026-ৰ পৰা নতুন আয়কৰ আইন কাৰ্যকৰী হ'ব, সেয়েহে পুৰণি আইনৰ অধীনত কৰা সকলো কাৰ্য অবৈধ হৈ পৰিব নেকি?
নাই। আয়কৰ আইন, 1961 বাতিল হোৱাৰ ফলত 1 এপ্ৰিল, 2026-ৰ পূৰ্বৰ কৰ বৰ্ষসমূহৰ সৈতে জড়িত কোনো বিষয় প্ৰভাৱিত নহ'ব। উদাহৰণস্বৰূপে, যদি কোনো কৰদাতাৰ 2023-24 মূল্যায়ন বৰ্ষৰ মূল্যায়ন পুৰণি আইনৰ অধীনত সম্পূৰ্ণ কৰা হৈছিল, তেন্তে নতুন আইন কাৰ্যকৰী হোৱাৰ পিছতো সেই মূল্যায়ন বৈধ হৈ থাকিব। একেদৰে, পূৰ্বৰ বৰ্ষসমূহৰ সৈতে সম্পৰ্কিত যিকোনো বিচাৰাধীন কাৰ্যবাহীও প্ৰযোজ্য পৰিৱৰ্তনকালীন বিধান অনুসৰি অব্যাহত থাকিব।
8. আয়কৰ আইন, 2025-ত 'আয়কৰ আৰোপৰ ভিত্তি' সম্পৰ্কে কোনো পৰিৱৰ্তন হৈছে নেকি?
আয়কৰ আইন, 2025-ত কৰ আৰোপ সম্পৰ্কীয় বিধানসমূহ অধিক সৰল কৰা হৈছে। আয়কৰ আইন, 1961-ৰ অধীনত, কোনো ব্যক্তিৰ ‘পূৰ্বৱৰ্তী বৰ্ষ’ৰ ‘মুঠ আয়’ৰ ওপৰত আয়কৰ আৰোপ কৰা হয়। ইয়াৰ উপৰিও, যিকোনো ‘মূল্যায়ন বৰ্ষ’ৰ বাবে কোনো কেন্দ্ৰীয় আইনৰ দ্বাৰা নিৰ্ধাৰিত হাৰ বা হাৰসমূহ অনুসৰি, আৰু আয়কৰ আইন, 1961-ৰ বিধানসমূহৰ অধীনত আয়কৰ আৰোপ কৰা হয়। আনহাতে, আয়কৰ আইন, 2025-ত ‘পূৰ্বৱৰ্তী বৰ্ষ’ শব্দৰ সলনি ‘কৰ বৰ্ষ’ শব্দ ব্যৱহাৰ কৰা হৈছে। লগতে, ‘মূল্যায়ন বৰ্ষ’ শব্দৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। এতিয়া, কোনো ব্যক্তিৰ ‘কৰ বৰ্ষ’ৰ ‘মুঠ আয়’ৰ ওপৰত, সেই কৰ বৰ্ষৰ বাবে কোনো কেন্দ্ৰীয় আইনৰ দ্বাৰা নিৰ্ধাৰিত হাৰ বা হাৰসমূহ অনুসৰি, আৰু আয়কৰ আইন, 2025-ৰ বিধানসমূহৰ অধীনত আয়কৰ আৰোপ কৰা হয়।
9. "কৰ বৰ্ষ"ৰ ধাৰণা কি, আৰু "মূল্যায়ন বৰ্ষ" (মূ.ব.)-ৰ ধাৰণা বাতিল কৰাৰ পিছত আয়ৰ মূল্যায়ন কেনেদৰে কৰা হ'ব?
‘কৰ বৰ্ষ’ হৈছে এক বাৰ্ষিক 12 মাহৰ সময়কাল, যি এখন বিত্তীয় বৰ্ষৰ ভিতৰত অন্তর্ভুক্ত থাকে। ই আয়কৰ আইন, 1961-ত ব্যৱহৃত ‘পূৰ্বৱৰ্তী বৰ্ষ’ শব্দৰ স্থান গ্ৰহণ কৰে। ‘কৰ বৰ্ষ’ ধাৰণাটো 01 এপ্ৰিল 2026ৰ পৰা প্ৰযোজ্য হ’ব, অৰ্থাৎ বিত্তীয় বৰ্ষ 2026–27ত উপাৰ্জিত আয়ৰ ক্ষেত্ৰত ই প্ৰযোজ্য হ’ব আৰু ইয়াক আয়কৰ আইন, 2015-ৰ অধীনত কৰ বৰ্ষ 2026–27 বুলি অভিহিত কৰা হ’ব। সহজভাৱে ক’বলৈ গ’লে, নতুন আইনৰ অধীনত ‘কৰ বৰ্ষ’ৰ ধাৰণাটো পুৰণি আয়কৰ আইন, 1961-ৰ ‘পূৰ্বৱৰ্তী বৰ্ষ’ৰ ধাৰণাৰ সমতুল্য। সেই অনুসৰি, কোনো কৰ বৰ্ষৰ আয় সেই কৰ বৰ্ষ শেষ হোৱাৰ পিছত মূল্যায়ন কৰা হয়, যিদৰে বিদ্যমান ব্যৱস্থাত আয়কৰ আইন, 1961-ৰ অধীনত পূৰ্বৱৰ্তী বৰ্ষৰ আয় সেই বৰ্ষ শেষ হোৱাৰ পিছত মূল্যায়ন কৰা হয়। ‘পূৰ্বৱৰ্তী বৰ্ষ’ আৰু ‘মূল্যায়ন বৰ্ষ’ শব্দদ্বয়ৰ ব্যৱহাৰে কৰদাতাসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছিল, কাৰণ ইহঁতে দুটা পৃথক বিত্তীয় বৰ্ষক সূচাইছিল। কৰ বৰ্ষক পূৰ্বৱৰ্তী বৰ্ষ/বিত্তীয় বৰ্ষৰ সৈতে সামঞ্জস্য কৰা এই পদক্ষেপে আয়কৰ আইন, 1961-ত থকা দ্বৈত বৰ্ষৰ উল্লেখৰ ফলত সৃষ্টি হোৱা বিভ্ৰান্তি দূৰ কৰিছে।
10. ‘কৰ বৰ্ষ’ কোনো ‘বিত্তীয় বৰ্ষ’ তকৈ কম সময়ৰ হ’ব পাৰে নেকি?
হয়। এনে পৰিস্থিতি তেতিয়া হ'ব, যেতিয়া কোনো ব্যৱসায় কোনো বিত্তীয় বৰ্ষৰ মাজভাগত নতুনকৈ স্থাপন কৰা হয় বা কোনো বিত্তীয় বৰ্ষৰ মাজভাগত আয়ৰ কোনো উৎসৰ সৃষ্টি হয়। এনে ক্ষেত্ৰত, কৰ বৰ্ষ ব্যৱসায় স্থাপনৰ তাৰিখ বা আয়ৰ উৎসৰ সৃষ্টি হোৱা তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু সেই বিত্তীয় বৰ্ষৰ অন্তিম দিনত শেষ হ'ব। উদাহৰণস্বৰূপে, যদি 1 ডিচেম্বৰ 2026 তাৰিখে এটা ব্যৱসায় স্থাপন কৰা হয়, তেন্তে সেই ব্যৱসায়ৰ কৰ বৰ্ষ 1 ডিচেম্বৰ 2026-ৰ পৰা 31 মাৰ্চ 2027-লৈ হ'ব।
11. যেতিয়া আয়কৰ আইন, 2025 ত 2025 চনৰ ১ এপ্ৰিল বা তাৰ আগৰ পৰা আৰম্ভ হোৱা "কৰ বৰ্ষ"ৰ কথা কোৱা হৈছে, তেতিয়া সেইটো কেনেকৈ বুজিব লাগে?
আয়কৰ আইন, 2025-ৰ ধাৰা 536(3)-ত উল্লেখ কৰা হৈছে যে যিকোনো কৰ বৰ্ষৰ উল্লেখক পুৰণি আইনৰ অধীনত থকা সংশ্লিষ্ট ‘পূৰ্বৱৰ্তী বৰ্ষ’ৰ উল্লেখ হিচাপে গণ্য কৰা হ’ব। এই বিধানটো এটা অন্তৱৰ্তীকালীন বিধান আৰু ই সেই বৰ্ষসমূহৰ কৰ-ব্যৱস্থাত কোনো পৰিৱৰ্তন নানে। উদাহৰণ: যদি নতুন আইনৰ অধীনত ‘কৰ বৰ্ষ 2024–25’ বুলি উল্লেখ কৰা হয়, তেন্তে ই পুৰণি আইনৰ অধীনত থকা ‘পূৰ্বৱৰ্তী বৰ্ষ 2024–25’-ৰ সমতুল্য, যি পুনৰ মূল্যায়ন বৰ্ষ 2025–26ৰ সৈতে মিল খায়।
12. ‘কৰ বৰ্ষ’ৰ ধাৰণা প্ৰৱৰ্তনৰ ফলত ব্যৱসায়সমূহে তেওঁলোকৰ হিচাপ-নিকাচৰ সময়সীমা সলনি কৰাৰ প্ৰয়োজন আছে নেকি?
নাই। যিহেতু কৰ বৰ্ষ বিত্তীয় বৰ্ষৰ সৈতে সামঞ্জস্যপূৰ্ণ, সেয়েহে ব্যৱসায় বা অন্যান্য কৰদাতাসকলৰ বাবে হিচাপ-নিকাচৰ বৰ্ষ বা বিত্তীয় বিবৃতিসমূহত কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই।
13. আয়কৰ আইন, 2025-ৰ অধীনত স্থায়ী একাউণ্ট নম্বৰ (PAN), কৰ কৰ্তন একাউণ্ট নম্বৰ (TAN), মুখহীন কাৰ্যবাহী আদি বৰ্তমানৰ প্ৰশাসনিক ব্যৱস্থাসমূহ অব্যাহত থাকিব নেকি?
হয়। বৰ্তমানৰ স্থায়ী একাউণ্ট নম্বৰ, কৰ কৰ্তন একাউণ্ট নম্বৰ (TAN), মুখহীন মূল্যায়ন, মুখহীন আপীল ব্যৱস্থা আদি আয়কৰ আইন, 2025-ৰ অধীনতো অব্যাহত থাকিব।
14. আয়কৰ আইন, 2025-এ আয়কৰ আইন, 1961-ৰ পৰা ধাৰাবাহিকতা আৰু সুশৃঙ্খল পৰিৱৰ্তন কেনেদৰে নিশ্চিত কৰে?
কৰ আইন কেৱল বাৰ্ষিক সীমাৰ ভিতৰত কঠোৰভাৱে কাৰ্যকৰ নহয়। কিছুমান পালনীয় দায়িত্ব যেনে TDS, TCS, অগ্ৰিম কৰ পৰিশোধ আদি বিত্তীয় বৰ্ষৰ ভিতৰতে সম্পন্ন হয়, কিন্তু আন কিছুমান—যেনে ৰিটাৰ্ণ দাখিল, মূল্যায়ন, পুনঃমূল্যায়ন, আপীল, জৰিমনা আৰু ৰিফাণ্ড—বহু ক্ষেত্ৰত সেই বছৰৰ বহু পিছলৈকে চলি থাকে, কেতবোৰ ক্ষেত্ৰত বহু বছৰ ধৰি চলি থাকিব পাৰে। সেয়েহে, যেতিয়া এটা নতুন কৰ আইন প্ৰৱৰ্তিত হয়, তেতিয়া পুৰণি আৰু নতুন আইন এক পৰিৱৰ্তনকালৰ সময়ছোৱাত একেলগে কাৰ্যকৰ হৈ থাকিব লাগে। 2025 চনৰ আয়কৰ আইনে এই বাস্তৱ পৰিস্থিতিক স্বীকাৰ কৰি ধাৰা 536, অৰ্থাৎ বাতিল আৰু সংৰক্ষণ দফাৰ জৰিয়তে এই পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰে। 2025 চনৰ আয়কৰ আইনৰ ধাৰা 536:• বিভিন্ন পৰিৱৰ্তনকালীন পৰিস্থিতি সামৰি 22টা দফা অন্তৰ্ভুক্ত কৰিছে।• পুৰণি কৰ ব্যৱস্থা আগৰ বছৰসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ থকাটো নিশ্চিত কৰে।• দুয়োটা আইনৰ শব্দাৱলী একে ৰূপত সংহত কৰে।• আইনখন আধুনিকীকৰণ কৰাৰ লগতে ইতিমধ্যে স্থাপন হোৱা আইনী স্থিতিসমূহ অস্থিৰ নকৰাকৈ ৰাখে।
15. এনে কিছুমান পৰিস্থিতি বা অৱস্থা থাকিব পাৰে যিবোৰ ধাৰা 536-ত উল্লেখ কৰা নিৰ্দিষ্ট সুৰক্ষা বিধানসমূহে প্ৰত্যক্ষভাৱে সামৰি নলয়। এনে ক্ষেত্ৰত, এই ধৰণৰ বিষয়সমূহ পৰিচালনা কৰোঁতে যাতে কোনো অনিচ্ছাকৃত শূন্যতা সৃষ্টি নহয়, সেয়া আইনখনে কেনেদৰে নিশ্চিত কৰে?
ধাৰা 536ৰ উপ-ধাৰা (2) সাধাৰণতে যিমান পাৰি অস্পষ্টতা কম ৰাখিবলৈ গঠন কৰা হৈছে। তথাপিও, আয়কৰ আইন, 2025ৰ ধাৰা 536ৰ উপ-ধাৰা (2)ত স্পষ্টভাৱে অন্তৰ্ভুক্ত নোহোৱা কোনো অনিশ্চিত বা অদৃষ্টপূৰ্ব পৰিস্থিতি সামৰি ল’বলৈ উপ-ধাৰা (4)ত উল্লেখ কৰা হৈছে যে 1961 চনৰ আইনৰ বাতিলৰ প্ৰভাৱৰ ক্ষেত্ৰত সাধাৰণ ধাৰা আইন, 1897ৰ ধাৰা 6 প্ৰযোজ্য হ’ব। এই ব্যৱস্থাই কেৱল স্পষ্টভাৱে উল্লেখ কৰা বিষয়সমূহেই নহয়, তাৰ বাহিৰেও অধিকাৰ আৰু দায়িত্বসমূহ সংৰক্ষণ কৰে। ইতিমধ্যে স্থাপিত অধিকাৰ আৰু দায়িত্ব সুৰক্ষিত কৰা বিস্তৃত নীতিসমূহ প্ৰয়োগ কৰি, এই ব্যৱস্থাই নিশ্চিত কৰে যে অদৃষ্টপূৰ্ব বা অপ্ৰত্যাশিত পৰিস্থিতিসমূহো অন্তৰ্ভুক্ত হৈ থাকে।
16. যদি কোনো ব্যক্তিৰ পুৰণি আইনৰ অধীনত কোনো অধিকাৰ বা সুবিধা আছিল, তেন্তে 01.04.2026-ৰ পৰা নতুন আইন কাৰ্যকৰী হোৱাৰ পিছত সেই অধিকাৰ বা সুবিধা বিলুপ্ত হৈ যাব নেকি?
নাই। পুৰণি আইনৰ অধীনত উদ্ভৱ হোৱা অধিকাৰ, সুবিধা, বাধ্যবাধকতা বা দায়বদ্ধতাসমূহ অব্যাহত থাকিব। উদাহৰণস্বৰূপে, যদি কোনো কৰদাতাই নতুন আইন কাৰ্যকৰী হোৱাৰ পূৰ্বৰ যিকোনো কৰ বৰ্ষৰ বাবে পুৰণি আইনৰ অধীনত ধন ঘূৰাই পোৱাৰ অধিকাৰী আছিল, তেন্তে নতুন আইন কাৰ্যকৰী হোৱাৰ পিছতো তেওঁ সেই ধন ঘূৰাই পোৱাৰ অধিকাৰী হৈ থাকিব।
17. নতুন আয়কৰ আইন কাৰ্যকৰী হোৱাৰ পিছত আয়কৰ আইন, 1961-ৰ অধীনত চলি থকা বিচাৰাধীন কাৰ্যবাহী আৰু জাৰি কৰা জাননীসমূহক কেনেদৰে বিবেচনা কৰা হ'ব?
নতুন আইনৰ ধাৰা 536(2)(c)ত উল্লেখ কৰা হৈছে যে বাতিল কৰা আয়কৰ আইনৰ বিধানসমূহে সেই সকলো চলি থকা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ থাকিব, যিবোৰ এই নতুন আইন আৰম্ভ হোৱাৰ দিনত অসমাপ্ত হৈ আছে। লগতে, 2026 চনৰ 1 এপ্ৰিলৰ পৰা বা তাৰ পিছত আৰম্ভ হোৱা যিকোনো প্ৰক্ৰিয়া—যেনে জাননী, মূল্যায়ন, পুনঃমূল্যায়ন, পুনঃগণনা, সংশোধন, জৰিমনা, ৰেফাৰেন্স, পুনঃবিবেচনা আৰু আপীল আদি—যদি সেইবোৰ 2026 চনৰ 1 এপ্ৰিলৰ আগতে আৰম্ভ হোৱা যিকোনো কৰ বছৰৰ সৈতে জড়িত হয়, তেন্তে সেই ক্ষেত্ৰতো পুৰণি আইনৰ বিধানসমূহেই প্ৰযোজ্য হ’ব। এই প্ৰক্ৰিয়াসমূহ পুৰণি আইনৰ নিৰ্ধাৰিত পদ্ধতি অনুসৰিয়েই সম্পন্ন কৰা হ’ব। উদাহৰণস্বৰূপে, যদি মূল্যায়ন বিষয়ায়ে নতুন আইন প্ৰৱৰ্তনৰ আগতে 2024–25 মূল্যায়ন বছৰৰ বাবে কোনো কৰদাতাৰ আয়ৰ মূল্যায়ন আৰম্ভ কৰে, তেন্তে সেই সম্পূৰ্ণ মূল্যায়ন আৰু সংশ্লিষ্ট সকলো প্ৰক্ৰিয়া পুৰণি আয়কৰ আইনৰ বিধান অনুসৰিয়েই সম্পন্ন কৰা হ’ব।
18. নতুন আয়কৰ আইনখনৰ অধীনত পুৰণি অনুমোদনসমূহ, পঞ্জীয়নসমূহ আৰু স্বীকৃতিসমূহ এতিয়াও বৈধ হৈ থাকিব নেকি?
হয়। যদি এনে অনুমোদনসমূহ নতুন আইনৰ বিধানসমূহৰ সৈতে অসামঞ্জস্যপূৰ্ণ নহয়, তেন্তে সেইসমূহক নতুন আইনৰ অধীনতেই প্ৰদান কৰা বুলি গণ্য কৰা হ'ব। উদাহৰণস্বৰূপে, পুৰণি আইনৰ অধীনত স্বীকৃতি লাভ কৰা কোনো জনহিতৈষী ন্যাসক নতুন আইনৰ সংশ্লিষ্ট বিধানৰ অধীনত স্বীকৃতি লাভ কৰা বুলি গণ্য কৰা হ'ব, যদিহে সেয়া নতুন আইনৰ বিধানসমূহৰ সৈতে সাংঘর্ষিক নহয়।
19. নতুন আইন কাৰ্যকৰী হোৱাৰ পিছতো কৰ বিভাগে জাৰি কৰা পুৰণি পৰিপত্ৰসমূহ , নিৰ্দেশনাসমূহ আৰু অধিসূচনাসমূহ অব্যাহত থাকিব নেকি?
হয়। আয়কৰ আইন, 2025-ৰ ধাৰা 536(2)(j)-ৰ বিধান অনুসৰি, পুৰণি আইনৰ অধীনত জাৰি কৰা পৰিপত্ৰসমূহ, অধিসূচনাসমূহ, নিৰ্দেশনাসমূহ, অনুমোদনসমূহ আদি নতুন আইনৰ বিধানসমূহৰ সৈতে সাংঘর্ষিক নোহোৱালৈকে বৈধ আৰু প্ৰযোজ্য হৈ থাকিব। উদাহৰণ: TDS-ৰ বিধানসমূহ (পুৰণি আইনৰ ধাৰা 194C ? নতুন আইনৰ ধাৰা 393) পুৰণি আইনৰ ধাৰা 194C-ৰ অধীনত "কৰ্ম" শব্দটোৰ ব্যাখ্যা স্পষ্ট কৰিবলৈ জাৰি কৰা কোনো পৰিপত্ৰ আয়কৰ আইন, 2025-ৰ ধাৰা 393-ৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈ থাকিব, যদিহে সেই বিধানৰ উদ্দেশ্য অপৰিৱৰ্তিত হৈ থাকে।
20. পুৰণি আইনৰ অধীনত কৰদাতা আৰু কৰ বিষয়াৰ মাজত প্ৰত্যক্ষ যোগাযোগ হ্ৰাস কৰিবলৈ প্ৰৱৰ্তিত আঁচনিসমূহ (যেনে মুখবিহীন মূল্যায়ন, মুখবিহীন আপীল আঁচনি আদি) নতুন আইনৰ অধীনতো বৈধ হৈ থাকিব নেকি?
হয়। এনে আঁচনিসমূহক নতুন আইনৰ সংশ্লিষ্ট বিধানসমূহৰ অধীনত প্ৰণয়ন কৰা বুলি গণ্য কৰা হ'ব। যদি নতুন আইনৰ কোনো সংশ্লিষ্ট ধাৰা নাথাকে, তেন্তে সেই আঁচনিসমূহক নতুন আইনৰ ধাৰা 532-ৰ অধীনত প্ৰণয়ন কৰা বুলি গণ্য কৰা হ'ব, যি কেন্দ্ৰীয় চৰকাৰক আঁচনি প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰে। অৰ্থাৎ, বৰ্তমানৰ মুখবিহীন মূল্যায়ন আঁচনি নতুন আইন কাৰ্যকৰী হোৱাৰ পিছতো অবিৰতভাৱে অব্যাহত থাকিব।
21. নতুন আৰু পুৰণি আইন কিমান দিনলৈ সমান্তৰালত থাকিব? কৰদাতাসকলৰ বাবে ইয়াৰ ব্যৱহাৰিক অৰ্থ কি?
1 এপ্ৰিল 2026-ৰ পৰা আয়কৰ আইন, 1961 বাতিল কৰা হ'ব। তথাপিও, 1 এপ্ৰিল 2026-ৰ পূৰ্বে আৰম্ভ হোৱা সকলো কৰ বৰ্ষৰ ক্ষেত্ৰত সেই পুৰণি আইনৰ বিধানসমূহেই প্ৰযোজ্য হৈ থাকিব। সেই অনুসৰি: (i) আয়কৰ বিভাগৰ ই-ফাইলিং প'ৰ্টেলে একেলগে পুৰণি আৰু নতুন—দুয়োখন আইনৰ অধীনত অনুপালনৰ সুবিধা প্ৰদান কৰিব। (ii) জুলাই 2026-ত মূ.ব. 2026-27 (যিটো পুৰণি আইনৰ অধীনত পৰে)ৰ বাবে ৰিটাৰ্ণ দাখিল কৰা কৰদাতাসকলে পুৰণি আইনৰ ফৰ্মসমূহ ব্যৱহাৰ কৰিব। একে সময়তে, জুন 2026-ৰ পৰা আৰম্ভ হোৱা কৰ বৰ্ষ 2026-27-ৰ অগ্ৰিম কৰ পৰিশোধ নতুন আইনৰ বিধান অনুসৰি কৰা হ'ব। (iii) পূৰ্বৰ বৰ্ষসমূহৰ সৈতে সম্পৰ্কিত সকলো মূল্যায়ন, আপীল আৰু অন্যান্য কাৰ্যবাহীসমূহ চূড়ান্ত নিষ্পত্তি নোহোৱালৈকে পুৰণি আইনৰ অধীনতেই অব্যাহত থাকিব।
22. আয়কৰ আইন, 1961-ৰ ধাৰা 115BAC-ত ব্যক্তি আৰু HUF-ৰ বাবে প্ৰদান কৰা নতুন কৰ ব্যৱস্থা আয়কৰ আইন, 2025-তো অব্যাহত থাকিব নেকি?
হয়। আয়কৰ আইন, 2025 ত নতুন কৰ ব্যৱস্থা ধাৰা 202ৰ অধীনত প্ৰদান কৰা হৈছে আৰু ই ব্যক্তি, হিন্দু অবিভক্ত পৰিয়াল, ব্যক্তি সমষ্টি (সমবায় সমিতি বাদে), ব্যক্তি গোট, সংযুক্ত হোৱাটো হওক বা নহওক আৰু ধাৰা 2(77)(c)ত উল্লেখ কৰা কৃত্ৰিম ন্যায়িক ব্যক্তিৰ বাবে উপলব্ধ। নতুন আইনৰ অধীনতো নতুন কৰ ব্যৱস্থা হৈছে ডিফল্ট কৰ ব্যৱস্থা আৰু কৰদাতাসকলক এই নতুন কৰ ব্যৱস্থাৰ পৰা বাহিৰ হোৱাৰ বিকল্পও প্ৰদান কৰা হৈছে।
23. মই আয়কৰ আইন, 1961-ৰ অধীনত নতুন কৰ ব্যৱস্থা বাছি লৈছিলোঁ। আয়কৰ আইন, 2025-ৰ অধীনত মই পুনৰ সেইটো বাছনি কৰিব লাগিব নেকি?
নহয়। পুৰণি আইনৰ বলবৎ থকা কোনো বিধানৰ অধীনত 1961-ৰ আইন কাৰ্যকৰী হৈ থকা সময়ত যি বিকল্প গ্ৰহণ কৰা হৈছিল, সেইটো নতুন আইনৰ অধীনত থকা সমতুল্য বিধানৰ অধীনত কৰা বুলি গণ্য কৰা হ'ব।
24. ‘কৰ বৰ্ষ’ ধাৰণা প্ৰৱৰ্তনৰ ফলত ব্যৱসায়সমূহে তেওঁলোকৰ হিচাপ-নিকাচৰ সময়সীমা সলনি কৰাৰ প্ৰয়োজন আছে নেকি?
নাই। যিহেতু কৰ বৰ্ষ বিত্তীয় বৰ্ষৰ সৈতে সামঞ্জস্যপূৰ্ণ, অৰ্থাৎ ই 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈ 31 মাৰ্চত শেষ হোৱা এটা বছৰ, সেয়েহে ব্যৱসায় বা অন্যান্য কৰদাতাসকলৰ বাবে হিচাপ-নিকাচৰ সময়সীমা বা বিত্তীয় বিবৃতিসমূহত কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই।
25. নতুন আয়কৰ আইন, 2025-ত বাসিন্দাৰ অনুমানভিত্তিক কৰ সম্পৰ্কীয় বিধানসমূহত কি পৰিৱৰ্তন হৈছে?
আয়কৰ আইন, 1961-ৰ অধীনত বাসিন্দাসকলে ব্যৱসায় (ধাৰা 44AD), পেছা (ধাৰা 44ADA), আৰু সামগ্ৰী বাহন চলোৱা, ভাড়াত দিয়া বা লীজত দিয়াৰ ব্যৱসায় (ধাৰা 44AE)-ৰ পৰা উপাৰ্জিত আয়ৰ ক্ষেত্ৰত সৰলীকৃত কৰ ব্যৱস্থা লাভ কৰে। আয়কৰ আইন, 2025-ত এই সকলো অনুমানভিত্তিক কৰ আঁচনি একেটা ধাৰা 58-ত সংহত কৰা হৈছে, য’ত তথ্যসমূহ টেবুল আকাৰত উপস্থাপন কৰা হৈছে আৰু ভাষাও অধিক সৰলীকৃত কৰা হৈছে।
26. যদি কোনো ব্যক্তিয়ে পুৰণি আইনৰ অধীনত কোনো নিৰ্দিষ্ট কৰ বিকল্প (যেনে বিশেষ কৰ আঁচনি) বাছনি কৰিছিল, তেন্তে সেই বাছনি নতুন আইনৰ অধীনত স্বয়ংক্ৰিয়ভাৱে অব্যাহত থাকিব নেকি?
হয়। নতুন আইনৰ ধাৰা 536(2)-ৰ দফা (f)-ত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে পুৰণি আইন কাৰ্যকৰী হৈ থকা সময়ত কোনো ব্যক্তিয়ে কোনো বিধানৰ অধীনত যি বিকল্প গ্ৰহণ কৰিছিল, সেইটো নতুন আইনৰ সমতুল্য বিধানৰ অধীনত গ্ৰহণ কৰা বুলি গণ্য কৰা হ'ব।
27. নতুন আয়কৰ আইনখনৰ অধীনত পুৰণি অনুমোদনসমূহ, পঞ্জীয়নসমূহ আৰু স্বীকৃতিসমূহ এতিয়াও বৈধ হৈ থাকিব নেকি?
হয়। যদি এনে অনুমোদনসমূহ নতুন আইনৰ সৈতে অসংগত নহয়, তেন্তে সেইসমূহক নতুন আইনৰ অধীনতেই প্ৰদান কৰা বুলি গণ্য কৰা হ'ব। উদাহৰণস্বৰূপে, পুৰণি আইনৰ অধীনত স্বীকৃতি লাভ কৰা কোনো জনহিতৈষী ন্যাসক নতুন আইনৰ সংশ্লিষ্ট বিধানৰ অধীনত স্বীকৃত বুলি গণ্য কৰা হ'ব, যদিহে নতুন আইনৰ বিধানৰ সৈতে কোনো সংঘাত নাথাকে।
28. নতুন আয়কৰ আইন কাৰ্যকৰী হোৱাৰ পিছতো আয়কৰ বিভাগে জাৰি কৰা পুৰণি পৰিপত্ৰসমূহ, নিৰ্দেশনাসমূহ আৰু অধিসূচনাসমূহ অব্যাহত থাকিব নেকি?
হয়। আয়কৰ আইন, 2025-ৰ ধাৰা 536(2)(j)-ৰ বিধান অনুসৰি, পুৰণি আইনৰ অধীনত জাৰি কৰা পৰিপত্ৰসমূহ, অধিসূচনাসমূহ, নিৰ্দেশনাসমূহ, অনুমোদনসমূহ আদি নতুন আইনৰ বিধানসমূহৰ সৈতে অসংগত নোহোৱালৈকে অব্যাহত থাকিব।
29. যদি কোনো মূল্যায়ন বিষয়াই 1 এপ্ৰিল, 2026-ৰ আগতে দিয়া কোনো মূল্যায়ন আদেশ সংশোধন কৰিব বিচাৰে, তেন্তে নতুন আইন কাৰ্যকৰী হোৱাৰ পিছতো সেইটো পুৰণি আইনৰ অধীনত কৰিব পৰা যাব নেকি?
হয়। আয়কৰ আইন, 1961-ৰ ধাৰা 154-ৰ অধীনত চলি থকা সংশোধন কাৰ্যবাহীসমূহ, যিবোৰ সেই আইনৰ অধীনত নিয়ন্ত্ৰিত মূল্যায়ন বৰ্ষসমূহৰ সৈতে সম্পৰ্কিত, সেইসমূহ পুৰণি আইন বাতিল হোৱাৰ পিছতো সেই বিধানসমূহ অনুসৰিয়েই আৰম্ভ আৰু সম্পূৰ্ণ কৰিব পৰা যাব। উদাহৰণস্বৰূপে, যদি মূ.ব. 2023-24-ৰ কোনো মূল্যায়ন আদেশত থকা “ৰেকৰ্ডৰ পৰা স্পষ্ট ভুল” FY 2027-28-ত ধৰা পৰে, তেন্তে বিষয়াই সেই ভুল সংশোধন পুৰণি আইনৰ বিধান অনুসৰিয়েই কৰিব পাৰিব।
30. যদি কোনো কৰদাতাই পুৰণি আইনৰ অধীনত হিচাপ-নিকাচৰ পদ্ধতি বা অৱচয়ৰ কোনো নিৰ্দিষ্ট পদ্ধতি বাছনি কৰিছিল, তেন্তে সেই বাছনি নতুন আইনৰ অধীনত স্বয়ংক্ৰিয়ভাৱে অব্যাহত থাকিব নেকি?
হয়। যদি নতুন আইনৰ অধীনত সংশ্লিষ্ট বিধান থাকে আৰু কোনো অসংগতি নাথাকে, তেন্তে পুৰণি আইনৰ অধীনত গ্ৰহণ কৰা সেই বাছনি নতুন আইনৰ অধীনত কৰা বুলি গণ্য কৰা হ’ব।
31. 1 এপ্ৰিল, 2026-ৰ আগতে ইতিমধ্যে দাখিল কৰা আবেদনসমূহ (যেনে সংশোধন বা পুনৰীক্ষণ আবেদন)ৰ কি হ’ব?
যদি আপোনাৰ আবেদনখন 1 এপ্ৰিল, 2026-ৰ আগতে আৰম্ভ হোৱা কোনো কৰ বৰ্ষৰ সৈতে সম্পৰ্কিত হয়, তেন্তে সেইখন আয়কৰ আইন, 1961-ৰ অধীনতেই প্ৰক্ৰিয়াকৰণ কৰা হ'ব। আপুনি সেই আবেদন পুনৰ দাখিল কৰাৰ প্ৰয়োজন নাই।
32. নতুন আইন কাৰ্যকৰী হোৱাৰ আগতে যদি কোনো ব্যক্তিৰ বিৰুদ্ধে পুৰণি আইনৰ ধাৰা 132-ৰ অধীনত অনুসন্ধান আৰম্ভ কৰা হৈছিল, তেন্তে তাৰ সৈতে জড়িত কাৰ্যবাহীসমূহত কোনখন আইন প্ৰযোজ্য হ'ব?
এনে অনুসন্ধানৰ সৈতে জড়িত সকলো কাৰ্যবাহী পুৰণি আইনৰ অধীনতেই চলি থাকিব, যেন নতুন আইন প্ৰণয়নেই হোৱা নাই। উদাহৰণস্বৰূপে, যদি 2026 চনৰ জানুৱাৰী মাহত শ্ৰীযুত A-ৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰা হয়, তেন্তে সেই অনুসন্ধানৰ সৈতে জড়িত মূল্যায়ন আৰু অন্যান্য সকলো কাৰ্যবাহী পুৰণি আইনৰ বিধান অনুসৰিয়েই সম্পন্ন হ'ব।
33. যদি কোনো মূল্যায়কে পুৰণি আইনখনৰ অধীনত APA (অগ্ৰিমমূল্য নিৰ্ধাৰণ চুক্তি) স্বাক্ষৰ কৰিছিল, তেতিয়াও ই মূল্যায়ক আৰু বিভাগটোক নতুন আইনখনৰ অধীনত বান্ধি ৰাখেনে?
হয়। যদি সেই চুক্তিখন নতুন আইনৰ সংশ্লিষ্ট বিধানসমূহৰ সৈতে অসংগত নহয়, তেন্তে সেই APA অব্যাহতভাৱে প্ৰযোজ্য হৈ থাকিব। উদাহৰণস্বৰূপে, যদি কোনো কোম্পানী ABC-এ FY 2024-25-ত কোনো নিৰ্দিষ্ট আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ বাবে APA স্বাক্ষৰ কৰিছিল, তেন্তে সেই একে বিধান নতুন আইনৰ অধীনতো থাকিলে সেই লেনদেনৰ কৰ ব্যৱস্থা নিৰ্ধাৰণত সেই APA-এ অব্যাহতভাৱে দিশ-নিৰ্দেশনা প্ৰদান কৰিব।
34. যদি পুৰণি আইনৰ অধীনত কোনো বিষয়ক লৈ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত কোনো মোকৰ্দমা চলি আছে, তেন্তে নতুন আইন কাৰ্যকৰী হোৱাৰ পিছতো সেই চূড়ান্ত ৰায়ে কৰ দায়বদ্ধতাত প্ৰভাৱ পেলাব নেকি?
হয়। চূড়ান্ত ৰায় সেই পুৰণি সময়সীমাৰ ক্ষেত্ৰত পুৰণি আইনৰ বিধান অনুসৰিয়েই প্ৰযোজ্য হ’ব আৰু তাৰ ফলস্বৰূপে যি কৰ পৰিশোধযোগ্য বা ধন ঘূৰাই দিবলগীয়া হয়, সেইটো সেই অনুসৰিয়েই নিষ্পত্তি কৰা হ’ব। উদাহৰণস্বৰূপে, যদি কোম্পানী XYZ-ৰ AY 2018-19 সম্পৰ্কীয় বিবাদ FY 2027-28-ত নিষ্পত্তি কৰা হয়, তেন্তে সেই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পুৰণি আইনৰ নীতি-নিয়মসমূহেই প্ৰয়োগ কৰা হ’ব।
35. আয়কৰ আইন, 2025-ৰ অধীনত সাধাৰণ কৰ-অপব্যৱহাৰ বিৰোধী নিয়মসমূহ ('GAAR') অব্যাহত থাকিব নেকি?
হয়। GAAR বিধানসমূহ আগৰ দৰেই অব্যাহত ৰখা হৈছে। ইয়াৰ অধীনত থকা নিৰ্ধাৰিত সীমা, অনুমোদন ব্যৱস্থা আৰু প্ৰক্ৰিয়াগত সুৰক্ষা ব্যৱস্থাসমূহ একেই হৈ থাকিব।