ই-ফাইলিং (কৰ কৰ্তনকাৰী আৰু সংগ্ৰাহক)ৰ বাবে পঞ্জীয়নৰ ইউজাৰ মেনুৱেল
1. অৱলোকন
এই প্ৰি-লগইন সেৱা সকলো কৰ কৰ্তনকাৰী/কৰ সংগ্ৰাহকৰ বাবে উপলব্ধ, যিসকলে ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়ন কৰিব বিচাৰে আৰু ইয়াত প্ৰৱেশ কৰিব বিচাৰে। পঞ্জীয়ন সেৱাই ব্যৱহাৰকাৰীক কৰ-সম্পৰ্কীয় সকলো কাৰ্যকলাপত প্ৰৱেশ আৰু সেইসমূহ অনুসৰণ কৰাৰ সুবিধা প্ৰদান কৰে।
2. এই সেৱা লাভ কৰাৰ বাবে পূৰ্ব আৱশ্যকতাসমূহ
- বৈধ আৰু সক্ৰিয় TAN
- মুখ্য যোগাযোগৰ PAN ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়ন কৰা থাকিব লাগিব
3. পৰ্যায়ক্ৰমিক নিৰ্দেশনা
পদক্ষেপ 1: ই-ফাইলিং প'ৰ্টেলৰ মুখ্য পৃষ্ঠালৈ যাওক পঞ্জীয়ন-ত ক্লিক কৰক।
পদক্ষেপ 2: অন্যান্য-ত ক্লিক কৰক আৰু শ্ৰেণী হিচাপে কৰ কৰ্তনকাৰী আৰু কৰ সংগ্ৰাহক বাছনি কৰক।

পদক্ষেপ 3: সংগঠনটোৰ TAN প্ৰৱিষ্ট কৰক আৰু বৈধতা পৰীক্ষা কৰক-ত ক্লিক কৰক।

পদক্ষেপ 4a: যদি TAN ডাটাবেছত উপলব্ধ থাকে, TRACES-ত পঞ্জীয়ন কৰা থাকে আৰু পঞ্জীয়নৰ অনুৰোধ পূৰ্বে উত্থাপন কৰা হোৱা নাই বা অনুমোদনৰ বাবে বিচাৰাধীন অৱস্থাত নাই, তেন্তে:
- অব্যাহত ৰাখক-ত ক্লিক কৰি মৌলিক বিৱৰণ পৃষ্ঠাখন চাওক।
- মৌলিক বিৱৰণসমূহ পূৰ্বৰে পৰা পূৰণ কৰা থাকে। অব্যাহত ৰাখক-ত ক্লিক কৰক।
পদক্ষেপ 4b: যদি TAN ডাটাবেছত উপলব্ধ থাকে, কিন্তু TRACES-ত পঞ্জীয়ন কৰা নাই আৰু পঞ্জীয়নৰ অনুৰোধ পূৰ্বে উত্থাপন কৰা হোৱা নাই বা অনুমোদনৰ বাবে বিচাৰাধীন অৱস্থাত নাই, তেন্তে:
- অব্যাহত ৰাখক-ত ক্লিক কৰি TRACES পৃষ্ঠাখন চাওক।
- TRACES-ত ই-ফাইলিংত পঞ্জীয়ন কৰক-ত ক্লিক কৰি মৌলিক বিৱৰণ পৃষ্ঠাখন চাওক।
- প্ৰয়োজন অনুসৰি মৌলিক বিৱৰণসমূহ প্ৰৱিষ্ট কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।
টোকা : প্ৰথমে আপুনি TRACES-ত পঞ্জীয়ন কৰিব লাগিব। তাৰ পিছত, ই-ফাইলিংত পঞ্জীয়ন কৰক-ত ক্লিক কৰিলে আপোনাক ই-ফাইলিং পঞ্জীয়ন পৃষ্ঠালৈ লৈ যোৱা হ'ব।
পদক্ষেপ 4c: যদি TAN ডাটাবেছত উপলব্ধ থাকে আৰু পঞ্জীয়নৰ অনুৰোধ ইতিমধ্যে উত্থাপন কৰা হৈছে তথা অনুমোদনৰ বাবে বিচাৰাধীন অৱস্থাত আছে, তেন্তে:
- এটা ত্ৰুটি বাৰ্তা প্ৰদৰ্শিত হ'ব আৰু আপুনি পঞ্জীয়ন প্ৰক্ৰিয়াটো প্ৰত্যাহাৰ কৰাৰ বিকল্প বাছনি কৰিব পাৰিব।
পদক্ষেপ 5: কৰ পৰিশোধ কৰা বা কৰ সংগ্ৰহ কৰা ব্যক্তিৰ বিৱৰণ প্ৰৱিষ্ট কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।
পদক্ষেপ 6: প্ৰাথমিক মোবাইল নম্বৰ, ইমেইল ID আৰু ডাক ঠিকনাকে ধৰি যোগাযোগৰ বিৱৰণসমূহ প্ৰদান কৰক। অব্যাহত ৰাখক-ত ক্লিক কৰক।
পদক্ষেপ 7: পদক্ষেপ 6-ত প্ৰদান কৰা প্ৰাথমিক মোবাইল নম্বৰ আৰু ইমেইল ID-লৈ দুটা পৃথক 6-অংকৰ OTP প্ৰেৰণ কৰা হ'ব। মোবাইল নম্বৰ আৰু ইমেইল ID-ত লাভ কৰা পৃথক 6-অংকৰ OTP-সমূহ প্ৰৱিষ্ট কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।
টোকা:
- OTP কেৱল 15 মিনিটৰ বাবে বৈধ থাকিব।
- সঠিক OTP প্ৰৱিষ্ট কৰিবলৈ আপুনি 3টা সুযোগ পাব।
- পৰ্দাত প্ৰদৰ্শিত OTP-ৰ ম্যাদ উকলি যোৱাৰ কাউণ্টডাউন সময়গণক-য়ে OTP-ৰ ম্যাদ কেতিয়া উকলি যাব সেয়া দেখুৱায়।
- OTP পুনৰ প্ৰেৰণ কৰক-ত ক্লিক কৰিলে, এটা নতুন OTP সৃষ্টি কৰি প্ৰেৰণ কৰা হ'ব।
পদক্ষেপ 8: বিৱৰণ পৰীক্ষা কৰক পৃষ্ঠাত প্ৰদান কৰা বিৱৰণসমূহ পৰ্যালোচনা কৰক আৰু প্ৰয়োজন হ'লে সেইবোৰ সম্পাদনা কৰক। তাৰ পিছত নিশ্চিত কৰক-ত ক্লিক কৰক।
পদক্ষেপ 9: পাছৱৰ্ড নিৰ্ধাৰণ কৰক পৃষ্ঠাত, আপোনাৰ ইচ্ছামতে পাছৱৰ্ডটো পাছৱৰ্ড নিৰ্ধাৰণ আৰু পাছৱৰ্ড নিশ্চিত কৰক টেক্সটবক্স দুয়োটাত প্ৰৱিষ্ট কৰক, আপোনাৰ ব্যক্তিগত বাৰ্তা নিৰ্ধাৰণ কৰক আৰু তাৰ পিছত পঞ্জীয়ন কৰক-ত ক্লিক কৰক।

টোকা:
- ৰিফ্ৰেছ বা বেক-ত ক্লিক নকৰিব।
- আপোনাৰ নতুন পাছৱৰ্ড প্ৰবিষ্ট কৰাৰ সময়ত, পাছৱৰ্ড নীতিৰ প্ৰতি সাৱধান হ'ব:
- এইটো কমেও 8টা আখৰৰ আৰু সৰ্বাধিক 14টা আখৰৰ হ'ব লাগিব।
- ইয়াত আপাৰকেছ আৰু লʼৱাৰকেচ দুয়ো ধৰণৰ আখৰ অন্তৰ্ভুক্ত থাকিব লাগিব।
- ইয়াত এটা সংখ্যা থাকিব লাগিব।
- ইয়াত এটা বিশেষ আখৰ থাকিব লাগিব (যেনে- @#$%)।
সফলতাৰ বাৰ্তা এটা লেনদেন ID-সহ প্ৰদৰ্শিত হ'ব। অনুগ্ৰহ কৰি ভৱিষ্যতৰ প্ৰসংগৰ বাবে লেনদেন ID-টো লিখি ৰাখক। উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন লাভ কৰাৰ পিছত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব।
4. সম্পৰ্কিত বিষয়সমূহ