1.মই মোৰ পাছৱৰ্ড ৰিছেট কিয় কৰিব লাগে?
যদি আপুনি আপোনাৰ ই-ফাইলিং প'ৰ্টেলৰ পাছৱৰ্ড পাহৰি গৈছে নাইবা যিকোনো কাৰণৰ বাবে আপুনি আপোনাৰ পাছৱৰ্ড সম্পৰ্কে জ্ঞাত নহয়, তেন্তে এই সেৱা ব্যৱহাৰ কৰি আপুনি আপোনাৰ পাছৱৰ্ড ৰিছেট কৰিব পাৰে।
2.মোৰ পাছৱৰ্ড সফলভাৱে ৰিছেট হোৱা বুলি মই কেনেদৰে জানিম?
আপোনাৰ পাছৱৰ্ড সফলভাৱে ৰিছেট হোৱাৰ পিছত এটা লেনদেন ID সৃষ্টি হ'ব। লগতে,ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়নভুক্ত আপোনাৰ ইমেইল ID আৰু মোবাইল নম্বৰত এটা নিশ্চিতকৰণ বাৰ্তাও লাভ কৰিব।
3. DSC ব্যৱহাৰ কৰি মোৰ পাছৱৰ্ড ৰিছেট কৰাৰ সময়ত মই এটা অবৈধ ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰৰ বাৰ্তা লাভ কৰি আছোঁ। মই কি কৰিব পাৰোঁ?
যদি আপুনি DSC ব্যৱহাৰ কৰি আপোনাৰ পাছৱৰ্ড ৰিছেট কৰি আছে, তেন্তে প্ৰমাণীকৰণ কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত সক্ৰিয় স্তৰ 2 বা তাতকৈ উচ্চ স্তৰৰ DSC আপলোড কৰিব লাগিব।
4. মই মোৰ পাছৱৰ্ড ৰিছেট কৰিব পৰা উপায়বোৰ কি কি?
আপুনি এইবোৰ পদ্ধতি ব্যৱহাৰ কৰি আপোনাৰ পাছৱৰ্ড ৰিছেট কৰিব পাৰিব:
• ই-ফাইলিং OTP (ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়নভুক্ত আপোনাৰ মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা OTP)
• আধাৰ OTP (আধাৰৰ সৈতে পঞ্জীয়নভুক্ত আপোনাৰ মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা OTP)
• DSC
5. মই ক'ত EVC লাভ কৰিম?
আপুনি বাছনি কৰা বিকল্পৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ পূৰ্ব বৈধ বেংক / ডিমেট একাউণ্টৰ সৈতে পঞ্জীভুক্ত আপোনাৰ ম’বাইল নম্বৰত আপোনাৰ EVC লাভ কৰিব।
6. মই বেংক একাউণ্ট EVC ব্যৱহাৰ কৰি মোৰ পাছৱৰ্ড ৰিছেট কৰিব বিচাৰোঁ, কিন্তু এনেকুৱা বিকল্প তালিকাভুক্ত কৰা হোৱা নাই। মই কি কৰিব পাৰোঁ?
আপোনাৰ ই-ফাইলিং একাউণ্টৰ সুৰক্ষাৰ বাবে ই-ফাইলিং ভল্ট উচ্চ সুৰক্ষা সেৱাৰ জৰিয়তে আপুনি যিবোৰ বিকল্প নিৰ্বাচন কৰিছে, কেৱল সেই বিকল্পসমূহহে প্ৰদৰ্শিত হ'ব। যদি আপুনি বেংক একাউণ্ট EVC বা আন কোনো পদ্ধতি ব্যৱহাৰ কৰি পাছৱৰ্ড ৰিছেট কৰিব বিচাৰে কিন্তু সেই বিকল্পটো প্ৰদৰ্শিত নহয়, তেন্তে আপুনি ই-ফাইলিং ভল্ট উচ্চ সুৰক্ষা সেৱাৰ জৰিয়তে সেই বিকল্প সংযোজন কৰিব পাৰে।
7. মই কোনো পদ্ধতি ব্যৱহাৰ কৰিও পাছৱৰ্ড ৰিছেট কৰিব পৰা নাই?
আপুনি অধিক সহায়ৰ বাবে হেল্পডেস্ক (1800 103 0025)ৰ সৈতে যোগাযোগ কৰিব পাৰে।