ই‑পে টেক্সৰ তলত কৰ পৰিশোধৰ মাধ্যমসমূহ

 

1. অৱলোকন

ই-ফাইলিং প'ৰ্টেল (www.incometax.gov.in)-এ এটা একত্ৰিত কৰৰ ই-পে সেৱা প্ৰদান কৰে, যাৰ জৰিয়তে কৰদাতাসকলে কোনো জটিলতা অবিহনে অতি সহজে প্ৰত্যক্ষ কৰসমূহ পৰিশোধ কৰিব পাৰে।

পৰিশোধ কৰিবলগীয়া ধনখিনি আয়কৰ অধিনিয়ম, 1961 বা আয়কৰ অধিনিয়ম, 2025 যিখনৰ সৈতেই সম্পৰ্কিত নহওক কিয়, কৰ পৰিশোধৰ বাবে উপলব্ধ মাধ্যমসমূহ অপৰিৱৰ্তিত হৈ থাকে।

প্লেটফৰ্মটোৱে পৰিশোধৰ পাঁচটা মানক মাধ্যম সমৰ্থন কৰে, যিসমূহ তলত উল্লেখ কৰা হ'ল:

  • নেট বেংকিং – বেংকৰ নেট বেংকিং ল'গইন ব্যৱহাৰ কৰি।
  • ডেবিট কাৰ্ড – অনুমোদিত বেংকসমূহৰ ATM/ডেবিট কাৰ্ড ব্যৱহাৰ কৰি।
  • বেংকৰ কাউণ্টাৰত পৰিশোধ (OTC) – নগদ ধন, চেক বা ডিমাণ্ড ড্ৰাফ্ট।
  • RTGS/NEFT – যিকোনো বেংকৰ পৰা সৃষ্টি কৰা জনাদেশ ফৰ্ম ব্যৱহাৰ কৰি।
  • পেমেণ্ট গেটৱে' – ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI বা নেট বেংকিং-ৰ জৰিয়তে।

2. এই সেৱা লাভ কৰাৰ বাবে প্ৰয়োজনীয় পূৰ্ব-আৱশ্যকতাসমূহ

আপুনি প্ৰি-ল'গইন (ই-ফাইলিং প'ৰ্টেলত ল'গইন কৰাৰ পূৰ্বে) বা প'ষ্ট-ল'গইন (ই-ফাইলিং প'ৰ্টেলত ল'গইন কৰাৰ পাছত) দুয়োটা মাধ্যম ব্যৱহাৰ কৰিয়েই কৰ পৰিশোধ কৰিব পাৰে।

ওপৰত উল্লেখিত 5-টা বিকল্পৰ পৰা যিকোনো পৰিশোধৰ মাধ্যম ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় সাধাৰণ পূৰ্ব-আৱশ্যকতাসমূহ

ল'গইন কৰাৰ আগত

  • বৈধ PAN/ TAN, যাৰ বাবে কৰ পৰিশোধ কৰিব লাগিব।
  • এবাৰ ব্যৱহাৰযোগ্য পাছৱৰ্ড লাভ কৰিবলৈ এটা বৈধ ম'বাইল নম্বৰ।

 

ল'গইন কৰাৰ পিছত

  • ই-ফাইলিং প'ৰ্টেল (www.incometax.gov.in)-ত পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী

 

3. পদক্ষেপসমূহ (পৰিশোধৰ মাধ্যম বাছনি কৰাৰ পূৰ্বে) – ল'গইনৰ পিছত আৰু ল'গইনৰ পূৰ্বে উভয় ক্ষেত্ৰতে

3.1 চালান ফৰ্ম (CRN) সৃষ্টি কৰক (ল'গইন কৰাৰ পিছত)

আপোনাৰ ব্যৱহাৰকাৰী ID আৰু পাছৱাৰ্ড ব্যৱহাৰ কৰি ই-ফাইলিং প'ৰ্টেলত ল'গইন কৰক।

Data responsive

3.2 ডেছব'ৰ্ডত, ই-ফাইল > কৰৰ ই-পে-ত ক্লিক কৰক। ব্যৱহাৰকাৰীক অধিনিয়ম বাছনিৰ স্ক্ৰীণলৈ নিৰ্দেশিত কৰা হ'ব। উপযুক্ত বিকল্প বাছনি কৰাৰ পাছত, অব্যাহত ৰাখক বুটামত ক্লিক কৰক। তাৰ পাছত আপোনাক কৰৰ ই-পে-লৈ নিৰ্দেশিত কৰা হ'ব।

কৰৰ ই-পে পৃষ্ঠাত, অনলাইন কৰ পৰিশোধ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নতুন পৰিশোধ বিকল্পটোত ক্লিক কৰক।

Data responsiveData responsive

3.3 নতুন পৰিশোধ পৃষ্ঠা-ত, আপোনাৰ বাবে প্ৰযোজ্য কৰ পৰিশোধৰ টাইলটোত আগবাঢ়ক-ত ক্লিক কৰক। প্ৰযোজ্য টাইলটো বাছনি কৰিবলৈ PAN ল'গইন/ TAN ল'গইনৰ জৰিয়তে চালান প্ৰস্তুতকৰণৰ ইউজাৰ মেনুৱেলখন চাওক।

3.4 প্ৰযোজ্য কৰ পৰিশোধৰ টাইলটো বাছনি কৰাৰ পাছত, উপযুক্ত বৰ্ষ (কৰ নিৰ্ধাৰণ বৰ্ষ/কৰ বৰ্ষ), মাইনৰ হেড আৰু অন্যান্য সবিশেষ (প্ৰযোজ্য অনুসৰি) বাছনি কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

3.5 কৰ বিৱৰণৰ সবিশেষ যোগ কৰক পৃষ্ঠাত, কৰ পৰিশোধৰ মুঠ ধনৰাশিৰ বিৱৰণ যোগ কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

3.6 পৰিশোধৰ ধৰণ বাছনি কৰক পৃষ্ঠাত সংশ্লিষ্ট শাখাসমূহত দিয়া নিৰ্দেশনা অনুসৰি পৰিশোধ সম্পূৰ্ণ কৰক।

ক্ৰমিক নং

পৰিশোধৰ ধৰণ

ধাৰা চাওক

1

নেট বেংকিং

সবিশেষ জানিবলৈ 4 নং ধাৰা চাওক।

2

ডেবিট কাৰ্ড

সবিশেষ জানিবলৈ 5 নং ধাৰা চাওক।

3

বেংক কাউণ্টাৰত পৰিশোধ কৰক

সবিশেষ জানিবলৈ 6 নং ধাৰা চাওক।

4

RTGS/NEFT

সবিশেষ জানিবলৈ 7 নং ধাৰা চাওক।

5

পেমেণ্ট গে'টৱে'

সবিশেষ জানিবলৈ 8 নং ধাৰা চাওক।

3.7 ই-ফাইলিং প'ৰ্টেলত ল'গইন নকৰাকৈ পৰিশোধ কৰক – ল'গইন কৰাৰ আগৰ সেৱা

3.7.1 ই-ফাইলিং প'ৰ্টেল www.incometax.gov.in-লৈ যাওক আৰু কৰৰ ই-পে-ত ক্লিক কৰক।

Data responsive

3.7.2 কৰৰ ই-পে পৃষ্ঠাত, তলৰ স্ক্ৰীণশ্বটত উল্লেখ কৰা অনুসৰি প্ৰয়োজনীয় সবিশেষ পূৰণ কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

3.7.3 OTP সত্যাপন পৃষ্ঠাত, 2 নং পদক্ষেপত উল্লেখ কৰা ম'বাইল নম্বৰটোত লাভ কৰা 6-টা অংকৰ OTP-টো (OTP) প্ৰবিষ্ট কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

3.7.4 OTP সত্যাপনৰ পাছত, আপোনাৰ PAN/TAN আৰু লুকুৱাই ৰখা নামৰ সৈতে এটা সফলতাৰ বাৰ্তা প্ৰদৰ্শিত হ'ব। আগবাঢ়িবলৈ অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

3.7.5 কৰৰ ই-পে পৃষ্ঠাত, আপোনাৰ বাবে প্ৰযোজ্য কৰ পৰিশোধৰ শ্ৰেণীটোত আগবাঢ়ক-ত ক্লিক কৰক।

  • 2026-27-লৈকে আৰু ইয়াৰ আগৰ কৰ নিৰ্ধাৰণ বৰ্ষসমূহৰ বাবে কৰ পৰিশোধ কৰিবলৈ, “আয়কৰ অধিনিয়ম 1961” ৰেডিঅ' বুটামটো বাছনি কৰক।
  • TY 2026-27 আৰু তাৰ পাছৰ বৰ্ষসমূহৰ বাবে কৰ পৰিশোধ কৰিবলৈ “আয়কৰ অধিনিয়ম 2025” বাছনি কৰক।

3.7.6 ইয়াৰ পৰৱৰ্তী পদক্ষেপসমূহ 3.3-ৰ পৰা 3.6 নং ধাৰাত উল্লেখ কৰা অনুসৰি একেই থাকিব।

4. পদ্ধতি 1 - নেট বেংকিং-ৰ জৰিয়তে পৰিশোধ

নেট বেংকিং-ৰ জৰিয়তে ই-ফাইলিং প'ৰ্টেলত কৰ পৰিশোধৰ ব্যৱস্থা (কৰৰ ই-পে সেৱা) অনুমোদিত বেংকসমূহৰ জৰিয়তে উপলব্ধ। অনুগ্ৰহ কৰি অনুমোদিত বেংকসমূহৰ তালিকাৰ বাবে 1 নং অনুবন্ধ চাওক (1 এপ্ৰিল, 2026 অনুসৰি)। অন্যান্য বেংকসমূহৰ বাবে, অনুগ্ৰহ কৰি পেমেণ্ট গেটৱে' বা RTGS/NEFT বিকল্প ব্যৱহাৰ কৰক।

4.1 পৰিশোধৰ পদ্ধতি বাছনি কৰক পৃষ্ঠাত, নেট বেংকিং পদ্ধতি বাছনি কৰক, বিকল্পসমূহৰ পৰা বেংকৰ নাম বাছনি কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

4.2 পূৰ্বদৰ্শন আৰু পৰিশোধ কৰকপৃষ্ঠাত, সবিশেষ আৰু কৰৰ বিৱৰণ পৰীক্ষা কৰক আৰু এতিয়াই পৰিশোধ কৰক-ত ক্লিক কৰক।

Data responsive

4.3 অব্যাহত ৰাখক-ত ক্লিক কৰাৰ পাছত, অনুগ্ৰহ কৰি পপ-আপত উল্লেখ কৰা চৰ্তাৱলীসমূহ চাওক আৰু আগবাঢ়িবলৈ চেক বক্সটো বাছনি কৰক।

Data responsive

4.4 অব্যাহত ৰাখক-ত ক্লিক কৰাৰ পাছত, আপোনাক বেংকৰ ল'গইন পৃষ্ঠালৈ পুনৰ্নিৰ্দেশিত কৰা হ'ব, য'ত ব্যৱহাৰকাৰীয়ে অনুমোদিত বেংকৰ নেট বেংকিং-ৰ ল'গইন ক্ৰিডেন্সিয়েল প্ৰবিষ্ট কৰি পৰিশোধ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব।

4.5 পৰিশোধ সফল হোৱাৰ পাছত, আপুনি ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়নভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণ ই-মেইল আৰু এটা SMS লাভ কৰিব। এবাৰ পৰিশোধ সফল হ'লেই, কৰৰ ই-পে পৃষ্ঠাৰ পৰিশোধৰ ইতিহাস টেবৰ অধীনত পৰিশোধৰ সবিশেষ আৰু চালানৰ ৰচিদ উপলব্ধ হ'ব।

5. পদ্ধতি 2– ডেবিট কাৰ্ডৰ জৰিয়তে পৰিশোধ

অনুমোদিত বেংকসমূহৰ ডেবিট কাৰ্ডৰ জৰিয়তে কৰ পৰিশোধৰ বিকল্পটো সকলো কৰদাতাৰ বাবে উপলব্ধ। এই সেৱাৰ জৰিয়তে, আপুনি ই-ফাইলিং প'ৰ্টেলত অনলাইন কৰ পৰিশোধৰ বাবে উপলব্ধ অনুমোদিত বেংকৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰি অনলাইনযোগে (ল'গইন কৰাৰ আগৰ বা ল'গইন কৰাৰ পাছৰ পদ্ধতিত) কৰ পৰিশোধ কৰিব পাৰে।

5.1 ডেবিট কাৰ্ড পদ্ধতি বাছনি কৰক, বিকল্পসমূহৰ পৰা বেংকৰ নাম বাছনি কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

টোকা:

  • অনুগ্ৰহ কৰি মন কৰিব যে কোনো অনুমোদিত বেংকৰ দ্বাৰা জাৰি কৰা ডেবিট কাৰ্ড থকা কৰদাতাসকলে (যিসমূহে ই-ফাইলিং প'ৰ্টেলত ডেবিট কাৰ্ডৰ জৰিয়তে কৰ পৰিশোধৰ সুবিধা প্ৰদান কৰে) কৰ পৰিশোধৰ বাবে এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে।
  • এই পদ্ধতিৰ জৰিয়তে কৰ পৰিশোধ কৰাৰ বাবে কোনো ধৰণৰ লেনদেনৰ মাচুল/শুল্ক প্ৰযোজ্য নহয়। বৰ্তমানলৈকে, ডেবিট কাৰ্ড মাধ্যমৰ জৰিয়তে ই-ফাইলিং প'ৰ্টেলত (কৰৰ ই-পে সেৱা) কৰ পৰিশোধৰ বাবে কানাৰা বেংক, ICICI বেংক, ইণ্ডিয়ান বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, পঞ্জাৱ নেশ্যনেল বেংক আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ডেবিট কাৰ্ডসমূহৰ সুবিধা আগবঢ়োৱা হৈছে। অন্যান্য বেংকসমূহৰ বাবে, অনুগ্ৰহ কৰি পেমেণ্ট গেটৱে' মাধ্যম বাছনি কৰক।

5.2 পূৰ্বদৰ্শন আৰু পৰিশোধ কৰক পৃষ্ঠাত, সবিশেষ আৰু কৰৰ ব্ৰেকআপ পৰীক্ষা কৰক আৰু এতিয়াই পৰিশোধ কৰক-ত ক্লিক কৰক।

Data responsive

5.3 এতিয়াই পৰিশোধ কৰক-ত ক্লিক কৰাৰ পাছত, ব্যৱহাৰকাৰীক চৰ্তাৱলী পৃষ্ঠালৈ পুনৰ্নিৰ্দেশিত কৰা হ'ব। ব্যৱহাৰকাৰীয়ে চৰ্তাৱলীৰ চেক বক্সটো বাছনি কৰিব লাগিব আৰু তাৰ পাছত আগবাঢ়িবলৈ বেংকত জমা দিয়ক বুটামটোত ক্লিক কৰিব লাগিব।

Data responsive

5.4 বেংকত জমা দিয়ক বুটামটোত ক্লিক কৰাৰ পাছত, ব্যৱহাৰকাৰীক বেংকৰ ৱেবচাইটলৈ লৈ যোৱা হ'ব। তাত, ব্যৱহাৰকাৰীয়ে বেংকৰ পৃষ্ঠাত বিচৰা অনুসৰি প্ৰয়োজনীয় তথ্য, যেনে কাৰ্ডৰ সবিশেষ প্ৰবিষ্ট কৰিব লাগিব। এই তথ্যসমূহ প্ৰবিষ্ট কৰি OTP দাখিল কৰাৰ পাছত, ব্যৱহাৰকাৰীক পুনৰ ই-ফাইলিং ৱেবচাইটলৈ পুনৰ্নিৰ্দেশিত কৰা হ'ব।

5.5 পৰিশোধ সফল হোৱাৰ পাছত, আপুনি ই-ফাইলিং প'ৰ্টেলত পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণ ই-মেইল আৰু এটা SMS লাভ কৰিব। এবাৰ পৰিশোধ সফল হ'লেই, কৰৰ ই-পে পৃষ্ঠাৰ পৰিশোধৰ ইতিহাস টেবৰ (ল'গইন কৰাৰ পাছত) অধীনত পৰিশোধৰ সবিশেষ আৰু চালানৰ ৰচিদ উপলব্ধ হ'ব।

6. মাধ্যম 3 – কাউণ্টাৰত পৰিশোধ মাধ্যমৰ জৰিয়তে পৰিশোধ

“বেংক কাউণ্টাৰত পৰিশোধ” ব্যৱহাৰ কৰি কৰ পৰিশোধৰ সুবিধাটো ই-ফাইলিং প'ৰ্টেল www.incometax.gov.in-ত সকলো কৰদাতাৰ বাবে (ল'গইন কৰাৰ আগৰ বা ল'গইন কৰাৰ পাছৰ মাধ্যমত) উপলব্ধ। এই সেৱাৰ জৰিয়তে, আপুনি চালান ফৰ্ম (CRN) প্ৰস্তুত কৰাৰ সময়ত বাছনি কৰা বেংকৰ কাউণ্টাৰত (নগদ ধন/ চেক / ডিমাণ্ড ড্ৰাফ্টৰ জৰিয়তে) কৰ পৰিশোধ কৰিব পাৰে।

আপুনি প্ৰি-ল'গইন (ই-ফাইলিং প'ৰ্টেলত ল'গইন কৰাৰ আগত) বা প'ষ্ট-ল'গইন (ই-ফাইলিং প'ৰ্টেলত ল'গইন কৰাৰ পাছত) মাধ্যমত “বেংক কাউণ্টাৰত পৰিশোধ” ব্যৱহাৰ কৰি কৰ পৰিশোধ কৰিব পাৰে।

আয়কৰ নিয়ম, 2026-ৰ 333 নং নিয়ম অনুসৰি, কোনো কৰদাতা যদি এটা কোম্পানী হয় বা এনে কোনো ব্যক্তি (কোম্পানীৰ বাহিৰে) হয় যাৰ ক্ষেত্ৰত 63 নং ধাৰাৰ ব্যৱস্থাসমূহ প্ৰযোজ্য, তেন্তে তেওঁলোকে এই বিকল্পটো ব্যৱহাৰ কৰিব নোৱাৰে।

কৰদাতাই অনুমোদিত বেংকসমূহৰ কাউণ্টাৰত কৰ পৰিশোধ কৰিবলৈ এই মাধ্যমটো ব্যৱহাৰ কৰিব পাৰে।

  • পৰিশোধ কৰিবলৈ বাছনি কৰা অনুমোদিত বেংকৰ শাখাত পৰিশোধৰ মাধ্যম (নগদ ধন, চেক বা ডিমাণ্ড ড্ৰাফ্ট)-ৰ সৈতে চালান ফৰ্মৰ স্বাক্ষৰিত কপি জমা দিব লাগিব।
  • এই মাধ্যমৰ অধীনত নগদ ধনেৰে 10,000/- টকা (মাত্ৰ দহ হাজাৰ টকা)-তকৈ অধিক কৰ পৰিশোধ কৰিব নোৱাৰি।
  • এই মাধ্যমৰ জৰিয়তে কৰ পৰিশোধ কৰিলে কোনো ধৰণৰ লেনদেনৰ মাচুল/শুল্ক প্ৰযোজ্য নহয়।

6.1 পৰিশোধৰ মাধ্যম বাছনি কৰক পৃষ্ঠাত, বেংক কাউণ্টাৰত পৰিশোধ মাধ্যমটো বাছনি কৰক আৰু চেক, নগদ ধন বা ডিমাণ্ড ড্ৰাফ্টৰ জৰিয়তে পৰিশোধৰ বিকল্প বাছনি কৰক, তাৰ পাছত বিকল্পসমূহৰ পৰা বেংকৰ নাম বাছনি কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

6.2 চালান ফৰ্ম পূৰ্বদৰ্শন আৰু ডাউনলোড কৰক পৃষ্ঠাত, সবিশেষ আৰু কৰৰ ব্ৰেকআপ পৰীক্ষা কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

6.3 চালান ফৰ্ম সফলতাৰে সৃষ্টি হ'ব। চালান ফৰ্ম (CRN) প্ৰিণ্ট কৰক আৰু পৰিশোধ কৰিবলৈ বাছনি কৰা বেংক-ৰ যিকোনো শাখালৈ যাওক।

Data responsive

6.4 পৰিশোধ সফল হোৱাৰ পাছত, আপুনি ই-ফাইলিং প'ৰ্টেলত পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণ ই-মেইল আৰু এটা SMS লাভ কৰিব। এবাৰ পৰিশোধ সফল হ'লেই, ভৱিষ্যতৰ প্ৰসংগৰ বাবে চালান ৰচিদ ডাউনলোড কৰিব পাৰি। ল'গইন কৰাৰ পাছত কৰৰ ই-পে পৃষ্ঠাৰ পৰিশোধৰ ইতিহাস টেবৰ অধীনতো পৰিশোধৰ সবিশেষ আৰু চালান ৰচিদ উপলব্ধ হ'ব।

7. মাধ্যম 4 – RTGS/NEFT মাধ্যমৰ জৰিয়তে পৰিশোধ

“RTGS/NEFT” ব্যৱহাৰ কৰি কৰ পৰিশোধৰ সুবিধাটো ই-ফাইলিং প'ৰ্টেল www.incometax.gov.in-ত সকলো কৰদাতাৰ বাবে (ল'গইন কৰাৰ আগৰ বা ল'গইন কৰাৰ পাছৰ মাধ্যমত) উপলব্ধ। এই সেৱাৰ জৰিয়তে, আপুনি RTGS/NEFT-ৰ জৰিয়তে কৰ পৰিশোধ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ টোকা:

  • কৰদাতাই যিকোনো বেংকৰ জৰিয়তে RTGS/NEFT মাধ্যম ব্যৱহাৰ কৰিও কৰ পৰিশোধ কৰিব পাৰে।
  • ই-ফাইলিং প'ৰ্টেলত কৰৰ ই-পে সেৱা ব্যৱহাৰ কৰি এটা CRN প্ৰস্তুত কৰাৰ পাছতহে এই সুবিধাটো ব্যৱহাৰ কৰিব পাৰিব।

7.1 পৰিশোধৰ মাধ্যম বাছনি কৰক পৃষ্ঠাত, RTGS/NEFT মাধ্যমটো বাছনি কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

7.2 মেণ্ডেট ফৰ্ম প্ৰিভিউ আৰু ডাউনলোড কৰক পৃষ্ঠাত, সবিশেষ আৰু কৰৰ ব্ৰেকআপ পৰীক্ষা কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

7.3 মেণ্ডেট ফৰ্ম সফলতাৰে প্ৰস্তুত হ'ব। মেণ্ডেট ফৰ্ম (CRN) প্ৰিণ্ট কৰক আৰু পৰিশোধ কৰিবলৈ RTGS/NEFT সুবিধা প্ৰদান কৰা বেংকৰ যিকোনো শাখালৈ যাওক। উপলব্ধ বেংকৰ নেট বেংকিং সুবিধা ব্যৱহাৰ কৰিও আপুনি কৰৰ পৰিমাণ পৰিশোধ কৰিব পাৰে [ইয়াৰ বাবে মেণ্ডেট ফৰ্মত উপলব্ধ হিতাধিকাৰীৰ সবিশেষ ব্যৱহাৰ কৰি আপোনাৰ বেংক একাউণ্টত হিতাধিকাৰীক যোগ কৰিব লাগিব আৰু যোগ কৰা একাউণ্টলৈ কৰৰ পৰিমাণ স্থানান্তৰ কৰিব লাগিব]।

Data responsive

7.4 পৰিশোধ সফল হোৱাৰ পাছত, আপুনি ই-ফাইলিং প'ৰ্টেলত পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণ ই-মেইল আৰু এটা SMS লাভ কৰিব। এবাৰ পৰিশোধ সফল হ'লেই, ল'গইন কৰাৰ পাছত কৰৰ ই-পে পৃষ্ঠাৰ পৰিশোধৰ ইতিহাস টেবৰ অধীনত পৰিশোধৰ সবিশেষ আৰু চালান ৰচিদ উপলব্ধ হ'ব।

8. মাধ্যম 5 - পেমেণ্ট গেটৱে' মাধ্যমৰ জৰিয়তে পৰিশোধ

পেমেণ্ট গেটৱে'ৰ জৰিয়তে কৰ পৰিশোধৰ বিকল্পটো ই-ফাইলিং প'ৰ্টেল www.incometax.gov.in-ত সকলো কৰদাতাৰ বাবে উপলব্ধ। এই সেৱাৰ জৰিয়তে, আপুনি পেমেণ্ট গেটৱে' ব্যৱহাৰ কৰি অনলাইনত (ল'গইন কৰাৰ আগৰ বা ল'গইন কৰাৰ পাছৰ মাধ্যমত) কৰ পৰিশোধ কৰিব পাৰে, যিয়ে আপোনাক ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট-বেংকিং আৰু UPI-ৰ জৰিয়তে কৰ পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰে। বাছনি কৰা পেমেণ্ট গেটোৱে'টোৱে ইয়াৰ নিজৰ পৃষ্ঠালৈ পুনৰ্নিৰদেশিত কৰিব আৰু সেই গেটৱে'টোৰ লগত উপলব্ধ সকলো বিকল্প প্ৰদান কৰিব। এই মাধ্যমৰ জৰিয়তে কৰৰ পৰিমাণৰ অতিৰিক্তভাৱে অনুবন্ধ 2 অনুসৰি লেনদেনৰ মাচুল প্ৰযোজ্য হ'ব।

বৰ্তমান, ই-ফাইলিং প'ৰ্টেলত (কৰৰ ই-পে সেৱা) পেমেণ্ট গেটৱে' মাধ্যমৰ জৰিয়তে কৰ পৰিশোধ কেৱল অনুমোদিত বেংকসমূহৰ জৰিয়তেহে উপলব্ধ।

8.1 পৰিশোধৰ মাধ্যম বাছনি কৰক পৃষ্ঠাত, পেমেণ্ট গেটৱে' মাধ্যমটো বাছনি কৰক আৰু অব্যাহত ৰাখক-ত ক্লিক কৰক।

Data responsive

8.2 পূৰ্বদৰ্শন আৰু পৰিশোধ কৰক পৃষ্ঠাত, সবিশেষ আৰু কৰৰ ব্ৰেকআপ পৰীক্ষা কৰক আৰু এতিয়াই পৰিশোধ কৰক-ত ক্লিক কৰক।

Data responsive

8.3 নিয়ম আৰু চৰ্তাৱলী পঢ়ক আৰু বাছনি কৰক আৰু বেংকত জমা দিয়ক-ত ক্লিক কৰক। (আপোনাক পেমেণ্ট গেটৱেৰ ৱেবছাইটলৈ পুনৰ্নিৰদেশিত কৰা হ'ব য'ত আপুনি ল'গইন কৰিব পাৰে অথবা নেট বেংকিং / ডেবিট / ক্ৰেডিট কাৰ্ড / ইউ পি আই (UPI)-ৰ সবিশেষ প্ৰবিষ্ট কৰি পৰিশোধ সম্পূৰ্ণ কৰিব পাৰে)।

(পৰিশোধৰ বিকল্প বাছনি কৰাৰ পূৰ্বে আপুনি পাঁচটা পেমেণ্ট গেটৱে'ৰ লেনদেনৰ মাচুল (অনুবন্ধ 2 অনুসৰি) তুলনা কৰি চাব পাৰে)

8.4 পৰিশোধ সফল হোৱাৰ পাছত, আপুনি ই-ফাইলিং প'ৰ্টেলত পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণ ই-মেইল আৰু এটা SMS লাভ কৰিব। এবাৰ পৰিশোধ সফল হ'লেই, কৰৰ ই-পে পৃষ্ঠাৰ পৰিশোধৰ ইতিহাস টেবৰ অধীনত পৰিশোধৰ সবিশেষ আৰু চালান ৰচিদ উপলব্ধ হ'ব।

অনুবন্ধ 1: অনুমোদিত বেংকসমূহৰ তালিকা (01 এপ্ৰিল, 2026 অনুসৰি)

ক্ৰমিক নং

বেংকৰ নাম

1

এক্সিচ বেংক

2

বন্ধন বেংক

3

বেংক অফ বৰোদা

4

বেংক অফ ইণ্ডিয়া

5

বেংক অফ মহাৰাষ্ট্ৰ

6

কানাড়া বেংক

7

চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া

8

চিটি ইউনিয়ন বেংক

9

DCB বেংক

10

ফেডাৰেল বেংক

11

HDFC বেংক

12

ICICI বেংক

13

IDBI বেংক

14

ইণ্ডিয়ান বেংক

15

ইণ্ডিয়ান অভাৰচীজ বেংক

16

ইণ্ডাচইণ্ড বেংক

17

জম্মু & কাশ্মীৰ বেংক

18

কাৰুৰ ব্যাস্য বেংক

19

কোটাক মহিন্দ্ৰা বেংক

20

পাঞ্জাব এণ্ড সিন্ধ বেংক

21

পাঞ্জাৱ নেচনেল বেংক

22

RBL বেংক

23

চাউথ ইণ্ডিয়ান বেংক

24

ভাৰতীয় ষ্টেট বেংক

25

UCO বেংক

26

ইউনিয়ন বেংক অফ ইণ্ডিয়া

27

ধনলক্ষ্মী বেংক

28

IDFC ফাৰ্ষ্ট বেংক

29

কৰ্ণাটক বেংক

30

ভাৰতীয় ৰিজাৰ্ভ বেংক

31

তামিলনাডু মাৰ্কেণ্টাইল বেংক

32

য়েছ বেংক

33

DBS বেংক ইণ্ডিয়া লিমিটেড

অনুবন্ধ 2: লেনদেনৰ মাচুল

পেমেণ্ট গেটৱে'ৰ মাচুল – ফেডাৰেল বেংক

 

পৰিশোধৰ মাধ্যম

পৰিশোধৰ মাচুল (INR)

নেট বেংকিং

সুবিধা মাচুল

HDFC বেংক – INR 12*

ICICI বেংক – INR 9*

SBI বেংক – INR 7*

এক্সিচ বেংক – INR 7*

অন্যান্য বেংক (ফেডাৰেল বেংকসহ) – INR 5*

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য <2,000)

NIL 

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য >2,000)

NIL 

ক্ৰেডিট কাৰ্ড (ফেডাৰেল বেংক)

0.85%*

ক্ৰেডিট কাৰ্ড (অন্যান্য বেংক)

0.85% *

RuPay-ৰ দ্বাৰা পৰিচালিত ডেবিট কাৰ্ড

NIL

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (UPI) (BHIM-UPI)

NIL

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ কুইক ৰেচপঞ্চ কোড (UPI QR Code) (BHIM-UPI QR Code)

NIL

*অতিৰিক্ত GST @18% হাৰত আৰোপ কৰা হ'ব

 

 

পেমেণ্ট গেটৱে'ৰ মাচুল – কানাড়া বেংক

 

পৰিশোধৰ মাধ্যম

লেনদেনৰ মাচুল (INR)

নেট বেংকিং (HDFC/ICICI/য়েছ)

INR 14*

নেট বেংকিং (অন্যান্য বেংক)

INR 6*

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য <2,000)

NIL

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য >2,000)

NIL

ক্ৰেডিট কাৰ্ড (কানাড়া বেংক)

0.90%*

ক্ৰেডিট কাৰ্ড (অন্যান্য বেংক)

0.90%*

RuPay-ৰ দ্বাৰা চালিত ডেবিট কাৰ্ড

NIL

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (UPI) (BHIM-UPI)

NIL

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ কুইক ৰেচপঞ্চ কোড (UPI QR কোড) (BHIM-UPI QR কোড)

NIL

*অতিৰিক্ত GST @18% হাৰত আৰোপ কৰা হ'ব

 

পেমেণ্ট গেটৱে'ৰ মাচুল – কোটাক মহিন্দ্ৰা বেংক

পৰিশোধৰ মাধ্যম 

লেনদেনৰ মাচুল (INR) 

নেট বেংকিং (এক্সিচ/HDFC/ICICI/কোটাক/SBI)

INR 7*

নেট বেংকিং (অন্যান্য বেংক)

INR 5*

ডেবিট কাৰ্ড (VISA / MasterCard) - 2000 টকা লৈকে

Nil

ডেবিট কাৰ্ড (VISA / MasterCard) - 2000 টকাৰ ঊৰ্ধ্বত

Nil

ডেবিট কাৰ্ড (RuPay) / UPI / UPI QR

Nil

ক্ৰেডিট কাৰ্ড (Master/VISA/RuPay)

0.80%*

ক্ৰেডিট কাৰ্ড (আন্তঃৰাষ্ট্ৰীয়)

2.75%*

*অতিৰিক্ত GST @ 18% হাৰত আৰোপ কৰা হ'ব

 

পেমেণ্ট গেটৱে'ৰ মাচুল – SBI বেংক

পৰিশোধৰ মাধ্যম 

লেনদেনৰ মাচুল (INR)

নেট বেংকিং (অন্যান্য বেংক)

INR 5.08*

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য < 2,000)

প্ৰযোজ্য নহয়

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য >= 2,000)

প্ৰযোজ্য নহয়

ক্ৰেডিট কাৰ্ড (SBI বেংক)

প্ৰযোজ্য নহয়

ক্ৰেডিট কাৰ্ড (অন্যান্য বেংক)

প্ৰযোজ্য নহয়

RuPay-ৰ দ্বাৰা চালিত ডেবিট কাৰ্ড

প্ৰযোজ্য নহয়

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (UPI) (BHIM-UPI)

শূন্য

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ কুইক ৰেচপঞ্চ কোড (UPI QR কোড) (BHIM-UPI QR কোড)

শূন্য

* অতিৰিক্ত GST @ 18% হাৰত আৰোপ কৰা হ'ব

 

পেমেণ্ট গেটৱে'ৰ মাচুল – HDFC বেংক

পৰিশোধৰ মাধ্যম 

লেনদেনৰ মাচুল (INR) 

নেট বেংকিং (অন্যান্য বেংক)

প্ৰযোজ্য নহয়

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য < 2,000)

NIL

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য > 2,000)

NIL

ক্ৰেডিট কাৰ্ড (HDFC বেংক)

0.72%*

ক্ৰেডিট কাৰ্ড (অন্যান্য বেংক)

0.80%*

RuPay-ৰ দ্বাৰা চালিত ডেবিট কাৰ্ড

শূন্য

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (UPI) (BHIM-UPI)

শূন্য

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ কুইক ৰেচপঞ্চ কোড (UPI QR কোড) (BHIM-UPI QR কোড)

শূন্য

অতিৰিক্ত GST @ 18% হাৰত আৰোপ কৰা হ'ব

 

পেমেণ্ট গেটৱে'ৰ মাচুল – বেংক অফ মহাৰাষ্ট্ৰ

পৰিশোধৰ মাধ্যম 

লেনদেনৰ মাচুল (INR) 

নেট বেংকিং

INR 15*

ডেবিট কাৰ্ড - 2000 টকাৰ তলত

0.40%*

ডেবিট কাৰ্ড - 2000 টকাৰ ঊৰ্ধ্বত

0.90%*

ক্ৰেডিট কাৰ্ড - 2000 টকাৰ ঊৰ্ধ্বত

1.00%*

ক্ৰেডিট কাৰ্ড EMI - Master/Visa/RuPay

1.00%*

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (UPI)

শূন্য

ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ কুইক ৰেচপঞ্চ কোড (UPI QR কোড)

শূন্য

*অতিৰিক্ত GST @ 18% হাৰত আৰোপ কৰা হ'ব

 

পেমেণ্ট গেটৱেৰ মাচুল – বন্ধন বেংক

পৰিশোধৰ মাধ্যম 

লেনদেনৰ মাচুল (INR) 

নেট বেংকিং (HDFC/ICICI/য়েছ)

INR 12*

নেট বেংকিং (অন্যান্য বেংক)

INR 8*

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য < 2,000)

NIL

ডেবিট কাৰ্ড (অন্যান্য বেংক) (লেনদেনৰ মূল্য >= 2,000)

NIL

ক্ৰেডিট কাৰ্ড (অন্যান্য বেংক)

1.00% (সুবিধা মাচুল)

RuPay-ৰ দ্বাৰা চালিত ডেবিট কাৰ্ড

NIL

*অতিৰিক্ত GST @ 18% হাৰত আৰোপ কৰা হ'ব

 

পেমেণ্ট গেটৱে'ৰ মাচুল - ICICI

পৰিশোধৰ মাধ্যম 

লেনদেনৰ মাচুল (INR) 

নেট বেংকিং (এক্সিচ/HDFC/ICICI/কোটাক/SBI/য়েছ)

INR 7*

নেট বেংকিং (অন্যান্য বেংক)

INR 5*

RuPay-ৰ দ্বাৰা চালিত ডেবিট কাৰ্ড

NIL

ডেবিট কাৰ্ড (অন্যান্য বেংক)

INR 12/- + 0.15%

ৰিটেইল ক্ৰেডিট কাৰ্ড

0.85%

কৰ্প'ৰেট ক্ৰেডিট কাৰ্ড

0.78%

*অতিৰিক্ত GST @ 18% হাৰত আৰোপ কৰা হ'ব