প্ৰপত্ৰ 1-ৰ বাবে ইউজাৰ মেনুৱেল
1. অৱলোকন > ফৰ্মখনৰ উদ্দেশ্য
ষ্টক বিনিময়ে ডেৰিভেটিভছ ট্ৰেডিং চলাবলৈ, আইনৰ ধাৰা 2(92) অনুসৰি কিছুমান নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিব লাগিব। ইয়াৰ বাবে বিনিময়টোৱে SEBI-ৰ অনুমোদন লাভ কৰিব লাগিব আৰু SEBI-য়ে জাৰি কৰা সকলো নিৰ্দেশনা মানি চলিব লাগিব। লগতে, ই সকলো গ্ৰাহকৰ সম্পূৰ্ণ তথ্য, য'ত ইউনিক ক্লায়েণ্ট ID আৰু PAN নম্বৰ অন্তৰ্ভুক্ত, লিপিবদ্ধ কৰি সংৰক্ষণ কৰিব লাগিব আৰু নগদ আৰু ডিৰাইভেটিভছ লেনদেনৰ সম্পূৰ্ণ অডিট ট্ৰেইল বজাই ৰাখিব লাগিব। এবাৰ কোনো লেনদেন ব্যৱস্থাত অন্তৰ্ভুক্ত হ'লে, সেই লেনদেন মচি পেলোৱা বা সংশোধন কৰা সম্ভৱ নহয়।
কিন্তু, যদি কোনো ক্লায়েণ্ট ক'ড সলনি কৰা হয়, তেন্তে ষ্টক বিনিময় ব্যৱস্থাত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰাৰ পিছত যিসমূহ লেনদেনত ক্লায়েণ্ট ক'ড সলনি কৰা হৈছে, সেই সকলো লেনদেনৰ তথ্য ফৰ্ম নং 1 দাখিল কৰি জনাব লাগিব। এই ফৰ্মখন এই সংশোধন কৰা মাহটোৰ শেষ তাৰিখৰ পৰা 15 দিনৰ ভিতৰত দাখিল কৰিব লাগিব।
2. এই সেৱা লাভ কৰাৰ পূৰ্ব-চর্তসমূহ
• ব্যৱহাৰকাৰীজন ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হ'ব লাগিব।
• ব্যৱহাৰকাৰীৰ PAN-ৰ স্থিতি "সক্ৰিয়" হ'ব লাগিব।
• যদি ব্যৱহাৰকাৰীয়ে DSC-ৰ জৰিয়তে ফৰ্মখন সত্যাপন কৰিব বিচাৰে, তেন্তে তেওঁৰ এটা বৈধ DSC থাকিব লাগিব। সেই DSC-টো ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়নভুক্ত হ'ব লাগিব আৰু ইয়াৰ ম্যাদ উকলি যোৱা হ'ব নালাগিব।
3. ইয়াক কোনে ব্যৱহাৰ কৰিব পাৰে?
যিকোনো কোম্পানী, যাৰ এটা বৈধ PAN আছে আৰু যি ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়নভুক্ত, সেই কোম্পানীয়ে ক্লায়েণ্ট ক'ডত হোৱা পৰিৱৰ্তনৰ বাবে ফৰ্ম নং 1 দাখিল কৰিব পাৰে৷
4. পৰ্যায়ক্ৰমিক নিৰ্দেশনা
পদক্ষেপ 1: ব্যৱহাৰকাৰীয়ে পঞ্জীয়নভুক্ত ইউজাৰ ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ই-ফাইলিং প'ৰ্টেলত লগইন কৰিব লাগিব।
পদক্ষেপ 2: ইউজাৰ ID (PAN) আৰু পাছৱৰ্ড প্ৰৱিষ্ট কৰক আৰু ‘অব্য়াহত ৰাখক’-ত ক্লিক কৰক।
পদক্ষেপ 3: ইয়াৰ পিছত, ই-ফাইল > আয়কৰ ফৰ্মসমূহ > আয়কৰ ফৰ্ম ফাইল কৰক-লৈ যাওক।
পদক্ষেপ 4: আয়কৰ অধিনিয়ম 2025 টেব অনুসৰি ফৰ্ম বাছনি কৰক।
আয়কৰ অধিনিয়ম, 2025 অনুসৰি ফৰ্ম-ত ক্লিক কৰক, তাৰ পিছত “ফৰ্ম নং 1” বাছনি কৰি “এতিয়াই ফাইল কৰক”ত ক্লিক কৰক।
পদক্ষেপ 5: ব্যৱহাৰকাৰীয়ে প্ৰযোজ্য কৰ বছৰ (T.Y) আৰু মাহ বাছনি কৰক আৰু অব্য়াহত ৰাখক বুটামত ক্লিক কৰক।
পদক্ষেপ 6: আৰম্ভ কৰোঁ আহকত ক্লিক কৰক
পদক্ষেপ 7: ‘আৰম্ভ কৰোঁ আহক’ত ক্লিক কৰাৰ পিছত, ব্যৱহাৰকাৰীক ফৰ্ম স্ক্ৰীণলৈ লৈ যোৱা হ'ব।
ফৰ্ম স্ক্ৰীণত, ব্যৱহাৰকাৰীয়ে ফৰ্মত বিচৰা তথ্যসমূহ প্ৰৱিষ্ট কৰিব লাগিব। যিমান দূৰ সম্ভৱ ফৰ্মৰ ফিল্ডসমূহ পূৰ্বেই স্বয়ংক্ৰিয়ভাৱে পূৰণ কৰা থাকিব।
টোকা: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে "মোৰ প্ৰফাইল" শাখাৰ অধীনত থকা, ঠিকনাকে ধৰি সকলো বাধ্যতামূলক তথ্য, সম্পূৰ্ণকৈ পূৰণ কৰা হৈছে। যদি ব্যৱহাৰকাৰীয়ে “মোৰ প্ৰফাইল” শাখাত কোনো তথ্য আপডেট কৰে, তেন্তে পৰিৱৰ্তনসমূহ সঠিকভাৱে প্ৰতিফলিত হোৱাৰ বাবে অনুগ্ৰহ কৰি পূৰ্বৰ ড্ৰাফ্ট মচি পেলাই ফৰ্মখন পুনৰ নতুনকৈ দাখিল কৰক।

ফৰ্মখনত তিনিটা CSV ফাইল থাকে আৰু ব্যৱহাৰকাৰীয়ে প্ৰযোজ্য CSV ফাইলটো চেক্ বক্সত টিক চিহ্ন দি বাছনি কৰিব পাৰে। CSV ফাইলটো বাছনি কৰাৰ পিছত, ‘টেমপ্লেট ডাউনলোড কৰক’ বুটামত ক্লিক কৰি সেই ফাইলটো ডাউনলোড কৰক। CSV ফাইল পূৰণ কৰাৰ নিৰ্দেশনাসমূহ ফৰ্মত দিয়া টোকাৰ 1 নং দফাত উল্লেখ কৰা আছে।
‘টেমপ্লেট ডাউনলোড কৰক’ বুটামত ক্লিক কৰাৰ পিছত, ডিৰাইভেটিভ মাৰ্কেট (স্ক্ৰিপৰ বাবে) আৰু/অথবা নগদ বজাৰৰ অধীনত তলত উল্লেখ কৰা ফিল্ডসমূহ থকা এটা এক্সেল ফাইল ডাউনলোড হ'ব।

যদি ব্যৱহাৰকাৰীয়ে ডিৰাইভেটিভ মাৰ্কেট (পণ্য সামগ্ৰীৰ বাবে) বাছনি কৰে, তেন্তে তলত উল্লেখ কৰা এক্সেল টেমপ্লেটটো ডাউনলোড হ'ব।

ওপৰত উল্লেখ কৰা CSV ফাইলসমূহ পূৰণ কৰাৰ বাবে তলত নিৰ্দেশনাসমূহ দিয়া হৈছে।
ডিৰাইভেটিভ মাৰ্কেট (স্ক্ৰিপৰ বাবে) আৰু নগদ বজাৰ
| ক্ৰমিক নং |
ফিল্ডৰ নাম |
নিৰ্দেশনা |
বাধ্যতামূলক ফিল্ড (হয়/নহয়) |
ফিল্ডৰ দৈৰ্ঘ্য |
|
1 |
ক্ৰমিক নং |
ক্রম অনুসৰি ক্ৰমিক নং প্ৰৱিষ্ট কৰক। |
হয় |
14-টা সংখ্যা, সংখ্যাগত, ঋণাত্মক নহয় |
|
2 |
লেনদেন ID |
কাৰ্যকৰী কৰা বাণিজ্যৰ বাবে উৎপন্ন হোৱা লেনদেন ID প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
3 |
দালালৰ নাম |
ষ্টক বিনিময়ত পঞ্জীয়নভুক্ত দালালৰ নাম প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 250-টা আখৰ |
|
4 |
দালালৰ ID |
ষ্টক বিনিময়ত পঞ্জীয়নভুক্ত দালালক প্ৰদান কৰা ইউনিক ক'ড প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
5 |
মূল ক্লায়েণ্ট ক'ড |
লেনদেনটো সম্পন্ন কৰাজনৰ প্ৰকৃত ক্লায়েণ্ট ক'ড প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
6 |
মূল ক্লায়েণ্টৰ নাম |
লেনদেনটো সম্পন্ন কৰা ক্লায়েণ্টজনৰ নাম প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 250-টা আখৰ |
|
7 |
মূল ক্লায়েণ্টৰ PAN |
লেনদেনটো সম্পন্ন কৰা ক্লায়েণ্টৰ PAN প্ৰৱিষ্ট কৰক। |
হয় |
10-টা আল্ফানিউমাৰিক: প্ৰথম 5-টা বৰ্ণ, তাৰ পিছত 4-টা সংখ্যা আৰু শেষত 1-টা বৰ্ণ। |
|
8 |
সংশোধিত ক্লায়েণ্ট ক'ড |
সংশোধিত ক'ডটো প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
9 |
সংশোধিত ক্লায়েণ্টৰ নাম |
যদি ক্লায়েণ্টৰ নামত কোনো সংশোধন কৰা হৈছে, তেন্তে সংশোধিত নামটো প্ৰৱিষ্ট কৰক; অন্যথা, মূল নামটোৱেই লিখিব। |
হয় |
সৰ্বাধিক 250-টা আখৰ |
|
10 |
সংশোধিত ক্লায়েণ্টৰ PAN |
যদি ক্লায়েণ্টৰ PAN-ত কোনো সংশোধন কৰা হৈছে, তেন্তে সংশোধিত PAN-টো প্ৰৱিষ্ট কৰক; অন্যথা, মূল PAN-টোকে প্ৰৱিষ্ট কৰিব। |
হয় |
10-টা আল্ফানিউমাৰিক গঠন হয়: প্ৰথম 5-টা বৰ্ণ, তাৰ পিছত 4-টা সংখ্যা আৰু শেষত 1-টা বৰ্ণৰে |
|
11 |
স্ক্ৰিপৰ নাম |
যি স্ক্ৰিপত বাণিজ্য সম্পন্ন কৰা হৈছে, সেই স্ক্ৰিপৰ নাম প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
12 |
স্ক্ৰিপ ক'ড |
যি স্ক্ৰিপত বাণিজ্য সম্পন্ন কৰা হৈছে, সেই স্ক্ৰিপৰ ক'ড প্ৰৱিষ্ট কৰক কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
13 |
পৰিমাণ |
যি পৰিমাণৰ বাবে বাণিজ্য সম্পন্ন কৰা হৈছে, সেই পৰিমাণটো প্ৰৱিষ্ট কৰক। |
হয় |
14-টা অংকৰ সংখ্যাত্মক মান,ঋণাত্মক |
|
14 |
হাৰ |
প্ৰতিটো স্ক্ৰিপৰ হাৰ ₹-ত প্ৰৱিষ্ট কৰক, য'ত বাণিজ্য সম্পন্ন কৰা হৈছে। |
হয় |
14-টা সংখ্যা সংখ্যাগত, |
|
15 |
লেনদেনৰ মুঠ মূল্য। |
মুঠ লেনদেনৰ মূল্য ₹-ত প্ৰৱিষ্ট কৰক। (পৰিমাণ* হাৰ) |
হয় |
14-টা সংখ্যা |
|
16 |
কিনা বা বিক্ৰী কৰা |
ড্ৰপডাউনত দিয়া বিকল্পৰ পৰা লেনদেনটো ক্ৰয় নে বিক্ৰী প্ৰকৃতিৰ, সেইটো বাছনি কৰক। |
হয় |
- |
|
17 |
লেনদেনৰ তাৰিখ |
যি তাৰিখত লেনদেন সম্পন্ন কৰা হৈছে, সেই তাৰিখটো প্ৰৱিষ্ট কৰক। লেনদেনৰ তাৰিখটো সংশোধনৰ তাৰিখৰ আগতে বা সেই দিনটোতে হ'ব লাগিব। |
হয় |
তলত উল্লেখ কৰা বিন্যাসত তাৰিখটো প্ৰৱিষ্ট কৰক। |
|
18 |
সংশোধনৰ তাৰিখ |
যি তাৰিখত সংশোধন কৰা হৈছে, সেই তাৰিখটো প্ৰৱিষ্ট কৰক। এই তাৰিখটো সেই মাহৰ ভিতৰত থাকিব লাগিব, যাৰ বাবে ফৰ্মখন দাখিল কৰা হৈছে। |
হয় |
তলত উল্লেখ কৰা বিন্যাসত তাৰিখটো প্ৰৱিষ্ট কৰক। |
টোকা: ক্ৰমিক নং 9 আৰু 10-ত যদি ক্লায়েণ্টৰ নাম বা PAN নম্বৰত কোনো পৰিৱৰ্তন নাথাকে, তেন্তে ক্ৰমিক নং 6 আৰু 7-ত দিয়া মূল ক্লায়েণ্টৰ নাম বা PAN-ৰ একেই মানসমূহ পুনৰ প্ৰৱিষ্ট কৰিব পাৰি।
ডিৰাইভেটিভ বজাৰ (পণ্যৰ বাবে)-
|
ক্ৰমিক নং |
ফিল্ডৰ নাম |
নিৰ্দেশনা |
বাধ্যতামূলক ফিল্ড (হয়/নহয়) |
ফিল্ডৰ দৈৰ্ঘ্য় |
|
1 |
ক্ৰমিক নং |
অনুক্ৰমত ক্ৰমিক নম্বৰটো প্ৰৱিষ্ট কৰক। |
হয় |
14-টা সংখ্যা, সংখ্যাগত, ঋণাত্মক নহয় |
|
2 |
লেনদেন ID |
কাৰ্যকৰী কৰা বাণিজ্যৰ বাবে উৎপন্ন হোৱা লেনদেন ID প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
3 |
দালালৰ নাম |
ষ্টক বিনিময়ত পঞ্জীয়নভুক্ত দালালৰ নাম প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 250-টা আখৰ |
|
4 |
দালালৰ ID |
ষ্টক বিনিময়ত পঞ্জীয়নভুক্ত দালালক প্ৰদান কৰা ইউনিক ক’ড প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
5 |
মূল ক্লায়েণ্ট ক’ড |
বাণিজ্য সম্পন্ন কৰা মূল ক্লায়েণ্ট ক’ড প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
6 |
মূল ক্লায়েণ্টৰ নাম |
বাণিজ্য এক্সিকিউট কৰা ক্লায়েণ্টৰ নাম দিয়ক। |
হয় |
সৰ্বাধিক 250-টা আখৰ |
|
7 |
মূল ক্লায়েণ্টৰ PAN প্ৰৱিষ্ট কৰক। |
বাণিজ্য সম্পন্ন কৰা ক্লায়েণ্টৰ PAN প্ৰৱিষ্ট কৰক। |
হয় |
10-টা আল্ফানিউমাৰিক: প্ৰথমে 5-টা বৰ্ণ, পৰৱৰ্তী 4-টা সংখ্যা, তাৰ পিছত 1-টা বৰ্ণ |
|
8 |
সংশোধিত ক্লায়েণ্ট ক'ড |
সংশোধিত ক'ডটো প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
9 |
সংশোধিত ক্লায়েণ্টৰ নাম |
সংশোধিত ক্লায়েণ্টৰ নাম প্ৰৱিষ্ট কৰক, যদি কোনো সংশোধন কৰা হৈছে, অন্যথা, মূল নামটোৱেই প্ৰৱিষ্ট কৰিব। |
হয় |
সৰ্বাধিক 250-টা আখৰ |
|
10 |
সংশোধিত ক্লায়েণ্টৰ PAN |
সংশোধিত ক্লায়েণ্টৰ PAN প্ৰৱিষ্ট কৰক, যদি কোনো সংশোধন কৰা হৈছে, অন্যথা, মূল PAN খন প্ৰৱিষ্ট কৰিব। |
হয় |
10-টা আল্ফানিউমাৰিক গঠিত হয়: প্ৰথমে 5-টা বৰ্ণমালা, পৰৱৰ্তী 4-টা সংখ্যা, তাৰ পিছত 1-টা বৰ্ণমালা |
|
11 |
পণ্য ডিৰাইভেটিভৰ নাম |
যি পণ্য ডিৰাইভেটিভত বাণিজ্য সম্পন্ন কৰা হৈছে, সেই পণ্য ডিৰাইভেটিভৰ নাম প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
12 |
পণ্য ডিৰাইভেটিভৰ ক'ড |
যি পণ্য ডিৰাইভেটিভৰত বাণিজ্য সম্পন্ন কৰা হৈছে, সেই পণ্য ডিৰাইভেটিভৰ ক'ড প্ৰৱিষ্ট কৰক। |
হয় |
সৰ্বাধিক 100-টা আখৰ |
|
13 |
পৰিমাণ |
যি পৰিমাণৰ বাবে বাণিজ্য সম্পন্ন কৰা হৈছে, সেই পৰিমাণটো প্ৰৱিষ্ট কৰক। |
হয় |
14-টা সংখ্যা সংখ্যাগত, |
|
14 |
হাৰ |
প্ৰতিটো পণ্যৰ হাৰ ₹-ত প্ৰৱিষ্ট কৰক, যিটোত বাণিজ্য সম্পন্ন কৰা হৈছে। |
হয় |
14-টা সংখ্যা সংখ্যাগত, |
|
15 |
লেনদেনৰ মুঠ মূল্য |
মুঠ লেনদেনৰ মূল্য ₹-ত প্ৰৱিষ্ট কৰক। (পৰিমাণ* হাৰ) |
হয় |
14-টা সংখ্যা সংখ্যাগত, |
|
16 |
কিনা বা বিক্ৰী কৰা |
ড্ৰপডাউনত দিয়া বিকল্পসমূহৰ পৰা লেনদেনটোৰ প্ৰকৃতি ক্ৰয় নে বিক্ৰী, সেইটো বাছনি কৰক। |
হয় |
- |
|
17 |
লেনদেনৰ তাৰিখ |
যি তাৰিখত লেনদেন সম্পন্ন কৰা হৈছে, সেই তাৰিখটো প্ৰৱিষ্ট কৰক। লেনদেনৰ তাৰিখটো সংশোধনৰ তাৰিখৰ আগতে বা সেই দিনটোতে হ’ব লাগিব। |
হয় |
তলত উল্লেখ কৰা ফৰ্মেটত তাৰিখটো লিখক |
|
18 |
সংশোধনৰ তাৰিখ |
যি তাৰিখত সংশোধন কৰা হৈছে, সেই তাৰিখটো প্ৰৱিষ্ট কৰক। এই তাৰিখটো সেই মাহৰ ভিতৰত থাকিব লাগিব, যিটো মাহৰ বাবে ফৰ্মখন দাখিল কৰা হৈছে। |
হয় |
তলত উল্লেখ কৰা ফৰ্মেটত তাৰিখটো লিখক |
টোকা: যদি ক্ৰমিক নং 9 আৰু 10-ত যদি ক্লায়েণ্টৰ নাম বা PAN নম্বৰত কোনো পৰিৱৰ্তন নাথাকে, তেন্তে ক্ৰমিক নং 6 আৰু 7-ত দিয়া মূল ক্লায়েণ্টৰ নাম বা PAN-ৰ একেই মানসমূহেই পুনৰ প্ৰৱিষ্ট কৰিব পাৰি।
ডাউনলোড কৰা এক্সেল টেমপ্লেটটো পূৰণ কৰাৰ পিছত, ব্যৱহাৰকাৰীয়ে সেই তথ্য এক্সেল ফাইলটোত ছেভ কৰিব লাগিব। তাৰ পিছত ফাইল > ছেভ এজ-ত ক্লিক কৰক অথবা Alt+F+A টিপক। ছেভ এজ টাইপৰ ড্ৰপ-ডাউন মেনুৰ পৰা ‘CSV (কমা দ্বাৰা পৃথক কৰা)’ বাছনি কৰক আৰু তাৰ পিছত ছেভত ক্লিক কৰক। এইদৰে পূৰণ কৰা এক্সেল ফাইলটো CSV ফৰ্মেটত সংৰক্ষণ কৰা হ'ব। এই CSV ফৰ্মেটৰ ফাইলটো প'ৰ্টেলত “আপলোড টেমপ্লেট” বুটামত ক্লিক কৰি আপলোড কৰিব লাগিব।
ফৰ্মত সকলো তথ্য পূৰণ কৰাৰ পিছত, ব্যৱহাৰকাৰীয়ে ফৰ্মখন ছেভ কৰিব পাৰে বা দাখিল কৰাৰ আগতে পূৰ্বদৰ্শন পৃষ্ঠালৈ গৈ পৰ্যালোচনা কৰিব পাৰে।
পূৰ্বদৰ্শন বুটামটো সকলো বাধ্যতামূলক ফিল্ড পূৰণ কৰাৰ পিছতহে সক্ৰিয় হ’ব। আগলৈ যাবলৈ ব্যৱহাৰকাৰীয়ে পূৰ্বদৰ্শন-ত ক্লিক কৰিব লাগিব।
পদক্ষেপ 8: “প্ৰিভিউ” বুটামত ক্লিক কৰাৰ পিছত, ব্যৱহাৰকাৰীক প্ৰিভিউ স্ক্ৰীণলৈ লৈ যোৱা হ’ব, য’ত তেওঁ প্ৰদান কৰা তথ্যসমূহ সত্যাপন কৰিব পাৰিব আৰু তাৰ পিছত “ই-ভেৰিফাই কৰিবলৈ আগবাঢ়ক”-ত ক্লিক কৰিব লাগিব।
ফৰ্মত ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা সকলো ফিল্ড আৰু ইনপুটসমূহ পূৰ্বদৰ্শন স্ক্ৰীণত দেখুওৱা হ’ব। আগলৈ যোৱাৰ আগতে ব্যৱহাৰকাৰীয়ে এই তথ্যসমূহ ভালদৰে পৰ্যালোচনা কৰিব লাগিব। যদি কোনো পৰিৱৰ্তনৰ প্ৰয়োজন হয়, তেন্তে ব্যৱহাৰকাৰীয়ে ফৰ্মৰ ভিতৰৰ তথ্য সংশোধন কৰিবলৈ“সম্পাদনা কৰক”বুটামত ক্লিক কৰিব পাৰে। ব্যৱহাৰকাৰীয়েপূৰ্বদৰ্শন স্ক্ৰীণ PDF হিচাপেডাউনলোড কৰাৰ বিকল্পও পাব পাৰে, কিন্তু এই PDF কেৱল -প্ৰি-ফাইলিং দৃশ্য-ৰ এটা কপি মাত্ৰ আৰু এইখন চূড়ান্তভাৱে দাখিল কৰা ফৰ্ম নহয়।
ফাইলিং প্ৰক্ৰিয়া আগবঢ়াবলৈ, ব্যৱহাৰকাৰীয়ে“ই-ভেৰিফাই কৰিবলৈ আগবাঢ়ক”বুটামত ক্লিক কৰিব লাগিব।

পদক্ষেপ 9: ‘ই-সত্যাপন কৰিবলৈ আগবাঢ়ক’ বুটামত ক্লিক কৰাৰ পিছত, ব্যৱহাৰকাৰীক ‘ই-সত্যাপন’ পৃষ্ঠালৈ লৈ যোৱা হ’ব, য’ত তেওঁ DSC ব্যৱহাৰ কৰি ফৰ্ম নং 1 সত্যাপন কৰিব পাৰিব। ফৰ্মখন দাখিল কৰিবলৈ ব্যৱহাৰকাৰীয়ে ‘অব্যাহত ৰাখক’ বুটামত ক্লিক কৰিব লাগিব।
পদক্ষেপ 10:ফৰ্মখন সফলতাৰে দাখিল হোৱাৰ পিছত, পৰ্দাত এটা নিশ্চিতকৰণ বাৰ্তা দেখুওৱা হ’ব।
সফল ই-সত্য়াপনৰ পিছত, পৰ্দাত এটা সফলতাৰ বাৰ্তা দেখুওৱা হ’ব, লগতে এটা লেনদেন ID আৰু স্বীকৃতি ৰচিদ নম্বৰ প্ৰদৰ্শিত হ’ব। অনুগ্ৰহ কৰি ভৱিষ্যৎ প্ৰয়োজনৰ বাবে এই লেনদেন ID আৰু স্বীকৃতি ৰচিদ নম্বৰটো টুকি ৰাখিব। আপুনি ই-ফাইলিং প’ৰ্টেলত পঞ্জীয়নভুক্ত ইমেইল ID(সমূহ) আৰু ম’বাইল নম্বৰ(সমূহ)-লৈও এটা নিশ্চিতকৰণ বাৰ্তা লাভ কৰিব।
স্বীকৃতি ৰচিদ ডাউনলোড কৰিবলৈ ডাউনলোড বুটামত ক্লিক কৰক।
পদক্ষেপ 11: ফৰ্ম নং 1 সফলতাৰে দাখিল কৰাৰ পিছত, ব্যৱহাৰকাৰীয়ে পূৰণ কৰা ফৰ্মখন চাব পাৰিব। ইয়াৰ বাবে ডেছব'ৰ্ডত গৈ ই-ফাইল > আয়কৰ ফৰ্ম দাখিল কৰক > দাখিল কৰা ফৰ্মসমূহ চাওক > আয়কৰ অধিনিয়ম 2025-ৰ অধীনত দাখিল কৰা ফৰ্ম টেব চাওক।
টোকা: অধিক জানিবলৈ 'পূৰণ কৰা ফৰ্ম চাওক' ইউজাৰ মেনুৱেলখন চাওক।
টোকা: অধিক জানিবলৈ ই-ভেৰিফাই কেনেকৈ কৰিব লাগে ইউজাৰ মেনুৱেল চাওক
5. সম্পৰ্কিত বিষয়সমূহ
6. শব্দাৱলী
| হ্ৰস্বনাম/সংক্ষিপ্ত ৰূপ | বিৱৰণ/সম্পূৰ্ণ ৰূপ |
| DSC | ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ |
| EVC | ইলেক্ট্ৰনিক সত্যাপন প্ৰমাণপত্ৰ |
| ARN | স্বীকৃতি ৰচিদ নম্বৰ |
| PY | পূৰ্বৱৰ্তী বৰ্ষ |
| FY | বিত্তীয় বৰ্ষ |
| TY | কৰ বৰ্ষ |