ফৰ্ম নং 1(28/2024) ৰ বাবে ইউজাৰ মেনুৱেল

 

1.অৱলোকন

ফৰ্ম নং 1 হৈছে IFSC ইউনিটসমূহে (প্ৰাপকসকলে) যিকোনো পৰিশোধকাৰীক দাখিল কৰিবলগীয়া এক বিবৃতি তথা ঘোষণা, যাৰ জৰিয়তে আয়কৰ অধিনিয়ম, 2025-ৰ ধাৰা 395-ৰ সৈতে পঢ়িবলগীয়া ধাৰা 147-ৰ অধীনত নিৰ্দিষ্ট পৰিশোধসমূহৰ ওপৰত TDS কৰ্তন নকৰাৰ দাবী কৰিব পাৰি।

2. এই সেৱা লাভ কৰাৰ পূৰ্বচৰ্তসমূহ

• আপুনি ই-ফাইলিং পৰ্টেলত এজন পঞ্জীয়িত ব্যৱহাৰকাৰী হ’ব লাগিব।
• কৰদাতাৰ PAN-ৰ স্থিতি "সক্ৰিয়" হ’ব লাগিব।
• সত্তাটো এটা বৈধ IFSC ইউনিট হ’ব লাগিব আৰু অধিনিয়মৰ 147 ধাৰাৰ অধীনত কৰ ৰেহাই দাবী কৰাৰ যোগ্য হ’ব লাগিব।
• দাখিল কৰাৰ আগতে, ইউনিটটোৱে 147 ধাৰাৰ অধীনত প্ৰাসংগিক কৰ বৰ্ষৰ পৰা আৰম্ভ হোৱা পোন্ধৰ বছৰৰ ভিতৰত একেৰাহে দহটা কৰ বৰ্ষ নিৰ্ধাৰণ কৰি ল’ব লাগিব।
• যদি DSC পদ্ধতিৰে সত্যাপন কৰা হয়, তেন্তে কৰদাতাৰ বৈধ আৰু সক্ৰিয় DSC থাকিব লাগিব।

3. ফৰ্মখনৰ বিষয়ে

3.1 উদ্দেশ্য

1. IFSC ইউনিটে ধাৰা 147-ৰ অধীনত কৰ ৰেহাই লাভ কৰিবলৈ বাছনি কৰা একেৰাহে 10টা কৰ বৰ্ষ উল্লেখ কৰিবলৈ।
2. ফৰ্ম নং 1 লাভ কৰাৰ পিছত নিৰ্দিষ্ট পৰিশোধসমূহৰ ওপৰত TDS কৰ্তন নকৰিবলৈ পৰিশোধকাৰীসকলক অনুমতি দিবলৈ।

3.2 কোনে ইয়াক দাখিল কৰিব?

পৰিশোধ গ্ৰহণকাৰী,অৰ্থাৎ IFSC ইউনিট,যি তলত উল্লেখ কৰা দুয়োটা চৰ্ত পূৰণ কৰে, তেওঁ ফৰ্ম নং 1 দাখিল কৰিব পাৰে:

  1. ইয়াক এটা আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ (যেনে GIFT IFSC)-ত কাৰ্যৰত পঞ্জীয়িত IFSC ইউনিট হ’ব লাগিব, আৰু
  2. ইয়াক আয়কৰ অধিনিয়ম 2025-ৰ ধাৰা 147 অনুসৰি 15বছৰৰ ভিতৰত যিকোনো একেৰাহে 10 টা কৰ বৰ্ষৰ বাবে কৰ ৰেহাই দাবী কৰিবলৈ বাছনি কৰিছে।

3.3 ফৰ্মৰ সংক্ষিপ্ত আভাস

ফৰ্ম 1-28-ৰ তিনিটা শিৰোনাম আছে:

  1. IFSC-ৰ বিৱৰণ
  2. বিবৃতি তথা ঘোষণা
  3. সত্যাপনকৰণ

4.পৰ্যায়ক্ৰমিক নিৰ্দেশনা

পদক্ষেপ 1: আপোনাৰ ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ই-ফাইলিং প'ৰ্টেলত লগইন কৰক।

Data responsive

পদক্ষেপ 2: ব্যৱহাৰকাৰী পৰিচয় (PAN) আৰু পাছৱৰ্ড প্ৰৱিষ্ট কৰক।

Data responsive

পদক্ষেপ 3: ই-ফাইল ; আয়কৰ ফৰ্মসমূহ ; আয়কৰ ফৰ্মসমূহ দাখিল কৰক-লৈ যাওক।

Data responsive

পদক্ষেপ 4: আয়কৰ অধিনিয়ম, 2025 অনুসৰি ফৰ্মসমূহ টেবটো বাছনি কৰক, ফৰ্ম নং 1-নতুন বাছনি কৰক আৰু 'এতিয়া দাখিল কৰক' বুটামত ক্লিক কৰক।

Data responsive

পদক্ষেপ 5: প্ৰযোজ্য কৰ বৰ্ষ (T.Y) বাছনি কৰক আৰু আগবাঢ়ক-ত ক্লিক কৰক।

Data responsive

পদক্ষেপ 6: আৰম্ভ কৰোঁ আহক-ত ক্লিক কৰক

Data responsive

পদক্ষেপ 7: আহক, আৰম্ভ কৰোঁ আহক-ত ক্লিক কৰাৰ পিছত ব্যৱহাৰকাৰীক ফৰ্মখনলৈ লৈ যোৱা হ'ব। প্ৰাসংগিক তথ্য প্ৰৱিষ্ট কৰাৰ পিছত, তথ্যসমূহ সংৰক্ষণ কৰিবলৈ খচৰা সংৰক্ষণ কৰক-ত ক্লিক কৰক আৰু পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িবলৈ PDF প্ৰিভিউ-ত ক্লিক কৰক।

টোকা:

  1. ক্ৰমিক নং: 6 IFSC ইউনিটত নাম আৰু ঠিকনা অন্তৰ্ভুক্ত থাকে।
  2. ক্ৰমিক নং: 7 পঞ্জীয়নৰ বিৱৰণত অন্তৰ্ভুক্ত থাকে, যেনে IFSC কোন অধিনিয়মৰ অধীনত পঞ্জীয়িত হৈছে আৰু পঞ্জীয়নৰ তাৰিখ।
  3. ক্ৰমিক নং 8-ত সংলগ্নকৰণ পেনেলটো থাকে, য'ত ব্যৱহাৰকাৰীয়ে ক্ৰমিক নং 07-ত বাছনি কৰা অধিনিয়মৰ ভিত্তিত কৰ্তৃপক্ষই জাৰি কৰা পঞ্জীয়নৰ প্ৰতিলিপি আপলোড কৰিব লাগিব।
Data responsive

 

Data responsiveData responsive

টোকা: বিৱৰণী-সহ-ঘোষণা পত্ৰত ঘোষণাকাৰীৰ বিৱৰণ, IFSC ইউনিটৰ ব্যৱসায়ৰ প্ৰকৃতি, আৰু “যি বছৰৰৰ পৰা আৰু যি বছৰৰলৈ” সময়সীমাৰ বাবে কৰ ৰেহাই প্ৰযোজ্য, সেই তথ্যসমূহ অন্তৰ্ভুক্ত থাকে।

Data responsive

টোকা:সত্যাপন অংশত সত্যাপনকাৰী/ঘোষণাকাৰীৰ বিৱৰণৰ লগতে স্থান, তাৰিখ আৰু IP ঠিকনা অন্তৰ্ভুক্ত থাকে।
বিৱৰণ সংৰক্ষণ কৰাৰ পাছত প্ৰিভিউত ক্লিক কৰক।

Data responsive

পদক্ষেপ 8: বিৱৰণসমূহ পৰ্যালোচনা কৰক আৰু প্ৰিভিউ পৃষ্ঠাত থকা ডাউনলোড বুটামত ক্লিক কৰি প্ৰিভিউ PDF ডাউনলোড কৰিব পাৰে। তাৰ পিছত ই-ভেৰিফাই কৰিবলৈ আগবাঢ়ক -ত ক্লিক কৰক।

Data responsiveData responsive

পদক্ষেপ 9: ই-ভেৰিফাই কৰিবলৈ আগবাঢ়ক -ত ক্লিক কৰাৰ পিছত এটা নিশ্চিতকৰণ পপ-আপ প্ৰদৰ্শিত হ'ব। ফৰ্মখন দাখিল কৰিবলৈ আগবাঢ়কত ক্লিক কৰক।

Data responsive

পদক্ষেপ 10: হয়ত ক্লিক কৰাৰ পিছত, আপোনাক ই-ভেৰিফাই পৃষ্ঠালৈ লৈ যোৱা হ'ব, য'ত আপুনি প্ৰযোজ্য অনুসৰি DSC/EVC ব্যৱহাৰ কৰি ফৰ্ম 1-নতুন-28/2024-ৰ ই-ভেৰিফাই কৰিব পাৰিব।

টোকা: অধিক জানিবলৈ ই-ভেৰিফাই কেনেকৈ কৰিব ব্যৱহাৰকাৰী মেনুৱেলখন চাওক।

Data responsive

পদক্ষেপ 11: সফলভাৱে ই-ভেৰিফাই সম্পূৰ্ণ হোৱাৰ পিছত, এটা সফলতাৰ বাৰ্তা লেনদেন ID আৰু স্বীকৃতি ৰচিদ নম্বৰৰ সৈতে প্ৰদৰ্শিত হ'ব। ভৱিষ্যতৰ উল্লেখৰ বাবে লেনদেন ID আৰু স্বীকৃতি ৰচিদ নম্বৰটো টোকা কৰি ৰাখক। ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়নভুক্ত ইমেইল ID (সমূহ) আৰু মোবাইল নম্বৰ (সমূহ)-লৈও আপুনি এটা নিশ্চিতকৰণ বাৰ্তা লাভ কৰিব।

স্বীকৃতি ৰচিদ ডাউনলোড কৰিবলৈ ডাউনলোড বুটামত ক্লিক কৰক।

Data responsive

ফৰ্ম 1-নতুন-28/2024 সফলভাৱে দাখিল কৰাৰ পিছত, ব্যৱহাৰকাৰীয়ে পূৰণ কৰা ফৰ্মখন তলত দিয়া পথ অনুসৰণ কৰি চাব পাৰিব — আপোনাৰ ডেশ্বব'ৰ্ডত, ই-ফাইল → আয়কৰ ফৰ্মসমূহ দাখিল কৰক → দাখিল কৰা ফৰ্মসমূহ চাওক → আয়কৰ অধিনিয়ম 2025-ৰ অধীনত থকা 'দাখিল কৰা ফৰ্ম চাওক' টেবত ক্লিক কৰক।

টোকা: অধিক জানিবলৈ 'পূৰণ কৰা ফৰ্ম চাওক' ব্যৱহাৰকাৰী মেনুৱেলখন চাওক ।

5. সম্পৰ্কিত বিষয়সমূহ

6. শব্দাৱলী

সংক্ষিপ্ত ৰূপ/সংক্ষেপ বিৱৰণ/সম্পূৰ্ণ ৰূপ
DSC ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ
EVC ইলেক্ট্ৰনিক সত্যাপন প্ৰমাণপত্ৰ
ARN স্বীকাৰপত্ৰৰ ৰছিদ নম্বৰ
PY পূৰ্বৱৰ্তী বৰ্ষ
FY বিত্তীয় বৰ্ষ
TY কৰ বৰ্ষ