প্ৰপত্ৰ 152 ৰ বাবে ইউজাৰ মেনুৱেল
1. অৱলোকন
যেতিয়া কোনো ব্যক্তিয়ে আয়কৰ অধিনিয়ম, 2025-ৰ ধাৰা 289-ৰ অধীনত ধাৰা 407(2)/ 407(5) অনুসৰি অগ্ৰিম কৰ পৰিশোধ কৰিবলৈ এখন দাবী আদেশ লাভ কৰে, তেতিয়া ফৰ্ম 152 দাখিল কৰিবলগীয়া হয়। ই হৈছে এখন সূচনা ফৰ্ম, যিখন কম পৰিমাণৰ অগ্ৰিম কৰ পৰিশোধ কৰাৰ বাবে মূল্যায়ন বিষয়াই জাৰী কৰা ফৰ্ম 151-ৰ সঁহাৰি হিচাপে দাখিল কৰা হয়।
2. ফৰ্ম দাখিল কৰাৰ পূৰ্বচৰ্তসমূহ।
- ব্যৱহাৰকাৰীয়ে ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়ন কৰিব লাগিব
- ফৰ্ম দাখিলৰ বাবে PAN আৰু আধাৰ কৰদাতাৰ সৈতে লিংক হ’ব লাগিব।
- কৰদাতাৰ বাবে ধাৰা 289-ৰ অধীনত আদেশ জাৰী কৰিব লাগিব আৰু আদেশটোৰ DIN-ৰ প্ৰয়োজন।
- DSC মোডৰ জৰিয়তে কৰা সত্যাপনকৰণৰ ক্ষেত্ৰত কৰদাতাৰ বৈধ আৰু সক্ৰিয় DSC থাকিব লাগিব।
- আধাৰৰ OTP জৰিয়তে দাখিলকৰণৰ ক্ষেত্ৰত মোবাইল নম্বৰ আধাৰৰ সৈতে লিংক কৰিব লাগিব।
3. ফৰ্মখনৰ সবিশেষ
a) ফৰ্মৰ উদ্দেশ্য:
যেতিয়া এজন কৰদাতাই আয়কৰ অধিনিয়ম, 2025-ৰ ধাৰা 407(2) বা 407(5) অনুসৰি ধাৰা 289-ৰ অধীনত এখন দাবীৰ জাননী লাভ কৰে, তেতিয়া অগ্ৰিম কৰৰ সন্দৰ্ভত নিৰ্ধাৰণ বিষয়া (AO)-ক দিয়া এখন বিধিবদ্ধ সূচনা হৈছে ফৰ্ম 152। সহজ কথাত ক'বলৈ গ'লে, বিভাগৰ দ্বাৰা উত্থাপন কৰা অগ্ৰিম কৰৰ দাবী সন্দৰ্ভত কৰদাতাৰ নিজা স্থিতি বা আপত্তিৰ বিষয়ে AO-ক অৱগত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
b) এইখন কোনে দাখিল কৰিব পাৰে?
ফৰ্ম 152 এনে এজন ব্যক্তিয়ে দাখিল কৰিব পাৰে, যিয়ে পৰিশোধ কৰা আগতীয়া কৰৰ ওপৰত দাবীৰ জাননী লাভ কৰে আৰু ক'ব বিচাৰে যে, "দাবীৰ জাননীত উল্লেখ কৰা কৰৰ পৰিমাণটো শুদ্ধ নহয়"।
4. ফৰ্মৰ সংক্ষিপ্ত আভাস
ফৰ্ম 152-ত 3টা পেনেল আছে অৰ্থাৎ,
- মূল্যাংকন বিষয়া, জাননী আৰু সূচনা
- আয়ৰ অনুমান
- এটাচ্চমেণ্টসমূহ
5. পৰ্যায়ক্ৰমিক নিৰ্দেশনা
আপুনি অনলাইন মোডত - কেৱল ই-ফাইলিং প'ৰ্টেলৰ জৰিয়তে ফৰ্ম 152 পূৰণ কৰি জমা দিব পাৰিব।
পদক্ষেপ 1: আপোনাৰ ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ই-ফাইলিং প’ৰ্টেলত লগইন কৰক।
পদক্ষেপ 2: ব্যৱহাৰকাৰী ID (PAN) আৰু পাছৱৰ্ড প্ৰৱিষ্ট কৰক।
পদক্ষেপ 3: ই-ফাইল > আয়কৰ ফৰ্মসমূহ > আয়কৰ ফৰ্মসমূহ দাখিল কৰকলৈ যাওক।
পদক্ষেপ 4: আয়কৰ অধিনিয়ম, 2025 অনুসৰি ফৰ্মসমূহ টেবটো বাছনি কৰক, ফৰ্ম 152 বাছনি বা সন্ধান কৰক আৰু এতিয়াই দাখিল কৰক বুটামত ক্লিক কৰক।
পদক্ষেপ 5: প্ৰযোজ্য কৰ বৰ্ষ (T.Y) বাছনি কৰক আৰু অব্যাহত ৰাখক বুটামত ক্লিক কৰক।
পদক্ষেপ 6. আৰম্ভ কৰোঁ আহক-ত ক্লিক কৰক।
পদক্ষেপ 7: আৰম্ভ কৰোঁ আহক-ত ক্লিক কৰাৰ পিছত, ব্যৱহাৰকাৰীক পেনেল স্ক্ৰীণলৈ নেভিগেট কৰা হৈছে। প্ৰথম পেনেল বাছনি কৰক: মূল্যাংকন বিষয়া, জাননী আৰু সূচনা মূল্যায়ন কৰক।
পদক্ষেপ 8: প্ৰয়োজনীয় বিৱৰণসমূহ পূৰণ কৰক আৰু চেভত ক্লিক কৰক।
টোকা: এই পেনেলটোত নিৰ্ধাৰণ বিষয়াৰ সবিশেষ, আদেশ নম্বৰ (DIN) আৰু আদেশৰ তাৰিখৰ লগতে ফৰ্ম 151-ৰ সঁহাৰি হিচাপে ফৰ্মখন দাখিল কৰাৰ কাৰণ অন্তৰ্ভুক্ত আছে।

পদক্ষেপ 9: প্ৰথম পেনেলটো ছেভ কৰাৰ পিছত, দ্বিতীয় পেনেলটো বাছনি কৰক: আনুমানিক আয়।
পদক্ষেপ 10: আনুমানিক আয় পেনেলৰ অধীনত বিৱৰণসমূহ পূৰণ আৰু সত্যাপন কৰক, তাৰ পিছত ছেভত ক্লিক কৰক।
টোকা:
a) এই পেনেলত আনুমানিক আয়ৰ উৎসৰ বিৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে।
b) পইণ্ট নং:3, ক্ৰমিক নং 4, ইয়াত ব্যৱসায় বা বৃত্তি শিতানৰ পৰা হোৱা লাভ আৰু মুনাফাৰ জৰিয়তে হোৱা আয়ৰ বিৱৰণ সন্নিবিষ্ট কৰা হৈছে য'ত ফাৰ্মৰ অংশও অন্তৰ্ভুক্ত কৰা হৈছে।
c) পইণ্ট নং: 6, আয়ৰ TDS-ৰ বিৱৰণৰ সৈতে সম্পৰ্কিত।
d) পইণ্ট নং:11-ত পৰিশোধ কৰিবলগীয়া বাকী কৰ দেখুওৱা হৈছে।
টোকা: পইণ্ট নং: 3, ক্ৰমিক নং 04 (a) আৰু 4(b)-ত “বিৱৰণ যোগ কৰক-ত ক্লিক কৰিলে, ব্যৱহাৰকাৰীয়ে ব্যৱসায় অথবা বৃত্তিৰ পৰা হোৱা আয় আৰু ফাৰ্মৰ পৰা হোৱা আয়ৰ অংশৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰৱিষ্ট কৰিব লাগিব।
a) কোনো ক্ষতিৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীয়ে ক্ৰমিক নং 4(a)-ত ঋণাত্মক মানসমূহ প্ৰৱিষ্ট কৰিব পাৰে।
b) আনহাতে 4(b)-ত কোনো ঋণাত্মক মানৰ অনুমতি দিয়া নহ'ব।
পইণ্ট নং: 3-ৰ ক্ৰমিক নং: 5-ত অন্যান্য উৎসৰ পৰা হোৱা আয়ৰ বিষয়ে উল্লেখ কৰা হৈছে, য'ত যদি ব্যৱহাৰকাৰীৰ সুত, লভ্যাংশ আৰু লটাৰী আদিৰ দৰে আন যিকোনো উৎসৰ পৰা আয় থাকে, তেন্তে সেইসমূহ এই ক্ৰমিক নম্বৰত উল্লেখ কৰাটো প্ৰয়োজনীয়।
ইয়াৰ উপৰিও,যদি কোনো আগবঢ়াই নিব পৰা লোকচান বা কৰ ৰেহাইসমূহ থাকে, তেন্তে ব্যৱহাৰকাৰীয়ে সেই মূল্যসমূহ ক্ৰমিক নং 5-ৰ কাষত লিখিব লাগিব।
পইণ্ট নং: 4 (a) (i) আৰু (ii)-ত পৰিশোধ কৰিবলগীয়া আগতীয়া কৰৰ অধীনত অহা এনে আয়ৰ সবিশেষ অন্তৰ্ভুক্ত থাকে যাৰ বিপৰীতে কোনো কৰ পৰিশোধ কৰিবলগীয়া নহয়, যেনে- এখন পঞ্জীয়ন নোহোৱা ফাৰ্মৰ পৰা লাভ কৰা আয়ৰ অংশ যাৰ ওপৰত ফাৰ্মে কৰ পৰিশোধ কৰে আৰু AOP বা BOI-ৰ পৰা লাভ কৰা আয়ৰ অংশ যাৰ ওপৰত সংস্থা বা নিকায়ে কৰ পৰিশোধ কৰে।
পইণ্ট 4(a) (iv), ইয়াত অন্য বস্তু আছে য'ত ব্যৱহাৰকাৰীয়ে বিৱৰণ যোগ কৰকত ক্লিক কৰিব পাৰে আৰু একাধিক শাৰীৰ বস্তু প্ৰৱিষ্ট কৰিব পাৰে।
পইণ্ট নং: 6 অগ্ৰিম কৰ গণনাৰ বাবে বিবেচনা কৰা ধনৰাশিৰ ওপৰত প্ৰদান কৰা মুঠ TDS-ৰ বিৱৰণৰ সৈতে জড়িত।

পদক্ষেপ 11: দ্বিতীয় পেনেল ছেভ কৰাৰ পিছত, তৃতীয় পেনেললৈ নেভিগেট কৰক: এটাচ্চমেণ্টসমূহ।
পদক্ষেপ 12: প্ৰাসংগিক নথিপত্ৰসমূহ সংলগ্ন কৰক আৰু ছেভত ক্লিক কৰক।
টোকা: মূল্যাংকন বিষয়াৰ দ্বাৰা কৰা আগতীয়া কৰৰ গণনাত যে ভুল আছে, তাক প্ৰমাণ কৰা প্ৰাসংগিক নথিপত্ৰসমূহ কৰদাতাই সংলগ্ন কৰিব লাগিব। ইয়াৰ লগতে, এই পেনেলটোত আগতীয়া কৰ অনুমান কৰা ব্যক্তিজনৰ নাম অন্তৰ্ভুক্ত কৰা হয়, যাক ফৰ্মখন সত্যাপন বা দাখিল কৰা সত্যাপনকৰ্তাৰ নাম বুলিও কোৱা হয়।
পদক্ষেপ 13 : তৃতীয় পেনেল ছেভ কৰাৰ পিছত, প্ৰিভিউ কৰক-ত ক্লিক কৰক।
পদক্ষেপ 14: ব্যৱহাৰকাৰীয়ে সবিশেষ পৰ্যালোচনা কৰিব পাৰিব আৰু প্ৰিভিউ পৃষ্ঠাত থকা ডাউনলোড বুটামত ক্লিক কৰি প্ৰিভিউ PDF-খন ডাউনলোড কৰিব পাৰিব আৰু তাৰ পিছত ই-ভেৰিফাই কৰিবলৈ আগবাঢ়ক-ত ক্লিক কৰিব পাৰিব।
টোকা: ব্যৱহাৰকাৰীয়ে UI স্ক্ৰীণত অন্তৰ্ভুক্ত কৰা সবিশেষ তথ্যসমূহ শুদ্ধ হয়নে নহয় সেয়া সত্যাপন কৰিব পাৰিব। যদি কোনো তথ্য বাদ পৰিছে বা ভুল হৈছে, তেন্তে তথ্যখিনি শুদ্ধ কৰিবলৈ ব্যৱহাৰকাৰীয়ে 'সম্পাদনা কৰক' বুটামত ক্লিক কৰিব পাৰিব।
পদক্ষেপ 15 : যেতিয়া ব্যৱহাৰকাৰীয়ে প্ৰিভিউ স্ক্ৰীণত “ ই-ভেৰিফাই কৰিবলৈ আগবাঢ়ক ”-ত ক্লিক কৰে, হয় আৰু নাই বিকল্পৰ সৈতে এটা নিশ্চিতকৰণ পপ আপ ওলাব। ব্যৱহাৰকাৰীয়ে ফৰ্মখন আগবঢ়াই নিবলৈ আৰু জমা দিবলৈ “হয়” বাছনি কৰিব লাগিব।
পদক্ষেপ:16: “হয়” বাছনি কৰাৰ পিছত ব্যৱহাৰকাৰীক ই-ভেৰিফাই পৃষ্ঠা লৈ লৈ যোৱা হ'ব, য'ত ফৰ্মখনৰ জৰিয়তে আধাৰ OTP, DSC > অন্য EVC ধৰণসমূহ জমা দিব পাৰিব।
টোকা: অধিক জানিবলৈ ই-ভেৰিফাই কেনেকৈ কৰিব লাগে ইউজাৰ মেনুৱেল চাওক।
পদক্ষেপ 17: সফল ই-ভেৰিফাইৰ পিছত, এটা লেনদেন ID আৰু স্বীকৃতি ৰচিদ নম্বৰৰ সৈতে এটা সফলতাৰ বাৰ্তা প্ৰদৰ্শন কৰা হয়। অনুগ্ৰহ কৰি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে লেনদেন ID আৰু স্বীকৃতি ৰচিদ নম্বৰটো টুকি ৰাখিব। লগতে আপুনি ই-ফাইলিং পৰ্টেলত পঞ্জীয়নভুক্ত আপোনাৰ ই-মেইল ID আৰু ম'বাইল নম্বৰতো এটা নিশ্চিতকৰণ বাৰ্তা লাভ কৰিব।
স্বীকৃতি ৰচিদ ডাউনলোড কৰিবলৈ ডাউনলোড বুটামটোত ক্লিক কৰক।
ফৰ্ম 152 সফলভাৱে দাখিল কৰাৰ পিছত, ব্যৱহাৰকাৰীয়ে দাখিল কৰা ফৰ্মখন এনেদৰে চাব পাৰিব - আপোনাৰ ডেছব'ৰ্ডত গৈ, ই-ফাইল > আয়কৰ ফৰ্মসমূহ > দাখিল কৰা ফৰ্মসমূহ চাওক-ত ক্লিক কৰক > আৰু আয়কৰ অধিনিয়ম, 2025-ৰ অধীনৰ 'দাখিল কৰা ফৰ্মসমূহ চাওক' টেবত ইয়াক দেখা পাব।
টোকা: অধিক জানিবলৈ ফাইল কৰা ফৰ্মখন ইউজাৰ মেনুৱেলত চাওক।
6. সম্পৰ্কিত বিষয়সমূহ
7. শব্দাৱলী
| হ্ৰস্বনাম/সংক্ষিপ্ত ৰূপ | বিৱৰণ/সম্পূৰ্ণ ৰূপ |
| DSC | ডিজিটেল স্বাক্ষৰ প্ৰমাণ পত্ৰ |
| EVC | ইলেক্ট্ৰনিক সত্যাপন প্ৰমাণ পত্ৰ |
| ARN | স্বীকৃতি ৰচিদ নম্বৰ |
| TY | কৰ বৰ্ষ |