মোৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট(CA)
(কৰ প্ৰক্ৰিয়া সহজ কৰি তোলা, এটা এটাকৈ পদক্ষেপত)
(কৰ প্ৰক্ৰিয়া সহজ কৰি তোলা, এটা এটাকৈ পদক্ষেপত)
মোৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA)-ৰ FAQ
1.মই মোৰ CA-ক ই-ফাইলিং একাউণ্টত কেনেকৈ যোগ কৰিব পাৰোঁ?
আপুনি আপোনাৰ একাউণ্টত ল'গইন কৰাৰ পিছত উপলব্ধ এই সেৱাৰ জৰিয়তে আপোনাৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট(সকল)-ক ই-ফাইলিং একাউণ্টত সংযোজন কৰিব পাৰে। মোৰ CA সেৱাৰ জৰিয়তে আপুনি তলত দিয়া কামসমূহ কৰিব পাৰে:
- আপোনাৰ দ্বাৰা অনুমোদিত আপোনাৰ ই-ফাইলিং পৰ্টেলত সক্ৰিয় আৰু নিষ্ক্ৰিয় CA সমূহৰ এটা তালিকা চাওক
- CA যোগ কৰক
- CA-ক ফৰ্মসমূহ অৰ্পণ কৰক
- অৰ্পণ কৰা ফৰ্মসমূহ প্ৰত্যাহাৰ কৰক
- এজন CA-ক সক্ৰিয় কৰক
- এজন CA-ক নিষ্ক্ৰিয় কৰক
2.মোৰ CA সেৱা কোনে অভিগম কৰিব পাৰিব?
ই-ফাইলিং পৰ্টেলৰ সকলো পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী যি নিম্নলিখিত শ্ৰেণীসমূহৰ এটাত আছে তেওঁলোকে এই সেৱাত প্ৰৱেশ কৰিব পাৰে:
- ব্যক্তি
- HUF
- কোম্পানী,AOP, BOI, AJP, ন্যাস, চৰকাৰ, LA (স্থানীয় কৰ্তৃপক্ষ) ,ফাৰ্ম
- কৰ কৰ্তনকাৰী আৰু সংগ্ৰাহক
3.CA-ক অৰ্পণ কৰা ফৰ্মসমূহ মই প্ৰত্যাহাৰ কৰিব পাৰোঁনে?
হয়, CA-ক অৰ্পণ কৰাৰ পিছত ফৰ্মসমূহ প্ৰত্যাহাৰ কৰিব পাৰি। CA-ক অৰ্পণ কৰা সকলো ফৰ্ম ব্যৱহাৰকাৰীয়ে চাব পাৰে আৰু প্ৰয়োজন অনুসৰি প্ৰত্যাহাৰ কৰিব পাৰে।
4.মই কিয় CA অনুমোদন কৰিব লাগিব?
CA-এ আপোনাৰ হৈ ই-ফাইলিং প'ৰ্টেলত কোনো ফৰ্ম দাখিল কৰাৰ বা কোনো তথ্য প্ৰেৰণ কৰাৰ আগতে, আপুনি তেওঁক অনুমোদন প্ৰদান কৰিব লাগিব। তদুপৰি, কিছুমান বিধিগত ফৰ্মত CA-ৰ প্ৰমাণীকৰণৰ প্ৰয়োজন হয়। আপুনি এই সেৱাৰ জৰিয়তে CA-ক সংযোজন কৰিব পাৰে আৰু ITR / ফৰ্মসমূহ দাখিল কৰিবলৈ CA-এ সংযোজন অনুৰোধ গ্ৰহণ কৰিব লাগিব।