Do not have an account?
Already have an account?

প্ৰথমবাৰৰ পঞ্জীয়ন ব্যৱহাৰকাৰীৰ বাবে দ্ৰুত দৃষ্টিপাত

(আপোনাৰ বাবে কৰ-সম্পৰ্কীয় কাম সহজ কৰি তোলা)

(আপোনাৰ বাবে কৰ-সম্পৰ্কীয় কাম সহজ কৰি তোলা)

Frequently Asked Questions

প্ৰথমবাৰৰ বাবে পঞ্জীয়ন কৰা ব্যৱহাৰকাৰীসকলৰ বাবে সঘনাই সোধা প্ৰশ্নসমূহৰ চমু অৱলোকন

1.মই এজন বেতনভোগী কৰ্মচাৰী আৰু ই-ফাইলিং প'ৰ্টেলত পঞ্জীয়নভুক্ত। ই-ফাইলিং প'ৰ্টেলত মোৰ সকলো কৰ-সম্পৰ্কীয় তথ্য মই ক'ত লাভ কৰিব পাৰিম?

আপুনি আপোনাৰ ই-ফাইলিং ডেছব'ৰ্ডত আপোনাৰ সকলো কৰ-সম্পৰ্কীয় তথ্য আৰু সম্পন্ন কৰিবলগীয়া কামসমূহ চাব পাৰে। ডেছব'ৰ্ডত আয়কৰ-সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ সেৱাৰ লিংকসমূহ থাকে, যিবোৰ আপোনাৰ আয়কৰ-সম্পৰ্কীয় যাত্ৰাত প্ৰয়োজন হ'ব। এটা দৃষ্টিত, আপুনি এইসমূহ কৰিব পাৰে:

  • আপোনাৰ বৈধ PAN, আধাৰ আৰু ফটোৰে সৈতে আপোনাৰ প্ৰ'ফাইল সদায় আপডেট কৰি ৰাখক।
  • আপোনাৰ আধাৰ আৰু PAN লিংক কৰক।
  • আপোনাৰ যোগাযোগৰ বিৱৰণ চাওক আৰু আপডেট কৰক।
  • ই-ফাইলিং ভল্ট উচ্চতৰ সুৰক্ষা সেৱাৰ সৈতে আপোনাৰ একাউণ্ট সুৰক্ষিত কৰক।
  • বকেয়া দাবী চাওক আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাওক।
  • একাধিক FY / মূ.ব.-ৰ বাবে আপোনাৰ আয়কৰ খতিয়ান চাওক।
  • ITR ফাইল কৰাৰ সৈতে জড়িত আপোনাৰ কৰণীয় কামসমূহ চাওক আৰু সেইবোৰৰ প্ৰতি সঁহাৰি জনাওক।
  • আপেক্ষিত ৰিফাণ্ড আৰু আনুমানিক দাবীসহ আপোনাৰ ফাইল কৰাৰ স্থিতি চাওক।
  • সংশোধিত ৰিটাৰ্ণ ফাইল কৰক আৰু ফাইল কৰা ৰিটাৰ্ণসমূহ ডাউনলোড কৰক।
  • TDS, অগ্ৰিম কৰ আৰু স্ব-মূল্যায়ন কৰ আদি আপোনাৰ জমা কৰৰ বিৱৰণ চাওক।
  • আপোনাৰ কৰ্মসূচীত স্থগিত হৈ থকা কাৰ্যৰ প্ৰতি সঁহাৰি জনাওক।
  • যোৱা 3 বছৰৰ ৰিটাৰ্ণ আৰু শেহতীয়াকৈ ফাইল কৰা ফৰ্মসমূহ চাওক।
  • আপোনাৰ অভিযোগৰ বিৱৰণ চাওক।

2. মই এজন কৰদাতা। মোৰ ই-ফাইলিং কৰ্মসূচীত মোৰ বাবে কি কি সেৱা উপলব্ধ?

ই-ফাইলিং কৰ্মসূচীত ব্যক্তিগত কৰদাতা, HUF, কোম্পানী, ফাৰ্ম, ন্যাস, AJP, AOP, BOI, স্থানীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ বাবে তলত দিয়া সেৱাসমূহ উপলব্ধ:

  • আপোনাৰ কৰণীয় কাৰ্য:
    • গ্ৰহণ কৰিবলৈ বাকী থকা ফৰ্মসমূহ
    • অনাদায়ী হৈ থকা ৰিফাণ্ডসমূহ
    • ITDREIN অনুৰোধ
    • ই-সত্যাপনকৰণৰ বাবে স্থগিত / ITR-V প্ৰাপ্ত নকৰা / প্ৰত্যাখ্যান কৰা
    • আপোনাক কৰ্তৃত্বপ্ৰাপ্ত স্বাক্ষৰকাৰী হিচাপে যোগ কৰাৰ বাবে স্থগিত হৈ থকা অনুৰোধসমূহ (কেৱল ব্যক্তিগত কৰদাতাৰ বাবে)
    • আপোনাক কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি হিচাপে যোগ কৰাৰ বাবে স্থগিত হৈ থকা অনুৰোধসমূহ (কেৱল ব্যক্তিগত কৰদাতাৰ বাবে)
    • নিৰ্ধাৰিত তাৰিখৰ পিছত প্ৰাপ্ত ITR-V
    • ফাইল কৰাৰ বাবে স্থগিত
    • কৰ কৰ্তনকাৰী আৰু সংগ্ৰাহকৰ পঞ্জীয়নৰ অনুমোদন আৰু সংশোধন (সংগঠনৰ PAN-ৰ বাবে )
  • আপোনাৰ জ্ঞাতাৰ্থে:
    • আপলোড কৰা ফৰ্মৰ বিৱৰণ চাওক
    • প্ৰতিনিধি কৰদাতা হিচাপে যোগ কৰিবলৈ দাখিল কৰা অনুৰোধসমূহ
    • কৰ্তৃত্বপ্ৰাপ্ত স্বাক্ষৰকাৰী হিচাপে যোগ কৰিবলৈ দাখিল কৰা অনুৰোধসমূহ
    • কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি হিচাপে যোগ কৰিবলৈ দাখিল কৰা অনুৰোধসমূহ
    • প্ৰাপ্ত কৰ্তৃত্বপ্ৰাপ্ত স্বাক্ষৰকাৰীৰ অনুৰোধসমূহ (কেৱল ব্যক্তিগত কৰদাতাৰ বাবে)
    • প্ৰাপ্ত কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিৰ অনুৰোধসমূহ (কেৱল ব্যক্তিগত কৰদাতাৰ বাবে)
    • ITDREIN অনুৰোধৰ বিৱৰণসমূহ চাওক (যিসকল ব্যক্তিক প্ৰতিবেদনকাৰী সত্তাই কৰ্তৃত্বপ্ৰাপ্ত PAN হিচাপে যোগ কৰিছে তেওঁলোকৰ বাবে)
    • অনুমোদিত / নাকচ কৰা TAN পঞ্জীয়নৰ বিৱৰণসমূহ চাওক (প্ৰতিষ্ঠানৰ PAN-ৰ বাবে)

3. মোৰ ডেছব'ৰ্ড চাবলৈ মই লগইন কৰিব লাগিবনে?

হয়। ডেছব'ৰ্ড কেৱল ই-ফাইলিং প'ৰ্টেলত লগইন কৰাৰ পিছতহে চাব পাৰি আৰু ইয়াত লগইন কৰা PAN-ৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট তথ্যসমূহ থাকে।

4. নতুন ই-ফাইলিং পৰ্টেলত ডেছব’ৰ্ডৰ বিষয়ে কি কি নতুন বস্তু আছে?

পূৰ্বৰ ই-ফাইলিং প'ৰ্টেলত কৰদাতাসকলৰ বাবে দুটা মুখ্য সুবিধা আছিল—আয়কৰ ৰিটাৰ্ণ দাখিল কৰা আৰু ই-ফাইলিং ৰিটাৰ্ণসমূহ/ফৰ্মসমূহ চাওক। নতুন ই-ফাইলিং প'ৰ্টেলৰ ডেছব’ৰ্ডত ইয়াতকৈ বহু অধিক সেৱা উপলব্ধ। ইয়াৰ ব্যৱহাৰো অতি সহজ, কিয়নো ইয়াত প্ৰথমেই আপোনাৰ প্ৰ'ফাইল, পঞ্জীয়নভুক্ত যোগাযোগৰ বিৱৰণ, ৰিটাৰ্ণৰ স্থিতি, আয়কৰ জমা, বাকী থকা কাৰ্যসমূহ, শেহতীয়াকৈ দাখিল কৰা নথিপত্ৰসমূহ আৰু অভিযোগসমূহৰ তথ্য স্পষ্টভাৱে দেখুওৱা হয়।

5. মোৰ PAN নিষ্ক্ৰিয় হৈ আছে বা আধাৰৰ লগত লিংক নহয়। ডেছব’ৰ্ডত উপলব্ধ বিভিন্ন সেৱাসমূহত প্ৰৱেশ কৰিব পাৰিমনে?

যেতিয়া প্ৰৱেশ কৰা PAN অচল অৱস্থাত থাকে, তেতিয়া কিছুমান সুবিধা বা প্ৰৱেশাধিকাৰ সীমিত হ'ব পাৰে। অচল PAN-এৰে লগইন কৰাৰ পিছত ডেছব'ৰ্ডত তলৰ সতৰ্কবাণীমূলক পপ-আপটো প্ৰদৰ্শিত হ'ব: "আপোনাৰ PAN, আধাৰৰ সৈতে সংযোগ নথকাৰ বাবে অচল কৰা হৈছে। সেয়েহে কিছুমান সুবিধা বা প্ৰৱেশাধিকাৰ সীমিত হ'ব পাৰে। ধাৰা 234H-ৰ অধীনত প্ৰযোজ্য মাচুল পৰিশোধ কৰাৰ পিছত আপুনি আপোনাৰ PAN-টো আধাৰৰ সৈতে সংযোগ কৰি পুনৰ সচল কৰিব পাৰিব।"

6.PAN অকাৰ্যকৰী হ'লে ব্যৱহাৰকাৰীক কেনেদৰে জনোৱা হ'ব?

ব্যৱহাৰকাৰীয়ে ই-ফাইলিং পৰ্টেলত লগইন কৰাৰ পাছত বা ডেছব'ৰ্ড পৃষ্ঠাত প্ৰৱেশ কৰাৰ লগে লগে, "আপোনাৰ PAN, আধাৰৰ সৈতে সংযোগ নথকাৰ বাবে নিষ্ক্ৰিয় কৰা হৈছে।" শীৰ্ষক এটা পপ-আপ আৰু টিকাৰ বাৰ্তা প্ৰদৰ্শিত হ'ব।

Detailed guides and documentation