আইনী ফৰ্মসমূহ দাখিল কৰিবলৈ ক্ষমা প্ৰাৰ্থনা -ৰ বাবে ইউজাৰ মেনুৱেল
1. অৱলোকন
কেতিয়াবা অনিবাৰ্য পৰিস্থিতিৰ বাবে অনুমোদিত সময়সীমাৰ ভিতৰত আমি আয়কৰৰ বিধিবদ্ধ ফৰ্মসমূহ দাখিল কৰিব নোৱাৰোঁ। এনে ক্ষেত্ৰত,সেই সময়ছোৱাৰ বাবে ব্যৱস্থাই বিধিবদ্ধ ফৰ্মসমূহ দাখিল কৰাৰ অনুমতি নিদিয়ে।
আয়কৰ বিভাগৰ উপযুক্ত সক্ষম কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে,যিকোনো ব্যক্তিয়ে নিজৰ নিয়ন্ত্ৰণৰ বাহিৰৰ পৰিস্থিতিৰ বাবে আয়কৰৰ বিধিবদ্ধ ফৰ্মসমূহ সময়মতে দাখিল কৰিব নোৱাৰিলে,সেই ফৰ্মসমূহ পিছত দাখিল কৰিব পাৰে।
আয়কৰ ই-ফাইলিং প'ৰ্টেলত উপলব্ধ বিলম্ব ক্ষমা আবেদনৰ এই সুবিধা,যিসকল কৰদাতাই নিৰ্ধাৰিত সময়সীমাৰ আগতে ফৰ্মসমূহ দাখিল কৰিব নোৱাৰিলে,তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে।
2.এই সেৱা লাভ কৰাৰ পূৰ্বচৰ্তসমূহ
- ই-ফাইলিং পৰ্টেলত পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰীক বৈধ ব্যৱহাৰকাৰী নাম আৰু পাছৱৰ্ডৰ সৈতে।
- কৰদাতাই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বিধিবদ্ধ ফৰ্মসমূহ দাখিল কৰা নাছিল।
3.এই সুবিধাৰ বিষয়ে
3.1 উদ্দেশ্য
3.2কোনে এইটো ব্যৱহাৰ কৰিব পাৰে?
বিলম্ব ক্ষমা আবেদনৰ এই সুবিধা, যিসকল কৰদাতাই নিৰ্ধাৰিত সময়সীমাৰ আগতে ফৰ্মসমূহ দাখিল কৰিব নোৱাৰিলে, তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব।
4. ফৰ্মসমূহ দাখিল কৰাৰ বাবে বিলম্ব ক্ষমা আবেদন কেনেকৈ দাখিল কৰিব
পদক্ষেপ 1: আপোনাৰ ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি ই-ফাইলিং পৰ্টেলত ল’গইন কৰক।
পদক্ষেপ 2:আপোনাৰ ডেচব'ৰ্ডত, 'সেৱাসমূহ'আৰু 'ক্ষমা অনুৰোধ'ত ক্লিক কৰক।
পদক্ষেপ 3:ক্ষমা অনুৰোধ পৃষ্ঠাত 'বিধিগত ফৰ্মসমূহৰ বাবে আবেদন'নিৰ্ব্বাচন কৰক আৰু 'অব্যাহত' ৰাখকত ক্লিক কৰক।
পদক্ষেপ 4: আবেদন দাখিল কৰিবলৈ '+ক্ষমা সৃষ্টি কৰক'-ত ক্লিক কৰক।
পদক্ষেপ 5:'নতুন ফাইলিং আৰম্ভ কৰক'ত ক্লিক কৰক।
পদক্ষেপ 6: প্ৰয়োজনীয় তথ্য প্ৰৱেশ কৰক (আৱাসিক স্থিতি, ফৰ্ম দাখিল নকৰাৰ সৈতে জড়িত বিৱৰণ, ফৰ্মত পলম হোৱাৰ কাৰণ লিখক আৰু প্ৰয়োজনীয় সংলগ্নসমূহ সংলগ্ন কৰক) 'ই-ভেৰিফাইলৈ যাওক'ত ক্লিক কৰক।
পদক্ষেপ 7: সত্যাপনৰ বাবে উপযুক্ত পদ্ধতি বাছনি কৰক আৰু 'অব্যাহত ৰাখক'-ত ক্লিক কৰক।
পদক্ষেপ 8: সত্যাপন সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ আবেদন দাখিল কৰা হ'ব আৰু এটা লেনদেন ID সৃষ্টি কৰা হ'ব। লগতে, আপোনাৰ পঞ্জীয়নভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত নিশ্চিতকৰণ বাৰ্তা লাভ কৰিব।
আপুনি 'ক্ষমা অনুৰোধ চাওক'ত ক্লিক কৰি ক্ষমা অনুৰোধ চাব পাৰে।
পদক্ষেপ 9: ইয়াত আপুনি ক্ষমাৰ অনুৰোধৰ বিৱৰণ চাবলৈ 'বিৱৰণ চাওক'ত ক্লিক কৰিলে উত্থাপন কৰা ক্ষমাৰ অনুৰোধসমূহ দিয়া হৈছে।
অনুগ্ৰহ কৰি চেকবক্সত ক্লিক কৰক আৰু ছেভত ক্লিক কৰক।
পদক্ষেপ 10: ইয়াত ক্ষমা অনুৰোধৰ বিৱৰণসমূহ প্ৰদৰ্শিত হ'ব। আপুনি 'অনুমোদন পত্ৰ ডাউনলোড'-ত ক্লিক কৰি অনুমোদন পত্ৰ ডাউনলোড কৰিব পাৰিব।
4. সম্পৰ্কিত বিষয়সমূহ