search-openmobilesearch
Do not have an account?
Already have an account?

প্ৰৱেশযোগ্যতা বিকল্পসমূহ

স্ক্ৰীণ ডিচপ্লে নিয়ন্ত্ৰণ কৰিবলৈ ই-ফাইলিং ৱেবছাইটে প্ৰদান কৰা প্ৰৱেশযোগ্যতা বিকল্পবোৰ ব্যৱহাৰ কৰক। এই বিকল্পবোৰে স্পষ্টভাৱে দেখা পাবলৈ আৰু পঠনৰ মান উন্নত কৰিবৰ বাবে আখৰৰ আকাৰ আৰু ৰং বিন্যাস সলনি কৰাত সহায় কৰে।

আখৰৰ আকাৰ সলনি

আখৰৰ আকাৰ সলনি কৰাৰ অৰ্থ হৈছে আখৰবোৰ ইয়াৰ মানক আকাৰতকৈ সৰু বা ডাঙৰ কৰা। আখৰৰ আকাৰ নিৰ্ধাৰণ কৰিবলৈ তিনিটা বিকল্প প্ৰদান কৰা হৈছে যিয়ে পঠনযোগ্যতাক প্ৰভাৱিত কৰে। এইবোৰ হ'ল:

ৱেবছাইটটোৱে আপোনাক প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত থকা আখৰৰ আকাৰৰ আইকনত ক্লিক কৰি আখৰৰ আকাৰ দুটা পৃথক ধৰণে সলনি কৰাৰ সুবিধা প্ৰদান কৰে। আখৰৰ আকাৰ আইকন প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত উপলব্ধ আইকনৰ ৰূপত নিম্নলিখিত বিভিন্ন বিকল্পসমূহ প্ৰদান কৰা হৈছে:

আখৰৰ আকাৰ আইকন

প্ৰতিটো পৃষ্ঠাৰ ওপৰত উপলব্ধ আইকনৰ ৰূপত নিম্নলিখিত বিভিন্ন বিকল্প প্ৰদান কৰা হৈছে:
[ A- ] আখৰৰ আকাৰ হ্ৰাস: আখৰৰ আকাৰ দুটা স্তৰলৈকে হ্ৰাস কৰে
[ A ] আখৰৰ স্বাভাৱিক আকাৰ: আখৰৰ আকাৰ ডিফল্ট ৰূপত চেট কৰে
[ A+ ] আখৰৰ আকাৰ বৃদ্ধি: আখৰৰ আকাৰ দুটা স্তৰলৈ বৃদ্ধি কৰে

কালাৰ স্কীমৰ সাল-সলনি

কনট্ৰাষ্ট স্কীম সলনি কৰাৰ অৰ্থ হৈছে এক উপযুক্ত বেকগ্ৰাউণ্ড আৰু আখৰৰ ৰং প্ৰয়োগ কৰা, যাৰ ফলত পঠন স্পষ্ট হোৱাটো নিশ্চিত হয়। কনট্ৰাষ্ট স্কীম সলনি কৰিবলৈ দুটা বিকল্প প্ৰদান কৰা হৈছে। এইবোৰ হ'ল:

উচ্চ কনট্ৰাষ্ট: পঠনৰ মান উন্নত কৰিবলৈ বেকগ্ৰাউণ্ডত ক'লা ৰং আৰু ফʼৰগ্ৰাউণ্ডত থকা আখৰত উপযুক্ত ৰং প্ৰয়োগ কৰে
স্বাভাৱিক কনট্ৰাষ্ট: ডিফল্ট কনট্ৰাষ্ট চেট কৰিবলৈ ইয়াত বেকগ্ৰাউণ্ডত বগা ৰং আৰু ফʼৰগ্ৰাউণ্ডত থকা আখৰত কʼলা ৰং প্ৰয়োগ কৰে।

ৱেবছাইটত আপুনি দুটা ভিন্ন ধৰণে কনট্ৰাষ্ট স্কীম সলনি কৰিব পাৰে, প্ৰতিটো পৃষ্ঠাৰ ওপৰত থকা কনট্ৰাষ্ট স্কীম আইকনত ক্লিক কৰি আৰু প্রৱেশযোগ্যতা বিকল্প পৃষ্ঠাৰ জৰিয়তে।

কনট্ৰাষ্ট স্কীম আইকন

আইকনৰ ৰূপত কনট্ৰাষ্ট স্কীমৰ দুটা বিকল্প প্ৰদান কৰা হৈছে, যি দুটা প্ৰতিটো পৃষ্ঠাৰ ওপৰত উপলব্ধ হয়‌:

[ Contrast icon ] উচ্চ কনট্ৰাষ্ট ভিউ: বেকগ্ৰাউণ্ডত ক'লা ৰং আৰু ফʼৰগ্ৰাউণ্ডত উপযুক্ত ৰং প্ৰয়োগ হয়‌
[ Contrast icon ] স্বাভাৱিক কনট্ৰাষ্ট ভিউ: বেকগ্ৰাউণ্ডত বগা ৰং আৰু ফʼৰগ্ৰাউণ্ডত ক'লা ৰং প্ৰয়োগ হয়‌