Do not have an account?
Already have an account?

 

AY 2025-26-ৰ বাবে বেতনভোগী ব্যক্তিৰ বাবে প্ৰযোজ্য ৰিটাৰ্ণ আৰু প্ৰপত্ৰসমূহ

 

দায়লুপ্তি: এই পৃষ্ঠাৰ সমল কেৱল এক অৱলোকন / সাধাৰণ নিৰ্দেশনা প্ৰদানৰ বাবেহে আৰু এয়া বিতং নহয়। সম্পূৰ্ণ বিৱৰণ আৰু নিৰ্দেশাৱলীৰ বাবে অনুগ্ৰহ কৰি আয়কৰ অধিনিয়ম, নিয়ম আৰু অধিসূচনাসমূহ চাওক।

 

 

 

1. ITR-1 (সহজ) – কেৱল ব্যক্তিৰ বাবে প্ৰযোজ্য

এই ৰিটাৰ্ণ নিম্নলিখিত যিকোনো উৎসৰ পৰা ₹ 50 লাখলৈকে মুঠ আয় থকা এগৰাকী বাসিন্দা (সাধাৰণতে বাসিন্দা নোহোৱা ব্যক্তিৰ বাহিৰে অন্য) ব্যক্তিৰ বাবে প্ৰযোজ্য হয়

বেতন/পেঞ্চন

এটা গৃহ সম্পত্তি

অন্যান্য উৎসসমূহ (সুত, পাৰিবাৰিক পেঞ্চন, লাভাংশ ইত্যাদি)

₹ 5,000 লৈকে কৃষি আয়

ধাৰা 112 A-ৰ অধীনত মূলধনী লাভৰ আয় 125000 টকা পৰ্যন্ত

 

টোকা: ITR-1 এনে এজন ব্যক্তিয়ে ব্যৱহাৰ কৰিব নোৱাৰে:

(a) যি এটা কোম্পানীৰ এজন সঞ্চালক হয়‌
(b) যাৰ হ্ৰস্বম্যাদী মূলধনী লাভৰ পৰা আয় হয়‌
(c ) যাৰ ধাৰা 112A-ৰ অধীনত দীৰ্ঘম্যাদী মূলধনী লাভ .1.25 লাখ টকাতকৈ বেছি আছে
(d) যি পূৰ্বৱৰ্তী বৰ্ষৰ যিকোনো সময়ত যিকোনো তালিকাভুক্ত নোহোৱা ইকুইটী শ্বেয়াৰ ধাৰণ কৰিছিল, বা
(e) যাৰ ভাৰতৰ বাহিৰত অৱস্থিত কোনো সম্পত্তি (যিকোনো সত্তাত থকা বিত্তীয় স্ৱাৰ্থসহ) আছে
(f) যাৰ ভাৰতৰ বাহিৰত অৱস্থিত যিকোনো একাউণ্টত স্বাক্ষৰ কৰাৰ কৰ্তৃত্ব আছে, বা
(g) যাৰ ভাৰতৰ বাহিৰৰ যিকোনো উৎসৰ পৰা আয় আছে
(h) যি এনে এগৰাকী ব্যক্তি হয় যাৰ ক্ষেত্ৰত ধাৰা 194N-ৰ অধীনত কৰ কৰ্তন কৰা হৈছে
(e) যি এনে এগৰাকী ব্যক্তি হয় যাৰ ক্ষেত্ৰত ESOP-ত কৰৰ পৰিশোধ বা কৰ্তন স্থগিত কৰা হৈছে
(i) যাৰ আয়ৰ যিকোনো শীৰ্ষৰ অধীনত যিকোনো আগুৱাই লৈ অনা লোকচান বা আগলৈ লৈ যাবলগীয়া লোকচান আছে

(i) যাৰ মুঠ আয় 50 লাখ টকাতকৈ অধিক হয়‌।

     

2. ITR-2 - ব্যক্তি (যি ITR 1 ফাইল কৰাৰ বাবে যোগ্য নহয়) আৰু HUF-ৰ বাবে প্ৰযোজ্য হয়

এই ৰিটাৰ্ণ ব্যক্তি আৰু হিন্দু অবিভক্ত পৰিয়ালৰ (HUF) বাবে প্ৰযোজ্য

ব্যৱসায় বা বৃত্তিৰ লাভ আৰু মুনাফা শীৰ্ষৰ বাহিৰে অন্য যিকোনো শীৰ্ষৰ অধীনত আয় আছে।

যি ITR-1 ফাইল কৰাৰ বাবে যোগ্য নহয়

 

3. ITR-3- ব্যক্তি আৰু HUF-ৰ বাবে প্ৰযোজ্য

এই ৰিটাৰ্ণ ব্যক্তি আৰু হিন্দু অবিভক্ত পৰিয়ালৰ (HUF) বাবে প্ৰযোজ্য

যাৰ বেতন/পেঞ্চন, গৃহ সম্পত্তি, ব্যৱসায় বা বৃত্তিৰ লাভ বা মুনাফা, মূলধনী লাভ শীৰ্ষৰ অধীনত আয় বা অন্য উৎসৰ পৰা আয় আছে

যি ITR-1, ITR-2 বা ITR-4 ফাইল কৰাৰ বাবে যোগ্য নহয়

 

4. ITR-4 (সুগম) – ব্যক্তি, HUF আৰু ফাৰ্ম (LLP-ৰ বাহিৰে অন্য)ৰ বাবে প্ৰযোজ্য

এই ৰিটাৰ্ণ এজন ব্যক্তি বা হিন্দু অবিভক্ত পৰিয়াল (HUF)ৰ বাবে প্ৰযোজ্য, যি সাধাৰণতে বাসিন্দা নোহোৱা ব্যক্তিৰ বাহিৰে অন্য বাসিন্দা হয় বা এখন ফাৰ্ম (LLP-ৰ বাহিৰে অন্য) হয়, যি বাসিন্দা হয়‌ তথা যাৰ ব্যৱসায় অথবা বৃত্তিৰ পৰা মুঠ আয় অৰ্জন হয়‌, যি আয় অনুমান ভিত্তিত (ধাৰা 44AD / 44ADA / 44AE-ৰ অধীনত) গণনা কৰা হয় আৰু যি নিম্নলিখিত যিকোনো উৎসৰ পৰা আয় লাভ কৰে:

বেতন/পেঞ্চন

এটা গৃহ সম্পত্তি

অন্যান্য উৎসসমূহ (সুত, পাৰিবাৰিক পেঞ্চন, লাভাংশ ইত্যাদি)

₹ 5,000 লৈকে কৃষি আয়

 

 

টোকা 1:

ITR-4 এনে এজন ব্যক্তিয়ে ব্যৱহাৰ কৰিব নোৱাৰে:

(a) যি এটা কোম্পানীৰ এজন সঞ্চালক হয়‌

(খ) যাৰ হ্ৰস্বম্যাদী মূলধনী লাভ আছে

(c) যাৰ ধাৰা 112A-ৰ অধীনত দীৰ্ঘম্যাদী মূলধনী লাভ .1.25 লাখ টকাতকৈও বেছি হয়‌

(d) যি পূৰ্বৱৰ্তী বৰ্ষৰ যিকোনো সময়ত যিকোনো তালিকাভুক্ত নোহোৱা ইকুইটী শ্বেয়াৰ ধাৰণ কৰিছিল, বা

(e) যাৰ ভাৰতৰ বাহিৰত অৱস্থিত কোনো সম্পত্তি (যিকোনো সত্তাত থকা বিত্তীয় স্ৱাৰ্থসহ) আছে

(f) যাৰ ভাৰতৰ বাহিৰত অৱস্থিত যিকোনো একাউণ্টত স্বাক্ষৰ কৰাৰ কৰ্তৃত্ব আছে, বা

(g) যাৰ ভাৰতৰ বাহিৰৰ যিকোনো উৎসৰ পৰা আয় আছে

(h) যি এনে এগৰাকী ব্যক্তি হয়‌ যাৰ ক্ষেত্ৰত ESOP-ত কৰ পৰিশোধ বা কৰ্তন স্থগিত কৰা হৈছে

(i) যাৰ আয়ৰ যিকোনো শীৰ্ষৰ অধীনত আগুৱাই লৈ অনা বা আগলৈ লৈ যাবলগীয়া যিকোনো লোকচান আছে

(j) যাৰ মুঠ আয় 50 লাখ টকাতকৈ অধিক হয়‌।

 

টোকা:2 ITR-4 (সুগম) বাধ্যতামূলক নহয়। এইয়া হৈছে এজন কৰদাতায় তেওঁৰ বিকল্পত ব্যৱহাৰ কৰিব পৰা এক সৰলীকৃত ৰিটাৰ্ণ প্ৰপত্ৰ, যদি তেওঁ ধাৰা 44AD, 44ADA বা 44AE-ৰ অধীনত আনুমানিক ভিত্তিত ব্যৱসায় অথবা বৃত্তিৰ পৰা লাভ আৰু মুনাফাৰ ঘোষণা কৰিবলৈ যোগ্য হয়।

প্ৰযোজ্য প্ৰপত্ৰসমূহ

1. প্ৰপত্ৰ 12BB - কৰ কৰ্তনৰ বাবে কৰ্মচাৰী এজনৰ দাবীৰ বিৱৰণ (ধাৰা 192-ৰ অধীনত)

প্ৰদানকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

এজন কৰ্মচাৰী তেওঁৰ নিয়োগকৰ্তা(সকল)লৈ

উৎসত কৰ্তন কৰিব লগা কৰ (TDS) গণনাৰ উদ্দেশ্যে HRA, LTC, গৃহ ঋণৰ ওপৰত সুতৰ কৰ্তন, যোগ্য পৰিশোধ বা বিনিয়োগৰ ওপৰত কৰ সঞ্চয়ৰ দাবী / কৰ্তনসমূহৰ সাক্ষ্য বা বিৱৰণসমূহ

 

2. প্ৰপত্ৰ 16 - বেতনৰ ক্ষেত্ৰত উৎসত কৰ্তন কৰা কৰৰ প্ৰমাণপত্ৰ (আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 203-ৰ অধীনত)

প্ৰদানকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

বিত্তীয় বৰ্ষৰ শেষত নিয়োগকৰ্তা(সকল)ৰ পৰা তেওঁৰ কৰ্মচাৰীলৈ

পৰিশোধযোগ্য / ৰিফাণ্ডযোগ্য কৰ গণনা কৰাৰ উদ্দেশ্যে কৰ্মচাৰীৰ আয়, কৰ্তন / অব্যাহতি আৰু উৎসত কৰ্তন

 

3. প্ৰপত্ৰ 16A – বেতনৰ বাহিৰে আন আয়ৰ ওপৰত TDS-ৰ বাবে আয়কৰ অধিনিয়ম, 1961-ৰ 203 ধাৰাৰ অধীনত প্ৰমাণপত্ৰ

প্ৰদানকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

কৰ্তনকাৰীৰ পৰা কৰ্তনপ্ৰাপ্তকাৰীলৈ

প্ৰপত্ৰ 16A হৈছে ত্রৈমাসিকভাৱে জাৰি কৰা উৎসত কৰ কৰ্তনৰ (TDS) প্ৰমাণপত্ৰ য'ত TDS-ৰ পৰিমাণ, পৰিশোধৰ প্ৰকৃতি আৰু আয়কৰ বিভাগত জমা কৰা TDS পৰিশোধৰ পৰিমাণৰ বিৱৰণ থাকে

 

4. প্ৰপত্ৰ 67- ভাৰতৰ বাহিৰৰ কোনো দেশ বা নিৰ্দিষ্ট অঞ্চলৰ পৰা আয়ৰ বিবৃতি আৰু বিদেশী কৰ ক্ৰেডিট

দাখিলকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

139(1) ধাৰাৰ অধীনত ITR-সমূহ উপস্থাপন কৰাৰ বাবে নিৰ্ধাৰিত দেয় তাৰিখত বা তাৰ আগতে কৰদাতা

ভাৰতৰ বাহিৰৰ কোনো দেশ বা নিৰ্দিষ্ট অঞ্চলৰ পৰা আয় আৰু দাবী কৰা বিদেশী কৰ ক্ৰেডিট

 

5.

প্ৰপত্ৰ 26 AS

AIS (বাৰ্ষিক তথ্য বিবৃতি)

প্ৰদানকাৰী হৈছে:

আয়কৰ বিভাগ (ই-ফাইলিং প'ৰ্টেলত উপলব্ধ:

লʼগইন কৰক > ই-ফাইল > আয়কৰ ৰিটাৰ্ণ > প্ৰপত্ৰ 26AS চাওক)

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ:

উৎসত কৰ্তন কৰা / সংগ্ৰহ কৰা কৰ।

প্ৰদানকাৰী হৈছে:

আয়কৰ বিভাগ (আয়কৰ ই-ফাইলিং প'ৰ্টেলত ল'গ ইন কৰাৰ পাছত ইয়াত প্ৰৱেশ কৰিব পাৰি)

ই-ফাইলিং প'ৰ্টেল > ল'গইন > AIS-লৈ যাওক

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ:

  • উৎসত কৰ্তন কৰা / সংগ্ৰহ কৰা কৰ
  • SFT তথ্য
  • কৰ পৰিশোধ
  • দাবী / ৰিফাণ্ড

অন্যান্য তথ্য (যেনে বাকী থকা/সম্পূৰ্ণ কাৰ্যবাহী, GST তথ্য, বিদেশী চৰকাৰৰ পৰা প্ৰাপ্ত তথ্য ইত্যাদি)

 

6. প্ৰপত্ৰ 15G - কৰ কৰ্তন অবিহনে নিৰ্দিষ্ট প্ৰাপ্তিৰ দাবী কৰি এগৰাকী বাসিন্দা ব্যক্তি (যি কোম্পানী বা ফাৰ্ম নহয়)ৰ দ্বাৰা ঘোষণা

দাখিলকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

60 বছৰতকৈ কম বয়সৰ এজন বাসিন্দা ব্যক্তি বা HUF বা অন্য কোনো ব্যক্তিয়ে (কোম্পানী / ফাৰ্মৰ বাহিৰে অন্য) সুতৰ আয়ৰ ওপৰত TDS কৰ্তন নকৰাৰ বাবে বেংকক আবেদন কৰিব লাগিব, যদিহে আয় মৌলিক ৰেহাইৰ সীমাতকৈ কম হয়

FY-ৰ বাবে আনুমানিক আয়

 

7. প্ৰপত্ৰ 15H - কৰ কৰ্তন অবিহনে কিছুমান নিৰ্দিষ্ট প্ৰাপ্তিৰ দাবী কৰি এগৰাকী বাসিন্দা ব্যক্তি (যাৰ বয়স 60 বছৰ বা তাতকৈ অধিক হয়)ৰ দ্বাৰা কৰিবলগীয়া ঘোষণা

দাখিলকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

60 বছৰ বা অধিক বয়সৰ এগৰাকী বাসিন্দা ব্যক্তিয়ে সুতৰ আয়ৰ ওপৰত TDS কৰ্তন নকৰাৰ বাবে বেংকক আবেদন কৰিব লাগিব

FY-ৰ বাবে আনুমানিক আয়

 

8. প্ৰপত্ৰ 10E - বেতন বকেয়া হিচাপে বা আগতীয়াকৈ পৰিশোধিত কৰা হʼলে ধাৰা 89(1)ৰ অধীনত ৰেহাই দাবী কৰাৰ বাবে আয়ৰ বিৱৰণ প্রস্তুত কৰাৰ প্ৰপত্ৰ

প্ৰদানকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

আয়কৰ বিভাগৰ এজন কৰ্মচাৰী

  • বকেয়া / অগ্ৰিম বেতন
  • পাৰিতোষিক
  • অৱসানৰ ওপৰত ক্ষতিপূৰণ
  • পেঞ্চনৰ বিনিময়

 

AY 2025-26-ৰ বাবে কৰৰ শ্লেবসমূহ***

  • বিত্ত অধিনিয়ম 2024-য়ে AY 2024-25-ৰ পৰা কাৰ্যকৰী হোৱাকৈ ধাৰা 115BAC-ৰ বিধানসমূহ সংশোধন কৰিছে যাতে ব্যক্তি, HUF, AOP (যি সমবায় সমিতি নহয়), BOI বা কৃত্ৰিম ন্যায়িক ব্যক্তি হোৱা কৰদাতাৰ বাবে নতুন কৰ ব্যৱস্থাক ডিফল্ট কৰ ব্যৱস্থা কৰি তুলিব পৰা যায়। অৱশ্যে, যোগ্য কৰদাতাসকলৰ ডিফল্ট কৰ ব্যৱস্থা অনিৰ্বাচন কৰাৰ আৰু পুৰণি কৰ ব্যৱস্থাৰ অধীনত কৰ প্ৰদান কৰাৰ বিকল্প আছে। পুৰণি কৰ ব্যৱস্থাই নতুন কৰ ব্যৱস্থা আৰম্ভ কৰাৰ আগতে প্ৰচলিত থকা আয়কৰ গণনা আৰু শ্লেবসমূহৰ ব্যৱস্থাক বুজায়। পুৰণি কৰ ব্যৱস্থাত, কৰদাতাসকলৰ ওচৰত বিভিন্ন কৰ কৰ্তন আৰু ৰেহাই দাবী কৰাৰ বিকল্প আছে। অৱশ্যে, ডিফল্ট কৰ ব্যৱস্থাত পুৰণি কৰ ব্যৱস্থাৰ তুলনাত কৰৰ হাৰ কম।
  • "অব্যৱসায়িক ক্ষেত্ৰসমূহত", ডিফল্ট কৰ ব্যৱস্থাটো সলন কৰাৰ বিকল্পটো প্ৰতি বছৰে পোনপটীয়াকৈ ITR-ত বাছনি কৰিব পাৰি আৰু এনে ITR ধাৰা 139(1)ৰ অধীনত নিৰ্দিষ্ট কৰা নিৰ্ধাৰিত তাৰিখত বা তাৰ আগতে ফাইল কৰিব লাগিব।
  • ব্যৱসায় আৰু বৃত্তিৰ পৰা আয় থকা যোগ্য কৰদাতাৰ ক্ষেত্ৰত যদি কৰদাতাই ডিফল্ট কৰ ব্যৱস্থাৰ পৰা আঁতৰিব বিচাৰে, তেন্তে তেওঁলোকে আয়ৰ ৰিটাৰ্ণ উপস্থাপন কৰিবৰ বাবে ধাৰা 139(1)ৰ অধীনত নিৰ্ধাৰিত তাৰিখত বা তাৰ আগতে প্ৰপত্ৰ-10-IEA উপস্থাপন কৰিব লাগিব। তদুপৰি, এনে বিকল্প অৰ্থাৎ নতুন কৰ ব্যৱস্থাত পুনৰ প্ৰৱেশ কৰাৰ দৰে বিকল্প প্ৰত্যাহাৰৰ কৰিবলৈ হʼলেও আয়ৰ ৰিটাৰ্ণ উপস্থাপনৰ বাবে ধাৰা 139(4)ত নিৰ্দিষ্ট কৰা নিৰ্ধাৰিত তাৰিখত বা তাৰ আগতে প্ৰপত্ৰ নং..10-IEA উপস্থাপন কৰিব লাগিব। অৱশ্যে, ব্যৱসায় আৰু বৃত্তিৰ পৰা আয় থকা যোগ্য কৰদাতাৰ বাবে, পুৰণি কৰ ব্যৱস্থাৰ পৰা আঁতৰি ডিফল্ট কৰ ব্যৱস্থাত পুনৰ প্ৰৱেশ কৰা আৰু পৰৱৰ্তী যিকোনো AY-ত সেইটো বিকল্প প্ৰত্যাহাৰ কৰাৰ সুবিধাটো জীৱনকালত কেৱল এবাৰহে উপলব্ধ হয়।
  1. পূৰ্বৱৰ্তী বৰ্ষত যিকোনো সময়তে 60 বছৰতকৈ কম বয়সৰ ব্যক্তি (বাসিন্দা বা প্ৰৱাসী)ৰ বাবে কৰৰ হাৰসমূহ নিম্নলিখিত ধৰণৰ:

 

পুৰণি কৰ ব্যৱস্থা

115BAC ধাৰাৰ অধীনত নতুন কৰ ব্যৱস্থা

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

₹ 2,50,000 লৈকে

শূন্য

শূন্য

₹ 3,00,000 লৈকে

শূন্য

শূন্য

₹ 2,50,001 - ₹ 5,00,000**

₹ 2,50,000-তকৈ অধিকত 5%

শূন্য

₹ 3,00,001 - ₹ 7,00,000**

₹ 3,00,000-তকৈ অধিকত 5%

শূন্য

₹ 5,00,001 - ₹ 10,00,000

₹ 12,500 + ₹ 5,00,000-তকৈ অধিকত 20%

শূন্য

₹ 7,00,001 - ₹ 10,00,000

₹ 20,000 + ₹ 7,00,000-তকৈ অধিকত 10%

শূন্য

₹ 10,00,001- ₹ 50,00,000

₹ 1,12,500 + ₹ 10,00,000-তকৈ অধিকত 30%

শূন্য

₹ 10,00,001 - ₹ 12,00,000

₹ 50,000 + ₹ 10,00,000-তকৈ অধিকত 15%

শূন্য

₹ 50,00,001- ₹ 100,00,000

₹ 1,12,500 + ₹ 10,00,000-তকৈ অধিকত 30%

10%

₹ 12,00,001 - ₹ 15,00,000

₹ 80,000 + ₹ 12,00,000-তকৈ অধিকত 20%

শূন্য

₹ 100,00,001- ₹ 200,00,000

₹ 1,12,500 + ₹ 10,00,000-তকৈ অধিকত 30%

15%

₹ 15,00,001- ₹ 50,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

শূন্য

₹ 200,00,001- ₹ 500,00,000

₹ 1,12,500 + ₹ 10,00,000-তকৈ অধিকত 30%

25%

₹ 50,00,001- ₹ 100,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

10%

₹ 500,00,000-তকৈ অধিক

₹ 1,12,500 + ₹ 10,00,000-তকৈ অধিকত 30%

37%

₹ 100,00,001- ₹ 200,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

15%

 

 

 

₹ 200,00,001-তকৈ অধিক

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

25%

 

  1. পূৰ্বৱৰ্তী বৰ্ষত যিকোনো সময়তে 60 বছৰ বা ততোধিক বয়সৰ কিন্তু 80 বছৰতকৈ কম বয়সৰ ব্যক্তি (বাসিন্দা বা প্ৰৱাসী)ৰ বাবে কৰৰ হাৰসমূহ নিম্নলিখিত ধৰণৰ:

 

পুৰণি কৰ ব্যৱস্থা

ধাৰা 115BAC(1A)-ৰ অধীনত ডিফল্ট কৰ ব্যৱস্থা

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

₹ 3,00,000 লৈকে

শূন্য

শূন্য

₹ 3,00,000 লৈকে

শূন্য

শূন্য

₹ 3,00,001 - ₹ 5,00,000**

₹ 3,00,000-তকৈ অধিকত 5%

শূন্য

₹ 3,00,001 - ₹ 7,00,000**

₹ 3,00,000-তকৈ অধিকত 5%

শূন্য

₹ 5,00,001 - ₹ 10,00,000

₹ 10,000 + ₹ 5,00,000-তকৈ অধিকত 20%

শূন্য

₹ 7,00,001 - ₹ 10,00,000

₹ 20,000 + ₹ 7,00,000-তকৈ অধিকত 10%

শূন্য

₹ 10,00,001- ₹ 50,00,000

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

শূন্য

₹ 10,00,001 - ₹ 12,00,000

₹ 50,000 + ₹ 10,00,000-তকৈ অধিকত 15%

শূন্য

₹ 50,00,001- ₹ 100,00,000

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

10%

₹ 12,00,001 - ₹ 15,00,000

₹ 80,000 + ₹ 12,00,000-তকৈ অধিকত 20%

শূন্য

₹ 100,00,001- ₹ 200,00,000

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

15%

₹ 15,00,001- ₹ 50,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

শূন্য

₹ 200,00,001- ₹ 500,00,000

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

25%

₹ 50,00,001- ₹ 100,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

10%

₹ 500,00,000-তকৈ অধিক

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

37%

₹ 100,00,001- ₹ 200,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

15%

 

 

 

₹ 200,00,001-তকৈ অধিক

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

25%

  1. পূৰ্বৱৰ্তী বৰ্ষত যিকোনো সময়তে 80 বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তি (বাসিন্দা বা প্ৰৱাসী)ৰ বাবে কৰৰ হাৰসমূহ নিম্নলিখিত ধৰণৰ:

পুৰণি কৰ ব্যৱস্থা

ধাৰা 115BAC(1A)-ৰ অধীনত নতুন কৰ ব্যৱস্থা

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

₹ 5,00,000 লৈকে

শূন্য

শূন্য

₹ 3,00,000 লৈকে

শূন্য

শূন্য

₹ 5,00,001 - ₹ 10,00,000

₹ 5,00,000-তকৈ অধিকত 20%

শূন্য

₹ 3,00,001 - ₹ 7,00,000**

₹ 3,00,000-তকৈ অধিকত 5%

শূন্য

₹ 10,00,001- ₹ 50,00,000

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

শূন্য

₹ 7,00,001 - ₹ 10,00,000

₹ 20,000 + ₹ 7,00,000-তকৈ অধিকত 10%

শূন্য

₹ 50,00,001- ₹ 100,00,000

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

10%

₹ 10,00,001 - ₹ 12,00,000

₹ 50,000 + ₹ 10,00,000-তকৈ অধিকত 15%

শূন্য

₹ 100,00,001- ₹ 200,00,000

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

15%

₹ 12,00,001 - ₹ 15,00,000

₹ 80,000 + ₹ 12,00,000-তকৈ অধিকত 20%

শূন্য

₹ 200,00,001- ₹ 500,00,000

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

25%

₹ 15,00,001- ₹ 50,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

শূন্য

₹ 500,00,000-তকৈ অধিক

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

37%

₹ 50,00,001- ₹ 100,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

10%

 

 

 

₹ 100,00,001- ₹ 200,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

15%

 

 

 

₹ 200,00,001-তকৈ অধিক

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

25%

*টোকা: 25% আৰু 37%-ৰ বৰ্ধিত অধিভাৰ, যিটোৱে হয়‌, ধাৰা 111A, 112, 112A আৰু লাভাংশ আয়ৰ অধীনত কৰযোগ্য আয়ৰ পৰা আৰোপ কৰা নহয়। সেয়েহে, ধাৰা 115A, 115AB, 115AC, 115ACA আৰু 115E-ৰ অধীনত কৰযোগ্য আয়ৰ বাহিৰে এনে আয়সমূহৰ ওপৰত পৰিশোধ কৰিব লগীয়া কৰৰ ওপৰত অধিভাৰৰ সৰ্ব্বোচ্চ হাৰ 15% হ’ব।


**ধাৰা 87A-ৰ অধীনত ৰেহাই: বাসিন্দা ব্যক্তিসকলেও তলত দিয়া কৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বাধিক সীমা সাপেক্ষে আয়কৰৰ 100% লৈকে ৰেহাই পোৱাৰ বাবে যোগ্য হয়:

 

মুঠ আয়

পুৰণি কৰ ব্যৱস্থা

নতুন কৰ ব্যৱস্থা

ধাৰা 87A-ৰ অধীনত প্ৰযোজ্য ৰেহাই

5 লাখ টকালৈকে

বাসিন্দা ব্যক্তিৰ বাবে .12,500 টকালৈকে কৰ ৰেহাই প্ৰযোজ্য হয়, যদিহে তেওঁলোকৰ মুঠ আয় 5,00,000 টকাতকৈ বেছি নহয় (NRI-সকলৰ বাবে প্ৰযোজ্য নহয়)

বাসিন্দা ব্যক্তিৰ বাবে .20,000 টকালৈকে কৰ ৰেহাই প্ৰযোজ্য হয়, যদিহে তেওঁলোকৰ মুঠ আয় 7,00,000 টকাতকৈ বেছি নহয় (NRI-সকলৰ বাবে প্ৰযোজ্য নহয়)

5 লাখৰ পৰা 7 লাখলৈকে

শূন্য

***টোকা : দুয়োটা কৰ ব্যৱস্থাতে, আয়কৰ আৰু অধিভাৰৰ পৰিমাণৰ ওপৰত (যদি আছে) স্বাস্থ্য আৰু শিক্ষা উপকৰ @ 4% হাৰত পৰিশোধ কৰিব লাগিব।

পুৰণি কৰ ব্যৱস্থাৰ অধীনত অৰ্জিত আয় ক্ৰমে ₹ 50 লাখ, ₹ 1 কোটি, ₹ 2 কোটি বা ₹ 5 কোটিতকৈ অধিক হʼলে আৰু নতুন কৰ ব্যৱস্থাৰ অধীনত আয় ক্ৰমে ₹ 50 লাখ, ₹ 1 কোটি আৰু ₹ 2 কোটিতকৈ অধিক হʼলে অধিভাৰৰ পৰা তলত দিয়া ধৰণে প্ৰান্তিক ৰেহাই দাবী কৰিব পাৰি:

নেট আয়ৰ পৰিসৰ

প্ৰান্তিক ৰেহাই

(টকা)তকৈ অধিক

(টকা)তকৈ অধিক নহয়

 

 

50 লাখ

1 কোটি

আয়কৰ আৰু অধিভাৰ হিচাপে পৰিশোধ কৰিব লগা ধনৰাশি 50 লাখ টকাৰ মুঠ আয়ত আয়কৰ হিচাপে পৰিশোধ কৰিব লগা মুঠ ধনৰাশিৰ পৰা 50 লাখ টকাতকৈ অধিক আয়তকৈ অধিক নহ’ব

1 কোটি

2 কোটি

আয়কৰ আৰু অধিভাৰ হিচাপে পৰিশোধ কৰিব লগা ধনৰাশি 1 কোটি টকাৰ মুঠ আয়ত আয়কৰ হিচাপে পৰিশোধ কৰিব লগা মুঠ ধনৰাশিৰ পৰা 1 কোটি টকাতকৈ অধিক আয়তকৈ অধিক নহ’ব

2 কোটি

5 কোটি

আয়কৰ আৰু অধিভাৰ হিচাপে পৰিশোধ কৰিব লগা ধনৰাশি 2 কোটি টকাৰ মুঠ আয়ত আয়কৰ হিচাপে পৰিশোধ কৰিব লগা মুঠ ধনৰাশিৰ পৰা 2 কোটি টকাতকৈ অধিক আয়তকৈ অধিক নহ’ব

5 কোটি

আয়কৰ আৰু অধিভাৰ হিচাপে পৰিশোধ কৰিব লগা ধনৰাশি 5 কোটি টকাৰ মুঠ আয়ত আয়কৰ হিচাপে পৰিশোধ কৰিব লগা মুঠ ধনৰাশিৰ পৰা 5 কোটি টকাতকৈ অধিক আয়তকৈ অধিক নহ’ব।

 

বিনিয়োগ / পৰিশোধ / আয় যাৰ ওপৰত মই কৰ লাভ প্ৰাপ্ত কৰিব পাৰোঁ

ধাৰা 115BAC-ৰ অধীনত নতুন কৰ ব্যৱস্থা বাছনি কৰা কৰদাতাৰ বাবে তলত দিয়া কৰ্তনসমূহ উপলব্ধ হ'ব:
    1. ধাৰা 24(b) – গৃহ ঋণৰ ওপৰত পৰিশোধ কৰা সুতৰ ওপৰত গৃহ সম্পত্তিৰ আয়ৰ পৰা কৰ্তন:

সম্পত্তিৰ প্ৰকৃতি

ঋণৰ উদ্দেশ্য

অনুমোদনযোগ্য (সৰ্বোচ্চ সীমা)

ITR পূৰণ কৰিবলৈ প্ৰয়োজনীয় বিৱৰণসমূহ

ভাড়ালৈ দিয়া

গৃহ সম্পত্তি নিৰ্মাণ বা ক্ৰয়

কোনো সীমা অবিহনে প্ৰকৃত মূল্য (কিন্তু যদি “গৃহ সম্পত্তিৰ পৰা আয়” শীৰ্ষৰ অধীনত লোকচান থাকে তেন্তে অনুসূচী CYLA-ৰ অন্য কোনো শীৰ্ষৰ বিপৰীতে সমাযোজন কৰা কৰিব নোৱাৰি আৰু পৰৱৰ্তী বৰ্ষসমূহলৈ আগলৈ লৈ যাব নোৱাৰি)

•বেংক / বেংকৰ বাহিৰে অন্য প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
•বেংক / প্ৰতিষ্ঠান / ব্যক্তিৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
•বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ।
•ঋণ অনুমোদনৰ তাৰিখ
•ঋণৰ মুঠ ধনৰাশি
•বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
•ধাৰা 24(b)ৰ অধীনত ধাৰ লোৱা মূলধনৰ ওপৰত সুত
    1. আয়কৰ অধিনিয়মৰ অধ্যায় VIA-ৰ অধীনত নিৰ্ধাৰিত কৰ কৰ্তনসমূহ

ধাৰা 80CCD(2)

কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনিত নিয়োগকৰ্তাই আগবঢ়োৱা অৱদানৰ বাবে কৰ্তন

সকলো শ্ৰেণীৰ নিয়োগকৰ্তাৰ বাবে

বেতনৰ 14% কৰ্তনৰ সীমা

 

ধাৰা 80CCH

অগ্নিপথ আঁচনিলৈ অৱদান যোগোৱাৰ বাবে কৰ্তন

য'ত এজন কৰদাতা ব্যক্তিয়ে অগ্নিপথ আঁচনিত নামভৰ্তি কৰিছে আৰু 2022 চনৰ নৱেম্বৰৰ 1 তাৰিখত বা তাৰ পাছত অগ্নিবীৰ কৰ্পাছ পুঁজিৰ সদস্য হৈছে, তেওঁ পূৰ্বৱৰ্তী বৰ্ষত উক্ত পুঁজিত তেওঁৰ একাউণ্টত যিকোনো পৰিমাণৰ ধন পৰিশোধ কৰিছে বা জমা কৰিছে

 

মুঠ আয়ৰ গণনাত এনেদৰে পৰিশোধ কৰা বা জমা কৰা সমস্ত ধনৰাশিৰ এটা পৰিমাণ কৰ্তনৰ অনুমতি দিয়া হৈছে

য'ত কেন্দ্ৰীয় চৰকাৰে অগ্নিবীৰ কৰ্পাছ পুঁজিত এজন কৰদাতাৰ একাউণ্টলৈ যিকোনো অৱদান আগবঢ়ায়

 

মুঠ আয়ৰ গণনাত এনেদৰে অৱদান আগবঢ়োৱা সমস্ত ধনৰাশিৰ এটা পৰিমাণ কৰ্তনৰ অনুমতি দিয়া হৈছে

পুৰণি কৰ ব্যৱস্থাত কৰ কৰ্তনসমূহ

  1. ধাৰা 24(b) – গৃহ ঋণ আৰু গৃহ উন্নীতকৰণ ঋণৰ ওপৰত পৰিশোধ কৰা সুতৰ ওপৰত গৃহ সম্পত্তিৰ আয়ৰ পৰা কৰ্তন। স্ৱ-দখলীকৃত সম্পত্তিৰ ক্ষেত্ৰত, গৃহ ঋণৰ ওপৰত পৰিশোধ কৰা সুত কৰ্তনৰ উৰ্ধসীমা হৈছে ₹ 2 লাখ। 24(b) ধাৰাৰ অধীনত অনুমোদিত ঋণৰ ওপৰত সুত তলত তালিকাভুক্ত কৰা হৈছে:

সম্পত্তিৰ প্ৰকৃতি

ঋণ কেতিয়া লোৱা হৈছিল

ঋণৰ উদ্দেশ্য

অনুমোদনযোগ্য (সৰ্বোচ্চ সীমা)

প্ৰয়োজনীয় বিৱৰণসমূহ

স্ব-দখলীকৃত

1/04/1999 তাৰিখে বা তাৰ পাছত

গৃহ সম্পত্তি নিৰ্মাণ বা ক্ৰয়

₹ 2,00,000

•বেংক / বেংকৰ বাহিৰে অন্য প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
•বেংক / প্ৰতিষ্ঠান / ব্যক্তিৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
•বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ।
•ঋণ অনুমোদনৰ তাৰিখ
•ঋণৰ মুঠ ধনৰাশি
•বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
•ধাৰা 24(b)ৰ অধীনত ধাৰ লোৱা মূলধনৰ ওপৰত সুত

1/04/1999 তাৰিখে বা তাৰ পাছত

গৃহ সম্পত্তিৰ মেৰামতিৰ বাবে

₹ 30,000

1/04/1999 তাৰিখৰ আগতে

গৃহ সম্পত্তি নিৰ্মাণ বা ক্ৰয়

₹ 30,000

1/04/1999 তাৰিখৰ আগতে

গৃহ সম্পত্তিৰ মেৰামতিৰ বাবে

₹ 30,000

ভাড়ালৈ দিয়া

যিকোনো সময়ত

গৃহ সম্পত্তি নিৰ্মাণ বা ক্ৰয়

কোনো সীমা অবিহনে প্ৰকৃত মূল্য।

AY-ত অন্যান্য আয়ৰ শীৰ্ষৰ বিপৰীতে সমাযোজন কৰিবলৈ অনুমোদিত সৰ্বাধিক লোকচান হৈছে .2,00,000 টকা আৰু বাকী টকা ভৱিষ্যতে পৰৱৰ্তী 8টা বিত্তীয় বৰ্ষলৈকে আগলৈ নিব পাৰি।

আয়কৰ অধিনিয়মৰ অধ্যায় VIA-ৰ অধীনত নিৰ্ধাৰিত কৰ কৰ্তনসমূহ

ধাৰা 80C, 80CCC, 80CCD (1)

এইবোৰৰ বাবে কৰা পৰিশোধৰ বাবে কৰ্তন

80C

  • জীৱন বীমা প্ৰিমিয়াম
  • ভৱিষ্যনিধি
  • কিছুমান ইকুইটী শ্বেয়াৰৰ ছাবস্ক্ৰিপচন
  • টিউচন মাচুল
  • ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ
  • গৃহ ঋণৰ মূলধন
  • অন্যান্য বিভিন্ন বিষয়

 

₹ 1,50,000-ৰ সংযুক্ত কৰ্তনৰ সীমা

প্ৰতিটো যোগ্য পৰিশোধৰ বাবে ITR-ত পূৰণ কৰিবলগীয়া বিৱৰণসমূহ:

  • পলিচি নম্বৰ বা নথিপত্ৰ চিনাক্তকৰণ নম্বৰ
  • ধাৰা 80C-ৰ অধীনত কৰ্তনৰ বাবে যোগ্য ধনৰাশি

80CCC

পেঞ্চন আঁচনিৰ বাবে LIC বা অন্যান্য বীমাকৰ্তাৰ বাৰ্ষিক ভাত্তাৰ পৰিকল্পনা

80CCD(1)

কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনি

 

 

ধাৰা 80CCD(1B)

 

80CCD (1)ৰ অধীনত দাবী কৰা কৰ্তনৰ বাহিৰে, কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনিলৈ কৰা পৰিশোধৰ বাবে কৰ্তন

কৰ্তনৰ সীমা ₹ 50,000

 
 

অনুগ্ৰহ কৰি মন কৰক;


1. ধাৰা 80 C-ৰ অধীনত কৰ্তন দাবী কৰা কৰদাতাসকলে তলত দিয়া ধৰণে বিৱৰণসমূহ প্ৰদান কৰিব লাগিব:

 

  • ধাৰা 80C-ৰ অধীনত কৰ্তনৰ বাবে যোগ্য ধনৰাশি
  • পলিচি নম্বৰ বা নথিপত্ৰ চিনাক্তকৰণ নম্বৰ


2. ধাৰা 80 CCD (1),80 CCD (1B)-ৰ অধীনত কৰ্তন দাবী কৰা কৰদাতাসকলে তলত দিয়া ধৰণে বিৱৰণসমূহ প্ৰদান কৰিব লাগিব:

 

  • বৰঙণিৰ পৰিমাণ
  • কৰদাতাৰ PRAN।

ধাৰা 80CCD(2)

কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনিত নিয়োগকৰ্তাই আগবঢ়োৱা অৱদানৰ বাবে কৰ্তন

যদি নিয়োগকৰ্তা PSU বা আন হয়

বেতনৰ 10% কৰ্তনৰ সীমা

যদি নিয়োগকৰ্তা কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ হয়

বেতনৰ 14% কৰ্তনৰ সীমা

 

ধাৰা 80CCH

অগ্নিপথ আঁচনিলৈ অৱদান যোগোৱাৰ বাবে কৰ্তন

য'ত এজন কৰদাতা ব্যক্তিয়ে অগ্নিপথ আঁচনিত নামভৰ্তি কৰিছে আৰু 2022 চনৰ নৱেম্বৰৰ 1 তাৰিখত বা তাৰ পাছত অগ্নিবীৰ কৰ্পাছ পুঁজিৰ সদস্য হৈছে, তেওঁ পূৰ্বৱৰ্তী বৰ্ষত উক্ত পুঁজিত তেওঁৰ একাউণ্টত যিকোনো পৰিমাণৰ ধন পৰিশোধ কৰিছে বা জমা কৰিছে

 

মুঠ আয়ৰ গণনাত এনেদৰে পৰিশোধ কৰা বা জমা কৰা সমস্ত ধনৰাশিৰ এটা পৰিমাণ কৰ্তনৰ অনুমতি দিয়া হৈছে

য'ত কেন্দ্ৰীয় চৰকাৰে অগ্নিবীৰ কৰ্পাছ পুঁজিত এজন কৰদাতাৰ একাউণ্টলৈ যিকোনো অৱদান আগবঢ়ায়

মুঠ আয়ৰ গণনাত এনেদৰে অৱদান আগবঢ়োৱা সমস্ত ধনৰাশিৰ এটা পৰিমাণ কৰ্তনৰ অনুমতি দিয়া হৈছে

 

ধাৰা 80D

স্বাস্থ্য বীমা প্ৰিমিয়াম আৰু প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাত কৰা পৰিশোধৰ বাবে কৰ্তন

নিজৰ / পতি-পত্নী বা নিৰ্ভৰশীল সন্তানৰ বাবে

₹ 25,000 (যদি কোনো ব্যক্তি বয়োজ্যেষ্ঠ নাগৰিক হয় তেন্তে ₹ 50,000)

প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাৰ বাবে ₹ 5,000, যিটো ওপৰৰ সীমাত অন্তৰ্ভুক্ত হয়

পিতৃ-মাতৃৰ বাবে

₹ 25,000 (যদি কোনো ব্যক্তি বয়োজ্যেষ্ঠ নাগৰিক হয় তেন্তে ₹50,000)

প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাৰ বাবে ₹ 5,000, যিটো ওপৰৰ সীমাত অন্তৰ্ভুক্ত হয়

 

 

 

 

 

 

 

 

বয়োজ্যেষ্ঠ নাগৰিকৰ ওপৰত হোৱা চিকিৎসামূলক ব্যয়ৰ বাবে কৰ্তন, যদি স্বাস্থ্য বীমা সুৰক্ষাৰ ওপৰত কোনো প্ৰিমিয়াম পৰিশোধ কৰা হোৱা নাই

 

নিজৰ / পতি-পত্নী বা নিৰ্ভৰশীল সন্তানৰ বাবে

কৰ্তনৰ সীমা ₹ 50,000

পিতৃ-মাতৃৰ বাবে

কৰ্তনৰ সীমা ₹ 50,000

টোকা:

ধাৰা 80 D-ৰ অধীনত কৰ্তন দাবী কৰা কৰদাতাসকলে তলত দিয়া ধৰণে বিৱৰণসমূহ প্ৰদান কৰিব লাগিব:

  • বীমা কোম্পানী (বীমা কোম্পানী)ৰ নাম
  • পলিচি নম্বৰ
  • স্বাস্থ্য বীমাৰ পৰিমাণ

ধাৰা 80DD

 

 

 

এজন নিৰ্ভৰশীল অক্ষম ব্যক্তিৰ তত্বাৱধান বা চিকিৎসাৰ বাবে কৰা পৰিশোধৰ বাবে বা প্ৰাসংগিক অনুমোদিত আঁচনিৰ অধীনত যিকোনো পৰিমাণ পৰিশোধ কৰা / জমা কৰাৰ বাবে কৰ্তন

ফ্লেট কৰ্তন
₹ 75,000
খৰছ নিৰ্বিশেষে, প্ৰতিবন্ধী ব্যক্তি এগৰাকীৰ বাবে উপলব্ধ।

কৰ্তনৰ পৰিমাণ হৈছে
₹ 1,25,000
যদি ব্যক্তিজন গুৰুতভাৱে অক্ষম হয়‌ (80% বা অধিক)।=

 
 

 

 

 


অনুগ্ৰহ কৰি মন কৰক: ধাৰা 80DD-ৰ কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব:

 

  • অক্ষমতাৰ প্ৰকৃতি
  • অক্ষমতাৰ প্ৰকাৰ
  • কৰ্তনৰ পৰিমাণ
  • নিৰ্ভৰশীল ব্যক্তিৰ প্ৰকাৰ
  • নিৰ্ভৰশীল ব্যক্তিৰ PAN
  • নিৰ্ভৰশীল ব্যক্তিৰ আধাৰ
  • অটিজিম, মস্তিষ্কৰ পক্ষাঘাত বা একাধিক অক্ষমতাৰ ক্ষেত্ৰত ফাইল কৰা প্ৰপত্ৰ 10 IA-ৰ স্বীকৃতি নম্বৰ।
  • UDID নম্বৰ (যদি উপলব্ধ)

ধাৰা 80DDB

 

 

নিৰ্দিষ্ট ৰোগৰ বাবে নিজৰ বা নিৰ্ভৰশীল ব্যক্তিৰ চিকিৎসাৰ বাবে কৰা পৰিশোধৰ বাবে কৰ্তন

 

কৰ্তনৰ সীমা
₹ 40,000
(বয়োজ্যেষ্ঠ নাগৰিক হ'লে ₹ 1,00,000)

 
 

 

ধাৰা 80E

নিজৰ বা আত্মীয়ৰ উচ্চ শিক্ষাৰ বাবে লোৱা ঋণত কৰা সুত পৰিশোধৰ বাবে কৰ্তন

লোৱা ঋণৰ ওপৰত সুতৰ বাবে পৰিশোধ কৰা মুঠ ধনৰাশি

টোকা:


ধাৰা 80E-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব:

  • বেংক / প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
  • প্ৰতিষ্ঠান / বেংকৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
  • বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ
  • ঋণ অনুমোদনৰ তাৰিখ
  • ঋণৰ মুঠ ধনৰাশি
  • বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
  • 80E ধাৰাৰ অধীনত সুত

অনুগ্ৰহ কৰি মন কৰিব যে ধাৰা 24(b)ৰ সীমা শেষ হ’লেহে ধাৰা 80E-ৰ অধীনত কৰ্তন দাবী কৰিব পাৰি।

ধাৰা 80EE

আৱাসিক গৃহ সম্পত্তি অধিগ্ৰহণৰ বাবে লোৱা ঋণৰ বাবদ সুত পৰিশোধৰ বাবে কৰ্তন, য'ত ঋণটো 1 এপ্ৰিল 2016 তাৰিখৰ পৰা 31 মাৰ্চ 2017 তাৰিখৰ ভিতৰত অনুমোদন কৰা হয়

কৰ্তনৰ সীমা
₹ 50,000
লোৱা ঋণৰ বাবে পৰিশোধ কৰা সুতৰ ওপৰত

টোকা:


ধাৰা 80E-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব:

  • বেংক / প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
  • প্ৰতিষ্ঠান / বেংকৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
  • বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ
  • ঋণ অনুমোদনৰ তাৰিখ
  • ঋণৰ মুঠ ধনৰাশি
  • বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
  • 80E ধাৰাৰ অধীনত সুত

ধাৰা 80EEA

প্ৰথমবাৰৰ বাবে আৱাসিক গৃহ সম্পত্তি অধিগ্ৰহণৰ বাবে লোৱা ঋণৰ ওপৰত সুত পৰিশোধৰ বাবে মাত্ৰ ব্যক্তিৰ বাবে উপলব্ধ কৰ্তন, য'ত ঋণটো 1 এপ্ৰিল 2019 তাৰিখৰ পৰা 31 মাৰ্চ 2022 তাৰিখৰ ভিতৰত অনুমোদন কৰা হয় আৰু ইয়াৰ বাবে ধাৰা 80EE-ৰ অধীনত কৰ্তন দাবী কৰিব নালাগিব

 

কৰ্তনৰ সীমা
₹ 1,50,000
লোৱা ঋণৰ বাবে পৰিশোধ কৰা সুতৰ ওপৰত

টোকা:


ধাৰা 80E-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব:

  • আৱাসিক গৃহ সম্পত্তিৰ ষ্টাম্প মূল্য
  • বেংক / প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
  • প্ৰতিষ্ঠান / বেংকৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
  • বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ
  • ঋণ অনুমোদনৰ তাৰিখ
  • ঋণৰ মুঠ ধনৰাশি
  • বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
  • 80E ধাৰাৰ অধীনত সুত

অনুগ্ৰহ কৰি মন কৰক যে ধাৰা 24(b)ৰ সীমা শেষ হ’লেহে ধাৰা 80EEA-ৰ অধীনত কৰ্তন দাবী কৰিব পাৰি। লগতে, ঋণ অনুমোদনৰ তাৰিখ আৰু অন্যান্য যোগ্য চৰ্তাৱলীৰ ওপৰত ভিত্তি কৰি কৰদাতাই 80EE বা 80EEA দাবী কৰিব পাৰে।

ধাৰা 80EEB

বৈদ্যুতিক বাহন ক্ৰয়ৰ বাবে লোৱা ঋণৰ ওপৰত পৰিশোধ কৰা সুতৰ বাবে কৰ্তন, য'ত ঋণটো 1 এপ্ৰিল 2019 তাৰিখৰ পৰা 31 মাৰ্চ 2023 তাৰিখৰ ভিতৰত অনুমোদন কৰা হয়

কৰ্তনৰ সীমা
₹ 1,50,000
লোৱা ঋণৰ বাবে পৰিশোধ কৰা সুতৰ ওপৰত

টোকা:


ধাৰা 80E-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব:

  • বেংক / প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
  • প্ৰতিষ্ঠান / বেংকৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
  • বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ
  • ঋণ অনুমোদনৰ তাৰিখ
  • ঋণৰ মুঠ ধনৰাশি
  • বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
  • 80E ধাৰাৰ অধীনত সুত

ধাৰা 80G

নিৰ্ধাৰিত পুঁজি, দাতব্য প্ৰতিষ্ঠান আদিৰ বাবে কৰা দানৰ বাবে কৰ্তন।

দান নিম্নলিখিত শ্ৰেণীসমূহৰ অধীনত কৰ্তনৰ বাবে যোগ্য

কোনো সীমা অবিহনে

100% কৰ্তন

50% কৰ্তন

যোগ্যতাসম্পন্ন সীমা সাপেক্ষে

100% কৰ্তন

50% কৰ্তন

 

 

 

টোকা: ₹ 2000-তকৈ অধিক নগদ ধন হিচাপে দান দিয়া ধনৰ সন্দৰ্ভত এই ধাৰাৰ অধীনত কোনো কৰ্তনৰ অনুমতি দিয়া নহ'ব

 

ধাৰা 80GG

ঘৰৰ বাবে পৰিশোধ কৰা ভাড়াৰ বাবে কৰ্তন আৰু কেৱল তেওঁলোকৰ বাবে প্ৰযোজ্য যিসকল স্ব-নিয়োজিত বা যাৰ বাবে HRA বেতনৰ অংশ নহয়

নিম্নলিখিতবোৰৰ ভিতৰত ন্যূনতমটো কৰ্তন হিচাপে অনুমোদিত কৰা হ'ব

এই কৰ্তনৰ আগতে পৰিশোধ কৰা ভাড়া মুঠ আয়ৰ পৰা 10% হ্ৰাস কৰা হৈছে

প্ৰতিমাহে ₹ 5,000

মুঠ আয়ৰ 25% (ধাৰা 111A-ৰ অধীনত দীৰ্ঘম্যাদী মূলধনী মুনাফা, হ্ৰস্বম্যাদী মূলধনী মুনাফা বা ধাৰা 115A বা 115D-ৰ অধীনত হোৱা আয়ৰ বাহিৰে)


টোকা: ধাৰা 80GG-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, বাধ্যতামূলকভাৱে প্ৰপত্ৰ 10BA ফাইল কৰাটো বাধ্যতামূলক আৰু আয়ৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়ত অনুসূচী 80GG-ত প্ৰপত্ৰ 10 BA-ৰ (স্বীকৃতি নম্বৰ) প্ৰবিষ্ট কৰাটো বাধ্যতামূলক।

 

ধাৰা 80GGA

বৈজ্ঞানিক গৱেষণা বা গ্ৰামীণ বিকাশৰ বাবে কৰা দানৰ সন্দৰ্ভত কৰ্তন


দান নিম্নলিখিত শ্ৰেণীসমূহৰ অধীনত কৰ্তনৰ বাবে যোগ্য:

গৱেষণা সংঘ বা বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা অন্যান্য প্ৰতিষ্ঠানৰ বাবে

  • বৈজ্ঞানিক গৱেষণা
  • সামাজিক বিজ্ঞান বা পৰিসাংখ্যিক গৱেষণা

সংঘ বা প্ৰতিষ্ঠানৰ বাবে

  • গ্ৰামীণ বিকাশ
  • প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ বা বনানীকৰণ

PSU বা স্থানীয় কৰ্তৃপক্ষ বা সংস্থা বা প্ৰতিষ্ঠান, যিটো যিকোনো যোগ্য প্ৰকল্প সম্পাদন কৰাৰ বাবে ৰাষ্ট্ৰীয় সমিতিৰ দ্বাৰা অনুমোদিত কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অধিসূচিত পুঁজিৰ বাবে

  • বনানীকৰণ
  • গ্ৰামীণ বিকাশ

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু অধিসূচিত অনুসৰি ৰাষ্ট্ৰীয় নগৰীয়া দৰিদ্ৰতা নিৰ্মূলকৰণ পুঁজি

 

টোকা: ₹ 2000-তকৈ অধিক নগদ ধন হিচাপে দান দিয়া ধনৰ সন্দৰ্ভত বা যদি সৰ্বমুঠ আয়ত ব্যৱসায় / বৃত্তিৰ লাভ / মুনাফাৰ পৰা হোৱা আয় অন্তৰ্ভুক্ত হয় তেনেহ'লে এই ধাৰাৰ অধীনত কোনো কৰ্তনৰ অনুমতি দিয়া নহ'ব

 

 

ধাৰা 80GGC

 

 

ৰাজনৈতিক দল বা নিৰ্বাচনী ন্যাসত বৰঙণি হিচাপে আগবঢ়োৱা ধনৰ বাবে কৰ্তন

ৰাজনৈতিক দল বা নিৰ্বাচনী ন্যাসত বৰঙণি হিচাপে আগবঢ়োৱা ধনৰ বাবে কৰ্তন।


নগদ ৰূপত কৰা যিকোনো ধৰণৰ বৰঙণিৰ ক্ষেত্ৰত কৰ্তনৰ অনুমতি দিয়া নহ’ব।

 
 

 

ধাৰা 80TTA

 

 

অনা-বয়োজ্যেষ্ঠ নাগৰিকে সঞ্চয় বেংক একাউণ্টত প্ৰাপ্ত সুতৰ ওপৰত কৰ্তন

কৰ্তনৰ সীমা
₹ 10,000/-

 
 

 

ধাৰা 80TTB

 

 

বাসিন্দা বয়োজ্যেষ্ঠ নাগৰিকৰ দ্বাৰা জমাৰ ওপৰত প্ৰাপ্ত সুতৰ ওপৰত কৰ্তন

কৰ্তনৰ সীমা
₹ 50,000/-

 
 

 

ধাৰা 80U

 

 

প্ৰতিবন্ধী এগৰাকী বাসিন্দা কৰদাতা ব্যক্তিৰ বাবে কৰ্তন

অক্ষমতা থকা ব্যক্তি এগৰাকীৰ বাবে ফ্লেট ₹ 75,000-ৰ কৰ্তন, খৰচ নিৰ্বিশেষে

গুৰুতৰ অক্ষমতা থকা (80% বা অধিক) ব্যক্তি এজনৰ বাবে ফ্লেট ₹ 1,25,000-ৰ কৰ্তন, খৰচ নিৰ্বিশেষে

 
 

টোকা:

ধাৰা 80U-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ প্ৰদান কৰিব লাগিব:

  • অক্ষমতাৰ প্ৰকৃতি
  • অক্ষমতাৰ প্ৰকাৰ
  • কৰ্তনৰ পৰিমাণ
  • অটিজিম, মস্তিষ্কৰ পক্ষাঘাত, বা একাধিক অক্ষমতাৰ ক্ষেত্ৰত ফাইল কৰা প্ৰপত্ৰ 10IA-ৰ স্ৱীকৃতি নম্বৰ।
  • UDID নম্বৰ (যদি উপলব্ধ)

 

 
পৃষ্ঠাটো অন্তিমবাৰ পৰ্যালোচনা বা আপডেট কৰা তাৰিখ: