Do not have an account?
Already have an account?

 

AY 2025-26-ৰ বাবে বয়োজ্যেষ্ঠ নাগৰিক আৰু অতি বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰযোজ্য ৰিটাৰ্ণ আৰু প্ৰপত্ৰসমূহ

AY 2025-26-ৰ বাবে বয়োজ্যেষ্ঠ নাগৰিক আৰু অতি বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰযোজ্য ৰিটাৰ্ণ আৰু প্ৰপত্ৰ

দায়লুপ্তি: এই পৃষ্ঠাৰ সমল কেৱল এক অৱলোকন / সাধাৰণ নিৰ্দেশনা প্ৰদানৰ বাবেহে আৰু এয়া বিতং নহয়। সম্পূৰ্ণ বিৱৰণ আৰু নিৰ্দেশাৱলীৰ বাবে অনুগ্ৰহ কৰি আয়কৰ অধিনিয়ম, নিয়ম আৰু অধিসূচনাসমূহ চাওক

 

এগৰাকী বাসিন্দা ব্যক্তি যাৰ বয়স পূৰ্বৱৰ্তী বৰ্ষৰ যিকোনো সময়ত 60 বছৰ বা তাতকৈ অধিক কিন্তু 80 বছৰতকৈ কম আছিল, তেওঁক আয়কৰ উদ্দেশ্যৰ বাবে বয়োজ্যেষ্ঠ নাগৰিক হিচাপে গণ্য কৰা হয়। এগৰাকী অতি বয়োজ্যেষ্ঠ নাগৰিক হৈছে এগৰাকী বাসিন্দা ব্যক্তি যাৰ বয়স পূৰ্বৱৰ্তী বৰ্ষৰ যিকোনো সময়ত 80 বছৰ বা তাতকৈ অধিক আছিল।

 

টোকা:

আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 194P-ত 75 বছৰ আৰু তাতকৈ অধিক বয়সৰ বয়োজ্যেষ্ঠ নাগৰিকক আয়কৰ ৰিটাৰ্ণ ফাইলিং কৰাৰ পৰা ৰেহাই দিয়াৰ চৰ্তাৱলী প্ৰদান কৰা হৈছে।

ৰেহাইৰ চৰ্তসমূহ হ'ল:

  • বয়োজ্যেষ্ঠ নাগৰিকৰ বয়স 75 বছৰ বা তাতকৈ অধিক হ'ব লাগিব
  • বয়োজ্যেষ্ঠ নাগৰিক পূৰ্বৱৰ্তী বৰ্ষত ‘বাসিন্দা‘ হ'ব লাগিব
  • বয়োজ্যেষ্ঠ নাগৰিকৰ কেৱল পেঞ্চন আয় আৰু সুতৰ আয় আছে আৰু তেওঁ পেঞ্চন প্ৰাপ্ত কৰা একেই নিৰ্দিষ্ট বেংকৰ পৰা সুতৰ আয় প্ৰাপ্ত / উপাৰ্জন কৰি আছে
  • বয়োজ্যেষ্ঠ নাগৰিকে নিৰ্দিষ্ট বেংকত এখন ঘোষণা পত্ৰ দাখিল কৰিব।
  • বেংক এটা কেন্দ্ৰীয় চৰকাৰে অধিসূচিত কৰা অনুসৰি এটা 'নিৰ্দিষ্ট বেংক' হʼব। এনে বেংকবোৰ অধ্যায় VI-A আৰু 87A-ৰ অধীনত কৰ্তন বিবেচনা কৰাৰ পিছত বয়োজ্যেষ্ঠ নাগৰিকসকলৰ TDS কৰ্তনৰ বাবে দায়বদ্ধ হ'ব।
  • ওপৰত উল্লেখ কৰা অনুসৰি নিৰ্দিষ্ট বেংকে 75 বছৰৰ ওপৰৰ বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে কৰ কৰ্তন কৰাৰ পিছত, বয়োজ্যেষ্ঠ নাগৰিকসকলে আয়কৰ ৰিটাৰ্ণ প্রস্তুত কৰাৰ কোনো প্ৰয়োজন নাই।

ধাৰা 194P 1 এপ্ৰিল, 2021 তাৰিখৰ পৰা প্ৰযোজ্য হৈছে।

 

 

1. ITR-1 (সহজ) – কেৱল ব্যক্তিৰ বাবে প্ৰযোজ্য

এই ৰিটাৰ্ণ নিম্নলিখিত যিকোনো উৎসৰ পৰা ₹ 50 লাখলৈকে মুঠ আয় থকা এগৰাকী বাসিন্দা (সাধাৰণতে বাসিন্দা নোহোৱা ব্যক্তিৰ বাহিৰে অন্য) ব্যক্তিৰ বাবে প্ৰযোজ্য হয়।

বেতন / পেঞ্চন

এটা গৃহ সম্পত্তি

অন্যান্য উৎসসমূহ (সুত, পাৰিবাৰিক পেঞ্চন, লাভাংশ ইত্যাদি)

₹ 5,000 লৈকে কৃষি আয়

ধাৰা 112A-ৰ অধীন 125000 টকালৈকে মূলধনী লাভ

 

টোকা: ITR-1 এনে এজন ব্যক্তিয়ে ব্যৱহাৰ কৰিব নোৱাৰে:

  1. যি এটা কোম্পানীৰ এজন সঞ্চালক হয়
  2. যাৰ হ্ৰস্বম্যাদী মূলধনী লাভ আছে
  3. যাৰ ধাৰা 112A-ৰ অধীনত .1.25 লাখ টকাতকৈ অধিক দীৰ্ঘম্যাদী মূলধনী মুনাফা আছে
  4. যি পূৰ্বৱৰ্তী বৰ্ষৰ যিকোনো সময়ত যিকোনো তালিকাবিহীন ইকুইটি শ্বেয়াৰ ধাৰণ কৰিছে
  5. যাৰ ভাৰতৰ বাহিৰত অৱস্থিত (যিকোনো সত্তাত বিত্তীয় আগ্ৰহসহ) কোনো সম্পত্তি আছে
  6. যি ভাৰতৰ বাহিৰত অৱস্থিত যিকোনো একাউণ্টত স্বাক্ষৰকাৰী কৰ্তৃপক্ষ হৈ আছে
  7. যাৰ ভাৰতৰ বাহিৰত যিকোনো উৎসৰ পৰা আয় আছে
  8. যি এনে এগৰাকী ব্যক্তি হয়‌ যাৰ ক্ষেত্ৰত ধাৰা 194N-ৰ অধীনত কৰ কৰ্তন কৰা হৈছে
  9. যি এনে এগৰাকী ব্যক্তি হয় যাৰ ক্ষেত্ৰত ESOP-ত কৰ পৰিশোধ বা কৰ্তন বিলম্বিত কৰা হৈছে
  10. যাৰ মুঠ আয় 50 লাখ টকাতকৈ অধিক হয়‌।

 

 

2. ITR-2 - ব্যক্তি (যি ITR 1 ফাইল কৰাৰ বাবে যোগ্য নহয়) আৰু HUF-ৰ বাবে প্ৰযোজ্য হয়

এই ৰিটাৰ্ণ ব্যক্তি আৰু হিন্দু অবিভক্ত পৰিয়ালৰ (HUF) বাবে প্ৰযোজ্য।

ব্যৱসায় বা বৃত্তিৰ পৰা লাভ বা মুনাফা শীৰ্ষৰ অধীনত আয় নাই

যি ITR-1 ফাইল কৰাৰ বাবে যোগ্য নহয়

 

3. ITR-3 - ব্যক্তি আৰু HUF-ৰ বাবে প্ৰযোজ্য

এই ৰিটাৰ্ণ ব্যক্তি আৰু হিন্দু অবিভক্ত পৰিয়ালৰ (HUF) বাবে প্ৰযোজ্য।

ব্যৱসায় বা বৃত্তিৰ পৰা লাভ বা মুনাফা শীৰ্ষৰ অধীনত আয় আছে

যি ITR-1, 2 বা 4 ফাইল কৰাৰ বাবে যোগ্য নহয়

 

 

 

 

4. ITR-4 (সুগম)– ব্যক্তি, HUF আৰু ফাৰ্ম (LLP-ৰ বাহিৰে অন্য)ৰ বাবে প্ৰযোজ্য

এই ৰিটাৰ্ণ এজন ব্যক্তি বা হিন্দু অবিভক্ত পৰিয়াল (HUF)ৰ বাবে প্ৰযোজ্য, যি সাধাৰণতে বাসিন্দা নোহোৱা ব্যক্তিৰ বাহিৰে অন্য বাসিন্দা হয় বা এখন ফাৰ্ম (LLP-ৰ বাহিৰে অন্য) হয়, যি বাসিন্দা হয় তথা যাৰ ₹ 50 লাখলৈকে মুঠ আয় আছে আৰু যাৰ ব্যৱসায় আৰু বৃত্তিৰ পৰা লাভ কৰা আয় আছে, যি আয় অনুমান ভিত্তিত গণনা কৰা হয় আৰু যি নিম্নলিখিত যিকোনো উৎসৰ পৰা আয় লাভ কৰে:

বেতন/পেঞ্চন

এটা গৃহ সম্পত্তি

অন্যান্য উৎসসমূহ (সুত, পাৰিবাৰিক পেঞ্চন, লাভাংশ ইত্যাদি)

₹ 5,000 লৈকে কৃষি আয়

44AD / 44ADA / 44AE ধাৰাৰ অধীনত ব্যৱসায় / বৃত্তিৰ পৰা লাভ কৰা আয় যি আয় অনুমান ভিত্তিত গণনা কৰা হয়

ধাৰা 112A-ৰ অধীন 125000 টকালৈকে মূলধনী লাভ

 

টোকা: ITR-1 এনে এজন ব্যক্তিয়ে ব্যৱহাৰ কৰিব নোৱাৰে:

  1. যি এটা কোম্পানীৰ এজন সঞ্চালক হয়
  2. যাৰ হ্ৰস্বম্যাদী মূলধনী লাভ আছে
  3. যাৰ ধাৰা 112A-ৰ অধীনত .1.25 লাখ টকাতকৈ অধিক দীৰ্ঘম্যাদী মূলধনী মুনাফা আছে
  4. যি পূৰ্বৱৰ্তী বৰ্ষৰ যিকোনো সময়ত যিকোনো তালিকাবিহীন ইকুইটি শ্বেয়াৰ ধাৰণ কৰিছে
  5. যাৰ ভাৰতৰ বাহিৰত অৱস্থিত (যিকোনো সত্তাত বিত্তীয় আগ্ৰহসহ) কোনো সম্পত্তি আছে
  6. যি ভাৰতৰ বাহিৰত অৱস্থিত যিকোনো একাউণ্টত স্বাক্ষৰকাৰী কৰ্তৃপক্ষ হৈ আছে
  7. যাৰ ভাৰতৰ বাহিৰত যিকোনো উৎসৰ পৰা আয় আছে
  8. যি এনে এগৰাকী ব্যক্তি হয় যাৰ ক্ষেত্ৰত ESOP-ত কৰ পৰিশোধ বা কৰ্তন বিলম্বিত কৰা হৈছে
  9. যাৰ মুঠ আয় 50 লাখ টকাতকৈ অধিক হয়‌।

 

টোকা: 2 ITR-4 (সুগম) বাধ্যতামূলক নহয়। এইখন কৰদাতা এগৰাকী ধাৰা 44AD, 44ADA বা 44AE-ৰ অধীনত আনুমানিক ভিত্তিত ব্যৱসায় আৰু বৃত্তিৰ পৰা লাভ আৰু মুনাফা ঘোষণা কৰাৰ বাবে যোগ্য হ’লে তেওঁ ব্যৱহাৰ কৰিব পৰা এখন সৰলীকৃত ৰিটাৰ্ণ প্ৰপত্ৰ।

 

 

প্ৰযোজ্য প্ৰপত্ৰসমূহ

1. প্ৰপত্ৰ 15H - কৰ কৰ্তন অবিহনে কিছুমান প্ৰাপ্তিৰ দাবী কৰা ব্যক্তি এজনে (যাৰ বয়স 60 বছৰ বা তাতকৈ অধিক হয়) কৰিবলগীয়া ঘোষণা

দাখিলকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

60 বছৰ বা অধিক বয়সৰ এগৰাকী বাসিন্দা ব্যক্তিয়ে, বেংকলৈ সুতৰ আয়ৰ ওপৰত TDS কৰ্তন নকৰাৰ বাবে

FY-ৰ বাবে আনুমানিক আয়

 

2. প্ৰপত্ৰ 12BB - কৰ কৰ্তনৰ বাবে কৰ্মচাৰী এজনৰ দাবীৰ বিৱৰণ (ধাৰা 192-ৰ অধীনত)

প্ৰদানকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

এজন কৰ্মচাৰী তেওঁৰ নিয়োগকৰ্তা(সকল)লৈ

উৎসত কৰ্তন কৰিব লগীয়া কৰ গণনা কৰাৰ উদ্দেশ্যে HRA, LTC, ধাৰে লোৱা মূলধনৰ ওপৰত সুদৰ কৰ্তন, কৰ সঞ্চয়ৰ দাবী / কৰ্তনৰ সাক্ষ্য বা বিৱৰণ।

 

3. প্ৰপত্ৰ 16 - বেতনৰ ওপৰত উৎসত কৰ্তন কৰা কৰৰ বিৱৰণ (আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 203-ৰ অধীনত প্ৰমাণপত্ৰ)

প্ৰদানকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

এজন কৰ্মচাৰী তেওঁৰ নিয়োগকৰ্তা(সকল)লৈ

পৰিশোধযোগ্য / ৰিফাণ্ডযোগ্য কৰ গণনা কৰাৰ উদ্দেশ্যে পৰিশোধ কৰা বেতন, কৰ্তন / অব্যাহতি আৰু উৎসত কৰ্তন কৰা কৰ।

 

 

4. প্ৰপত্ৰ 16A – বেতনৰ বাহিৰে আন আয়ৰ ওপৰত TDS-ৰ বাবে আয়কৰ অধিনিয়ম, 1961-ৰ 203 ধাৰাৰ অধীনত প্ৰমাণপত্ৰ

প্ৰদানকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

কৰ্তনকাৰীৰ পৰা কৰ্তনপ্ৰাপ্তকাৰীলৈ

প্ৰপত্ৰ 16A হৈছে ত্রৈমাসিকভাৱে জাৰি কৰা উৎসত কৰ কৰ্তনৰ (TDS) প্ৰমাণপত্ৰ য'ত TDS-ৰ পৰিমাণ, পৰিশোধৰ প্ৰকৃতি আৰু আয়কৰ বিভাগত জমা কৰা TDS পৰিশোধৰ পৰিমাণৰ বিৱৰণ থাকে।

 

5.

প্ৰপত্ৰ 26 AS

AIS (বাৰ্ষিক তথ্য বিবৃতি)

প্ৰদানকাৰী হৈছে:

আয়কৰ বিভাগ (ই-ফাইলিং প'ৰ্টেলত উপলব্ধ:

লʼগইন কৰক > ই-ফাইল > আয়কৰ ৰিটাৰ্ণ > প্ৰপত্ৰ 26AS চাওক)

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ:

উৎসত কৰ্তন কৰা / সংগ্ৰহ কৰা কৰ।

প্ৰদানকাৰী হৈছে:

আয়কৰ বিভাগ (আয়কৰ ই-ফাইলিং প'ৰ্টেলত ল'গ ইন কৰাৰ পাছত ইয়াত প্ৰৱেশ কৰিব পাৰি)

ই-ফাইলিং প'ৰ্টেল > ল'গইন > AIS-লৈ যাওক

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ:

  • উৎসত কৰ্তন কৰা / সংগ্ৰহ কৰা কৰ
  • SFT তথ্য
  • কৰ পৰিশোধ
  • দাবী / ৰিফাণ্ড

অন্যান্য তথ্য (যেনে বাকী থকা/সম্পূৰ্ণ কাৰ্যবাহী, GST তথ্য, বিদেশী চৰকাৰৰ পৰা প্ৰাপ্ত তথ্য ইত্যাদি)

 

6. প্ৰপত্ৰ 10E - বেতন বকেয়া হিচাপে বা আগতীয়াকৈ পৰিশোধিত কৰা হʼলে ধাৰা 89(1)ৰ অধীনত ৰেহাই দাবী কৰাৰ বাবে আয়ৰ বিৱৰণ প্রস্তুত কৰাৰ প্ৰপত্ৰ

প্ৰদানকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

আয়কৰ বিভাগৰ এজন কৰ্মচাৰী

  • বকেয়া / অগ্ৰিম বেতন
  • পাৰিতোষিক
  • অৱসানৰ ওপৰত ক্ষতিপূৰণ
  • পেঞ্চনৰ বিনিময়

 

7. প্ৰপত্ৰ 67- ভাৰতৰ বাহিৰৰ কোনো দেশ বা নিৰ্দিষ্ট অঞ্চলৰ পৰা আয়ৰ বিবৃতি আৰু বিদেশী কৰ ক্ৰেডিট

দাখিলকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

কৰদাতা

ভাৰতৰ বাহিৰৰ কোনো দেশ বা নিৰ্দিষ্ট অঞ্চলৰ পৰা আয় আৰু দাবী কৰা বিদেশী কৰ ক্ৰেডিট

 

8. প্ৰপত্ৰ 3CB-3CD

দাখিলকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

কৰদাতা যি 44AB ধাৰাৰ অধীনত এজন হিচাপৰক্ষকৰ দ্বাৰা তেওঁৰ হিচাপৰ লেখা-পৰীক্ষা কৰোৱাৰ প্ৰয়োজন আছে।

ধাৰা 139-ৰ উপ-ধাৰা (1)ৰ অধীনত আয়ৰ ৰিটাৰ্ণ প্রস্তুত কৰাৰ দেয় তাৰিখৰ এমাহৰ আগতে প্রস্তুত কৰিব লাগিব।


 

 

আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 44AB-ৰ অধীনত উপস্থাপন কৰিবলগীয়া হিচাপৰ লেখা-পৰীক্ষাৰ প্ৰতিবেদন আৰু বিৱৰণৰ বিবৃতি।

 

9. প্ৰপত্ৰ 3CEB

দাখিলকাৰী হৈছে

প্ৰপত্ৰত প্ৰদান কৰা বিৱৰণ

কৰদাতা যি আন্তঃৰাষ্ট্ৰীয় লেনদেন বা নিৰ্দিষ্ট দেশীয় লেনদেনত প্ৰৱেশ কৰাৰ বাবে ধাৰা 92E-ৰ অধীনত হিচাপৰক্ষকৰ পৰা এখন প্ৰতিবেদন প্ৰাপ্ত কৰিব লাগে।

ধাৰা 139-ৰ উপ-ধাৰা (1)ৰ অধীনত আয়ৰ ৰিটাৰ্ণ প্রস্তুত কৰাৰ দেয় তাৰিখৰ এমাহৰ আগতে প্রস্তুত কৰিব লাগিব।

আন্তঃৰাষ্ট্ৰীয় লেনদেন(সমূহ) আৰু নিৰ্দিষ্ট দেশীয় লেনদেন(সমূহ)ৰ সৈতে সম্পৰ্কিত আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 92E-ৰ অধীনত লেখা-পৰীক্ষাৰ প্ৰতিবেদন।

 

AY 2025-26-ৰ বাবে কৰৰ শ্লেবসমূহ***

  • বিত্ত অধিনিয়ম 2024-য়ে AY 2024-25-ৰ পৰা কাৰ্যকৰী হোৱাকৈ ধাৰা 115BAC-ৰ বিধানসমূহ সংশোধন কৰিছে যাতে ব্যক্তি, HUF, AOP (যি সমবায় সমিতি নহয়), BOI বা কৃত্ৰিম ন্যায়িক ব্যক্তি কৰদাতাৰ বাবে নতুন কৰ ব্যৱস্থাক ডিফল্ট কৰ ব্যৱস্থা কৰি তুলিব পৰা যায়। অৱশ্যে, যোগ্য কৰদাতাসকলৰ নতুন কৰ ব্যৱস্থা অনিৰ্বাচন কৰাৰ আৰু পুৰণি কৰ ব্যৱস্থাৰ অধীনত কৰ প্ৰদান কৰাৰ বিকল্প আছে। পুৰণি কৰ ব্যৱস্থাই নতুন কৰ ব্যৱস্থা আৰম্ভ কৰাৰ আগতে প্ৰচলিত থকা আয়কৰ গণনা আৰু শ্লেবসমূহৰ ব্যৱস্থাক বুজায়। পুৰণি কৰ ব্যৱস্থাত, কৰদাতাসকলৰ ওচৰত বিভিন্ন কৰ কৰ্তন আৰু ৰেহাই দাবী কৰাৰ বিকল্প থাকে। অৱশ্যে, ডিফল্ট কৰ ব্যৱস্থাত পুৰণি কৰ ব্যৱস্থাৰ তুলনাত কৰৰ হাৰ কম হয়‌।
  • "অব্যৱসায়িক ক্ষেত্ৰসমূহত", ব্যৱস্থাটো বাছি লোৱাৰ বিকল্প প্ৰতি বছৰে পোনপটীয়াকৈ ITR-ত বাছনি কৰিব পাৰি আৰু এনে ITR ধাৰা 139(1)ৰ অধীনত নিৰ্দিষ্ট কৰা নিৰ্ধাৰিত তাৰিখত বা তাৰ আগতে ফাইল কৰিব লাগিব।
  • ব্যৱসায় আৰু বৃত্তিৰ পৰা আয় থকা যোগ্য কৰদাতাৰ ক্ষেত্ৰত যদি কৰদাতাই ডিফল্ট কৰ ব্যৱস্থাৰ পৰা আঁতৰি আহিব বিচাৰে, তেন্তে তেওঁলোকে আয়ৰ ৰিটাৰ্ণ উপস্থাপনৰ বাবে ধাৰা 139(1)-ৰ অধীন নিৰ্ধাৰিত তাৰিখত বা তাৰ আগতে প্ৰপত্ৰ-10-IEA উপস্থাপন কৰিব পাৰে। তদুপৰি, এনে বিকল্প অৰ্থাৎ নতুন কৰ ব্যৱস্থাত পুনৰ প্ৰৱেশ কৰাৰ দৰে বিকল্প প্ৰত্যাহাৰৰ কৰিবলৈ হʼলেও প্ৰপত্ৰ নং.10-IEA উপস্থাপন কৰিব লাগিব। অৱশ্যে, পুৰণি কৰ ব্যৱস্থাৰ পৰা আঁতৰি ডিফল্ট কৰ ব্যৱস্থাত পুনৰ প্ৰৱেশ কৰাৰ বিকল্প কেৱল পৰৱৰ্তী AY-তহে উপলব্ধ হʼব আৰু এইটো ব্যৱসায় আৰু বৃত্তিৰ পৰা আয় হোৱা যোগ্য কৰদাতাসকলৰ বাবে জীৱনকালত এবাৰহে উপলব্ধ হয়‌।

 

  1. পূৰ্বৱৰ্তী বৰ্ষত যিকোনো সময়তে 60 বছৰ বা ততোধিক বয়সৰ কিন্তু 80 বছৰতকৈ কম বয়সৰ ব্যক্তি (বাসিন্দা বা প্ৰৱাসী)ৰ বাবে কৰৰ হাৰসমূহ নিম্নলিখিত ধৰণৰ:

পুৰণি কৰ ব্যৱস্থা

ধাৰা 115BAC (1A)ৰ অধীনত ডিফল্ট কৰ ব্যৱস্থা

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

₹ 3,00,000 লৈকে

শূন্য

শূন্য

₹ 3,00,000 লৈকে

শূন্য

শূন্য

₹ 3,00,001 - ₹ 5,00,000**

₹ 3,00,000-তকৈ অধিকত 5%

শূন্য

₹ 3,00,001 - ₹ 7,00,000**

₹ 3,00,000-তকৈ অধিকত 5%

শূন্য

₹ 5,00,001 - ₹ 10,00,000

₹ 10,000 + ₹ 5,00,000-তকৈ অধিকত 20%

শূন্য

₹ 7,00,001 - ₹ 10,00,000

₹ 20,000 + ₹ 7,00,000-তকৈ অধিকত 10%

শূন্য

₹ 10,00,001- ₹ 50,00,000

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

শূন্য

₹ 10,00,001 - ₹ 12,00,000

₹ 50,000 + ₹ 10,00,000-তকৈ অধিকত 15%

শূন্য

₹ 50,00,001- ₹ 100,00,000

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

10%

₹ 12,00,001 - ₹ 15,00,000

₹ 80,000 + ₹ 12,00,000-তকৈ অধিকত 20%

শূন্য

₹ 100,00,001- ₹ 200,00,000

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

15%

₹ 15,00,001- ₹ 50,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

শূন্য

₹ 200,00,001- ₹ 500,00,000

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

25%

₹ 50,00,001- ₹ 100,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

10%

₹ 500,00,000-তকৈ অধিক

₹ 1,10,000 + ₹ 10,00,000-তকৈ অধিকত 30%

37%

₹ 100,00,001- ₹ 200,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

15%

 

 

 

₹ 200,00,001-তকৈ অধিক

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

25%

  1. পূৰ্বৱৰ্তী বৰ্ষত যিকোনো সময়তে 80 বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তি (বাসিন্দা বা প্ৰৱাসী)ৰ বাবে কৰৰ হাৰসমূহ নিম্নলিখিত ধৰণৰ:

পুৰণি কৰ ব্যৱস্থা

115BAC ধাৰাৰ অধীনত নতুন কৰ ব্যৱস্থা

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

আয়কৰ শ্লেব

আয়কৰ হাৰ

*অধিভাৰ

₹ 5,00,000 লৈকে

শূন্য

শূন্য

₹ 3,00,000 লৈকে

শূন্য

শূন্য

₹ 5,00,001 - ₹ 10,00,000

₹ 5,00,000-তকৈ অধিকত 20%

শূন্য

₹ 3,00,001 - ₹ 7,00,000**

₹ 3,00,000-তকৈ অধিকত 5%

শূন্য

₹ 10,00,001- ₹ 50,00,000

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

শূন্য

₹ 7,00,001 - ₹ 10,00,000

₹ 20,000 + ₹ 7,00,000-তকৈ অধিকত 10%

শূন্য

₹ 50,00,001- ₹ 100,00,000

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

10%

₹ 10,00,001 - ₹ 12,00,000

₹ 50,000 + ₹ 10,00,000-তকৈ অধিকত 15%

শূন্য

₹ 100,00,001- ₹ 200,00,000

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

15%

₹ 12,00,001 - ₹ 15,00,000

₹ 80,000 + ₹ 12,00,000-তকৈ অধিকত 20%

শূন্য

₹ 200,00,001- ₹ 500,00,000

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

25%

₹ 15,00,001- ₹ 50,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

শূন্য

₹ 500,00,000-তকৈ অধিক

₹ 1,00,000 + ₹ 10,00,000-তকৈ অধিকত 30%

37%

₹ 50,00,001- ₹ 100,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

10%

 

 

 

₹ 100,00,001- ₹ 200,00,000

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

15%

 

 

 

₹ 200,00,001-তকৈ অধিক

₹ 1,40,000 + ₹ 15,00,000-তকৈ অধিকত 30%

25%

 

*টোকা: 25% আৰু 37%-ৰ বৰ্ধিত অধিভাৰ, যিটোৱে হয়‌, ধাৰা 111A, 112, 112A আৰু লাভাংশ আয়ৰ অধীনত কৰযোগ্য আয়ৰ পৰা আৰোপ কৰা নহয়। সেয়েহে, ধাৰা 115A, 115AB, 115AC, 115ACA আৰু 115E-ৰ অধীনত কৰযোগ্য আয়ৰ বাহিৰে এনে আয়সমূহৰ ওপৰত পৰিশোধ কৰিব লগীয়া কৰৰ ওপৰত অধিভাৰৰ সৰ্ব্বোচ্চ হাৰ 15% হ’ব।


**ধাৰা 87A-ৰ অধীনত ৰেহাই: বাসিন্দা ব্যক্তিসকলেও তলত দিয়া কৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বাধিক সীমা সাপেক্ষে আয়কৰৰ 100% লৈকে ৰেহাই পোৱাৰ বাবে যোগ্য হয়:

মুঠ আয়

পুৰণি কৰ ব্যৱস্থা

নতুন কৰ ব্যৱস্থা

ধাৰা 87A-ৰ অধীনত প্ৰযোজ্য ৰেহাই

5 লাখ টকালৈকে

বাসিন্দা ব্যক্তিৰ বাবে .12,500 টকালৈকে কৰ ৰেহাই প্ৰযোজ্য হয়, যদিহে তেওঁলোকৰ মুঠ আয় 5,00,000 টকাতকৈ বেছি নহয় (NRI-সকলৰ বাবে প্ৰযোজ্য নহয়)

বাসিন্দা ব্যক্তিৰ বাবে .20,000 টকালৈকে কৰ ৰেহাই প্ৰযোজ্য হয়, যদিহে তেওঁলোকৰ মুঠ আয় 7,00,000 টকাতকৈ বেছি নহয় (NRI-সকলৰ বাবে প্ৰযোজ্য নহয়)

5 লাখৰ পৰা 7 লাখলৈকে

শূন্য

 

***টোকা : দুয়োটা কৰ ব্যৱস্থাতে, আয়কৰ আৰু অধিভাৰৰ পৰিমাণৰ ওপৰত (যদি আছে) স্বাস্থ্য আৰু শিক্ষা উপকৰ @ 4% হাৰত পৰিশোধ কৰিব লাগিব।

 

পুৰণি কৰ ব্যৱস্থাৰ অধীনত আয় ক্ৰমে ₹ 50 লাখ, ₹ 1 কোটি, ₹ 2 কোটি বা ₹ 5 কোটিতকৈ অধিক হʼলে আৰু নতুন কৰ ব্যৱস্থাৰ অধীনত অৰ্জিত আয় ক্ৰমে ₹ 50 লাখ, ₹ 1 কোটি আৰু ₹ 2 কোটিতকৈ অধিক হʼলে অধিভাৰৰ পৰা তলত দিয়া ধৰণে প্ৰান্তিক ৰেহাই দাবী কৰিব পাৰি:

নেট আয়ৰ পৰিসৰ

প্ৰান্তিক ৰেহাই

(টকা)তকৈ অধিক

(টকা)তকৈ অধিক নহয়

 

 

50 লাখ

1 কোটি

আয়কৰ আৰু অধিভাৰ হিচাপে পৰিশোধ কৰিব লগা ধনৰাশি, 50 লাখ টকাৰ মুঠ আয়ত আয়কৰ হিচাপে পৰিশোধ কৰিব লগা মুঠ ধনৰাশিতকৈ দুয়োটা কৰ ব্যৱস্থাৰ অধীনত 50 লাখ টকাতকৈ অধিক হো‌ৱা আয়তকৈ বেছি হʼব নোৱাৰে।

1 কোটি

2 কোটি

আয়কৰ আৰু অধিভাৰ হিচাপে পৰিশোধ কৰিব লগা ধনৰাশি, 1 কোটি টকাৰ মুঠ আয়ত আয়কৰ হিচাপে পৰিশোধ কৰিব লগা মুঠ ধনৰাশিতকৈ দুয়োটা কৰ ব্যৱস্থাৰ অধীনত 1 কোটি টকাতকৈ অধিক হো‌ৱা আয়তকৈ বেছি হʼব নোৱাৰে।

2 কোটি

5 কোটি

আয়কৰ আৰু অধিভাৰ হিচাপে পৰিশোধ কৰিব লগা ধনৰাশি, 2 কোটি টকাৰ মুঠ আয়ত আয়কৰ হিচাপে পৰিশোধ কৰিব লগা মুঠ ধনৰাশিতকৈ দুয়োটা কৰ ব্যৱস্থাৰ অধীনত 2 কোটি টকাতকৈ অধিক হো‌ৱা আয়তকৈ বেছি হʼব নোৱাৰে।

5 কোটি

আয়কৰ আৰু অধিভাৰ হিচাপে পৰিশোধ কৰিব লগা ধনৰাশি 5 কোটি টকাৰ মুঠ আয়ত আয়কৰ হিচাপে পৰিশোধ কৰিব লগা মুঠ ধনৰাশিৰ পৰা 5 কোটি টকাতকৈ অধিক আয়তকৈ অধিক নহ’ব।

 

বিনিয়োগ / পৰিশোধ / আয় যাৰ ওপৰত মই কৰ লাভ প্ৰাপ্ত কৰিব পাৰোঁ

A. ধাৰা 115BAC (1A)-ৰ অধীনত নতুন কৰ ব্যৱস্থা বাছনি কৰা কৰদাতাৰ বাবে তলত দিয়া কৰ্তনসমূহ উপলব্ধ হ'ব:

1. ধাৰা 24(b) – গৃহ ঋণৰ ওপৰত পৰিশোধ কৰা সুতৰ ওপৰত গৃহ সম্পত্তিৰ আয়ৰ পৰা কৰ্তন:

সম্পত্তিৰ প্ৰকৃতি

ঋণৰ উদ্দেশ্য

অনুমোদনযোগ্য (সৰ্বোচ্চ সীমা)

ITR পূৰণ কৰিবলৈ প্ৰয়োজনীয় বিৱৰণসমূহ

ভাড়ালৈ দিয়া

গৃহ সম্পত্তি নিৰ্মাণ বা ক্ৰয়

কোনো সীমা অবিহনে প্ৰকৃত মূল্য (কিন্তু যদি “গৃহ সম্পত্তিৰ পৰা আয়” শীৰ্ষৰ অধীনত লোকচান থাকে তেন্তে অনুসূচী CYLA-ৰ আন কোনো শীৰ্ষৰ বিপৰীতে সমাযোজন কৰিব নোৱাৰি আৰু পৰৱৰ্তী বৰ্ষসমূহলৈ আগলৈ লৈ যাব নোৱাৰি)

• বেংক / বেংকৰ বাহিৰে অন্য প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
• বেংক / প্ৰতিষ্ঠান / ব্যক্তিৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
• ঋণ একাউণ্ট নম্বৰ।
• ঋণ অনুমোদনৰ তাৰিখ
• ঋণৰ মুঠ ধনৰাশি
• বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
• ধাৰা 24(b)ৰ অধীনত ধাৰ লোৱা মূলধনৰ ওপৰত সুত

2. আয়কৰ অধিনিয়মৰ অধ্যায় VIA-ৰ অধীনত নিৰ্ধাৰিত কৰ কৰ্তনসমূহ

ধাৰা 80CCD(2)

কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনিত নিয়োগকৰ্তাই আগবঢ়োৱা অৱদানৰ বাবে কৰ্তন

সকলো শ্ৰেণীৰ নিয়োগকৰ্তাৰ বাবে

বেতনৰ 14% কৰ্তনৰ সীমা

B. পুৰণি কৰ ব্যৱস্থা বাছি লোৱা কৰদাতাৰ বাবে তলত দিয়া কৰ্তনসমূহ উপলব্ধ হ’ব:

 

  1. ধাৰা 24(b) – গৃহ ঋণ আৰু গৃহ উন্নীতকৰণ ঋণৰ ওপৰত পৰিশোধ কৰা সুতৰ ওপৰত গৃহ সম্পত্তিৰ আয়ৰ পৰা কৰ্তন। স্ৱ-দখলীকৃত সম্পত্তিৰ ক্ষেত্ৰত, গৃহ ঋণৰ ওপৰত পৰিশোধ কৰা সুত কৰ্তনৰ উৰ্ধসীমা হৈছে ₹ 2 লাখ। 24(b) ধাৰাৰ অধীনত অনুমোদিত ঋণৰ ওপৰত সুত তলত তালিকাভুক্ত কৰা হৈছে:

সম্পত্তিৰ প্ৰকৃতি

ঋণ কেতিয়া লোৱা হৈছিল

ঋণৰ উদ্দেশ্য

অনুমোদনযোগ্য (সৰ্বোচ্চ সীমা)

প্ৰয়োজনীয় বিৱৰণসমূহ

স্ব-দখলীকৃত

1/04/1999 তাৰিখে বা তাৰ পাছত

গৃহ সম্পত্তি নিৰ্মাণ বা ক্ৰয়

₹ 2,00,000

• বেংক / বেংকৰ বাহিৰে অন্য প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
• বেংক / প্ৰতিষ্ঠান / ব্যক্তিৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
• ঋণ একাউণ্ট নম্বৰ।
• ঋণ অনুমোদনৰ তাৰিখ
• ঋণৰ মুঠ ধনৰাশি
• বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
• ধাৰা 24(b)ৰ অধীনত ধাৰ লোৱা মূলধনৰ ওপৰত সুত

1/04/1999 তাৰিখে বা তাৰ পাছত

গৃহ সম্পত্তিৰ মেৰামতিৰ বাবে

₹ 30,000

1/04/1999 তাৰিখৰ আগতে

গৃহ সম্পত্তি নিৰ্মাণ বা ক্ৰয়

₹ 30,000

1/04/1999 তাৰিখৰ আগতে

গৃহ সম্পত্তিৰ মেৰামতিৰ বাবে

₹ 30,000

ভাড়ালৈ দিয়া

যিকোনো সময়ত

গৃহ সম্পত্তি নিৰ্মাণ বা ক্ৰয়

কোনো সীমা অবিহনে প্ৰকৃত মূল্য
AY-ত অন্যান্য আয়ৰ শীৰ্ষৰ বিপৰীতে সৰ্বাধিক সমাযোজনাৰ বাবে অনুমোদিত লোকচান হৈছে 200000 টকা আৰু বাকীখিনি ভৱিষ্য়তে 8টা মূল্যায়ন বৰ্ষলৈকে আগলৈ লৈ যাব পাৰি।

2. আয়কৰ অধিনিয়মৰ অধ্যায় VIA-ৰ অধীনত নিৰ্ধাৰিত কৰ কৰ্তনসমূহ

 

ধাৰা 80C, 80CCC, 80CCD (1)

এইবোৰৰ বাবে কৰা পৰিশোধৰ বাবে কৰ্তন

80C

  • জীৱন বীমা প্ৰিমিয়াম
  • ভৱিষ্যনিধি
  • কিছুমান ইকুইটী শ্বেয়াৰৰ ছাবস্ক্ৰিপচন
  • টিউচন মাচুল
  • ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ
  • গৃহ ঋণৰ মূলধন
  • অন্যান্য বিভিন্ন বিষয়

 

₹ 1,50,000-ৰ সংযুক্ত কৰ্তনৰ সীমা

প্ৰতিটো যোগ্য পৰিশোধৰ বাবে ITR-ত পূৰণ কৰিবলগীয়া বিৱৰণসমূহ

  • পলিচি নম্বৰ বা নথিপত্ৰ চিনাক্তকৰণ নম্বৰ
  • ধাৰা 80C-ৰ অধীনত কৰ্তনৰ বাবে যোগ্য ধনৰাশি

80CCC

পেঞ্চন আঁচনিৰ বাবে LIC বা অন্যান্য বীমাকৰ্তাৰ বাৰ্ষিক ভাত্তাৰ পৰিকল্পনা

80CCD(1)

কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনি

 

 

ধাৰা 80CCD(1B)

 

80CCD (1)ৰ অধীনত দাবী কৰা কৰ্তনৰ বাহিৰে, কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনিলৈ কৰা পৰিশোধৰ বাবে কৰ্তন

কৰ্তনৰ সীমা ₹ 50,000

 
 

টোকা:
ধাৰা 80 CCD (1), 80 CCD (1B)-ৰ অধীনত কৰ্তন দাবী কৰা কৰদাতাসকলে তলত দিয়া বিৱৰণসমূহ প্ৰদান কৰিব লাগিব:
• বৰঙণিৰ পৰিমাণ
• কৰদাতাৰ PRAN

ধাৰা 80CCD(2)

কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন আঁচনিত নিয়োগকৰ্তাই আগবঢ়োৱা অৱদানৰ বাবে কৰ্তন

যদি নিয়োগকৰ্তা PSU বা আন হয়

বেতনৰ 10% কৰ্তনৰ সীমা

যদি নিয়োগকৰ্তা কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ হয়

বেতনৰ 14% কৰ্তনৰ সীমা

 

ধাৰা 80D

স্বাস্থ্য বীমা প্ৰিমিয়াম আৰু প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাত কৰা পৰিশোধৰ বাবে কৰ্তন

নিজৰ / পতি-পত্নী বা নিৰ্ভৰশীল সন্তানৰ বাবে

 

₹ 25,000 (যদি কোনো ব্যক্তি বয়োজ্যেষ্ঠ নাগৰিক হয় তেন্তে ₹ 50,000)

প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাৰ বাবে ₹ 5,000, যিটো ওপৰৰ সীমাত অন্তৰ্ভুক্ত হয়

পিতৃ-মাতৃৰ বাবে

₹ 25,000 (যদি কোনো ব্যক্তি বয়োজ্যেষ্ঠ নাগৰিক হয় তেন্তে ₹50,000)

প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাৰ বাবে ₹ 5,000, যিটো ওপৰৰ সীমাত অন্তৰ্ভুক্ত হয়

 

 

 

 

 

 

 

 

 

বয়োজ্যেষ্ঠ নাগৰিকৰ ওপৰত হোৱা চিকিৎসামূলক ব্যয়ৰ বাবে কৰ্তন, যদি স্বাস্থ্য বীমা সুৰক্ষাৰ ওপৰত কোনো প্ৰিমিয়াম পৰিশোধ কৰা হোৱা নাই

 

নিজৰ / পতি-পত্নী বা নিৰ্ভৰশীল সন্তানৰ বাবে

কৰ্তনৰ সীমা ₹ 50,000

পিতৃ-মাতৃৰ বাবে

কৰ্তনৰ সীমা ₹ 50,000

অনুগ্ৰহ কৰি মন কৰিব:

যদি আপুনি ধাৰা 80 D-ৰ অধীনত কৰ্তন দাবী কৰিব বিচাৰে, তেন্তে আপুনি তলত বিৱৰণসমূহ প্ৰবিষ্ট কৰিব লাগিব:
• বীমাকৰ্তা (বীমা কোম্পানী)ৰ নাম
• পলিচি নম্বৰ
• স্বাস্থ্য বীমাৰ পৰিমাণ

ধাৰা 80DD

 

 

 

এজন নিৰ্ভৰশীল অক্ষম ব্যক্তিৰ তত্বাৱধান বা চিকিৎসাৰ বাবে কৰা পৰিশোধৰ বাবে বা প্ৰাসংগিক অনুমোদিত আঁচনিৰ অধীনত যিকোনো পৰিমাণ পৰিশোধ কৰা / জমা কৰাৰ বাবে কৰ্তন

ফ্লেট কৰ্তন
₹ 75,000
খৰছ নিৰ্বিশেষে, প্ৰতিবন্ধী ব্যক্তি এগৰাকীৰ বাবে উপলব্ধ।

কৰ্তনৰ পৰিমাণ হৈছে
₹ 1,25,000
যদি ব্যক্তিজন গুৰুতভাৱে অক্ষম হয়‌ (80% বা অধিক)।=

 
 

টোকা:

ধাৰা 80 DD-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব:
• অক্ষমতাৰ প্ৰকৃতি
• অক্ষমতাৰ প্ৰকাৰ
• কৰ্তনৰ পৰিমাণ
• নিৰ্ভৰশীল ব্যক্তিৰ প্ৰকাৰ
• নিৰ্ভৰশীল ব্যক্তিৰ PAN
• নিৰ্ভৰশীল ব্যক্তিৰ আধাৰ
• অটিজিম, মস্তিষ্কৰ পক্ষাঘাত বা একাধিক অক্ষমতাৰ ক্ষেত্ৰত ফাইল কৰা প্ৰপত্ৰ 10 IA-ৰ স্বীকৃতি নম্বৰ
• UDID নম্বৰ (যদি উপলব্ধ)

ধাৰা 80DDB

 

নিৰ্দিষ্ট ৰোগৰ বাবে নিজৰ বা নিৰ্ভৰশীল ব্যক্তিৰ চিকিৎসাৰ বাবে কৰা পৰিশোধৰ বাবে কৰ্তন

কৰ্তনৰ সীমা ₹ 40,000

(বয়োজ্যেষ্ঠ নাগৰিক হ'লে ₹ 1,00,000)

 
 

 

ধাৰা 80E

নিজৰ বা আত্মীয়ৰ উচ্চ শিক্ষাৰ বাবে লোৱা ঋণত কৰা সুত পৰিশোধৰ বাবে কৰ্তন

লোৱা ঋণৰ ওপৰত সুতৰ বাবে পৰিশোধ কৰা মুঠ ধনৰাশি

টোকা:

ধাৰা 80E-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব:
• বেংক / প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
• প্ৰতিষ্ঠান / বেংকৰ নাম, যাৰ পৰা ঋণ লোৱা হয়
• বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ
• ঋণ অনুমোদনৰ তাৰিখ
• ঋণৰ মুঠ ধনৰাশি
• বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
• ধাৰা 80E-ৰ অধীনত সুত

অনুগ্ৰহ কৰি মন কৰিব যে ধাৰা 24(b)ৰ সীমা শেষ হ’লেহে ধাৰা 80E-ৰ অধীনত কৰ্তন দাবী কৰিব পাৰি।

ধাৰা 80EE

আৱাসিক গৃহ সম্পত্তি অধিগ্ৰহণৰ বাবে লোৱা ঋণৰ বাবদ সুত পৰিশোধৰ বাবে কৰ্তন, য'ত ঋণটো 1 এপ্ৰিল 2016 তাৰিখৰ পৰা 31 মাৰ্চ 2017 তাৰিখৰ ভিতৰত অনুমোদন কৰা হয়

কৰ্তনৰ সীমা
₹ 50,000
লোৱা ঋণৰ বাবে পৰিশোধ কৰা সুতৰ ওপৰত

টোকা:

ধাৰা 80EE-ৰ অধীনত দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব
• বেংক / প্ৰতিষ্ঠানৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
• বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ
• ঋণ অনুমোদনৰ তাৰিখ
• ঋণৰ মুঠ ধনৰাশি
• বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
• 80EE ধাৰাৰ অধীনত ঋণ

 

ধাৰা 80EEA

প্ৰথমবাৰৰ বাবে আৱাসিক গৃহ সম্পত্তি অধিগ্ৰহণৰ বাবে লোৱা ঋণৰ ওপৰত সুত পৰিশোধৰ বাবে মাত্ৰ ব্যক্তিৰ বাবে উপলব্ধ কৰ্তন, য'ত ঋণটো 1 এপ্ৰিল 2019 তাৰিখৰ পৰা 31 মাৰ্চ 2022 তাৰিখৰ ভিতৰত অনুমোদন কৰা হয় আৰু ইয়াৰ বাবে ধাৰা 80EE-ৰ অধীনত কৰ্তন দাবী কৰিব নালাগিব

 

কৰ্তনৰ সীমা
₹ 1,50,000
লোৱা ঋণৰ বাবে পৰিশোধ কৰা সুতৰ ওপৰত

টোকা:

ধাৰা 80EEA-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব
• আৱাসিক গৃহ সম্পত্তিৰ ষ্টাম্প মূল্য
• বেংক / প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
• বেংক / প্ৰতিষ্ঠানৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
• বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ
• ঋণ অনুমোদনৰ তাৰিখ
• ঋণৰ মুঠ ধনৰাশি
• বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
• 80EEA ধাৰাৰ অধীনত সুত

অনুগ্ৰহ কৰি মন কৰক যে ধাৰা 24(b)ৰ সীমা শেষ হ’লেহে ধাৰা 80EEA-ৰ অধীনত কৰ্তন দাবী কৰিব পাৰি। লগতে, ঋণ অনুমোদনৰ তাৰিখ আৰু অন্যান্য যোগ্য চৰ্তাৱলীৰ ওপৰত ভিত্তি কৰি কৰদাতাই 80EE বা 80EEA দাবী কৰিব পাৰে।

ধাৰা 80EEB

বৈদ্যুতিক বাহন ক্ৰয়ৰ বাবে লোৱা ঋণৰ ওপৰত পৰিশোধ কৰা সুতৰ বাবে কৰ্তন, য'ত ঋণটো 1 এপ্ৰিল 2019 তাৰিখৰ পৰা 31 মাৰ্চ 2023 তাৰিখৰ ভিতৰত অনুমোদন কৰা হয়

কৰ্তনৰ সীমা
₹ 1,50,000
লোৱা ঋণৰ বাবে পৰিশোধ কৰা সুতৰ ওপৰত

টোকা:

ধাৰা 80EEB-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ ITR-ত প্ৰদান কৰিব লাগিব
• বেংক / প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ
• বেংক / প্ৰতিষ্ঠানৰ নাম, যাৰ পৰা ঋণ লোৱা হৈছে
• বেংক / প্ৰতিষ্ঠানৰ ঋণ একাউণ্ট নম্বৰ
• ঋণ অনুমোদনৰ তাৰিখ
• ঋণৰ মুঠ ধনৰাশি
• বিত্তীয় বৰ্ষৰ অন্তিম তাৰিখত বাকী থকা ঋণ
• সুতৰ পৰিমাণ 80EEB
• বাহন পঞ্জীয়ন নম্বৰ।

ধাৰা 80G

নিৰ্ধাৰিত পুঁজি, দাতব্য প্ৰতিষ্ঠান আদিৰ বাবে কৰা দানৰ বাবে কৰ্তন।

দান নিম্নলিখিত শ্ৰেণীসমূহৰ অধীনত কৰ্তনৰ বাবে যোগ্য

কোনো সীমা অবিহনে

100% কৰ্তন

50% কৰ্তন

যোগ্যতাসম্পন্ন সীমা সাপেক্ষে

100% কৰ্তন

50% কৰ্তন

 



 

 

 

 

 

 

টোকা: ₹ 2000-তকৈ অধিক নগদ ধন হিচাপে দান দিয়া ধনৰ সন্দৰ্ভত এই ধাৰাৰ অধীনত কোনো কৰ্তনৰ অনুমতি দিয়া নহ'ব

 

ধাৰা 80GG

ঘৰৰ বাবে পৰিশোধ কৰা ভাড়াৰ বাবে কৰ্তন আৰু কেৱল তেওঁলোকৰ বাবে প্ৰযোজ্য যিসকল স্ব-নিয়োজিত বা যাৰ বাবে HRA বেতনৰ অংশ নহয়

নিম্নলিখিতবোৰৰ ভিতৰত ন্যূনতমটো কৰ্তন হিচাপে অনুমোদিত কৰা হ'ব

এই কৰ্তনৰ আগতে পৰিশোধ কৰা ভাড়া মুঠ আয়ৰ পৰা 10% হ্ৰাস কৰা হৈছে

প্ৰতিমাহে ₹ 5,000

মুঠ আয়ৰ 25% (ধাৰা 111A-ৰ অধীনত দীৰ্ঘম্যাদী মূলধনী মুনাফা, হ্ৰস্বম্যাদী মূলধনী মুনাফা বা ধাৰা 115A বা 115D-ৰ অধীনত হোৱা আয়ৰ বাহিৰে)


টোকা: ধাৰা 80-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে আয়ৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়ত প্ৰপত্ৰ 10 BA ফাইল কৰাটো আৰু অনুসূচী 80 GG-ত প্ৰপত্ৰ 10 BA-ৰ (স্বীকৃতি নম্বৰ) প্ৰবিষ্ট কৰাটো বাধ্যতামূলক

 

ধাৰা 80GGA

বৈজ্ঞানিক গৱেষণা বা গ্ৰামীণ বিকাশৰ বাবে কৰা দানৰ সন্দৰ্ভত কৰ্তন


দান নিম্নলিখিত শ্ৰেণীসমূহৰ অধীনত কৰ্তনৰ বাবে যোগ্য:

গৱেষণা সংঘ বা বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা অন্যান্য প্ৰতিষ্ঠানৰ বাবে

  • বৈজ্ঞানিক গৱেষণা
  • সামাজিক বিজ্ঞান বা পৰিসাংখ্যিক গৱেষণা

সংঘ বা প্ৰতিষ্ঠানৰ বাবে

  • গ্ৰামীণ বিকাশ
  • প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ বা বনানীকৰণ

PSU বা স্থানীয় কৰ্তৃপক্ষ বা সংস্থা বা প্ৰতিষ্ঠান, যিটো যিকোনো যোগ্য প্ৰকল্প সম্পাদন কৰাৰ বাবে ৰাষ্ট্ৰীয় সমিতিৰ দ্বাৰা অনুমোদিত কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অধিসূচিত পুঁজিৰ বাবে

  • বনানীকৰণ
  • গ্ৰামীণ বিকাশ

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু অধিসূচিত অনুসৰি ৰাষ্ট্ৰীয় নগৰীয়া দৰিদ্ৰতা নিৰ্মূলকৰণ পুঁজি

 

 

টোকা: ₹ 2000-তকৈ অধিক নগদ ধন হিচাপে দান দিয়া ধনৰ সন্দৰ্ভত বা যদি সৰ্বমুঠ আয়ত ব্যৱসায় / বৃত্তিৰ লাভ / মুনাফাৰ পৰা হোৱা আয় অন্তৰ্ভুক্ত হয় তেনেহ'লে এই ধাৰাৰ অধীনত কোনো কৰ্তনৰ অনুমতি দিয়া নহ'ব

 

 

ধাৰা 80GGC

 

 

ৰাজনৈতিক দল বা নিৰ্বাচনী ন্যাসলৈ দিয়া দানৰ বাবে কৰ্তন

 

ৰাজনৈতিক দল বা নিৰ্বাচনী ন্যাসলৈ দিয়া দানৰ বাবে কৰ্তন

নগদ ৰূপত কৰা যিকোনো ধৰণৰ বৰঙণিৰ ক্ষেত্ৰত কৰ্তনৰ অনুমতি দিয়া নহ’ব

 
 

 

ধাৰা 80TTB

 

 

বাসিন্দা বয়োজ্যেষ্ঠ নাগৰিকৰ দ্বাৰা জমাৰ ওপৰত প্ৰাপ্ত সুতৰ ওপৰত কৰ্তন

কৰ্তনৰ সীমা
₹ 50,000/-

 
 

 

ধাৰা 80U

 

 

প্ৰতিবন্ধী এগৰাকী বাসিন্দা কৰদাতা ব্যক্তিৰ বাবে কৰ্তন

 

অক্ষমতা থকা ব্যক্তি এগৰাকীৰ বাবে ফ্লেট ₹ 75,000-ৰ কৰ্তন, খৰচ নিৰ্বিশেষে

গুৰুতৰ অক্ষমতা থকা (80% বা অধিক) ব্যক্তি এজনৰ বাবে ফ্লেট ₹ 1,25,000-ৰ কৰ্তন, খৰচ নিৰ্বিশেষে

 
 

অনুগ্ৰহ কৰি মন কৰিব:

ধাৰা 80U-ৰ অধীনত কৰ্তন দাবী কৰিবৰ বাবে, তলৰ বিৱৰণসমূহ প্ৰদান কৰিব লাগিব।
• অক্ষমতাৰ প্ৰকৃতি
• অক্ষমতাৰ প্ৰকাৰ
• কৰ্তনৰ পৰিমাণ
• অটিজিম, মস্তিষ্কৰ পক্ষাঘাত বা একাধিক অক্ষমতাৰ ক্ষেত্ৰত ফাইল কৰা প্ৰপত্ৰ 10 IA-ৰ স্বীকৃতি নম্বৰ
• UDID নম্বৰ (যদি উপলব্ধ)

 

কৰদাতাৰ বয়স নিৰ্বিশেষে প্ৰযোজ্য কৰ লাভৰ উপৰিও, বয়োজ্যেষ্ঠ / অতি বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে কিছুমান বৰ্ধিত / অতিৰিক্ত লাভ আছে। অতিৰিক্ত লাভালাভবোৰ তলত তালিকাভুক্ত কৰা হৈছে:

 

কাগজত আয়কৰ ৰিটাৰ্ণ ফাইলকৰণ

অতি বয়োজ্যেষ্ঠ নাগৰিক (80 বছৰ বা অধিক বয়সৰ)ৰ বাবে অফলাইন / পেপাৰ মোডত প্ৰপত্ৰ 1 বা 4 ব্যৱহাৰ কৰি নিজৰ ITR দাখিল কৰাৰ বিকল্প আছে। ই-ফাইলিং বিকল্পটোও তেওঁলোকৰ বাবে উপলব্ধ হৈ আছে।

 

অগ্ৰিম কৰ পৰিশোধৰ পৰা ৰেহাই

ধাৰা 208 অনুসৰি, প্ৰতিজন ব্যক্তি যাৰ বছৰটোৰ বাবে আনুমানিক কৰ দায়বদ্ধতা ₹ 10,000 বা অধিক হয়‌, তেওঁ অগ্ৰিম কৰৰ ৰূপত নিজৰ কৰ আগতীয়াকৈ পৰিশোধ কৰিব লাগিব। কিন্তু, ধাৰা 207-য়ে এগৰাকী বাসিন্দা বয়োজ্যেষ্ঠ নাগৰিকক অগ্ৰিম কৰ পৰিশোধৰ পৰা ৰেহাই দিয়ে। এনেদৰে, এগৰাকী বাসিন্দা বয়োজ্যেষ্ঠ নাগৰিক, যাৰ ব্যৱসায় বা বৃত্তিৰ পৰা কোনো আয় নাই, তেওঁলোকে অগ্ৰিম কৰ পৰিশোধ কৰিবলৈ দায়বদ্ধ নহয়। গতিকে, ITR 1 আৰু ITR 2 ফাইল কৰা বয়োজ্যেষ্ঠ আৰু অতি বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে 234B আৰু 234C প্ৰযোজ্য নহয়।

 

বেংকত জমাৰ ওপৰত সুতৰ ওপৰত আয়কৰ কৰ্তন

আয়কৰ অধিনিয়মৰ ধাৰা 80TTB-য়ে বেংক, ডাকঘৰ বা সমবায় বেংকত জমা ৰখা ধনৰ পৰা অৰ্জন কৰা সুতৰ ওপৰত কৰ লাভ পোৱাৰ সুবিধা প্ৰদান কৰে। বয়োজ্যেষ্ঠ নাগৰিকে ₹ 50,000 লৈকে উপাৰ্জন কৰা সৰ্বোচ্চ সুতৰ আয়ৰ বাবে এই কৰ্তনৰ অনুমতি দিয়া হৈছে। সঞ্চয় জমা আৰু স্থিৰ জমাৰ ওপৰত অৰ্জন কৰা দুয়োটা সুত এই বিধানৰ অধীনত কৰ্তনৰ বাবে যোগ্য।

লগতে, আয়কৰ অধিনিয়মৰ ধাৰা 194A-ৰ অধীনত, বেংক, ডাকঘৰ বা সমবায় বেংকে এগৰাকী বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে ₹ 50,000 লৈকে পৰিশোধ কৰা সুতৰ ওপৰত উৎসত কোনো কৰ (TDS) কৰ্তন নকৰে। এই সীমাটো প্ৰতিটো বেংকৰ বাবে ব্যক্তিগতভাৱে গণনা কৰিব লাগিব।

 

চিকিৎসা বীমা আৰু ব্যয়ৰ সন্দৰ্ভত কৰ লাভালাভ

আয়কৰ অধিনিয়মৰ ধাৰা 80D অনুসৰি, বয়োজ্যেষ্ঠ নাগৰিকসকলে চিকিৎসা বীমা আঁচনিৰ কাৰণে প্ৰিমিয়াম পৰিশোধ কৰাৰ বাবে ₹ 50,000 লৈকে অধিক কৰ্তন লাভ কৰিব পাৰে। অনা-বয়োজ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত এই সীমা হৈছে ₹ 25,000।

তাৰোপৰি, আয়কৰ অধিনিয়মৰ ধাৰা 80DDB-য়ে অধিনিয়মত উল্লেখ কৰা অনুসৰি এজন ব্যক্তিয়ে নিজৰ ওপৰত বা নিৰ্ভৰশীল ব্যক্তিৰ ওপৰত নিৰ্দিষ্ট ৰোগৰ চিকিৎসাৰ বাবে কৰা খৰচৰ ওপৰত কৰ কৰ্তনৰ অনুমতি দিয়ে। বয়োজ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তনৰ পৰিমাণ হৈছে ₹ 1 লাখ (অনা-বয়োজ্যেষ্ঠ নাগৰিক কৰদাতাৰ বাবে ₹ 40,000)।

 

পৃষ্ঠাটো অন্তিমবাৰ পৰ্যালোচনা বা আপডেট কৰা তাৰিখ: