প্ৰৱেশযোগ্যতা
প্ৰৱেশযোগ্যতাৰ বিবৃতি
ব্যৱহৃত ডিভাইচ, প্ৰযুক্তি বা সামৰ্থ্য নিৰ্বিশেষে সকলো ব্যৱহাৰকাৰীৰ বাবে পʼৰ্টেলটো সুচল হোৱাটো নিশ্চিত কৰিবলৈ বিভাগটো প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ ব্যৱহাৰকাৰীসকলক সৰ্বাধিক প্রৱেশযোগ্যতা আৰু ব্যৱহাৰযোগ্যতা প্ৰদান কৰাৰ উদ্দেশ্যেৰে ইয়াক নিৰ্মাণ কৰা হৈছে। এই পʼৰ্টেলটো বিভিন্ন ডিভাইচ যেনে ডেস্কটপ/ লেপটপ কম্পিউটাৰ, ৱেব-সক্ষম মʼবাইল ডিভাইচ আদিৰ জৰিয়তে চাব পাৰি। এই প'ৰ্টেলৰ ব্যৱহাৰকাৰীসকলক সহায় কৰাৰ বাবে বিভাগে প্ৰযুক্তিগত মানদণ্ড আৰু ব্যৱহাৰযোগ্যতা আৰু সাৰ্বজনীন ডিজাইনৰ নীতিসমূহ অনুসৰণ কৰাৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছে। এই পʼৰ্টেলটো ভাৰত চৰকাৰৰ ৱেবছাইটৰ বাবে থকা নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু লগতে ৱৰ্ল্ড ৱাইড ৱেব কনচৰ্টিয়াম (W3C)য়ে নিৰ্ধাৰণ কৰা ৱেব সমল প্রৱেশযোগ্যতা নিৰ্দেশনা (WCAG) 2.0 স্তৰ A-ৰ সৈতে সামঞ্জস্যপূৰ্ণ। অৱশ্যে, ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰা হয় যে যিকোনো অপ্ৰীতিকৰ ঘটনাৰ ক্ষেত্ৰত বিভাগটোৱে এই পʼৰ্টেল আৰু ইয়াৰ ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা আৰু মানদণ্ডৰ স্বাৰ্থত এই পʼৰ্টেলৰ কাম-কাজ সালসলনি, স্থগিত বা সংশোধন কৰা আৰু/বা যিকোনো ব্যৱহাৰকাৰীৰ প্ৰৱেশ বা লʼগ-ইন কাৰ্যক্ষমতা অক্ষম কৰাৰ অধিকাৰ সংৰক্ষণ কৰে।
বৈশিষ্ট্যসমূহ
- আইকন
-
য'তেই উপযুক্ত হয় লিখনীৰ সৈতে আইকন সংযোজিত কৰা হৈছে, যাতে শিকাত অসুবিধা হোৱা ব্যৱহাৰকাৰীসকলে তথ্যটো সহজে বুজিব পাৰে। মুখ্য নেভিগেচন বিকল্পৰ সৈতে গুৰুত্বপূৰ্ণ বিশেষত্বসমূহ, যেনে প্ৰিণ্ট, ইমেইল আদিৰ বাবে টেক্সট্ লেবেলৰ লগতে আইকনো প্ৰদান কৰা হৈছে।
- ফাইলৰ প্ৰকাৰ আৰু ফাইলৰ আকাৰৰ চিনাক্তকৰণ
-
লিংক টেক্সটৰ ভিতৰত ফাইলৰ আকাৰৰ সৈতে PDF-ৰ দৰে বিকল্প ফাইল প্ৰকাৰৰ বিষয়ে তথ্য প্ৰদান কৰা হৈছে যাতে ব্যৱহাৰকাৰীসকলে এইবোৰ চিনাক্ত কৰিব পাৰে। ইয়াৰ উপৰিও, বিভিন্ন ফাইলৰ প্ৰকাৰৰ বাবে আইকনসমূহৰ লিংকবোৰ প্ৰদান কৰা হৈছে। ই ব্যৱহাৰকাৰীসকলক তেওঁলোকে লিংকটো খুলি চাব বিচাৰে নে নাই, সেই সিদ্ধান্ত লোৱাত সহায় কৰে। উদাহৰণ স্বৰূপে, যদি এটা লিংকে এটা PDF ফাইল খোলে, লিংক টেক্সটোৱে ইয়াৰ ফাইলৰ আকাৰ আৰু ফাইলৰ প্ৰকাৰ সূচায়।
- শিৰোনাম
-
ৱেব পৃষ্ঠাৰ সমলবোৰ উপযুক্ত শিৰোনাম আৰু উপ-শিৰোনামেৰে সজোৱা হয়, যাৰ ফলত এক পঠনযোগ্য গাঁথনিৰ সৃষ্টি হয়। H1য়ে মুখ্য শিৰোনাম সূচায়, আনহাতে H2য়ে উপ-শিৰোনাম সূচায়।
- শীৰ্ষক
-
প্ৰতিটো ৱেবপৃষ্ঠাৰ বাবে এটা উপযুক্ত শীৰ্ষক নিৰ্ধাৰণ কৰা হয়, যিটোৱে পৃষ্ঠাত থকা সমলসমূহ সহজে বুজাত সহায় কৰে।
- বৈকল্পিক টেক্সট্
-
দৃষ্টিগতভাৱে অক্ষম ব্যৱহাৰকাৰীসকলৰ বাবে ছবি এখনৰ এক চমু বিৱৰণ প্ৰদান কৰা হয়। যদি আপুনি কেৱল টেক্সট্ সমৰ্থন কৰা বা ছবি প্ৰদৰ্শন বন্ধ কৰি থোৱা ব্ৰাউজাৰ ব্যৱহাৰ কৰে, তেন্তে ছবি এখনৰ অনুপস্থিতিত বৈকল্পিক টেক্সট্ পঢ়ি আপুনি ছবিখনৰ বিষয়ে জানিব পাৰে।
- স্পষ্ট প্ৰপত্ৰ লেবেল এছʼচিয়েচন
-
লেবেল এটা ইয়াৰ সংশ্লিষ্ট নিয়ন্ত্ৰণ, যেনে টেক্সট্ বক্স, চেকবক্স, ৰেডিঅ' বুটাম আৰু ড্ৰপ-ডাউন তালিকাৰ সৈতে সংযোজিত হৈ থাকে। এখন প্ৰপত্ৰত থকা নিয়ন্ত্ৰণৰ বাবে ই সহায়ক ডিভাইচসমূহক লেবেলসমূহ চিনাক্ত কৰিবলৈ সক্ষম কৰে।
- প্ৰপত্ৰ নিৰ্দেশনা আৰু ত্ৰুটিসমূহ
-
প্ৰপত্ৰসমূহৰ বাবে নিৰ্দেশনাসূচক টেক্সট্ আৰু ত্ৰুটি বাৰ্তাবোৰ পৰিৱৰ্তনশীল, অৰ্থাৎ ব্যৱহাৰকাৰীয়ে প্ৰপত্ৰখন নেভিগেট কৰি প্ৰপত্ৰখন পূৰণ কৰি থকাৰ সময়ত প্ৰদৰ্শিত হয়।
- সামঞ্জস্যপূৰ্ণ নেভিগেচন প্ৰণালী
-
সমগ্ৰ ৱেবছাইটটোত নেভিগেচন আৰু প্ৰদৰ্শনৰ শৈলীৰ সুসংগত মাধ্যম অন্তৰ্ভুক্ত কৰা হৈছে। • কীবোৰ্ড চাপʼৰ্ট: টেব আৰু শ্বিফ্ট + টেব টিপি কীবোৰ্ড ব্যৱহাৰ কৰি ৱেবছাইটটো ব্ৰাউজ কৰিব পাৰি।
- কাষ্টমাইজ কৰা আখৰৰ আকাৰ
-
ৱেব পৃষ্ঠাসমূহত থকা আখৰৰ আকাৰ হয়টো ব্ৰাউজাৰৰ সহায়ত অথবা প্রৱেশাধিকাৰ বিকল্প পৃষ্ঠাৰ সহায়ত অথবা প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত উপস্থিত থকা আখৰৰ আকাৰ আইকনৰ ওপৰত ক্লিক কৰি সলনি কৰিব পৰা যায়। কনট্ৰাষ্ট স্কীম সালসলনি কৰক: ৱেবছাইটটোৱে দৃষ্টিগতভাৱে অক্ষম ব্যৱহাৰকাৰী, যেনে বৰ্ণান্ধ ব্যক্তিসকলক ৱেব পৃষ্ঠাৰ তথ্য সহজে চাব পৰাৰ সুবিধা প্ৰদান কৰে। ৱেব পৃষ্ঠাবোৰৰ কনট্ৰাষ্ট সলনি কৰাৰ বাবে উপলব্ধ সুবিধা।
প্ৰৱেশযোগ্যতা বিকল্পসমূহ
- আখৰৰ আকাৰ সলনি
-
আখৰৰ আকাৰ সলনি কৰাৰ অৰ্থ হৈছে আখৰবোৰ ইয়াৰ মানক আকাৰতকৈ সৰু বা ডাঙৰ কৰা। আখৰৰ আকাৰ নিৰ্ধাৰণ কৰিবলৈ তিনিটা বিকল্প প্ৰদান কৰা হৈছে যিয়ে পঠনযোগ্যতাক প্ৰভাৱিত কৰে। এইবোৰ হ'ল:
ৱেবছাইটটোৱে আপোনাক প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত থকা আখৰৰ আকাৰৰ আইকনত ক্লিক কৰি আখৰৰ আকাৰ দুটা পৃথক ধৰণে সলনি কৰাৰ সুবিধা প্ৰদান কৰে। আখৰৰ আকাৰ আইকন প্ৰতিটো পৃষ্ঠাৰ শীৰ্ষত উপলব্ধ আইকনৰ ৰূপত নিম্নলিখিত বিভিন্ন বিকল্পসমূহ প্ৰদান কৰা হৈছে: - আখৰৰ আকাৰ আইকন
-
প্ৰতিটো পৃষ্ঠাৰ ওপৰত উপলব্ধ আইকনৰ ৰূপত নিম্নলিখিত বিভিন্ন বিকল্প প্ৰদান কৰা হৈছে:
[ A- ] আখৰৰ আকাৰ হ্ৰাস: আখৰৰ আকাৰ দুটা স্তৰলৈকে হ্ৰাস কৰে
[ A ] আখৰৰ স্বাভাৱিক আকাৰ: আখৰৰ আকাৰ ডিফল্ট ৰূপত চেট কৰে
[ A+ ] আখৰৰ আকাৰ বৃদ্ধি: আখৰৰ আকাৰ দুটা স্তৰলৈ বৃদ্ধি কৰে - কালাৰ স্কীমৰ সাল-সলনি
-
কনট্ৰাষ্ট স্কীম সলনি কৰাৰ অৰ্থ হৈছে এক উপযুক্ত বেকগ্ৰাউণ্ড আৰু আখৰৰ ৰং প্ৰয়োগ কৰা, যাৰ ফলত পঠন স্পষ্ট হোৱাটো নিশ্চিত হয়। কনট্ৰাষ্ট স্কীম সলনি কৰিবলৈ দুটা বিকল্প প্ৰদান কৰা হৈছে। এইবোৰ হ'ল:
উচ্চ কনট্ৰাষ্ট: পঠনৰ মান উন্নত কৰিবলৈ বেকগ্ৰাউণ্ডত ক'লা ৰং আৰু ফʼৰগ্ৰাউণ্ডত থকা আখৰত উপযুক্ত ৰং প্ৰয়োগ কৰে
স্বাভাৱিক কনট্ৰাষ্ট: ডিফল্ট কনট্ৰাষ্ট চেট কৰিবলৈ ইয়াত বেকগ্ৰাউণ্ডত বগা ৰং আৰু ফʼৰগ্ৰাউণ্ডত থকা আখৰত কʼলা ৰং প্ৰয়োগ কৰে।
ৱেবছাইটত আপুনি দুটা ভিন্ন ধৰণে কনট্ৰাষ্ট স্কীম সলনি কৰিব পাৰে, প্ৰতিটো পৃষ্ঠাৰ ওপৰত থকা কনট্ৰাষ্ট স্কীম আইকনত ক্লিক কৰি আৰু প্রৱেশযোগ্যতা বিকল্প পৃষ্ঠাৰ জৰিয়তে। - কনট্ৰাষ্ট স্কীম আইকন
-
আইকনৰ ৰূপত কনট্ৰাষ্ট স্কীমৰ দুটা বিকল্প প্ৰদান কৰা হৈছে, যি দুটা প্ৰতিটো পৃষ্ঠাৰ ওপৰত উপলব্ধ হয়:
[] উচ্চ কনট্ৰাষ্ট ভিউ: বেকগ্ৰাউণ্ডত ক'লা ৰং আৰু ফʼৰগ্ৰাউণ্ডত উপযুক্ত ৰং প্ৰয়োগ হয়
[] স্বাভাৱিক কনট্ৰাষ্ট ভিউ: বেকগ্ৰাউণ্ডত বগা ৰং আৰু ফʼৰগ্ৰাউণ্ডত ক'লা ৰং প্ৰয়োগ হয়