search-openmobilesearch
Do not have an account?
Already have an account?

প্ৰৱেশযোগ্যতাৰ বিবৃতি

ব্যৱহৃত ডিভাইচ, প্ৰযুক্তি বা সামৰ্থ্য নিৰ্বিশেষে সকলো ব্যৱহাৰকাৰীৰ বাবে পʼৰ্টেলটো সুচল হোৱাটো নিশ্চিত কৰিবলৈ বিভাগটো প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ ব্যৱহাৰকাৰীসকলক সৰ্বাধিক প্রৱেশযোগ্যতা আৰু ব্যৱহাৰযোগ্যতা প্ৰদান কৰাৰ উদ্দেশ্যেৰে ইয়াক নিৰ্মাণ কৰা হৈছে। এই পʼৰ্টেলটো বিভিন্ন ডিভাইচ যেনে ডেস্কটপ/ লেপটপ কম্পিউটাৰ, ৱেব-সক্ষম মʼবাইল ডিভাইচ আদিৰ জৰিয়তে চাব পাৰি। এই প'ৰ্টেলৰ ব্যৱহাৰকাৰীসকলক সহায় কৰাৰ বাবে বিভাগে প্ৰযুক্তিগত মানদণ্ড আৰু ব্যৱহাৰযোগ্যতা আৰু সাৰ্বজনীন ডিজাইনৰ নীতিসমূহ অনুসৰণ কৰাৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছে। এই পʼৰ্টেলটো ভাৰত চৰকাৰৰ ৱেবছাইটৰ বাবে থকা নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু লগতে ৱৰ্ল্ড ৱাইড ৱেব কনচৰ্টিয়াম (W3C)য়ে নিৰ্ধাৰণ কৰা ৱেব সমল প্রৱেশযোগ্যতা নিৰ্দেশনা (WCAG) 2.0 স্তৰ A-ৰ সৈতে সামঞ্জস্যপূৰ্ণ। অৱশ্যে, ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰা হয় যে যিকোনো অপ্ৰীতিকৰ ঘটনাৰ ক্ষেত্ৰত বিভাগটোৱে এই পʼৰ্টেল আৰু ইয়াৰ ব্যৱহাৰকাৰীসকলৰ সুৰক্ষা আৰু মানদণ্ডৰ স্বাৰ্থত এই পʼৰ্টেলৰ কাম-কাজ সালসলনি, স্থগিত বা সংশোধন কৰা আৰু/বা যিকোনো ব্যৱহাৰকাৰীৰ প্ৰৱেশ বা লʼগ-ইন কাৰ্যক্ষমতা অক্ষম কৰাৰ অধিকাৰ সংৰক্ষণ কৰে।