1. কৰ পৰিশোধ কৰাৰ বাবে কোনখন অধিনিয়ম প্ৰযোজ্য হ'ব?
যদি আপুনি কৰ বৰ্ষ 2026–27 বা তাৰ পিছৰ সময়ৰ বাবে কৰ পৰিশোধ কৰি আছে, তেন্তে আয়কৰ অধিনিয়ম, 2025 প্ৰযোজ্য হ'ব।
যদি পৰিশোধ কৰ বৰ্ষ 2026–27-ৰ পূৰ্বৰ সময়ৰ সৈতে সম্পৰ্কিত (অৰ্থাৎ মূল্যায়ন বৰ্ষ 2026–27 বা তাৰ আগৰ), তেন্তে আপুনি আয়কৰ অধিনিয়ম, 1961 বাছনি কৰিব লাগিব।
2. মূ.ব. 2026–27-ৰ বাবে স্ব-মূল্যায়ন কৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত কোনখন অধিনিয়ম প্ৰযোজ্য হ'ব?
2026–27 মূ.ব.ৰ বাবে স্ব-মূল্যায়ন কৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত আয়কৰ অধিনিয়ম, 1961 প্ৰযোজ্য হ'ব।
2026–27 কৰ বৰ্ষ আৰু তাৰ পিছৰ সময়ৰ সৈতে সম্পৰ্কিত পৰিশোধৰ বাবে আয়কৰ অধিনিয়ম, 2025 বাছনি কৰিব লাগিব।
3. 2026–27 কৰ বৰ্ষৰ বাবে অগ্ৰিম কৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত কোনখন অধিনিয়ম প্ৰযোজ্য হ'ব?
2026–27 কৰ বৰ্ষৰ সৈতে সম্পৰ্কিত অগ্ৰিম কৰ পৰিশোধৰ বাবে প্ৰযোজ্য আইন হৈছে আয়কৰ অধিনিয়ম, 2025।
4. আয়কৰ অধিনিয়ম, 2025-ৰ অধীনত কোনবোৰ পৰিশোধ প্ৰযোজ্য নহয়?
আয়কৰ অধিনিয়ম, 2025-ৰ অধীনত তলত উল্লেখ কৰা কৰ পৰিশোধসমূহ বাদ দিয়া হৈছে আৰু সেয়েহে এইসমূহ প্ৰযোজ্য নহয়:
1. ওপৰিঞ্চি কৰ (102)
2. কোম্পানীসমূহৰ বিতৰিত লাভৰ ওপৰত কৰ (106)
3. ইউনিট ধাৰকসকললৈ বিতৰিত আয়ৰ ওপৰত কৰ (107)
4. আয়কৰ অধিনিয়ম, 1961-ৰ ধাৰা 115QA-ৰ অধীনত শ্বেয়াৰ পুনৰ ক্ৰয়ৰ বাবে ঘৰুৱা কোম্পানীৰ বিতৰিত আয়ৰ ওপৰত কৰ (108)
5. ক’লা টকা অধিনিয়ম, 2015-ৰ অধীনত দাবী / জৰিমনা / সুতৰ পৰিশোধ (109)
6. বেংকিং নগদ লেনদেন কৰ (0036)
7. পাৰ্শ্ব সুবিধা কৰ (0026)
8. হোটেল প্ৰাপ্তি কৰ (0023)
9. সুত কৰ (0024)
10. সম্পত্তি শুক্ল (0031)
11. সম্পদ কৰ (0032)
12. উপহাৰ কৰ (0033)
13. ইকুৱেলাইজেচন লেভী (119)
5. মূল্যায়ন বৰ্ষ (মূ.ব.) আৰু কৰ বৰ্ষ একেই নেকি?
নহয়। মূল্যায়ন বৰ্ষৰ ধাৰণাটো আয়কৰ অধিনিয়ম, 1961-ৰ অধীনত আছে, আনহাতে কৰ বৰ্ষৰ পৰিভাষা আয়কৰ অধিনিয়ম, 2025-ৰ জৰিয়তে প্ৰৱৰ্তন কৰা হৈছে।
আয়কৰ অধিনিয়ম, 2025-ৰ অধীনত মূল্যায়ন বৰ্ষৰ কোনো ধাৰণা নাই।
6. কৰ বৰ্ষ কি?
কৰ বৰ্ষ বুলিলে 1 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বাৰ মাহৰ বিত্তীয় বৰ্ষক বুজায়।
উদাহৰণস্বৰূপে, আয়কৰ অধিনিয়ম, 2025-ৰ অধীনত কৰ বৰ্ষ 2026–27 বুলিলে বিত্তীয় বৰ্ষ 2026–27-ৰ অৰ্থ বুজায়।
7. চালানসমূহ কেতিয়া সংৰক্ষিত খচৰা টেবৰ অধীনত সংৰক্ষণ কৰা হয় আৰু কিমান দিনলৈকে ৰখা হয়?
যেতিয়া কোনো ব্যৱহাৰকাৰীয়ে "খচৰা হিচাপে সংৰক্ষণ কৰক"ত ক্লিক কৰে, তেতিয়া সেই পৰ্যন্ত পূৰণ কৰা বিৱৰণসমূহ সংৰক্ষণ কৰা হয় আৰু সংৰক্ষিত খচৰা টেবৰ অধীনত এটা প্ৰৱেশ সৃষ্টি কৰা হয়।
সংৰক্ষিত খচৰা চালানসমূহ (CRN সৃষ্টি কৰাৰ পূৰ্বে) শেষবাৰৰ আপডেটৰ তাৰিখৰ পৰা 15 দিনলৈকে ৰখা হয়।
8. সংৰক্ষিত খচৰা টেবৰ অধীনত সংৰক্ষণ কৰা চালানসমূহৰ বাবে কি কি কাৰ্য গ্ৰহণ কৰিব পাৰি?
কৰদাতাই কাৰ্য টেব ব্যৱহাৰ কৰি সংৰক্ষিত খচৰা চালানসমূহ সম্পাদনা বা বিলোপ কৰি পেলাব পাৰে।
এটা বা একাধিক খচৰা বিলোপ কৰি পেলোৱাৰ বাবে নিৰ্বাচন কৰিবলৈ এটা চেকবক্সৰ ব্যৱস্থাও প্ৰদান কৰা হৈছে।
9. চালানসমূহ কেতিয়া সৃষ্টি কৰা চালান টেবৰ অধীনত সংৰক্ষণ কৰা হয়?
সৃষ্টি কৰা চালান টেবত সেইসমূহ চালান প্ৰদৰ্শিত হয় যাৰ বাবে CRN সৃষ্টি কৰা হৈছে কিন্তু CIN সৃষ্টি কৰা হোৱা নাই, প্ৰাপ্ত হোৱা নাই বা আপডেট কৰা হোৱা নাই।
10. সৃষ্টি কৰা চালান টেবৰ অধীনত থকা চালানসমূহৰ বাবে কি কি কাৰ্য গ্ৰহণ কৰিব পাৰি আৰু সেইসমূহ কিমান দিনলৈকে ৰখা হয়?
উপলব্ধ কাৰ্যসমূহ নিৰ্বাচিত পৰিশোধ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ ভিতৰত আছে:
• (নেট বেংকিং, ডেবিট কাৰ্ড বা পৰিশোধ গেটৱেৰ বাবে) পৰিশোধ কৰক
• (OTC আৰু NEFT/RTGS-ৰ) বাবে চালান ফৰ্ম / জনাদেশ ফৰ্ম ডাউনলোড কৰক
• (সকলো পদ্ধতিৰ বাবে) প্ৰতিলিপি কৰক আৰু বিৱৰণ চাওক
CRN সৃষ্টি হোৱাৰ পৰা T+15 দিনৰ পিছত এটা সৃষ্টি কৰা চালানৰ বৈধতা শেষ হয়।
বৈধতা শেষ হোৱা চালানসমূহ "বৈধতাৰ শেষ তাৰিখ"ৰ পৰা 30 দিনলৈকে সৃষ্টি কৰা চালান টেবৰ অধীনত দৃশ্যমান হৈ থাকে।
11. পৰিশোধ ইতিহাস টেবৰ অধীনত কি কি কাৰ্য গ্ৰহণ কৰিব পাৰি?
কৰদাতাসকলে:
• চালান ৰচিদ (PDF ফৰ্মেটত) ডাউনলোড কৰিব পাৰে
• চালানৰ সাৰাংশ চাবলৈ বিৱৰণ চাব পাৰে
• পূৰ্বে পূৰণ কৰা বিৱৰণৰ সৈতে নতুন পৰিশোধ আৰম্ভ কৰিবলৈ এটা চালান প্ৰতিলিপি কৰিব পাৰে
12. ই-ফাইলিং পৰ্টেলত কি কি পৰিশোধ পদ্ধতি উপলব্ধ আছে?
ই-ফাইলিং পৰ্টেলৰ পৰা সৃষ্টি কৰা চালানৰ জৰিয়তে তলত উল্লেখ কৰা পদ্ধতিসমূহ ব্যৱহাৰ কৰি কৰ পৰিশোধ কৰিব পাৰি:
• নেট বেংকিং
• ডেবিট কাৰ্ড
• পৰিশোধ গেটৱে (নেট বেংকিং / ডেবিট কাৰ্ড / ক্ৰেডিট কাৰ্ড / UPI)
• NEFT / RTGS (জনাদেশ ফৰ্মৰ জৰিয়তে)
• নিৰ্বাচিত বেংকৰ শাখাত কাউণ্টাৰৰ(OTC) জৰিয়তে (নগদ ধন, চেক, DD)
13. মই নেট বেংকিং ব্যৱহাৰ কৰি কেনেকৈ কৰ পৰিশোধ কৰিব পাৰিম?
কৰদাতাই ই-ফাইলিং পৰ্টেলত লগইন কৰি ই-ফাইল → ই-কৰ পৰিশোধলৈ যাব লাগিব, নতুন পৰিশোধ আৰম্ভ কৰিব লাগিব, প্ৰযোজ্য কৰৰ বিৱৰণ নিৰ্বাচন কৰিব লাগিব, পৰিশোধ পদ্ধতি হিচাপে নেট বেংকিং বাছনি কৰিব লাগিব, বিৱৰণ পৰীক্ষা কৰিব লাগিব আৰু পৰিশোধ সম্পূৰ্ণ কৰিব লাগিব।
সফল পৰিশোধৰ পিছত ই-মেইল আৰু SMS-ৰ জৰিয়তে নিশ্চিতকৰণ প্ৰেৰণ কৰা হয় আৰু চালান ৰচিদ পৰিশোধ ইতিহাসৰ অধীনত উপলব্ধ হয়।
14. কাউণ্টাৰৰ জৰিয়তে (OTC) পদ্ধতি ব্যৱহাৰ কৰি মই কেনেকৈ কৰ পৰিশোধ কৰিব পাৰিম?
ই-ফাইলিং পৰ্টেলত চালান সৃষ্টি কৰাৰ পিছত আৰু বেংক কাউণ্টাৰত পৰিশোধ কৰক নিৰ্বাচন কৰাৰ পিছত, চালান ফৰ্ম (CRN) প্ৰিণ্ট কৰি নিৰ্বাচিত বেংকৰ শাখাত নগদ ধন, চেক বা ডিমাণ্ড ড্ৰাফ্টৰ জৰিয়তে জমা দিব লাগিব।
পৰিশোধ সম্পূৰ্ণ হোৱাৰ পিছত পৰিশোধ ইতিহাসৰ অধীনত পৰিশোধৰ নিশ্চিতকৰণ আৰু চালান ৰচিদ উপলব্ধ হয়।
15. NEFT/RTGS পদ্ধতি ব্যৱহাৰ কৰি মই কেনেকৈ কৰ পৰিশোধ কৰিব পাৰিম?
NEFT/RTGS পদ্ধতি হিচাপে নিৰ্বাচন কৰাৰ পিছত এখন জনাদেশ ফৰ্ম সৃষ্টি কৰা হয়।
কৰদাতাই জনাদেশ ফৰ্ম প্ৰিণ্ট কৰি আৰু হিতাধিকাৰীৰ বিৱৰণ যোগ কৰাৰ পিছত বেংকৰ শাখাত বা নেট বেংকিঙৰ জৰিয়তে NEFT/RTGS ব্যৱহাৰ কৰি পৰিশোধ কৰিব লাগিব।
সফল পৰিশোধৰ পিছত চালানৰ বিৱৰণ পৰিশোধ ইতিহাসৰ অধীনত দেখা যায়।
16. ডেবিট কাৰ্ড ব্যৱহাৰ কৰি মই কেনেকৈ কৰ পৰিশোধ কৰিব পাৰিম?
কৰদাতাই ডেবিট কাৰ্ডক পৰিশোধ পদ্ধতি হিচাপে নিৰ্বাচন কৰে, বিৱৰণসমূহ পৰীক্ষা কৰে আৰু নিৰ্বাচিত বেংকৰ জৰিয়তে লেনদেন সম্পূৰ্ণ কৰে।
সফল পৰিশোধৰ নিশ্চিতকৰণ ই-মেইল আৰু SMS-ৰ জৰিয়তে প্ৰেৰণ কৰা হয়।
17. পৰিশোধ গেটৱে ব্যৱহাৰ কৰি মই কেনেকৈ কৰ পৰিশোধ কৰিব পাৰিম?
পৰিশোধ গেটৱে নিৰ্বাচন কৰাৰ পিছত, কৰদাতাক নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা UPI ব্যৱহাৰ কৰি পৰিশোধ সম্পূৰ্ণ কৰিবলৈ পৰিশোধ গেটৱেৰ ৱেবছাইটলৈ পুনৰনিৰ্দেশিত কৰা হয়।
লেনদেনৰ মাচুল গেটৱে অনুসৰি পৃথক হ'ব পাৰে।
পৰিশোধ সফল হোৱাৰ পিছত নিশ্চিতকৰণ প্ৰেৰণ কৰা হয়।
18. CSI ফাইল কি?
CSI ফাইলত পৰিশোধৰ পৰিমাণ, তাৰিখ, ধাৰা আৰু কৰৰ প্ৰকাৰৰ দৰে গুৰুত্বপূৰ্ণ চালানৰ বিৱৰণ থাকে।
কৰ পৰিশোধসমূহ সঠিকভাৱে হিচাপত অন্তৰ্ভুক্ত কৰা হৈছে নে নাই সেয়া পৰীক্ষা কৰাৰ বাবে TDS ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হয়।
19. কোনে CSI ফাইল ডাউনলোড কৰিব পাৰিব?
কেৱল TAN ব্যৱহাৰকাৰীসকলেহে ব্যৱহাৰকাৰী ID হিচাপে TAN ব্যৱহাৰ কৰি লগইন কৰাৰ পিছত CSI ফাইল ডাউনলোড কৰিব পাৰিব।
20. মই CSI ফাইল কেনেকৈ ডাউনলোড কৰিব পাৰিম?
TAN-ৰ সৈতে লগইন কৰাৰ পিছত ই-ফাইল → ই-কৰ পৰিশোধ → পৰিশোধ ইতিহাসলৈ যাওক, পৰিশোধৰ তাৰিখ ফিল্টাৰ প্ৰয়োগ কৰক আৰু বিকল্পটো সক্ৰিয় হোৱাৰ পিছত CSI ফাইল ডাউনলোড কৰক।
মূল্যায়ন বৰ্ষ বা পৰিশোধৰ প্ৰকাৰ ফিল্টাৰ ব্যৱহাৰ কৰি CSI ফাইল ডাউনলোড কৰিব নোৱাৰি।
21. CSI ফাইলটো সৰ্বাধিক কিমান সময়ছোৱাৰ বাবে ডাউনলোড কৰিব পাৰি?
তাৰিখৰ পৰিসৰ ফিল্টাৰ ব্যৱহাৰ কৰি CSI ফাইলসমূহ সৰ্বাধিক 24 মাহৰ সময়ছোৱাৰ বাবেহে ডাউনলোড কৰিব পাৰি।
22. মই 01 জুলাই 2022-ৰ পূৰ্বৰ সময়ছোৱাৰ বাবে CSI ফাইল ডাউনলোড কৰিব পাৰিমনে?
নহয়। 01 জুলাই 2022-ৰ পূৰ্বৰ সময়ছোৱাৰ বাবে CSI ফাইলসমূহ ই-ফাইলিং প’ৰ্টেলৰ পৰা ডাউনলোড কৰিব নোৱাৰি।
পূৰ্বৱৰ্তী সময়ছোৱাৰ বাবে ব্যৱহাৰকাৰীসকলে প্ৰʼটিয়েন (NSDL) পৰ্টেলৰ পৰা ফাইলটো ডাউনলোড কৰিব লাগিব।
23. CSI ফাইলটো কোনটো ফৰ্মেটত ডাউনলোড কৰা হয়?
CSI ফাইলটো .csi ফৰ্মেটত ডাউনলোড কৰা হয়, যি RPU-ৰ দৰে TDS ৰিটাৰ্ণ প্ৰস্তুতিৰ উপযোগিতাসমূহৰ সৈতে সামঞ্জস্যপূৰ্ণ।
24. মই লগইন নকৰাকৈ মোৰ কৰ পৰিশোধৰ স্থিতি কেনেকৈ পৰীক্ষা কৰিব পাৰিম?
ব্যৱহাৰকাৰীসকলে ই-ফাইলিং প’ৰ্টেলৰ প্ৰাক্-লগইন সেৱাসমূহৰ অধীনত আপোনাৰ পৰিশোধৰ স্থিতি জানক বিকল্পৰ জৰিয়তে PAN, CRN আৰু ম'বাইল নম্বৰ প্ৰৱেশ কৰি, তাৰ পিছত OTP পৰীক্ষণ সম্পূৰ্ণ কৰি পৰিশোধৰ স্থিতি পৰীক্ষা কৰিব পাৰিব।
25. মই BSR কোড, চালান নম্বৰ আৰু পৰিশোধৰ তাৰিখৰ দৰে বিৱৰণ ক'ৰ পৰা লাভ কৰিব পাৰিম?
এই বিৱৰণসমূহ সংশ্লিষ্ট চালানৰ বাবে কাৰ্য বুটামত ক্লিক কৰি পৰিশোধ ইতিহাস টেবৰ অধীনত উপলব্ধ হ'ব।