আধাৰ লিংক কৰাৰ ইউজাৰ মেনুৱেল
1. অৱলোকন
আয়কৰ আইন, 1961ৰ ধাৰা 139AA অথবা আয়কৰ আইন,2025ৰ ধাৰা 262ৰ বিধান অনুসৰি PAN-ৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক। নতুন PAN আবেদনকাৰীৰ ক্ষেত্ৰত আবেদন প্ৰক্ৰিয়াৰ সময়তে PAN-আধাৰ সংযোগ স্বয়ংক্ৰিয়ভাৱে কৰা হয়। 01-07-2017 তাৰিখ বা তাৰ আগতে PAN লাভ কৰা বিদ্যমান PAN ধাৰকৰ বাবে PAN-ৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক।‘লিংক আধাৰ’ সেৱা ই-ফাইলিং পৰ্টেল (www.incometax.gov.in)ত ব্যক্তি কৰদাতা (পঞ্জীভুক্ত আৰু অপঞ্জীভুক্ত দুয়ো)ৰ বাবে উপলব্ধ। যদি আপুনি আপোনাৰ PAN-ৰ সৈতে আধাৰ সংযোগ নকৰে, তেন্তে আপোনাৰ PAN নিষ্ক্ৰিয় হৈ পৰিব। যদিও কিছুমান ব্যক্তি আছে যি অব্যাহতি প্ৰাপ্ত শ্ৰেণীৰ অন্তৰ্গত, তেওঁলোকৰ ক্ষেত্ৰত PAN নিষ্ক্ৰিয় হোৱাৰ প্ৰভাৱ প্ৰযোজ্য নহ’ব।
আধাৰক PAN-ৰ সৈতে সংযোগ কৰাৰ দুটা মুখ্য পদক্ষেপ আছে।
1.ই-ফাইলিং পৰ্টেলত আধাৰ-PAN সংযোগ মাচুলৰ পৰিশোধ (মেজৰ হেড 0021-ৰ অন্তৰ্গত মাইনৰ হেড 500-ৰ অধীনত একক চালানত)।
2.ই-ফাইলিং পৰ্টেলত PAN-ৰ সৈতে আধাৰ সংযোগ কৰা।
PAN-ৰ সৈতে আধাৰ সংযোগ কৰাৰ পাছত আপুনি লিংক আধাৰ স্থিতি ব্যৱহাৰ কৰি সংযোগৰ স্থিতি পৰীক্ষা কৰিব পাৰে।
2.এই সেৱা ব্যৱহাৰ কৰাৰ পূৰ্ব আৱশ্যকতাসমূহ:
- বৈধ PAN
- আধাৰ নম্বৰ
- বৈধ মোবাইল নম্বৰ
3.ই-ফাইলিং পৰ্টেলত আধাৰ-PAN সংযোগ মাচুল কেনেকৈ পৰিশোধ কৰিব
পদক্ষেপ 1: ই-ফাইলিং পৰ্টেলৰ হোম পৃষ্ঠালৈ যাওক।
‘দ্ৰুত লিংকসমূহ’ অংশত থকা ‘লিংক আধাৰ’ত ক্লিক কৰক। বিকল্প হিচাপে,ই-ফাইলিং পোৰ্টলত লগইন কৰি ‘প্ৰফাইল’ অংশত গৈ ‘লিংক আধাৰ’ত ক্লিক কৰিব পাৰে।

পদক্ষেপ 2: ‘লিংক আধাৰ’ শিতানত ‘অব্যাহত ৰাখক’ত ক্লিক কৰক।
পদক্ষেপ 3: আপোনাৰ PAN আৰু আধাৰ নম্বৰ প্ৰৱিষ্ট কৰক আৰু ‘বৈধ কৰক’ত ক্লিক কৰক।
পদক্ষেপ 4: ‘ই-পে' কৰৰ জৰিয়তে পৰিশোধ কৰি যাওক’ত ক্লিক কৰক।
পদক্ষেপ 5: প্ৰযোজ্য আয়কৰ আইন, 2025 নিৰ্বাচন কৰক আৰু ‘অব্য়াহত ৰাখক’ত ক্লিক কৰক।
পদক্ষেপ 6: আপোনাৰ PAN প্ৰৱিষ্ট কৰক, PAN নিশ্চিত কৰক, আৰু OTP লাভ কৰিবলৈ যিকোনো বৈধ মোবাইল নম্বৰ প্ৰৱিষ্ট কৰক।
পদক্ষেপ 7: OTP পৰীক্ষা সম্পন্ন হোৱাৰ পাছত, আপোনাক ই-পে'কৰ পৃষ্ঠালৈ পুনঃনির্দেশ কৰা হ'ব। ‘অব্য়াহত ৰাখক’ত ক্লিক কৰক।
পদক্ষেপ 8: ‘আয়কৰ’ টাইলত থকা ‘আগবাঢ়ক’ত ক্লিক কৰক।
পদক্ষেপ 9:প্ৰাসংগিক কৰ বৰ্ষ, পৰিশোধৰ ধৰণ হিচাপে অন্যান্য প্ৰাপ্তি (500), পৰিশোধৰ উপ-ধৰণ হিচাপে (আধাৰৰ সৈতে পেন সংযোগত পলম)ৰ বাবে মাচুল নিৰ্বাচন কৰক আৰু ‘আগবাঢ়ক’-ত ক্লিক কৰক।
পদক্ষেপ 10:প্ৰযোজ্য পৰিমাণ অন্য়ান্য়ৰ সন্মুখত স্বয়ং-পূৰণ কৰা হ'ব। ‘অব্য়াহত ৰাখক’ত ক্লিক কৰক
এতিয়া চালান সৃষ্টি হ'ব। পৰৱৰ্তী পৰ্দাত, আপুনি পৰিশোধৰ মাধ্যম নিৰ্বাচন কৰিব লাগিব। পৰিশোধৰ মাধ্যম নিৰ্বাচন কৰাৰ পাছত, আপোনাক বেংকৰ ৱেবছাইটলৈ পুনঃনির্দেশ কৰা হ'ব য'ত আপুনি পৰিশোধ কৰিব পাৰে।
মাচুল পৰিশোধ কৰাৰ পাছত, আপুনি ই-ফাইলিং পৰ্টেলত PAN-ৰ সৈতে আধাৰ সংযোগ কৰিব পাৰে।
4.মাচুল পৰিশোধ কৰাৰ পাছত আধাৰ-PAN সংযোগৰ অনুৰোধ কেনেকৈ দাখিল কৰিব
আধাৰ-PAN সংযোগৰ অনুৰোধ লগইনৰ পাছত আৰু লগইনৰ আগত দুয়োটাতে দাখিল কৰিব পাৰি।
প্ৰতিটো পদ্ধতিৰ বাবে পদক্ষেপসমূহ তলত এটাৰ পিছত এটা বিশদভাৱে বৰ্ণনা কৰা হৈছে:
আধাৰ-PAN সংযোগ অনুৰোধ দাখিল কৰক (লগইনৰ পাছত):
পদক্ষেপ 1: ই-ফাইলিং প’ৰ্টেলত ‘লগইন’লৈ যাওক ডেশ্বব’ৰ্ডত, প্ৰ’ফাইল শাখাৰ অন্তৰ্গত PANৰ সৈতে আধাৰ সংযোগ বিকল্পত ‘আধাৰ সংযোগ’ত ক্লিক কৰক।
অথবা বিকল্প হিচাপে,ব্যক্তিগত বিৱৰণ অংশত থকা ‘লিংক আধাৰ’ত ক্লিক কৰিব পাৰে।
পদক্ষেপ 2: আধাৰ নম্বৰ প্ৰৱিষ্ট কৰক আৰু ‘বৈধ কৰক’ত ক্লিক কৰক।
আধাৰ-PAN সংযোগ অনুৰোধ দাখিল কৰক (লগইনৰ আগতে):
পদক্ষেপ 1: ই-ফাইলিং পৰ্টেলৰ হোম পৃষ্ঠালৈ যাওক আৰু ‘দ্ৰুত লিংকসমূহ’ৰ অধীনত থকা ‘আধাৰ লিংক’ কৰকত ক্লিক কৰক।
পদক্ষেপ 2: আধাৰ লিংক কৰক অংশত থকা ‘অব্যাহত ৰাখক’ত ক্লিক কৰক।
পদক্ষেপ 3: PAN আৰু আধাৰ নম্বৰ প্ৰৱিষ্ট কৰক আৰু ‘বৈধ কৰক’ত ক্লিক কৰক।
যদি আপুনি আধাৰ-PAN সংযোগ মাচুল পৰিশোধ কৰিছে, তেন্তে পৰিশোধৰ বিৱৰণ সত্যাৰ্পন কৰা হ’ব। ‘অব্যাহত ৰাখক’ত ক্লিক কৰক।
পদক্ষেপ 4: প্ৰয়োজনীয় বাধ্যতামূলক বিৱৰণসমূহ পূৰণ কৰক আৰু ‘আধাৰ লিংক কৰক’ত ক্লিক কৰক।
পদক্ষেপ 5: পূৰ্বৰ পদক্ষেপত উল্লেখ কৰা মোবাইল নম্বৰত লাভ কৰা 6-সংখ্যাৰ OTP প্ৰৱিষ্ট কৰক আৰু ‘বৈধ কৰক’ত ক্লিক কৰক।
পদক্ষেপ 6:আধাৰ-PAN সংযোগৰ অনুৰোধ সফলভাবে দাখিল কৰা হৈছে, এতিয়া আপুনি আধাৰ-PAN সংযোগৰ স্থিতি পৰীক্ষা কৰিব পাৰে।
পৰিস্থিতি 1: যদি ই-ফাইলিং পৰ্টেলত পৰিশোধৰ বিৱৰণসমূহ সত্যাৰ্পন কৰা নহয়।
পদক্ষেপ 1: PAN আৰু আধাৰ সত্য়াপণ কৰাৰ পাছত, আপুনি এটা পপ-আপ বাৰ্তা দেখিব যে
‘পৰিশোধৰ বিৱৰণ পোৱা নগ’ল’ বাৰ্তা প্ৰদৰ্শিত হ’ব। আধাৰ-পেন সংযোগৰ অনুৰোধ দাখিল কৰিবলৈ মাচুল পৰিশোধ কৰাটো পূৰ্বচৰ্ত হোৱাৰ বাবে, মাচুল পৰিশোধৰ বাবে ‘ই-পে কৰৰ জৰিয়তে পৰিশোধ অব্যাহত ৰাখক’ত ক্লিক কৰক।
টোকা: যদি আপুনি ইতিমধ্যে মাচুল পৰিশোধ কৰিছে, তেন্তে 4-5 কাৰ্য্যকৰী দিন অপেক্ষা কৰক। তাৰ পাছত আপুনি আধাৰ-PAN সংযোগৰ অনুৰোধ দাখিল কৰিব পাৰিব।
টোকা: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে, আপোনাৰ সঠিক আধাৰ নম্বৰ PAN-ৰ সৈতে সংযোগ কৰা হৈছে।
যদি আধাৰ আৰু PAN ইতিমধ্যে সংযুক্ত হৈ থাকে অথবা PAN কোনো আন আধাৰৰ সৈতে সংযুক্ত থাকে বা আধাৰ কোনো আন PAN-ৰ সৈতে সংযুক্ত থাকে, তেন্তে আপুনি তলত উল্লেখ কৰা ত্ৰুটি বাৰ্তাসমূহ পাব পাৰে।:
পৰিস্থিতি 2: PAN ইতিমধ্যে এই আধাৰৰ সৈতে অথবা আন কোনো আধাৰৰ সৈতে সংযুক্ত হৈ আছে:
আপুনি আপোনাৰ ক্ষেত্ৰাধিকাৰী মূল্যাংকন বিষয়াৰ সৈতে যোগাযোগ কৰি ভুল PAN-ৰ সৈতে সংযুক্ত আধাৰখন বেলেগ কৰিবলৈ অনুৰোধ দাখিল কৰিব লাগিব।
আপোনাৰ JAOৰ যোগাযোগৰ বিৱৰণ জানিবলৈ, https://eportal.incometax.gov.in/iec/foservices/#/pre-login/knowYourAO(লগইনৰ আগত) চাওক
অথবা https://eportal.incometax.gov.in/iec/foservices/#/dashboard/myProfile/jurisdictionDetail (লগইন কৰাৰ পাছত)
পৰিস্থিতি 3: যদি আপুনি চালানৰ মাচুল পৰিশোধ কৰিছে আৰু পৰিশোধৰ বিৱৰণসমূহ ই-ফাইলিং পৰ্টেলত সত্যাৰ্পন হৈ গৈছে।.
পদক্ষেপ 1: PAN আৰু আধাৰৰ বৈধতা সত্যাৰ্পন কৰাৰ পিছত ‘আপোনাৰ পৰিশোধৰ বিৱৰণ সত্যাৰ্পন কৰা হৈছে’ বুলি এটা পপ-আপ বাৰ্তা দেখা যাব। আধাৰ-PAN সংযোগৰ অনুৰোধ দাখিল কৰিবলৈ পপ-আপ বাৰ্তাত ‘অব্যাহত ৰাখক’ত ক্লিক কৰক।
পদক্ষেপ 2: প্ৰয়োজনীয় বিৱৰণসমূহ প্ৰৱিষ্ট কৰক আৰু ‘আধাৰ লিংক কৰক’ বুটামত ক্লিক কৰক।
পদক্ষেপ 3: আধাৰ-PAN সংযোগৰ অনুৰোধ সফলভাবে দাখিল কৰা হৈছে। এতিয়া আপুনি আধাৰ-PAN সংযোগৰ স্থিতি পৰীক্ষা কৰিব পাৰে।
5. লিংক হোৱা আধাৰৰ স্থিতি চাওক (লগইনৰ আগতে)
পদক্ষেপ 1: ই-ফাইলিং পৰ্টেলৰ হোমপৃষ্ঠাত ‘দ্ৰুত লিংকসমূহ’ৰ অধীনত থকা ‘আধাৰ লিংক কৰক/স্থিতি চাওক’ত ক্লিক কৰক।
পদক্ষেপ 2: ‘স্থিতি চাওক’ টাইলত ‘অব্যাহত ৰাখক’ ত ক্লিক কৰক।
পদক্ষেপ 3:আপোনাৰ PAN আৰু আধাৰ নম্বৰ প্ৰৱিষ্ট কৰক আৰু ‘লিংক হৈ থকা আধাৰৰ স্থিতি চাওক’ত ক্লিক কৰক।
সফল সত্য়াপণৰ পাছত, আপোনাৰ আধাৰ-PAN সংযোগৰ স্থিতি সম্পৰ্কীয় এটা বাৰ্তা প্ৰদৰ্শিত হ’ব।
যদি আধাৰ-PAN সংযোগ প্ৰক্ৰিয়াধীন হৈ আছে:
যদি আধাৰ-PAN সংযোগ সফল হয়:
6. আধাৰ লিংকৰ স্থিতি চাওক (লগইনৰ পাছত)
পদক্ষেপ 1: লগইন কৰাৰ পাছত, আপোনাৰ ডেছব’ৰ্ডত গৈ ‘আধাৰ লিংক কৰক’ত ক্লিক কৰক।
পদক্ষেপ 2: বিকল্পভাৱে, ‘মোৰ প্ৰ’ফাইল’,‘আধাৰ সংযোগৰ স্থিতি’লৈ যাব পাৰে।
(যদি আপোনাৰ আধাৰ ইতিমধ্যে সংযুক্ত হৈ থাকে, তেন্তে আধাৰ নম্বৰ প্ৰদৰ্শিত হ'ব। যদি আধাৰ সংযুক্ত নহয়, তেন্তে ‘আধাৰৰ লিংকৰ স্থিতি’ প্ৰদৰ্শিত হ'ব)।
টোকা:
- যদি সত্য়াপণ ব্যৰ্থ হয়, তেন্তে স্থিতি পৃষ্ঠাত থকা ‘আধাৰ লিংক’ত ক্লিক কৰক আৰু আপুনি PAN আৰু আধাৰ সংযোগ কৰাৰ পদক্ষেপসমূহ পুনৰাবৃত্তি কৰিব লাগিব।
- যদি PAN আৰু আধাৰ সংযোগৰ বাবে আপোনাৰ অনুৰোধ UIDAI-ৰ ওচৰত বৈধতা সত্য়াপণৰ বাবে অপেক্ষাৰত থাকে, তেন্তে আপুনি পিছত পুনৰ স্থিতি পৰীক্ষা কৰিব লাগিব।
- যদি তলত দিয়া পৰিস্থিতিসমূহ প্ৰযোজ্য হয়, তেন্তে আধাৰ আৰু PAN-ৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ আপুনি ক্ষেত্ৰাধিকাৰ AO-ৰ সৈতে যোগাযোগ কৰিব লাগিব পাৰে:
- আপোনাৰ আধাৰ অন্য কোনো PAN-ৰ সৈতে সংযুক্ত আছে।
- আপোনাৰ PAN অন্য কোনো আধাৰৰ সৈতে সংযুক্ত আছে।
সফল সত্য়াপণৰ পাছত, আপোনাৰ আধাৰ সংযোগৰ স্থিতি সম্পৰ্কীয় এটা বাৰ্তা প্ৰদৰ্শিত হ’ব।
অস্বীকৃতি:
এই ব্যৱহাৰকাৰী মেনুৱেলৰ তথ্য আৰু সাধাৰণ নিৰ্দেশনা প্ৰদানৰ উদ্দেশ্যে জাৰি কৰা হৈছে। কৰদাতাসকলক তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নিৰ্দিষ্ট তথ্য, ব্যাখ্যা, স্পষ্টীকৰণ আদি জানিবলৈ আয়কৰ আইন, সংশ্লিষ্ট চাৰ্কুলাৰ, সূচনাপত্ৰ, নিয়ম-কানুন চাবলৈ পৰামৰ্শ দিয়া হৈছে। এই মেনুৱেলৰ আধাৰত লোৱা কাৰ্য্য আৰু/অথবা সিদ্ধান্তৰ বাবে বিভাগে দায়িত্বগ্ৰহণ কৰিব নোৱাৰে।