1. 3CB-3CD প্ৰপত্ৰ কি হয়?
কৰ পৰিহাৰ আৰু কৰ ফাঁকিক নিৰুৎসাহিত কৰিবলৈ, 1984 চনৰ বিত্ত অধিনিয়মে এটা নতুন ধাৰা 44AB সন্নিবিষ্ট কৰি কৰ লেখা পৰীক্ষাৰ অৱতাৰণা কৰিছিল যিটো মূল্যায়ন বৰ্ষ 1985-86-ৰ পৰা কাৰ্য্যকৰী হৈছে।
যিজন ব্যক্তিৰ কোনো আইনৰ দ্বাৰা বা কোন আইনৰ অধীনত একাউণ্টৰ লেখা-পৰীক্ষা কৰাৰ প্ৰয়োজন নহয়, তেওঁ 3CD প্ৰপত্ৰত প্ৰয়োজনীয় বিৱৰণৰ সৈতে 3CB প্ৰপত্ৰত ধাৰা 44AB-ৰ অধীনত একাউণ্টৰ লেখা-পৰীক্ষাৰ প্ৰতিবেদন প্রস্তুত কৰিব লাগিব।
2. কোনসকল ব্যক্তিয়ে 3CB-3CD প্ৰপত্ৰ ব্যৱহাৰ কৰিব পাৰে?
ই-ফাইলিং পʼৰ্টেলত পঞ্জীভুক্ত আৰু 3CB-3CD প্ৰপত্ৰ লেখা-পৰীক্ষা কৰিবলৈ কৰদাতাই আবণ্টন কৰা CA এগৰাকীয়ে এই প্ৰপত্ৰত প্ৰবেশ কৰিব পাৰে।
3. কি কি উপায়েৰে 3CB-3CD প্ৰপত্ৰ দাখিল কৰিব পৰা যায়?
অফলাইন উপযোগিতাৰ পৰা সৃষ্টি হোৱা JSON ব্যৱহাৰ কৰি এই প্ৰপত্ৰখন পʼৰ্টেলত দাখিল কৰিব পৰা যায়।
4. এগৰাকী CA-এ কি কি উপায়েৰে প্ৰপত্ৰ 3CB-3CD আপলোড কৰিব পাৰে?
প্ৰপত্ৰখন CA এগৰাকীয়ে তেওঁৰ ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি আপলোড কৰিব পাৰে।
5. মই নিয়ম 6G-ৰ (44AB ধাৰাৰ অধীনত) অধীনত একাউণ্টৰ লেখা-পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। মোৰ ক্ষেত্ৰত কোনখন প্ৰপত্ৰ প্ৰযোজ্য হʼব?
নিয়ম 6G-ত ধাৰা 44AB-ৰ অধীনত একাউণ্টৰ লেখা পৰীক্ষা প্ৰতিবেদন দাখিল আৰু প্ৰস্তুতিৰ পদ্ধতি নিৰ্ধাৰণ কৰা হৈছে। দুই প্ৰকাৰৰ প্ৰপত্ৰ আছে - 3CA-3CD আৰু 3CB-3CD। সেয়েহে, দুয়োখনৰ যিকোনো এখনহে অপোনৰ বাবে প্ৰযোজ্য হʼব।
- 3CA-3CD পপত্ৰ প্ৰয়োজনানুসৰী নাইবা অন্য কোনো আইনৰ অধীনত নিজৰ একাউণ্ট লেখা-পৰীক্ষাৰ প্ৰয়োজন হোৱা ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য।
- 3CB-3CD প্ৰপত্ৰ সেইজন ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য য'ত একাউণ্টবোৰ আন কোনো আইনৰ অধীনত লেখা-পৰীক্ষা কৰাৰ প্ৰয়োজন নাই।