search-openmobilesearch
Do not have an account?
Already have an account?

1. মই ই-ফাইলিঙত পঞ্জীভুক্ত এগৰাকী বেতনভোগী কৰ্মচাৰী। ই-ফাইলিং প'ৰ্টেলত মোৰ কৰ সম্পৰ্কীয় সকলো তথ্যলৈ মই ক’ত প্ৰৱেশ কৰিব পাৰিম?
আপুনি আপোনাৰ ই-ফাইলিং ডেছবোৰ্ডত আপোনাৰ কৰ সম্পৰ্কীয় সকলো তথ্য আৰু কৰণীয় কামসমূহত প্ৰৱেশ কৰিব পাৰিব। ডেছবোৰ্ডত গুৰুত্বপূৰ্ণ সেৱাসমূহৰ লিংক আছে যিবোৰ আপোনাৰ আয়কৰ সংক্ৰান্তীয় যাত্ৰাৰ সময়ত প্ৰয়োজন হ’ব। এটা দৃষ্টিত, আপুনি নিম্নলিখিতবোৰ কৰিব পাৰে:

  • আপোনাৰ প্ৰʼফাইলটো আপোনাৰ বৈধ PAN, আধাৰ আৰু ফটোৰে সৈতে আপডেট কৰি ৰাখিব পাৰে।
  • আপোনাৰ আধাৰ আৰু PAN লিংক কৰিব পাৰে।
  • আপোনাৰ যোগাযোগৰ বিৱৰণ চাব আৰু আপডেট কৰিব পাৰে ।
  • ই-ফাইলিং ভল্ট উচ্চতৰ সুৰক্ষা সেৱাৰ সৈতে আপোনাৰ একাউণ্ট সুৰক্ষিত কৰিব পাৰে।
  • বকেয়া দাবী চাব আৰু ইয়াৰ প্ৰতি সঁহাৰি জনাব পাৰে।
  • একাধিক FY / AY-ৰ বাবে আপোনাৰ আয়কৰ খতিয়ান বহী চাব পাৰে।
  • ITR ফাইল কৰাৰ সৈতে জড়িত আপোনাৰ কৰণীয় কামসমূহ চাব আৰু সেইবোৰৰ প্ৰতি সঁহাৰি জনাব পাৰে।
  • আপেক্ষিত ৰিফাণ্ড আৰু আনুমানিক দাবীসহ আপোনাৰ ফাইল কৰাৰ স্থিতি চাব পাৰে।
  • সংশোধিত ৰিটাৰ্ণ ফাইল কৰিব আৰু ফাইল কৰা ৰিটাৰ্ণসমূহ ডাউনলোড কৰিব পাৰে।
  • TDS, অগ্ৰিম কৰ, আৰু স্ব-মূল্যায়ন কৰ আদি আপোনাৰ জমা কৰৰ বিৱৰণ চাব পাৰে।
  • আপোনাৰ কৰ্মসূচীত স্থগিত হৈ থকা কাৰ্যৰ প্ৰতি সঁহাৰি জনাব পাৰে।
  • যোৱা 3 বছৰৰ ৰিটাৰ্ণ আৰু শেহতীয়াকৈ ফাইল কৰা প্ৰপত্ৰ চাব পাৰে।
  • আপোনাৰ অভিযোগৰ বিৱৰণ চাব পাৰে।


2. মই এগৰাকী কৰদাতা। মোৰ ই-ফাইলিং কৰ্মসূচীত মোৰ বাবে কি কি সেৱাসমূহ উপলব্ধ হয়?
ই-ফাইলিং কৰ্মসূচীত নিম্নলিখিত সেৱাবোৰ ব্যক্তিগত কৰদাতা, HUF, কোম্পানী, ফাৰ্ম, ন্যাস, AJP, AOP, BOI, স্থানীয় কৰ্তৃপক্ষ, চৰকাৰৰ বাবে উপলব্ধ:

  • আপোনাৰ কৰণীয় কাৰ্য:
    • গ্ৰহণ কৰিবলৈ বাকী থকা প্ৰপত্ৰসমূহ
    • অনাদায়ী হৈ থকা ৰিফাণ্ডসমূহ
    • ITDREIN অনুৰোধ
    • সত্যাপনকৰণৰ বাবে স্থগিত / ITR-V প্ৰাপ্ত নকৰা / প্ৰত্যাখ্যান কৰা
    • আপোনাক কৰ্তৃত্বপ্ৰাপ্ত স্বাক্ষৰকাৰী হিচাপে যোগ কৰাৰ বাবে স্থগিত হৈ থকা অনুৰোধ (ব্যক্তিগত কৰদাতাৰ বাবে)
    • আপোনাক কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি হিচাপে যোগ কৰাৰ বাবে স্থগিত হৈ থকা অনুৰোধ (কেৱল ব্যক্তিগত কৰদাতাৰ বাবে)
    • নিৰ্ধাৰিত তাৰিখৰ পিছত প্ৰাপ্ত ITR-V
    • ফাইল কৰাৰ বাবে স্থগিত
    • কৰ কৰ্তনকাৰী আৰু সংগ্ৰাহকৰ পঞ্জীয়নৰ অনুমোদন আৰু সংশোধন (সংগঠনৰ PAN-ৰ বাবে )
  • আপোনাৰ জ্ঞাতাৰ্থে:
    • আপলোড কৰা প্ৰপত্ৰৰ বিৱৰণ চাওক
    • প্ৰতিনিধি কৰদাতা হিচাপে যোগ কৰিবলৈ দাখিল কৰা অনুৰোধ
    • কৰ্তৃত্বপ্ৰাপ্ত স্বাক্ষৰকাৰী হিচাপে যোগ কৰিবলৈ দাখিল কৰা অনুৰোধ
    • কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি হিচাপে যোগ কৰিবলৈ দাখিল কৰা অনুৰোধ
    • প্ৰাপ্ত কৰ্তৃত্বপ্ৰাপ্ত স্বাক্ষৰকাৰীৰ অনুৰোধ (কেৱল ব্যক্তিগত কৰদাতাৰ বাবে)
    • প্ৰাপ্ত কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিৰ অনুৰোধ (কেৱল ব্যক্তিগত কৰদাতাৰ বাবে)
    • ITDREIN অনুৰোধৰ বিৱৰণ চাওক (যিসকল ব্যক্তিক প্ৰতিবেদনকাৰী সত্তাই কৰ্তৃত্বপ্ৰাপ্ত PAN হিচাপে যোগ কৰিছে তেওঁলোকৰ বাবে)
    • অনুমোদিত / প্ৰত্যাখিত TAN পঞ্জীয়নৰ বিৱৰণ (সংগঠনৰ PAN-ৰ বাবে)


3. মই মোৰ ডেছবোৰ্ড চাবলৈ ল'গ ইন কৰিব লাগিব নেকি ?
হয়। ডেছবোৰ্ড কেৱল ই-ফাইলিং প'ৰ্টেলত লʼগ ইন কৰাৰ পিছতহে চাব পাৰি আৰু ইয়াত লʼগ ইন কৰা PAN-ৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট তথ্য থাকে।

4. নতুন ই-ফাইলিং প'ৰ্টেলৰ ডেছবোৰ্ডত কি কি নতুন বস্তু আছে?
পূৰ্বৱৰ্তী ই-ফাইলিং প'ৰ্টেলত কৰদাতাৰ বাবে দুটা কাম আছিল: আয়কৰ ৰিটাৰ্ণ ফাইল কৰা আৰু ই-ফাইল কৰা ৰিটাৰ্ণ / প্ৰপত্ৰসমূহ চোৱা।নতুন ই-ফাইলিং প'ৰ্টেলত, ডেছবোৰ্ডত আৰু বহুতো সেৱা আছে। ইয়াৰোপৰি এইটো খুবেই ব্যৱহাৰকাৰী অনুকূল হয়, কিয়নো ই আপোনাৰ প্ৰʼফাইল, পঞ্জীভুক্ত যোগাযোগৰ বিৱৰণ, ৰিটাৰ্ণৰ স্থিতি, আয়কৰ জমা, স্থগিত কাৰ্যসমূহ, শেহতীয়াকৈ সম্পন্ন কৰা ফাইলিঙসমূহ আৰু অভিযোগসমূহৰ বিৱৰণ আগতীয়াকৈ দেখুৱায়।

5. মোৰ PAN নিষ্ক্ৰিয় হৈ আছে বা আধাৰৰ সৈতে লিংক হৈ থকা নাই। মই ডেছবোৰ্ডত উপলব্ধ বিভিন্ন সেৱাসমূহত প্ৰৱেশ কৰিব পাৰিমনে?

প্ৰৱিষ্ট কৰা PAN নিষ্ক্ৰিয় হ’লে কিছুমান প্ৰৱেশাধিকাৰ সীমিত হ'ব পাৰে। নিষ্ক্ৰিয় PAN-ৰ সৈতে ল’গইন কৰাৰ পিছত ডেছবোৰ্ডত তলত দিয়া সতৰ্কবাৰ্তা পপ-আপ প্ৰদৰ্শিত হ'ব: "আপোনাৰ PAN নিষ্ক্ৰিয় কৰা হৈছে কিয়নো এইটো আপোনাৰ আধাৰৰ সৈতে লিংক হৈ থকা নাই। কিছুমান প্ৰৱেশাধিকাৰ সীমিত হ'ব পাৰে। আপুনি 234H ধাৰাৰ অধীনত প্ৰয়োজনীয় মাচুল পৰিশোধ কৰাৰ পিছত আপোনাৰ PAN লিংক আৰু সক্ৰিয় কৰিব পাৰে।”

6. PAN অকাৰ্যকৰী হ'লে ব্যৱহাৰকাৰীক কেনেদৰে জনোৱা হ'ব?

এটা পপ-আপ আৰু টিকাৰ বাৰ্তা "আপোনাৰ PAN নিষ্ক্ৰিয় কৰা হৈছে কিয়নো এইটো আপোনাৰ আধাৰৰ সৈতে লিংক কৰা নাই।'' ব্যৱহাৰকাৰীয়ে ই-ফাইলিং প'ৰ্টেলত ল’গ ইন কৰাৰ পিছত বা ডেছবোৰ্ড পৃষ্ঠাত প্রৱেশ কৰাৰ পিছত প্ৰদৰ্শন কৰা হ'ব।