search-openmobilesearch
Do not have an account?
Already have an account?

1. ই-কাৰ্যবাহী মানে কি হয়?
ই-কাৰ্যবাহী হৈছে ই-ফাইলিং পʼৰ্টেল ব্যৱহাৰ কৰি আৰম্ভণিৰ পৰা শেষলৈকে কাৰ্যবাহী পৰিচালনা কৰাৰ এটা ইলেক্ট্ৰনিক প্লেটফৰ্ম। এই সেৱা ব্যৱহাৰ কৰি, যিকোনো পঞ্জীভুক্ত ব্যৱহাৰকাৰীয়ে (বা তেওঁৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিয়ে) আয়কৰ বিভাগে জাৰী কৰা যিকোনো জাননী / সূচনা / পত্ৰ চাব পাৰে আৰু সঁহাৰি দাখিল কৰিব পাৰে।

2. ই-কাৰ্যবাহীৰ সুবিধাসমূহ কি কি?
ই-কাৰ্যবাহী হৈছে আয়কৰ বিভাগে জাৰী কৰা সকলো জাননী / সূচনা / পত্ৰৰ ইলেক্ট্ৰনিকভাৱে সঁহাৰি জনোৱাৰ এক সহজ উপায়। ইয়াৰ জৰিয়তে কৰদাতাসকলৰ অনুপালনৰ বোজা হ্ৰাস পায়, কাৰণ তেওঁলোকে আয়কৰ কাৰ্যলয়লৈ যাব নালাগে। তদুপৰি, ভৱিষ্যতৰ সন্দৰ্ভৰ বাবে দাখিলকৰণ ট্ৰেক কৰা আৰু অভিলেখ ৰখাটো সহজ হয়।

3. মোলৈ জাৰী কৰা জাননীৰ সঁহাৰি দাখিল কৰাৰ পিছত মই মোৰ সঁহাৰি চাব পাৰিমনে?
হয়, আপুনি বা আপোনাৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিয়ে দাখিল কৰা সঁহাৰি চাব পাৰে।

4. ধাৰা 143(1)(a)ৰ অধীনত জাৰী কৰা অভিযোজনৰ ওপৰত মই দিয়া সঁহাৰিৰ বিপৰীতে কোনো প্ৰশ্ন উত্থাপন হৈছে নে নাই মই ক'ত চাব পাৰোঁ?
আয়কৰ বিভাগে উত্থাপন কৰা প্ৰশ্নসমূহ আপুনি ই-কাৰ্যবাহীৰ অধীনত চাব পাৰিব।

5. মোৰ সঁহাৰি দাখিল কৰক বুটামটো কিয় নিষ্ক্ৰিয় হৈ আছে?
সঁহাৰি দাখিল কৰক বুটামটো নিম্নলিখিত কাৰণবোৰৰ বাবে নিষ্ক্ৰিয় হ'ব পাৰে
CPC জাননীসমূহৰ বাবে - যদি সঁহাৰিৰ দেয় তাৰিখ উকলি গৈছে।
ITBA জাননীসমূহৰ বাবে - যদি কাৰ্যবাহীৰ স্থিতি আয়কৰ কৰ্তৃপক্ষৰ দ্বাৰা বন্ধ/অৱৰুদ্ধ কৰা হৈছে।

6. ই-ফাইলিং পʼৰ্টেলত জাননীৰ সঁহাৰি দিয়াৰ পিছত মই মোৰ সঁহাৰি সম্পাদনা কৰিব পাৰিমনে?
নোৱাৰে, ই-ফাইলিং পʼৰ্টেলত এবাৰ দাখিল কৰাৰ পিছত আপুনি আপোনাৰ সঁহাৰি সম্পাদনা কৰিব নোৱাৰে।

7. ই-কাৰ্যবাহীৰ অধীনত মই কোনবোৰ জাননীলৈ সঁহাৰি দিব পাৰোঁ?

আয়কৰ বিভাগ আৰু CPC-য়ে জাৰী কৰা সকলো জাননী / সূচনা / পত্ৰ ই-কাৰ্যবাহীৰ অধীনত উপলব্ধ কৰা হয় য’ত আপুনি ই-ফাইলিং পʼৰ্টেলত একেখিনি আপলোড কৰি এটাচ্চমেণ্টৰ সৈতে সঁহাৰি চাব আৰু দাখিল কৰিব পাৰিব। আপুনি এই সেৱাৰ জৰিয়তে তলত দিয়া জাননীসমূহ চাব আৰু সঁহাৰি দাখিল কৰিব পাৰিব

  • ধাৰা 139(9)ৰ অধীনত ত্ৰুটিপূৰ্ণ জাননী
  • 143(1)(a) ধাৰাৰ অধীনত দেখাদেখি সমাযোজন
  • 154 ধাৰাৰ অধীনত স্ব-বিবেচিত সংশোধন
  • আয়কৰ কৰ্তৃপক্ষই জাৰী কৰা জাননীসমূহ
  • স্পষ্টীকৰণ বিচৰা যোগাযোগ

পাথ
ডেছবোৰ্ড/স্থগিত কাৰ্য/ই-কাৰ্যবাহী

 

8. সঁহাৰি দাখিল কৰক কাৰ্যকাৰিতাৰ অধীনত অনুমোদিত সীমাতকৈ এটাচ্চমেণ্টৰ সংখ্যা/আকাৰ অধিক, মই কি কৰা উচিত?
এটা এটাচ্চমেণ্টৰ অনুমোদিত সৰ্বাধিক আকাৰ হৈছে 5 MB। যদি আপোনাৰ আপলোড কৰিবলৈ 1 খনতকৈ অধিক নথিপত্ৰ আছে তেন্তে আপুনি এটাচ্চমেণ্টৰ সংখ্যা 10 টালৈকে বাছনি কৰিব পাৰে। সকলো এটাচ্চমেণ্টৰ সৰ্বাধিক আকাৰ 50 MB তকৈ অধিক হ'ব নালাগিব। যদি এটা নথিপত্ৰৰ আকাৰে অনুমোদিত সীমা অতিক্ৰম কৰে, আপুনি ফাইলৰ আকাৰ হ্ৰাস কৰি নথিপত্ৰ অনুকূলিত কৰিব পাৰিব।

9. ত্ৰুটিপূৰ্ণ ৰিটাৰ্ণ মানে কি হয়?
ৰিটাৰ্ণ নাইবা অনুসূচীত অসম্পূৰ্ণ বা সঙ্গতিবিহীন তথ্য থাকিলে নাইবা আন যিকোনো কাৰণৰ বাবে, ৰিটাৰ্ণ ত্ৰুটিপূৰ্ণ হিচাবে বিবেচিত হ’ব পাৰে।

10. মোৰ ৰিটাৰ্ণ ত্ৰুটিপূৰ্ণ হয়নে নহয় মই কেনেদৰে জানিম?
যদি আপোনাৰ ৰিটাৰ্ণত ত্ৰুটি থকা দেখা যায়, তেন্তে আয়কৰ বিভাগে আপোনাৰ পঞ্জীভুক্ত ইমেইল ID-ত ইমেইলৰ জৰিয়তে আয়কৰ অধিনিয়মৰ 139(9) ধাৰাৰ অধীনত এটা ত্ৰুটিপূৰ্ণ জাননী প্ৰেৰণ কৰিব আৰু ই-ফাইলিং পʼৰ্টেলত লʼগইন কৰি ইয়াক চাব পাৰিব।


11. ই-ফাইলিং পʼৰ্টেলত সঁহাৰি দাখিল কৰাৰ পিছত মই মোৰ সঁহাৰি আপডেট বা প্ৰত্যাহাৰ কৰিব পাৰিমনে?
নোৱাৰে, ই-ফাইলিং প’ৰ্টেলত এবাৰ দাখিল কৰাৰ পিছত আপুনি আপোনাৰ সঁহাৰি আপডেট বা প্ৰত্যাহাৰ কৰি নোৱাৰে।

12. মই আন ব্যক্তিক মোৰ ত্ৰুটিপূৰ্ণ জাননীৰ সঁহাৰি প্ৰদান কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিব পাৰিমনে?
হয়, ধাৰা 139(9)ৰ অধীনত আপুনি আন ব্যক্তিক আপোনাৰ ত্ৰুটিপূৰ্ণ জাননীৰ সঁহাৰি প্ৰদান কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিব পাৰিব।

13. মই ITR প্ৰপত্ৰত থকা ত্ৰুটি অনলাইনযোগে শুধৰাব পাৰিমনে?
হয়, আপুনি ITR প্ৰপত্ৰত থকা ত্ৰুটি অনলাইনযোগে শুধৰাই সঁহাৰি দাখিল কৰিব পাৰে।

14. আয়কৰ বিভাগে প্ৰেৰণ কৰা ত্ৰুটিপূৰ্ণ জাননীৰ সঁহাৰি মই কিমান সময় সীমাৰ ভিতৰত দিব পাৰিম?
যদিহে আপোনাৰ ৰিটাৰ্ণ ত্ৰুটিপূৰ্ণ পোৱা যায়, তেন্তে জাননী লাভ কৰা তাৰিখৰ পৰা 15 দিনৰ ভিতৰত অথবা জাননীত উল্লেখিত নিৰ্দিষ্ট সময়সীমা অনুসৰি আপুনি ফাইল কৰা ৰিটাৰ্ণত হোৱা ত্ৰুটি শুধৰাব পাৰিব। অৱশ্যে, আপুনি স্থগিতকৰণ বিচাৰিব পাৰে আৰু সম্প্ৰসাৰণৰ বাবে অনুৰোধ কৰিব পাৰে।

15. যদি মই ত্ৰুটিপূৰ্ণ জাননীলৈ সঁহাৰি নজনাওঁ তেন্তে কি হ'ব?
যদি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আপুনি ত্ৰুটিপূৰ্ণ জাননীলৈ সঁহাৰি জনাবলৈ ব্যৰ্থ হয়, তেন্তে আপোনাৰ ৰিটাৰ্ণ অবৈধ হিচাপে বিবেচিত হʼব পাৰে আৰু ফলস্বৰূপে আইকৰ অধিনিয়ম অনুসৰি পৰিস্থিতি বিশেষে জৰিমনা, সুত, লোকচান আগলৈ লৈ নোযোৱা, নিৰ্দিষ্ট ৰেহাই হেৰুওৱা আদি পৰিণাম হʼব পাৰে।

16. মোক ধাৰা 139(9)ৰ অধীনত ত্ৰুটিপূৰ্ণ জাননীৰ বিষয়ে অৱগত কৰা হৈছে। মই সেই মূল্যায়ন বৰ্ষৰ বাবে ৰিটাৰ্ণটো নতুন ৰিটাৰ্ণ হিচাপে ফাইল কৰিব পাৰিমনে?
হয়, আপুনি ৰিটাৰ্ণটো নতুন / সংশোধিত ৰিটাৰ্ণ হিচাপে ফাইল কৰিব পাৰে, যদিহে এটা নিৰ্দিষ্ট মূল্যায়ন বৰ্ষত ৰিটাৰ্ণ ফাইল কৰাৰ বাবে প্ৰদান কৰা সময় উকলি যোৱা নাই বা বৈকল্পিকভাৱে আপুনি 139 ধাৰাৰ অধীনত জাননীলৈ সঁহাৰি জনাবলৈও বাছনি কৰিব পাৰে। অৱশ্যে, নিৰ্দিষ্ট মূল্যায়ন বৰ্ষৰ বাবে ৰিটাৰ্ণ ফাইল কৰিবলৈ প্ৰদান কৰা সময় উকলি গʼলে, আপুনি ৰিটাৰ্ণটো নতুন / সংশোধিত ৰিটাৰ্ণ হিচাপে ফাইল কৰিবলৈ সক্ষম নহʼব আৰু আপুনি ধাৰা 139(9)ৰ অধীনত জাননীলৈ সঁহাৰি প্ৰদান কৰিব লাগিব। যদি আপুনি জাননীলৈ সঁহাৰি জনাবলৈ অক্ষম হয়, তেন্তে সেই মূল্যায়ন বৰ্ষটোৰ বাবে ৰিটাৰ্ণ অবৈধ অথবা ৰিটাৰ্ণ ফাইল নকৰা হিচাপে বিবেচিত হʼব৷

17. কিছুমান সাধাৰণ ত্ৰুটি কি কি হয় যিয়ে এটা ৰিটাৰ্ণক ত্ৰুটিপূৰ্ণ কৰি তোলে?
এটা ৰিটাৰ্ণক ত্ৰুটিপূৰ্ণ কৰি তোলা কিছুমান সাধাৰণ ত্ৰুটি নিম্নলিখিত ধৰণৰ হয়:

  • TDS-ৰ বাবে ক্ৰেডিট দাবী কৰা হৈছে কিন্তু সংশ্লিষ্ট প্ৰাপ্তি/আয় কৰাৰোপণৰ বাবে আগবঢ়োৱাৰ পৰা বাদ দিয়া হৈছে
  • প্ৰপত্ৰ 26 AS-ত দেখুওৱা মুঠ প্ৰাপ্তি, যাৰ ওপৰত TDS-ৰ বাবে ক্ৰেডিট দাবী কৰা হৈছে সেয়া আয়ৰ ৰিটাৰ্ণত আয়ৰ আটাইবোৰ শীৰ্ষকৰ অধীনত দেখুওৱা সৰ্বমুঠ প্ৰাপ্তিতকৈ অধিক হয়।
  • সৰ্বমুঠ আয় আৰু আয়ৰ সকলো শীৰ্ষত শূন্য বা 0 হিচাপে প্ৰবিষ্ট কৰা হৈছে কিন্তু কৰ দায়বদ্ধতা গণনা আৰু পৰিশোধ কৰা হৈছে।
  • ITR-ত লিখা কৰদাতাৰ নাম PAN ডেটাবেছত থকা নামৰ সৈতে মিলা নাই।
  • কৰদাতাৰ আয় ব্যৱসায় বা বৃত্তিৰ মুনাফা আৰু লাভ শীৰ্ষৰ অধীনত আছে কিন্তু বেলেঞ্চ শ্বীট আৰু লাভ আৰু লোকচানৰ একাউণ্ট পূৰণ কৰা নাই।

18. স্পষ্টীকৰণ বিচৰা যোগাযোগ মানে কি হয়?
স্পষ্টীকৰণ বিচৰা যোগাযোগ কৰদাতালৈ প্ৰেৰণ কৰা হয়, যদি এনে উদাহৰণ আছে যʼত অনুসূচী বা অনুবন্ধৰ অধীনত প্ৰদান কৰা ৰিটাৰ্ণৰ তথ্য অপৰ্যাপ্ত বা অনুপযুক্ত হয়‌ আৰু কৰদাতাই উল্লেখ কৰা কিছুমান দাবীৰ ওপৰত স্পষ্টীকৰণৰ প্ৰয়োজন হয়‌।

19. ই-কাৰ্যবাহী সেৱা ব্যৱহাৰ কৰি সঁহাৰি চাবলৈ আৰু দাখিল কৰিবলৈ মই ই-ফাইলিং প’ৰ্টেলত লʼগইন কৰিব লাগিব নেকি?
হয়, আপুনি ই-কাৰ্যবাহী সেৱা ব্যৱহাৰ কৰি সঁহাৰি চাবলৈ আৰু দাখিল কৰিবলৈ ই-ফাইলিং প'ৰ্টেলত লʼগইন কৰিব লাগিব।

20. মই প্ৰদান কৰা সঁহাৰি / দাখিলৰ ই-সত্যাপন কৰিব লাগিব নেকি?
নাই, আপুনি দাখিল কৰা সঁহাৰি ই-সত্যাপন কৰাৰ প্ৰয়োজন নাই।

21. মই ই-ফাইলিং প'ৰ্টেলত লʼগইন নকৰাকৈ স্পষ্টীকৰণ বিচাৰি জাননীৰ প্ৰতি সঁহাৰি দিব পাৰিমনে?
নোৱাৰে, স্পষ্টীকৰণ বিচৰা যোগাযোগৰ সঁহাৰি দিবলৈ আপুনি লʼগ ইন কৰিব লাগিব। লʼগইন নকৰালৈকে আপুনি জাননীখন চাবলৈ বা আপোনালৈ জাৰি কৰা জাননীৰ সঁহাৰি দাখিল কৰিবলৈ সক্ষম নহʼব।

22. আয়কৰ কৰ্তৃপক্ষই মোক জাৰী কৰা জাননীলৈ ই-কাৰ্যবাহী সেৱা ব্যৱহাৰ কৰি আন কোনোবাই মোৰ হৈ সঁহাৰি দিব পাৰিবনে?
হয়, আপুনি ই-কাৰ্যবাহী সেৱা ব্যৱহাৰ কৰি আপোনাৰ হৈ কোনো জাননীৰ সঁহাৰি দিবলৈ এগৰাকী কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি যোগ কৰিব পাৰে।

23. মই ইতিমধ্যে যোগ কৰা/ বিদ্যমান কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি আঁতৰাব পাৰিমনে?
হয়, আপুনি আপোনাৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা প্ৰতিনিধি আঁতৰাব বা প্ৰত্যাহাৰ কৰিব পাৰে।

24. মোলৈ জাৰি কৰা জাননীৰ প্ৰতি সঁহাৰি দিবলৈ মই দুগৰাকী কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি যোগ কৰিব পাৰিমনে?
নোৱাৰে, আপোনাৰ ওচৰত এটা কাৰ্যবাহীৰ বাবে এবাৰত কেৱল এগৰাকীহে কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি সক্ৰিয় হৈ থাকিব পাৰে।

25. মই এটা সংশোধিত ৰিটাৰ্ণ ফাইল কৰিছোঁ। মই এতিয়াও মোলৈ জাৰি কৰা স্পষ্টীকৰণ বিচৰা যোগাযোগৰ প্ৰতি সঁহাৰি জনাব লাগিব নেকি?
নাই, একে মূল্যায়ন বৰ্ষৰ বাবে আপুনি ইতিমধ্যে সংশোধিত ৰিটাৰ্ণ ফাইল কৰিলে সঁহাৰি দাখিল কৰিবলৈ অনুমতি দিয়া নহʼব। 'এই জাননীখনৰ বিপৰীতে সংশোধিত ৰিটাৰ্ণ ফাইল কৰা হৈছে; আৰু অধিক কোনো কাৰ্যৰ প্ৰয়োজন নাই' বুলি উল্লেখ কৰা এটা বাৰ্তা প্ৰদৰ্শিত হʼব।

26. মোলৈ জাৰি কৰা স্পষ্টীকৰণ বিচৰা যোগাযোগৰ প্ৰতি সঁহাৰি দিয়াটো মোৰ বাবে বাধ্যতামূলক নেকি? যদি হয়, তেন্তে মই মোৰ সঁহাৰি দাখিল কৰা সময়সীমা কিমান?
আপুনি আপোনালৈ জাৰি কৰা যোগাযোগত উল্লেখ কৰা দেয় তাৰিখ অনুসৰি আপোনাৰ সঁহাৰি দাখিল / প্ৰদান কৰিব লাগিব। যদি দেয় তাৰিখ পাৰ হৈ গৈছে আৰু কোনো সঁহাৰি প্ৰদান কৰা হোৱা নাই তেন্তে CPC-য়ে তেওঁলোকৰ ওচৰত উপলব্ধ তথ্যৰে ৰিটাৰ্ণ প্ৰক্ৰিয়া কৰিব।