search-openmobilesearch
Do not have an account?
Already have an account?
14-ছেপ্টেম্বৰ-2023

ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ (DSC) সম্পৰ্কীয় সমস্যা আৰু সমাধান

কৰদাতাসকলক DSC-ৰ ম্যাদ উকলি যোৱা তাৰিখ পৰীক্ষা, ই-ফাইলিং পʼৰ্টেলত পঞ্জীয়ন আৰু শেহতীয়া এমব্ৰিজ এপ্লিকেচন ইনষ্টল কৰি ই-সত্যাপনকৰণৰ অন্তিম ক্ষণত হʼব পৰা সমস্যা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

যদি, আপুনি DSC-ৰ জৰিয়তে ই-সত্যাপনকৰণৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ সন্মুখীন হৈছে, অনুগ্ৰহ কৰি নিম্নলিখিত সঘনাই সোধা প্ৰশ্নবোৰ চাওক:

 

প্ৰশ্ন 1: DSC ব্যৱহাৰ কৰি ই-প্ৰমাণীকৰণ কৰি থকা সময়ত, মই "কিবা ভুল হৈছে" ত্ৰুটি বাৰ্তাটো পাই আছোঁ, মই কি কৰা উচিত?

উত্তৰ: যদি আপুনি DSC-ত সমস্যাৰ (কিবা ভুল হৈছে) সন্মুখীন হৈছে, অনুগ্ৰহ কৰি তলত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰক:

  1. প্ৰথমে বিদ্যমান এমব্ৰিজ এপ্লিকেচনটো আনইনষ্টল কৰক আৰু তাৰ পাছত শেহতীয়া এপ্লিকেচনটো ডাউনলোড কৰক।
  2. শেহতীয়া এপ্লিকেচনটো ডাউনলোড কৰিবলৈ: লৈ যাওক https://embridge.emudhra.com/
  3. নতুন সংস্কৰণটো ইনষ্টল কৰক।
  4. সাধাৰণ সমস্যা সমাধানৰ বাবে এমব্ৰিজ ইনষ্টলাৰত প্ৰদান কৰা নিৰ্দেশনা অনুসৰণ কৰক।
  5. অনুগ্ৰহ কৰি বিদ্যমান প্ৰমাণপত্ৰ বিলোপ কৰক আৰু ইয়াক পুনৰ ইপাছটোকেন টুলত ইমপোৰ্ট কৰক আৰু পুনৰ চেষ্টা কৰক।

 

প্ৰশ্ন 2: ই-ফাইলিং পʼৰ্টেলত পঞ্জীভুক্ত মোৰ DSC-ৰ ম্যাদ উকলি গৈছে, মই কি কৰা উচিত?

উত্তৰ: কৰদাতাই ই-ফাইলিং পʼৰ্টেলৰ সৈতে এক নতুন বৈধ DSC পঞ্জীয়ন কৰিব লাগিব। অনুগ্ৰহ কৰি তলত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰক:

  1. DSC প্ৰদানকাৰীৰ পৰা এখন নতুন ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ ক্ৰয় কৰক।
  2. ই-ফাইলিং পʼৰ্টেলত লʼগইন কৰক আৰু "পঞ্জীয়ন DSC" কাৰ্যপ্ৰণালীলৈ যাওক।
  3. ই-ফাইলিং পʼৰ্টেলত নতুন DSC পঞ্জীয়ন কৰক।

 

প্ৰশ্ন 3: ই-ফাইলিং পʼৰ্টেলত পঞ্জীভুক্ত মোৰ DSC-ৰ ম্যাদ উকলি গৈছে। মই এখন নতুন DSC পঞ্জীয়ন কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু "গ্ৰাহক ইতিমধ্যে বিদ্যমান" ত্ৰুটি বাৰ্তা এটা পাই আছোঁ, মই কি কৰা উচিত?

উত্তৰ: এক নতুন DSC পঞ্জীয়ন কৰিবলৈ, অনুগ্ৰহ কৰি আপোনাৰ PAN-ৰ বিপৰীতে ই-ফাইলিং পʼৰ্টেলত পঞ্জীভুক্ত পুৰণি DSC বিলোপ কৰক। অনুগ্ৰহ কৰি তলত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰক:

  1. DSC প্ৰদানকাৰীৰ পৰা এখন নতুন ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ ক্ৰয় কৰক।
  2. পুৰণি DSC অপঞ্জীভুক্ত কৰিবলৈ ই-ফাইলিং পʼৰ্টেলত অভিযোগ উত্থাপন কৰক। লগতে, উত্থাপিত অভিযোগৰ সৈতে প্ৰাপ্ত ত্ৰুটি বাৰ্তাৰ স্ক্ৰীণশ্বট সংলগ্ন কৰক।
  3. নতুন DSC পঞ্জীয়ন কৰাৰ কাৰণ উল্লেখ কৰক।
  4. আপোনাৰ পুৰণি DSC অপঞ্জীভুক্ত হোৱাৰ পাছত আপুনি এটা ইমেইল প্ৰাপ্ত কৰিব, তাৰ পাছত আপুনি DSC পঞ্জীয়নৰ পদক্ষেপবোৰ অনুসৰণ কৰি নতুন DSC পঞ্জীয়ন কৰিব পাৰে।

 

প্ৰশ্ন 4: কৰ্পোৰেটৰ সৈতে সম্পৰ্কিত মুখ্য ব্যক্তিজনে অব্যাহতি লৈছে আৰু নতুন মুখ্য ব্যক্তিজনে তেওঁৰ PAN-ৰ বিৰুদ্ধে DSC পঞ্জীয়ন কৰিছে কিন্তু DSC ব্যৱহাৰ কৰি ই-সত্যাপনকৰণৰ সময়ত আগৰ মুখ্য ব্যক্তিজনৰ PAN প্ৰতিফলিত হৈছে, এইক্ষেত্ৰত কি কৰা উচিত?

উত্তৰ: যদি সম্পৰ্কিত মুখ্য ব্যক্তিজন সলনি হৈছে, আপুনি প্ৰ'ফাইলত নতুন মুখ্য ব্যক্তিৰ বিৱৰণ আপডেট কৰিব লাগিব আৰু মুখ্য যোগাযোগ ব্যক্তি হিচাপে নিযুক্তি দিব লাগিব। অনুগ্ৰহ কৰি তলত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰক:

  1. কৰ্পোৰেট PAN ব্যৱহাৰ কৰি ই-ফাইলিং পʼৰ্টেলত লʼগইন কৰক।
  2. এইদৰে যাওক, মোৰ প্ৰ'ফাইল-> মুখ্য ব্যক্তিৰ বিৱৰণ- > মুখ্য ব্যক্তিৰ বিৱৰণ যোগ কৰক- >- মুখ্য সম্পৰ্কৰক্ষী হিচাপে নিযুক্তি দিয়ক
  3. মুখ্য সম্পৰ্কৰক্ষীক ইয়াৰ PAN-ৰ সৈতে ই-ফাইলিং পʼৰ্টেলত লʼগইন কৰিবলৈ দিয়ক আৰু তাৰ পিছত এনেদৰে যাওক- মোৰ প্ৰ'ফাইল-> DSC পঞ্জীয়ন কৰক।
  4. DSC পঞ্জীয়নৰ পদক্ষেপসমূহ অনুসৰণ কৰক।
  5. DSC সফলতাৰে পঞ্জীয়ন কৰাৰ পাছত ইয়াক কৰ্পোৰেট PAN-ৰ বাবে ITR সমূহ/ প্ৰপত্ৰ/ অন্যান্য অনুৰোধৰ সত্যাপনকৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

 

প্ৰশ্ন 5: DSC ব্যৱহাৰ কৰি সত্যাপন কৰোঁতে, মই "প্ৰমাণপত্ৰৰ অমিল" ত্ৰুটি পাইছোঁ, মই কি কৰা উচিত?

উত্তৰ:অ-ব্যক্তিগত (কোম্পানী, ফাৰ্ম, ট্ৰাষ্ট, LLP আদি) PAN-ৰ ক্ষেত্ৰত অনুগ্ৰহ কৰি নিশ্চিত কৰক যে সত্যাপনকৰণৰ বাবে ব্যৱহৃত DSC মুখ্য সম্পৰ্কৰক্ষীৰ PAN-ৰ সৈতে সংযোজিত হয়‌ আৰু মুখ্য সম্পৰ্কক্ষীৰ লʼগইনৰ পৰা ই-ফাইলিং পʼৰ্টেলত DSC পঞ্জীয়ন কৰিব লাগে।

 

যদি আপুনি এতিয়াও DSC-ৰ জৰিয়তে ই-সত্যাপনকৰণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আছে, অনুগ্ৰহ কৰি হেল্পডেস্কৰ সৈতে 18001030025 180041940025 আৰু + 91-80-46122000 +91-80-61464700