1. অৱলোকন
ই-ফাইলিং প'ৰ্টেলত www.incometax.gov.in"বেংক কাউণ্টাৰত পৰিশোধ কৰক" ব্যৱহাৰ কৰি কৰ পৰিশোধ কৰাটো সকলো কৰদাতাৰ বাবে উপলব্ধ (লগইন কৰাৰ আগত আৰু লগইন কৰাৰ পাছৰ পদ্ধতিত)। এই সেৱাৰ দ্বাৰা আপুনি চালান প্ৰপত্ৰ (CRN) প্ৰস্তুত কৰি (নগদ ধন/ চেক/ ডিমাণ্ড ড্ৰাফ্টৰ যোগেৰে) আপুনি বাছনি কৰা বেংকৰ কাউণ্টাৰত কৰ পৰিশোধ কৰিব পাৰে।
2. এই সেৱা লাভ কৰাৰ বাবে পূৰ্ব আৱশ্যকতাসমূহ
আপুনি লগইন কৰাৰ আগত (ই-ফাইলিং প'ৰ্টেলত লগইন কৰাৰ আগতে) বা লগইন কৰাৰ পাছত (ই-ফাইলিং প'ৰ্টেলত লগইন কৰাৰ পাছত) "বেংক কাউণ্টাৰত পৰিশোধ কৰক" পদ্ধতিৰে কৰ পৰিশোধ কৰিব পাৰে।
CBDT-ৰ অধিসূচনা 34/2008 অনুসৰি ধাৰা 44AB-ৰ বিধান প্ৰযোজ্য হোৱা কোম্পানী বা ব্যক্তি (কোম্পানীৰ বাহিৰে) কৰদাতাই এই বিকল্পটো ব্যৱহাৰ কৰিব নোৱাৰে।
কৰদাতাই অনুমোদিত বেংকৰ কাউণ্টাৰত কৰ পৰিশোধ কৰিবলৈ এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে।
- পৰিশোধ কৰিবলৈ বাছনি কৰা অনুমোদিত বেংকৰ শাখাত পৰিশোধৰ আহিলাসহ (নগদ ধন, চেক বা ডিমাণ্ড ড্ৰাফ্ট) চালান প্ৰপত্ৰৰ স্বাক্ষৰিত প্ৰতিলিপি প্ৰদান কৰিব লাগিব।
- কৰ পৰিশোধৰ ক্ষেত্ৰত 10,000/- টকাতকৈ (কেৱল দহ হাজাৰ টকা) অধিক নগদ ধন এই পদ্ধতিৰ অধীনত অনুমোদিত নহয়।
- এই পদ্ধতিৰ জৰিয়তে কৰ পৰিশোধ কৰাৰ বাবে কোনো লেনদেন মূল্য/ মাচুল প্ৰযোজ্য নহয়।
বিকল্প |
পূৰ্ব আৱশ্যকতাসমূহ |
লগইন কৰাৰ আগত |
|
লগইন কৰাৰ পাছত |
|
গুৰুত্বপূৰ্ণ টোকা:
- এতিয়ালৈকে, অʼভাৰ দা কাউণ্টাৰ (OTC) পদ্ধতিৰে ই-ফাইলিং প'ৰ্টেলত (কৰৰ ই-পে সেৱা) কৰ পৰিশোধৰ বাবে অনুমোদিত বেংকসমূহ হৈছে- এক্সিছ বেংক, বন্ধন বেংক, বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, কানাৰা বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, চিটি ইউনিয়ন বেংক লিমিটেড, DCB বেংক, ফেডাৰেল বেংক, HDFC বেংক, ICICI বেংক, IDBI বেংক, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচীজ বেংক, ইণ্ডাচইণ্ড বেংক, জম্মু আৰু কাশ্মীৰ বেংক লিমিটেড, কৰুৰ বৈশ্য বেংক, কোটক মহিন্দ্ৰা বেংক, বেংক অফ মহাৰাষ্ট্ৰ, পাঞ্জাৱ নেচনেল বেংক, পাঞ্জাৱ আৰু সিন্ধ বেংক, RBI, RBL বেংক লিমিটেড, চাউথ ইণ্ডিয়ান বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, UCO বেংক আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়া।
- ই-ফাইলিং প'ৰ্টেলত কৰৰ ই-পে সেৱা ব্যৱহাৰ কৰি এটা CRN প্ৰস্তুত কৰাৰ পাছতহে এই সুবিধাটো ব্যৱহাৰ কৰিব পাৰিব।
- এই দুটা বেংকৰ ক্ষেত্ৰত OTC পদ্ধতি ব্যৱহাৰ কৰি পৰিশোধ কৰিবলৈ কৰদাতাই বেংকৰ কাউণ্টাৰত চালান প্ৰপত্ৰ জমা দিব লাগিব।
- অনুগ্ৰহ কৰি মন কৰিব: ওপৰোক্ত বেংকৰ তালিকাখন পৰিৱৰ্তনশীল, বেংকবোৰ ভৱিষ্যতে যোগ বা আঁতৰ কৰিব পাৰে। এই তথ্য 25 জুলাই,2023 তাৰিখ অনুসৰি।
3. পৰ্যায়ক্ৰমিক নিৰ্দেশনা
3.1. নতুন চালান প্ৰপত্ৰ (CRN) প্ৰস্তুত কৰাৰ পাছত পৰিশোধ কৰক- লগইনৰ পাছৰ সেৱা। TDS পৰিশোধ কৰিবলৈ এই দফাটোৰ পদক্ষেপ 1-ৰ পৰা 4লৈ অনুসৰণ কৰক আৰু তাৰ পিছত দফা 3.3-ৰ পদক্ষেপ 5-10 চাওক।
পদক্ষেপ 1: আপোনাৰ ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ডৰ জৰিয়তে ই-ফাইলিং প'ৰ্টেলত লগইন কৰক।

পদক্ষেপ 2: ডেছবোৰ্ডত ই-ফাইল > কৰৰ ই-পে বিকল্পত ক্লিক কৰক। আপোনাক কৰৰ ই-পে পৃষ্ঠালৈ নিৰ্দেশিত কৰা হ'ব।
পদক্ষেপ 3: কৰৰ ই-পে পৃষ্ঠাটোত অনলাইন কৰ পৰিশোধ আৰম্ভ কৰিবলৈ নতুন পৰিশোধ বিকল্পটোত ক্লিক কৰক।
টোকা: এই পদ্ধতিৰ জৰিয়তে বৰ্তমান কৰ পৰিশোধ কৰিব পৰা অনুমোদিত বেংকসমূহ হৈছে- এক্সিচ বেংক, বন্ধন বেংক, বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, কানাৰা বেংক, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, চিটি ইউনিয়ন বেংক লিমিটেড, DCB বেংক, ফেডাৰেল বেংক, HDFC বেংক, ICICI বেংক, IDBI বেংক, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচীজ বেংক, ইণ্ডাচইণ্ড বেংক, জম্মু আৰু কাশ্মীৰ বেংক লিমিটেড, কৰুৰ বৈশ্য বেংক, কোটক মহিন্দ্ৰা বেংক, পাঞ্জাৱ নেচনেল বেংক, পাঞ্জাৱ আৰু সিন্ধ বেংক, RBI, RBL বেংক লিমিটেড, চাউথ ইণ্ডিয়ান বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, UCO বেংক, আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়া।
অনুগ্ৰহ কৰি মন কৰিব যে ওপৰোক্ত বেংকৰ তালিকাখন পৰিৱৰ্তনশীল প্ৰকৃতিৰ, বেংকবোৰ ভৱিষ্যতে যোগ বা আঁতৰ কৰিব পাৰে। এই তথ্য 25 জুলাই,2023 তাৰিখ অনুসৰি।
পদক্ষেপ 4: নতুন পৰিশোধ পৃষ্ঠাত কৰ পৰিশোধৰ টাইলত আগবাঢ়ক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 5: প্ৰযোজ্য কৰ পৰিশোধৰ টাইল বাছনি কৰাৰ পাছত মূল্যায়ন বৰ্ষ, গৌণ শীৰ্ষ আৰু অন্যান্য বিৱৰণ (প্ৰযোজ্য অনুসৰি) বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 6: কৰ বিভাজনৰ বিৱৰণ যোগ কৰক নামৰ পৃষ্ঠাটোত কৰ পৰিশোধৰ মুঠ পৰিমাণৰ বিভাজন যোগ কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 7: পৰিশোধৰ পদ্ধতি বাছনি কৰক নামৰ পৃষ্ঠাটোত বেংক কাউণ্টাৰত পৰিশোধ কৰক পদ্ধতিটো বাছনি কৰক আৰু 'চেক, নগদ ধন বা ডিমাণ্ড ড্ৰাফ্টৰ জৰিয়তে পৰিশোধ বিকল্পটো বাছনি কৰক আৰু তাৰ পাছত বিকল্পবোৰৰ পৰা বেংকৰ নামটো বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 8: চালান প্ৰপত্ৰ প্ৰিভিউ কৰক আৰু ডাউনলোড কৰক পৃষ্ঠাটোত, বিৱৰণ আৰু কৰ বিভাজনৰ বিৱৰণৰ সত্যাপন কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 9: চালান প্ৰপত্ৰখন সফলতাৰে প্ৰস্তুত কৰা হ'ব। চালান প্ৰপত্ৰখন (CRN) ছপা কৰক আৰু পৰিশোধ কৰাৰ বাবে বাছনি কৰা বেংকৰ যিকোনো শাখালৈ যাওক।
টোকা: সফল পৰিশোধৰ পাছত আপুনি ই-ফাইলিং পৰ্টেলত পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণমূলক ই-মেইল আৰু এটা SMS লাভ কৰিব। এবাৰ পৰিশোধ সফল হোৱাৰ পাছত কৰৰ ই-পে পৃষ্ঠাত পৰিশোধৰ ইতিবৃত্ত টেবটোৰ অধীনত পৰিশোধ আৰু চালান ৰচিদৰ বিৱৰণ উপলব্ধ হয়।
3.2. ই-ফাইলিং প'ৰ্টেলত লগইন নকৰাকৈ কৰ পৰিশোধ কৰক - লগইনৰ পূৰ্বৰ সেৱা। TDS পৰিশোধ কৰিবলৈ এই দফাটোৰ পদক্ষেপ 1-ৰ পৰা 4লৈ অনুসৰণ কৰক আৰু তাৰ পিছত দফা 3.3-ৰ পদক্ষেপ 5-10 চাওক।
পদক্ষেপ 1: ই-ফাইলিং প'ৰ্টেললৈ www.incometax.gov.in যাওক আৰু কৰৰ ই-পে বিকল্পত ক্লিক কৰক।
পদক্ষেপ 2: কৰৰ ই-পে পৃষ্ঠাত প্ৰয়োজনীয় বিৱৰণসমূহ পূৰণ কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 3: OTP সত্যাপনকৰণ পৃষ্ঠাত, পদক্ষেপ 2-ত প্ৰৱিষ্ট কৰা ম'বাইল নম্বৰত প্ৰাপ্ত কৰা 6টা অংকৰ OTP প্ৰৱিষ্ট কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 4: OTP সত্যাপনৰ পাছত আপোনাৰ PAN/TAN আৰু আবৃত নামৰ সৈতে এটা সফল বাৰ্তা প্ৰদৰ্শিত হ'ব। আগবাঢ়িবলৈ অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 5: কৰৰ ই-পে পৃষ্ঠাত আপোনাৰ বাবে প্ৰযোজ্য কৰ পৰিশোধ শ্ৰেণীত আগবাঢ়ক বিকল্পত ক্লিক কৰক। TDS পৰিশোধ কৰিবলৈ, দফা 3.2-ৰ পদক্ষেপ 5-10 চাওক।
পদক্ষেপ 6: প্ৰযোজ্য কৰ পৰিশোধৰ টাইল বাছনি কৰাৰ পিছত মূল্যায়ন বৰ্ষ, গৌণ শীৰ্ষ, অন্যান্য বিৱৰণ (প্ৰযোজ্য অনুসৰি) বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 7: কৰ বিভাজনৰ বিৱৰণ যোগ কৰক পৃষ্ঠাটোত পৰিশোধনীয় মুঠ কৰৰ বিভাজন যোগ কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 8: পৰিশোধৰ পদ্ধতি বাছনি কৰক নামৰ পৃষ্ঠাটোত বেংক কাউণ্টাৰত পৰিশোধ কৰক পদ্ধতিৰ বাছনি কৰক আৰু চেক, নগদ ধন বা ডিমাণ্ড ড্ৰাফ্টৰ জৰিয়তে পৰিশোধ বিকল্পটো বাছনি কৰক আৰু তাৰ পাছত বিকল্পবোৰৰ পৰা বেংকৰ নামটো বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 9: চালান প্ৰপত্ৰ প্ৰিভিউ কৰক আৰু ডাউনলোড কৰক পৃষ্ঠাটোত, বিৱৰণ আৰু কৰ বিভাজনৰ বিৱৰণৰ সত্যাপন কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

পদক্ষেপ 10: চালান প্ৰপত্ৰখন সফলতাৰে প্ৰস্তুত কৰা হ'ব। চালান প্ৰপত্ৰখন (CRN) ছপা কৰক আৰু পৰিশোধ কৰাৰ বাবে বাছনি কৰা বেংকৰ যিকোনো শাখালৈ যাওক।

টোকা: সফল পৰিশোধৰ পাছত আপুনি ই-ফাইলিং প'ৰ্টেলত পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণৰ ই-মেইল আৰু এটা SMS লাভ কৰিব। পৰিশোধ সফল হোৱাৰ পাছত ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে চালানৰ ৰচিদ ডাউনলোড কৰি থ'ব পাৰে। লগইন কৰাৰ পাছত কৰৰ ই-পে পৃষ্ঠাত পৰিশোধৰ ইতিবৃত্ত টেবটোৰ অধীনত পৰিশোধ আৰু চালানৰ ৰচিদৰ বিৱৰণো উপলব্ধ।
3.3 বেংক কাউণ্টাৰত পৰিশোধ কৰাৰ সুবিধা ব্যৱহাৰ কৰি TDS পৰিশোধ কৰক
পদক্ষেপ 5: কৰৰ ই-পে পৃষ্ঠাত আপোনাৰ বাবে প্ৰযোজ্য কৰ পৰিশোধ শ্ৰেণীত আগবাঢ়ক বিকল্পত ক্লিক কৰক।

পদক্ষেপ 6: মূল্যায়ন বৰ্ষ আৰু TDS পৰিশোধ কৰক টাইল বাছনি কৰাৰ পাছত গৌণ শীৰ্ষ (প্ৰযোজ্য অনুসৰি) বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

পদক্ষেপ 7: কৰ বিভাজনৰ বিৱৰণ যোগ কৰক পৃষ্ঠাটোত পৰিশোধনীয় মুঠ কৰৰ বিভাজন যোগ কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

পদক্ষেপ 8: পৰিশোধৰ পদ্ধতি বাছনি কৰক নামৰ পৃষ্ঠাটোত বেংক কাউণ্টাৰত পৰিশোধ কৰক পদ্ধতিটো বাছনি কৰক আৰু চেক, নগদ ধন, ডিমাণ্ড ড্ৰাফ্ট বা ইণ্টাৰনেল ট্ৰেঞ্চফাৰৰ (কেৱল RBI-ৰ বাবে প্ৰযোজ্য) জৰিয়তে পৰিশোধ বিকল্পটো বাছনি কৰক আৰু তাৰ পাছত বিকল্পবোৰৰ পৰা বেংকৰ নামটো বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

পদক্ষেপ 9: চালান প্ৰপত্ৰ প্ৰিভিউ কৰক আৰু ডাউনলোড কৰক পৃষ্ঠাটোত, বিৱৰণ আৰু কৰ বিভাজনৰ বিৱৰণৰ সত্যাপন কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।

পদক্ষেপ 10: চালান প্ৰপত্ৰখন সফলতাৰে প্ৰস্তুত কৰা হ'ব। চালান প্ৰপত্ৰখন (CRN) ছপা কৰক আৰু পৰিশোধ কৰাৰ বাবে বাছনি কৰা বেংকৰ যিকোনো শাখালৈ যাওক।

টোকা: সফল পৰিশোধৰ পাছত আপুনি ই-ফাইলিং প'ৰ্টেলত পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণৰ ই-মেইল আৰু এটা SMS লাভ কৰিব। পৰিশোধ সফল হোৱাৰ পাছত ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে চালানৰ ৰচিদ ডাউনলোড কৰি থ'ব পাৰে। লগইন কৰাৰ পাছত কৰৰ ই-পে পৃষ্ঠাত পৰিশোধৰ ইতিবৃত্ত টেবটোৰ অধীনত পৰিশোধ আৰু চালানৰ ৰচিদৰ বিৱৰণো উপলব্ধ।