1. অৱলোকন
এটা অনুমোদিত বেংকৰ ডেবিট কাৰ্ডৰ জৰিয়তে কৰ পৰিশোধৰ বিকল্পটো সকলো কৰদাতাৰ বাবে ই-ফাইলিং প'ৰ্টেল https://www.incometax.gov.in/iec/foportal/-ত উপলব্ধ হয়। এই সেৱাৰ দ্বাৰা আপুনি ই-ফাইলিং প'ৰ্টেলত অনলাইনযোগে কৰ পৰিশোধ কৰাৰ বাবে উপলব্ধ অনুমোদিত বেংকৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰি অনলাইনযোগে কৰ পৰিশোধ কৰিব পাৰে (লগইন কৰাৰ আগত বা পাছত)।
2. এই সেৱা লাভ কৰাৰ বাবে পূৰ্ব আৱশ্যকতাসমূহ
আপুনি লগইন কৰাৰ আগতে (ই-ফাইলিং প'ৰ্টেলত লগ ইন কৰাৰ আগতে) বা লগইন কৰাৰ পাছত (ই-ফাইলিং প'ৰ্টেলত লগ ইন কৰাৰ পিছত) পদ্ধতিৰে "অনুমোদিত বেংকৰ ডেবিট কাৰ্ড" ব্যৱহাৰ কৰি কৰ পৰিশোধ কৰিব পাৰে।
বিকল্প |
পূৰ্ব আৱশ্যকতাসমূহ |
ল'গইনৰ আগত |
|
লগইন কৰাৰ পাছত |
|
গুৰুত্বপূৰ্ণ টোকা: এটা অনুমোদিত বেংকে জাৰি কৰা ডেবিট কাৰ্ড থকা কৰদাতাসকলে [DJ1] [DMG2] (ই-ফাইলিং প'ৰ্টেলত ডেবিট কাৰ্ডৰ জৰিয়তে কৰ পৰিশোধৰ সুবিধা আগবঢ়োৱা) এই পদ্ধতিটো কৰ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব পাৰে। কৰ পৰিশোধৰ এই পদ্ধতিত কোনো লেনদেন মূল্য/ মাচুল প্ৰযোজ্য নহয়। এতিয়ালৈকে ডেবিট কাৰ্ড পদ্ধতিৰ জৰিয়তে ই-ফাইলিং প'ৰ্টেলত (কৰৰ ই-পে সেৱা) কৰ পৰিশোধৰ বাবে কানাৰা বেংক, ICICI বেংক, ইণ্ডিয়ান বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া আৰু পাঞ্জাৱ নেচনেল বেংকৰ পৰা ডেবিট কাৰ্ড আগবঢ়োৱা হৈছে। আন বেংকসমূহৰ বাবে অনুগ্ৰহ কৰি পেমেণ্ট গে'টৱে' পদ্ধতি বাছনি কৰক।
3. পৰ্যায়ক্ৰমিক নিৰ্দেশনা
3.1. নতুন চালান প্ৰপত্ৰ (CRN) প্ৰস্তুত কৰাৰ পাছত পৰিশোধ কৰক– লগইনৰ পাছৰ সেৱা
পদক্ষেপ 1: আপোনাৰ ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ডৰ জৰিয়তে ই-ফাইলিং প'ৰ্টেলত লগইন কৰক।

পদক্ষেপ 2: ডেছবোৰ্ডত ই-ফাইল > কৰৰ ই-পে বিকল্পত ক্লিক কৰক। আপোনাক কৰৰ ই-পে পৃষ্ঠালৈ নিৰ্দেশিত কৰা হ'ব। কৰৰ ই-পে পৃষ্ঠাটোত অনলাইনযোগে কৰ পৰিশোধ আৰম্ভ কৰিবলৈ নতুন পৰিশোধ নামৰ বিকল্পটোত ক্লিক কৰক।
পদক্ষেপ 3: নতুন পৰিশোধ পৃষ্ঠাটোত আপোনাৰ বাবে প্ৰযোজ্য কৰ পৰিশোধৰ টাইলত আগবাঢ়ক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 4: প্ৰযোজ্য কৰ পৰিশোধৰ টাইল বাছনি কৰাৰ পাছত মূল্যায়ন বৰ্ষ, গৌণ শীৰ্ষ আৰু অন্যান্য বিৱৰণ (প্ৰযোজ্য অনুসৰি) বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 5: কৰ বিভাজনৰ বিৱৰণ যোগ কৰক নামৰ পৃষ্ঠাটোত কৰ পৰিশোধৰ মুঠ পৰিমাণৰ বিভাজন যোগ কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
পদক্ষেপ 6: পৰিশোধৰ পদ্ধতি বাছনি কৰক পৃষ্ঠাটোত ডেবিট কাৰ্ড পদ্ধতি বাছনি কৰক আৰু বিকল্পবোৰৰ পৰা বেংকৰ নাম বাছনি কৰক আৰু অব্যাহত ৰাখক বিকল্পত ক্লিক কৰক।
টোকা: অনুগ্ৰহ কৰি মন কৰিব যে অনুমোদিত বেংকৰ দ্বাৰা (ই-ফাইলিং প'ৰ্টেলত ডেবিট কাৰ্ডৰ জৰিয়তে কৰ পৰিশোধৰ সুবিধা আগবঢ়োৱা) জাৰি কৰা ডেবিট কাৰ্ড থকা কৰদাতাসকলে কৰ পৰিশোধৰ বাবে এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে। কৰ পৰিশোধৰ এই পদ্ধতিত কোনো লেনদেন মূল্য/ মাচুল প্ৰযোজ্য নহয়। এতিয়ালৈকে, ডেবিট কাৰ্ড পদ্ধতিৰ জৰিয়তে ই-ফাইলিং প'ৰ্টেলত (কৰৰ ই-পে সেৱা) কৰ পৰিশোধৰ বাবে কানাৰা বেংক, ICICI বেংক, ইণ্ডিয়ান বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া আৰু পাঞ্জাৱ নেচনেল বেংকৰ পৰা ডেবিট কাৰ্ড আগবঢ়োৱা হৈছে। আন বেংকসমূহৰ বাবে অনুগ্ৰহ কৰি পেমেণ্ট গে'টৱে' পদ্ধতি বাছনি কৰক।
পদক্ষেপ 7: প্ৰিভিউ কৰক আৰু পৰিশোধ কৰক পৃষ্ঠাটোত বিৱৰণ আৰু কৰ বিভাজনৰ বিৱৰণ সত্যাপন কৰক আৰু এতিয়াই পৰিশোধ কৰক বিকল্পত ক্লিক কৰক।
