search-openmobilesearch
Do not have an account?
Already have an account?

1. অৱলোকন

"RTGS/NEFT" ব্যৱহাৰ কৰি কৰ পৰিশোধৰ সুবিধা ই-ফাইলিং প'ৰ্টেল www.incometax.gov.in (লগইন কৰাৰ আগত বা পাছত) সকলো কৰদাতাৰ বাবে উপলব্ধ।এই সেৱাৰ দ্বাৰা আপুনি RTGS/NEFT-ৰ জৰিয়তে কৰ পৰিশোধ কৰিব পাৰে।

 

2. এই সেৱা লাভ কৰাৰ পূৰ্ব-আৱশ্যকতাসমূহ

আপুনি লগইন কৰাৰ আগতে (ই-ফাইলিং প'ৰ্টেলত লগ ইন কৰাৰ আগতে) বা লগইন কৰাৰ পাছত (ই-ফাইলিং প'ৰ্টেলত লগ ইন কৰাৰ পাছত) "RTGS/NEFT" পদ্ধতি ব্যৱহাৰ কৰি কৰ পৰিশোধ কৰিব পাৰে।

 

বিকল্প

পূৰ্ব-আৱশ্যকতা

লগইন কৰাৰ আগত

  • বৈধ PAN/TAN যিটোৰ বাবে কৰ পৰিশোধ কৰিব লাগিব;
  • এককালীন পাছৱৰ্ড প্ৰাপ্ত কৰিবলৈ বৈধ ম'বাইল নম্বৰ।

লগইন কৰাৰ পাছত

  • ই-ফাইলিং প'ৰ্টেলত www.incometax.gov.in পঞ্জীভুক্ত ব্যৱহাৰকাৰী

 

গুৰুত্বপূৰ্ণ টোকা:

  • কৰদাতাই RTGS/NEFT পদ্ধতি ব্যৱহাৰ কৰি যিকোনো বেংকৰ জৰিয়তেও পৰিশোধ কৰিব পাৰে।
  • ই-ফাইলিং প'ৰ্টেলত কৰৰ ই-পে সেৱা ব্যৱহাৰ কৰি এটা CRN প্ৰস্তুত কৰাৰ পাছতহে এই সুবিধাটো ব্যৱহাৰ কৰিব পাৰিব।
  • কৰদাতাই এই CRN-ৰ জৰিয়তে প্ৰস্তুত কৰা জনাদেশ পত্ৰ বেংকত প্ৰদান কৰিব লাগিব, লগতে কৰদাতাই তেওঁলোকৰ বেংকে প্ৰদান কৰা অনলাইন সুবিধা ব্যৱহাৰ কৰি জনাদেশ প্ৰপত্ৰত উপলব্ধ বিৱৰণৰ দ্বাৰা এই RTGS/NEFT লেনদেন কৰিব পাৰে।

 

3. পৰ্যায়ক্ৰমিক নিৰ্দেশনা

3.1. নতুন চালান প্ৰপত্ৰ (CRN) প্ৰস্তুত কৰাৰ পাছত পৰিশোধ কৰক– লগইন কৰাৰ পাছৰ সেৱা

 

পদক্ষেপ 1: আপোনাৰ ব্যৱহাৰকাৰী ID আৰু পাছৱৰ্ডৰ দ্বাৰা ই-ফাইলিং প'ৰ্টেলত লগইন কৰক।

_.

 

পদক্ষেপ 2: ডেছবোৰ্ডত ই-ফাইল> কৰৰ ই-পে ক্লিক কৰক আপোনাক কৰৰ ই-পে পৃষ্ঠালৈ নিৰ্দেশিত কৰা হ'ব। কৰৰ ই-পে পৃষ্ঠাটোত অনলাইনযোগে কৰ পৰিশোধ আৰম্ভ কৰিবলৈ নতুন পৰিশোধ নামৰ বিকল্পটোত ক্লিক কৰক।

_.

 

_.

পদক্ষেপ 3: নতুন পৰিশোধ পৃষ্ঠাত, আপোনাৰ বাবে প্ৰযোজ্য এটা কৰ পৰিশোধ টাইলত আগবাঢ়ক ক্লিক কৰক

_.

পদক্ষেপ 4: প্ৰযোজ্য কৰ পৰিশোধৰ টাইল বাছনি কৰাৰ পাছত মূল্যায়ন বৰ্ষ, গৌণ শীৰ্ষ, অন্যান্য বিৱৰণ (প্ৰযোজ্য অনুসৰি) বাছনি কৰক আৰু অব্যাহত ৰাখক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 5: কৰ বিভাজনৰ বিৱৰণ যোগ কৰক পৃষ্ঠাটোত পৰিশোধনীয় মুঠ কৰৰ বিভাজন যোগ কৰক আৰু অব্যাহত ৰাখক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 6: পৰিশোধৰ পদ্ধতি বাছনি কৰক পৃষ্ঠাটোত RTGS/NEFT পদ্ধতি বাছনি কৰক আৰু অব্যাহত ৰাখক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 7: জনাদেশ প্ৰপত্ৰ প্ৰিভিউ কৰক ডাউনলোড কৰক পৃষ্ঠাটোত বিৱৰণ আৰু কৰ বিভাজনৰ বিৱৰণ সত্যাপন কৰক আৰু অব্যাহত ৰাখক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 8: জনাদেশ প্ৰপত্ৰখন সফলতাৰে প্ৰস্তুত কৰা হ'ব। পৰিশোধ কৰাৰ বাবে জনাদেশ প্ৰপত্ৰখন (CRN) ছপা কৰক আৰু RTGS/NEFT সুবিধা প্ৰদান কৰা যিকোনো বেংকৰ শাখালৈ যাওক। আপুনি উপলব্ধ বেংকৰ নেট বেংকিং সুবিধা ব্যৱহাৰ কৰিও কৰৰ পৰিমাণ প্ৰেৰণ কৰিব পাৰে [ইয়াৰ বাবে আপোনাৰ বেংক একাউণ্টত জনাদেশ প্ৰপত্ৰত উপলব্ধ হিতাধিকাৰীৰ বিৱৰণসহ হিতাধিকাৰী যোগ কৰিব লাগিব আৰু আৰু যোগ কৰা একাউণ্টটোলৈ কৰৰ পৰিমাণ স্থানান্তৰ কৰিব লাগিব]।

_.

টোকা: সফল পৰিশোধৰ পাছত আপুনি ই-ফাইলিং পৰ্টেলত পঞ্জীভুক্ত ই-মেইল ID আৰু ম'বাইল নম্বৰত এটা নিশ্চিতকৰণমূলক ই-মেইল আৰু এটা SMS লাভ কৰিব। এবাৰ পৰিশোধ সফল হোৱাৰ পাছত কৰৰ ই-পে পৃষ্ঠাত পৰিশোধৰ ইতিবৃত্ত টেবটোৰ অধীনত পৰিশোধ আৰু চালান ৰচিদৰ বিৱৰণ উপলব্ধ হয়।

3.2. ই-ফাইলিং প'ৰ্টেলত ল'গ ইন নকৰাকৈ পৰিশোধ কৰক– লগইন কৰাৰ আগৰ সেৱা


পদক্ষেপ 1: ই-ফাইলিং প'ৰ্টেল www.incometax.gov.inলৈ যাওক আৰু কৰৰ ই-পে বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 2: কৰৰ ই-পে পৃষ্ঠাটোত প্ৰয়োজনীয় বিৱৰণ পূৰণ কৰক আৰু অব্যাহত ৰাখক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 3: OTP সত্যাপনকৰণ পৃষ্ঠাত পদক্ষেপ 2ত প্ৰৱিষ্ট কৰা ম'বাইল নম্বৰত প্ৰাপ্ত 6টা অংকৰ OTP প্ৰৱিষ্ট কৰক আৰু অব্যাহত ৰাখক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 4: OTP সত্যাপনৰ পাছত, আপোনাৰ PAN/TAN আৰু আবৃত নামসহ এটা সফল বাৰ্তা প্ৰদৰ্শিত হ'ব। আগবাঢ়িবলৈ অব্যাহত ৰাখক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 5: কৰৰ ই-পে পৃষ্ঠাটোত আপোনাৰ বাবে প্ৰযোজ্য কৰ পৰিশোধ শ্ৰেণী এটাত আগবাঢ়ক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 6: প্ৰযোজ্য কৰ পৰিশোধৰ টাইল বাছনি কৰাৰ পাছত মূল্যায়ন বৰ্ষ, গৌণ শীৰ্ষ, অন্যান্য বিৱৰণ (প্ৰযোজ্য অনুসৰি) বাছনি কৰক আৰু অব্যাহত ৰাখক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 7: কৰ বিভাজনৰ বিৱৰণ সংযোগ কৰক নামৰ পৃষ্ঠাটোত মুঠ পৰিশোধ কৰা কৰৰ বিভাজন সংযোগ কৰক আৰু অব্যাহত ৰাখক বুটমটোত ক্লিক কৰক।

_.

পদক্ষেপ 8: পৰিশোধৰ পদ্ধতি বাছনি কৰক পৃষ্ঠাটোত RTGS/NEFT পদ্ধতিটো বাছনি কৰক আৰু অব্যাহত ৰাখক বুটামটোত ক্লিক কৰক।

_.

পদক্ষেপ 9: চালান প্ৰপত্ৰ প্ৰিভিউ কৰক আৰু ডাউনলোড কৰক নামৰ পৃষ্ঠাটোত বিৱৰণ আৰু কৰ বিভাজনৰ বিৱৰণৰ সত্যাপন কৰক আৰু আগবাঢ়ক বুটামটোত ক্লিক কৰক

_.

 

পদক্ষেপ 10: জনাদেশ প্ৰপত্ৰ সফলতাৰে প্ৰস্তুত কৰা হ'ব। পৰিশোধ কৰাৰ বাবে জনাদেশ প্ৰপত্ৰখন (CRN) ছপা কৰক আৰু RTGS/NEFT সুবিধা প্ৰদান কৰা যিকোনো বেংকৰ শাখালৈ যাওক। আপুনি উপলব্ধ বেংকৰ নেট বেংকিং সুবিধা ব্যৱহাৰ কৰিও কৰৰ পৰিমাণ প্ৰেৰণ কৰিব পাৰে [ইয়াৰ বাবে আপোনাৰ বেংক একাউণ্টত জনাদেশ প্ৰপত্ৰত উপলব্ধ হিতাধিকাৰীৰ বিৱৰণসহ হিতাধিকাৰী যোগ কৰিব লাগিব আৰু আৰু যোগ কৰা একাউণ্টটোলৈ কৰৰ পৰিমাণ স্থানান্তৰ কৰিব লাগিব]।