Know Your AO
1. নিৰ্ধাৰণ বিষয়া (AO) কোন হয়?
নিৰ্ধাৰণ বিষয়া (AO) হৈছে আয়কৰ বিভাগৰ এগৰাকী বিষয়া, যি তেওঁৰ ক্ষেত্ৰাধিকাৰৰ অধীনৰ কৰদাতাৰ দ্বাৰা দাখিল কৰা আয়কৰ ৰিটাৰ্ণৰ শুদ্ধতা সুনিশ্চিত কৰিবলৈ দায়বদ্ধ হয়।
2. মই কেতিয়া মোৰ AO-ৰ সৈতে যোগাযোগ কৰাৰ প্ৰয়োজন?
যদি আপোনাৰ ফাইলিঙৰ সৈতে কোনো সমস্যা নাই, তেন্তে আপুনি নিজৰ AO-ৰ সৈতে যোগাযোগ কৰাৰ প্ৰয়োজন নাই। সাধাৰণ নিয়ম হিচাপে, ITD-য়ে প্ৰত্যক্ষ যোগাযোগ অবিহনে অনলাইনযোগে কৰদাতালৈ সকলো সেৱা প্ৰদান কৰিবলৈ প্ৰয়াস কৰে। অৱশ্যে, নিৰ্দিষ্ট কিছুমান ব্যতিক্ৰমী পৰিস্থিতিত, আয়কৰ বিভাগে আপোনাক আপোনাৰ ক্ষেত্ৰৰ নিৰ্ধাৰণ বিষয়া (AO)ৰ ওচৰলৈ যোৱাৰ বাবে অনুৰোধ কৰিব পাৰে।
3. আপোনাৰ AO-ৰ বিষয়ে জানক সেৱা উপভোগ কৰিবলৈ মই ই-ফাইলিং প’ৰ্টেলৰ সৈতে পঞ্জীভুক্ত মোৰ ম'বাইল নম্বৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে নেকি?
আপুনি এই সেৱা উপভোগ কৰিবলৈ যিকোনো বৈধ ম'বাইল নম্বৰ ব্যৱহাৰ কৰিব পাৰে।
4. মই এখন অন্য চহৰ/ৰাজ্যলৈ স্থানান্তৰিত হৈছোঁ, মই মোৰ AO সলনি কৰাৰ প্ৰয়োজন আছে নেকি?
হয়। যেতিয়া আপুনি নিজৰ স্থায়ী ঠিকনা বা আৱাসিক ঠিকনা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ স্থানান্তৰ কৰে, তেতিয়া আপোনাৰ PAN নতুন AO-লৈ প্ৰব্ৰজন কৰাটো প্ৰয়োজনীয় হয়। যদিও আয়কৰ বিভাগে কৰদাতাসকলক সকলো প্ৰয়োজনীয় সেৱা অনলাইনযোগে প্ৰদান কৰিবলৈ চেষ্টা কৰে, তথাপি বিৰল উপলক্ষত আপুনি নিজৰ AO-ৰ সৈতে যোগাযোগ কৰিবলগীয়া হ'ব পাৰে। সেয়েহে, আপোনাৰ PAN সঠিক ক্ষেত্ৰাধিকাৰ AO-লৈ প্ৰব্ৰজন কৰাটো আপোনাৰ হিতৰ বাবে হয়, যাতে প্ৰয়োজন হ'লে আপুনি সহজে তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে।
5. আয়কৰ ৱাৰ্ড/মণ্ডল কি?
আয়কৰ সম্পৰ্কীয় সেৱা/কামৰ ফলপ্ৰসূ প্ৰশাসনৰ বাবে, নিৰ্ধাৰিত ক্ষেত্ৰৰ আধাৰত সমগ্ৰ দেশতেই কিছু সংখ্যক ৱাৰ্ড/মণ্ডল গঠন কৰা হৈছে। প্ৰত্যেক ৱাৰ্ড/মণ্ডলৰ ক্ষেত্ৰাধিকাৰ বিষয়া (AO) হিচাবে এজন উপ/সহায়ক আয়কৰ আয়ুক্ত (DCIT/ACIT) নাইবা আয়কৰ বিষয়া (ITO) থাকে।
6. মই মোৰ PAN নতুন AO-লৈ স্থানান্তৰিত কৰিবলৈ কি কৰা উচিত?
আপুনি নিজৰ PAN আপোনাৰ বৰ্তমানৰ ক্ষেত্ৰাধিকাৰ AO-লৈ প্ৰব্ৰজন কৰাৰ বাবে আবেদন দাখিল কৰিব লাগিব। এইটো প্ৰক্ৰিয়াত তলত দিয়াসমূহ অন্তৰ্ভুক্ত হয়:
- আপোনাৰ বৰ্তমানৰ AO-লৈ ঠিকনা পৰিৱৰ্তনৰ কাৰণ জনাই এখন আবেদন পত্ৰ লিখক।
- প্ৰয়োজনীয় সালসলনিৰ কাৰনে বৰ্তমানৰ AO-লৈ আবেদন কৰিবলৈ অনুৰোধ জনাই নতুন AO-লৈ এখন আবেদন পত্ৰ লিখক।
- বৰ্তমানৰ AO-ই এই আবেদন পত্ৰখন গ্ৰহণ কৰিব লাগিব।
- অনুমোদিত হোৱাৰ পিছত, আবেদন পত্ৰখন আয়কৰ আয়ুক্তলৈ প্ৰেৰণ কৰা হয়।
- আয়ুক্তই অনুমোদন জনোৱাৰ পিছত, AO পৰিৱৰ্তন হয়।
নতুন ঠিকনাৰ আধাৰত নতুন AO-লৈ আপোনাৰ PAN স্থানান্তৰিত কৰিবৰ কাৰণে বৰ্তমানৰ AO-ৰ ওচৰত লিখিত অনুৰোধ দাখিল কৰিব লাগিব।
7. মোৰ PAN নতুন AO-লৈ স্থানান্তৰিত হোৱা বুলি কেনেদৰে জানিব পাৰিম?
আপোনাৰ PAN-ৰ বাবে ক্ষেত্ৰাধিকাৰ AO-ৰ চলিত স্থিতি আপুনি ইয়াত সত্যাপন কৰিব পাৰিব - ই-ফাইলিং প'ৰ্টেল > আপোনাৰ AO-ক জানক। এই সেৱা ব্যৱহাৰ কৰিবলৈ আপুনি পঞ্জীয়ন বা ল'গ ইন কৰাৰ প্ৰয়োজন নাই।