প্ৰপত্ৰ 15CC
ফৰ্ম 15CC সম্পৰ্কে সঘনাই সোধা প্ৰশ্নসমূহ
1.ফৰ্ম 15CC কি?
যিকোনো অনুমোদিত ডিলাৰে কোনো প্ৰবাসী ব্যক্তি, কোম্পানী নহয় বা কোনো বিদেশী কোম্পানীলৈ ধন প্ৰেৰণ কৰিলে, সেই ধন প্ৰেৰণৰ ত্ৰৈমাসিক তথ্য ফৰ্ম 15CC-ত দাখিল কৰাটো বাধ্যতামূলক।
2.ফৰ্ম 15CC দাখিলৰ ধৰণ কি কি?
ফৰ্ম 15CC কেৱল অনলাইন মাধ্যমৰ জৰিয়তেহে দাখিল কৰিব পাৰি। ফৰ্মখন অনলাইনত দাখিল কৰিবলৈ, প্ৰথমে ই-ফাইলিং প'ৰ্টেলত লগইন কৰক। তাৰ পিছত ফৰ্ম 15CC বাছনি কৰি, প্ৰয়োজনীয় তথ্য পূৰণ কৰক আৰু ফৰ্মখন দাখিল কৰক।
3.ফৰ্ম 15CC দাখিল কৰাৰ আগতে ITDREIN বাধ্যতামূলকভাৱে সৃষ্টি কৰাটো প্ৰয়োজনীয় নেকি?
হয়। প্ৰতিবেদনকাৰী সত্তাই যোগ কৰা অনুমোদিত ব্যক্তিয়ে ই-ফাইলিং প'ৰ্টেলত লগইন কৰিবলৈ আৰু ফৰ্ম 15CC ফাইল কৰিবলৈ ITDREIN ব্যৱহাৰ কৰিব লাগিব।
4.ফৰ্ম 15CC কেতিয়া দাখিল কৰিব লাগিব?
এই তথ্য সংশ্লিষ্ট পৰিশোধৰ সৈতে জড়িত বিত্তীয় বৰ্ষৰ ত্ৰৈমাসিক সমাপ্ত হোৱাৰ পিছত 15 দিনৰ ভিতৰত আয়কৰ বিভাগৰ ক্ষমতাপ্ৰাপ্ত কৰ্তৃপক্ষৰ ওচৰত ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে দাখিল কৰাটো বাধ্যতামূলক।
5.ফৰ্মখন সফলভাৱে জমা দিয়া হৈছে বুলি কেনেকৈ জানিম?
ই-ফাইলিং পৰ্টেলত পঞ্জীয়নভুক্ত আপোনাৰ ই-মেইল ID আৰু মোবাইল নম্বৰলৈ এটা নিশ্চিতকৰণ বাৰ্তা প্ৰেৰণ কৰা হ'ব। ইয়াৰ উপৰিও, আপুনি আপোনাৰ কাৰ্য্যতালিকাৰ আপোনাৰ কাৰ্য্যৰ বাবে টেবত এই অনুৰোধৰ স্থিতি চাব পাৰিব।
6.ফৰ্ম 15CC জমা দিয়াৰ বাবে ই-সত্য়াপণৰ প্ৰয়োজন আছেনে? যদি হয়, তেন্তে মই ফৰ্ম 15CC কেনেকৈ ই-সত্যাপন কৰিব পাৰো?
হয়, ফৰ্ম 15CC-ৰ ই-সত্যাপন কৰাটো বাধ্যতামূলক। আপুনি ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি ই-সত্যাপন সম্পূৰ্ণ কৰিব লাগিব।